Tultul Kutum's Blogger

This site is the mother site of all of the Tultul Kutum's sites.

প্লাষ্টিক বুটলি পেটৰ ভাত মুঠি উলিয়াই কিন্তু কম বয়সতে কেইবাটাও সন্তানৰ বোজা

via IFTTT

Advertisements

জধামূৰ্খৰ জাতীয়তাবাদ আৰু জাতীয়তাবাদৰ জতুগৃহ

বুলন কুমাৰ শইকীয়া, নাহৰকটীয়া

কেতিয়াবা মই নিজকে জধামূৰ্খ হিচাপেই আৱিষ্কাৰ কৰোঁ ৷ কাৰণ যেনে ধৰক – কেইঘন্টামানৰ পাচত ভোটগ্ৰহণ হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনটোত মই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নাযাওঁ ৷ নাযাওঁ বুলিছোঁ নাযাওঁ ৷ যিবিলাক জ্ঞানী জাতীয়তাবাদী , তেওঁলোকে দেখিছোঁ আমাৰ আঞ্চলিক ৰাজনীতিৰ প্ৰতিভূ- বিজেপিৰ লগত অতি সুস্পষ্ট দূৰত্ব ৰক্ষা কৰি চলা অগপক জিকাবলৈ হলেও ভোট দিবলৈ যাব ৷ যাওক ৷ মই জধামূৰ্খ সেয়ে নাযাওঁ ৷ অগপ চৰকাৰৰ দিনত দেউতাৰ চাকৰিৰ দৰমহাকেইটা পাবলৈ কি গতি হৈছিল দেখিছোঁ নহয় ৷ ৰাতি জিপচি গাড়ীৰ টহলত আতংকিত মানুহে সৰুপানী চুবলৈও বাহিৰলৈ নোলোৱা সময়বোৰ পাৰ কৰি আহিছোঁ নহয় ৷ নিজৰ মূৰ্খামিৰ বাবেই সেই দিনকাল এতিয়াও পাহৰি যোৱা নাই ৷
জাতীয়তাবাদৰ কথা কৈ আহিলেও মোৰ জাতীয়তাবাদ জধামূৰ্খৰ জাতীয়তাবাদ ৷ আলফালৈ ল’ৰা গলে মই ফেচবুকত হাত চাপৰি বজাই জাতীয়তাবাদৰ জয়গান গাব নোৱাৰোঁ ৷ সিমানখিনি অকৰামি-গোঁৱাৰামি এৰিব পৰা নাই ৷ নাই বাবেই মই নিজৰ মূৰ্খামিতে সীমাৱদ্ধ ৷ জ্ঞানীসকলৰ দৰে ফেচবুকত ৰঙা সূৰ্যৰ কথাকৈ টিপতে ভোটৰ ৰাজনীতিত কোন ভাল কোন বেয়া সেই কথা উলিয়াব নোৱাৰিম ৷ ক’লে এটা কথা ক’ম ৷ ব্যৱস্থাটো বেয়া ৷ সলনিৰ প্ৰয়োজনীয়তা আছে ৷ নহ’লে ক’ম – ব্যৱস্থাটো ভাল ৷ ইয়াত সমাধান সূত্ৰ আছে …৷ মই জ্ঞানীসকলৰ দৰে দুটা কথা একেলগ কৰি অদ্ভূত কিবা কৈ থাকিব নোৱাৰোঁ । সেয়ে মই জধামূৰ্খ ৷
এইটো ঠিক যে ভোটাৰে জানে কেৱল ভোট দিবলৈ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক- অগপ বিজেপিৰ মিত্ৰতা থাকক নাথাকক, হেলিকপ্টাৰ উৰক বা নুৰক, মুন্না বৰুৱা ক’লৈ গৈছে -কিয় গৈছে এইবোৰ ভোটাৰৰ বাবে মূল্যহীন বিষয় ৷ মূল্যহীন বিষয়বাবেই বাৰে বাৰে প্ৰৱঞ্চনা-মিথ্যাচাৰ কৰিও ৰাজনৈতিক দলবিলাকে নিৰ্বাচন নামৰ নাটকখনৰ মঞ্চায়ন কৰি থাকিব পৰাকৈ সক্ষম ৷ নাটকখন কিয় কৰে সেয়া মই নাজানোঁ আৰু জানিবৰো চেষ্টা নকৰোঁ ৷ সেয়ে মইতো এক নম্বৰ জধামূৰ্খই হয় ৷ হয় ! নিশ্চিতভাৱে মই পিচৰবাৰ নিৰ্বাচনত ভোট নিদিওঁ ৷ 

জতুগৃহ কি জানে নহয় ? অসমত জাতীয়তাবাদ এতিয়া জতুগৃহত ৷ পৰেশ বৰুৱা বিদূৰ নহয় যে জাতিটোক এই জতুগৃহৰ পৰা সুকলমে উলিয়াই নিব ৷ ৰাষ্ট্ৰৰ পুৰোচনবোৰ এতিয়া টেঙৰ ৷ কোনটো ৰাজনৈতিক দলত নাই পুৰোচনহঁত ? 
জধামূৰ্খ হৈয়ো কেতিয়াবা ভাল লাগে ৷ অতি হিন্দু বা অতি অসমীয়া হোৱাতকৈ মূৰ্খতা এতিয়া মোৰ বাবে বেছি দৰকাৰ ৷

via Blogger https://ift.tt/2PtXwHT

बाल फिर से होंगे काले, चहरे पर चमक आयेगी, शरीर बनेगा फौलाद,कभी नहीं आयेगा बुढ़ापा सदाबहार के फूल से।

via Blogger https://ift.tt/2SDrHi0

মৰিয়াসকলৰ ইতিবৃত্ত

মৰিয়াসকলৰ ইতিবৃত্ত 

আহোম ৰাজত্বৰ কালছোৱাৰে পৰা পিতলৰ বাচন-বৰ্তন কৰাসকলক মৰিয়া বোলে। মৰিয়াসকল মূছলমান সম্প্ৰদায়ৰ । ১৫৩২ খ্ৰীষ্টাব্দত আহোম সেনাপতি আৰু মন্ত্ৰী কনচেং বৰপাত্ৰগোঁহায়ে তুৰ্বকক যুদ্ধত পৰাস্ত কৰি কিছুমান মূছলমান সৈন্য বন্দী কৰিছিল । বন্দীসকলক প্ৰথমে হাতীৰ ঘাঁহ যোগান ধৰা হাতী ঘাঁহী পতা হৈছিল । তেওঁলোকে হাতীৰ নেজৰ ফালে ঘাঁহ গুজিবলৈ ধৰাত হাতীৰ কাম নেজানে বুলি খেতিৰ কামত লগোৱা হল। তাতো আনে হাল বাই বোকা কৰা মাটি আনি তেওঁলোকৰ মাটিত মেলি দি খেতি কৰিছিল । সেই মাটিত ৯০০ মানুহে ৬০০ ধান আৰ্জে । “নশ মৰিয়াৰ ছশ ধান” প্ৰবাদ ফাকি তেতিয়াৰ পৰাই প্ৰচলিত হল। ৰজাই তেওঁলোকক অকৰ্মণ্য বুলি ভাবি মুক্তি দিলে। ডিব্ৰুগড় জিলাৰ খোৱাঙত ডিব্ৰুগড়ৰ পৰা প্ৰায় বিশ মাইল দক্ষিণ পশ্চিমে ট্ৰাংক ৰোডৰ কাষত গজপুৰ নামৰ এখন গাঁও আছে। এই গজপুৰ গাঁৱতে মূছলমান বন্দীবিলাকে হাতী ৰখিছিল। খোৱাং ঘাটৰ পৰা প্ৰায় এমাইল পশ্চিমে বোকাহোলা গাঁৱত হোলাৰ পৰা বোকা আনি খেতি কৰিছিল । মুক্তি পোৱাৰ পিছতো বন্দী মূছলমান সৈন্যবোৰ নিজ দেশলৈ উভতি নগল। অসমৰ মাটি, পানী আৰু জলবায়ু ভাল পাই অসমতে চিৰদিনৰ বাবে থাকি গল আৰু পিতলৰ বাচন তৈয়াৰ কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ ললে । কালক্ৰমত তেওঁলোক মৰিয়া নামে জনাজাত হল।
গজপুৰ গাঁৱৰ মাজেদি যোৱা ট্ৰাংক ৰোডৰ পৰা মৰিয়া আলি নামে এটা আলি পশ্চিমলৈ গৈ পুনৰ চেপনত ট্ৰাংক ৰোডত লাগিছে । এই আলি মৰিয়াবিলাকে কৰিছিল । ই দীঘলে ছমাইল। ইয়াৰ কাষতে একঠামান মাটিৰ “মৰিয়া পুখুৰী” নামৰ এটা পুখুৰী আছে।

via Blogger https://ift.tt/2G8nstm

এই সমস্যাৰ সমাধান কেতিয়া?

ৰাষ্ট্ৰৰ নীতি আৰু খিলঞ্জীয়া অসমীয়াৰ অস্তিত্বৰ সংকট

এই সমস্যাৰ সমাধান কেতিয়া?   

অসমবাসীৰ জন মতক উপেক্ষা কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে হাতে কামে লাগিছেI ইতিমধ্যে বাংলাদেশৰ পৰা অবৈধভাৱে অসমত প্ৰৱেশ কৰা হিন্দু লোকসকলক নাগৰিকত্ব প্রদান কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়কখন সংসদত অনুমোদন কৰাবলৈ সকলো কৌশল প্ৰয়োগ কৰিছে । ৰাজ্যৰ জাতীয় সংগঠনসমূহৰ কথাতাে বাদেই, অধিকাংশ ৰাজনৈতিক  দল আৰু ক্ষুদ্র সংগঠনসমূহেও ৰাজ্যখনত অবৈধ নাগৰিকক এইদৰে দলিচা পাৰি দিয়াটো বিচৰা নাই । শাসনাধিষ্ঠিত বিজেপি আৰু আৰ এছ এছৰ ভগ্নী  সংগঠনসমূহে বাংলাদেশৰ হিন্দু লোকসকলক সংস্থাপন আৰু নাগৰিকত্ব প্রদান কৰাৰ পক্ষত থিয় দিছে । শাসকীয় দলটোৰ যুক্তি হল যে বাংলাদেশত বসবাস কৰা হিন্দু লোকসকল দশক দশক ধৰি ধর্মীয় উন্মাদনাৰ বলি হৈছে ৷ এই লোকসকলক শৰণাৰ্থীৰ মর্যাদাৰে হ’লেও হিন্দু প্রধান আমাৰ দেশখনে আকোৱালি লােৱাটো নৈতিক দায়িত্ব । বিজেপি আৰু সংঘ পৰিয়ালে মুকলিকৈ থিয় দিছে বাংলাদেশৰ হিন্দুসকলৰ পক্ষত । বিজেপি আৰু সংঘ পৰিয়ালৰ এনে স্থিতিত এতিয়া স্বাভাৱিকতে বিভিন্ন প্রশ্নৰ উদয় হৈছে । বিদেশী সমস্যাই সৃষ্টি কৰা ভয়াবহ সমস্যা অসমবাসীয়ে ইতিমধ্যে প্রত্যক্ষ কৰিছে । ঘাইকৈ অবৈধ বাংলাদেশী লােকসকলক বহিষ্কাৰ কৰাৰ বাবে ১৯৭৯ চনৰ পৰা অসমত ছবছৰীয়া আন্দোলন হৈছিল । যি আন্দোলনত জাতি-ভাষা নির্বিশেষে সকলাে শ্রেণীৰ লোকৰ অংশগ্রহণ আছিল অভূতপূর্ব । এই আন্দোলনত ৮৫৫ গৰাকী লোক শ্বহীদ হোৱাই নহয়, ঘুণীয়াও হৈছিল সহস্রাধিক আন্দোলনকাৰী । ৰাজ্যখনৰ ছাত্র-ছাত্রীসকলে হেৰুৱাব লগা হৈছিল এটি মূল্যবান শিক্ষাবর্ষ ৷ ছবছৰীয়া আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ চনৰ ১৪ আগষ্টৰ শেষ নিশা অসম চুক্তি স্বাক্ষৰিত হয়। চুক্তিখনৰ মূল চৰ্ত আছিল ৰাজ্যখনৰ পৰা বিদেশী লোকসকলক বহিস্কাৰ কৰি খিলঞ্জীয়াৰ প্রভুত্ব  বর্তাই ৰখা । বিদেশী বহিস্কৰণৰ ক্ষেত্রত সময়সীমা বান্ধি দিয়া হৈছিল ১৯৭১ চনৰৰ ২8 মার্চ । অর্থাৎ ১৯৭১ চনৰৰ ২৪ মার্চৰ নিশা ১২ বজালৈকে যিসকল বাংলাদেশীয়ে অসমত প্রৱেশ কৰিছিল সেইসকলৰ বোজা  অসমবাসীয়ে ইতিমধ্যে বিনাচর্তে  মুৰ পাতি লৈছে ৷ এনে অৱস্থাত নাগৰিকত্ব আইন সংশোধনীৰ জৰিয়তে বিজেপি আৰু সংঘ পৰিয়াৰলে বাংলাদেশী হিন্দুসকলক সংস্থাপনৰ বাবে যি পদক্ষেপ লৈছে সেয়া নিঃসন্দেহে অসম চুক্তিৰ পৰিপন্থী । 
অসম চুক্তিত বিদেশী চিনাক্তকৰণৰ ক্ষেত্রত কোনো ধর্মীয় বিভাজন উল্লেখ নাই ৷ তৎসত্বেও দলীয় তথা ধর্মীয় দৃষ্টিভংগীৰে বিজেপি আৰু সংঘ পৰিয়ালে বাংলাদেশী হিন্দুসকলক সংস্থাপিত কৰাৰ অভিযান চলাই আছে । বাংলাদেশী হিন্দুক এইদৰে সংস্থাপিত কৰিলে ৰাজ্যখনৰ ভাষা-সংস্কৃতিৰ প্রতি তীব্র ভাবুকি আহিব বুলি কেইবাটাও দল সংগঠন আৰু নেতৃস্থানীয় লোকে আশংকা প্ৰকাশ কৰিছে । এনে আশংকাও কৰা হৈছে যে এনে অভিযানে অসমৰ খিলঞ্জীয়া জাতি-জনগােষ্ঠীসমূহৰ অৱস্থা ত্ৰিপুৰাৰ লেখীয়া কৰিব । হিন্দু বাংলাদেশীৰ স্পৰ্শকাতৰ বিষয়টোক লৈ চলি থকা উত্তেজনাৰ মাজতে “বাঙালী উদ্বাস্তু  সমিতি” চমুকৈ “নিব্বাচ” নামৰ সংগঠনটোৰ একাংশ নেতা কৰ্মীয়ে চিলাপথাৰ আঞ্চলিক ছাত্র সন্থাৰ কার্যালয়ত আক্রমণৰ ঘটনাই যেন প্ৰথমে জুই জ্বলাই দিলে । নাগৰিকত্ব নৌপাওঁতেই যদি এইদৰে জাতীয় সংগঠন এটাৰ কার্যালয়ত আক্রমণ কৰিব পাৰে, শ্বহীদ বেদী ভাঙি লণ্ড ভণ্ড কৰিব পাৰে, তেন্তে  নাগৰিকত্ব পালে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি-জনগােষ্ঠীসমূহে ভৱিষ্যতে নিৰাপদে থাকিব পাৰিবনে ? এনে প্রশ্নৰ উদ্ভৱ হৈছে ৰাজ্যখনৰ সর্বসাধাৰণ ৰাইজৰ মাজত । চিলাপথাৰ কাণ্ডৰ মূল নায়ক সুবোধ বিশ্বাসক গ্রেপ্তাৰ কৰিলেও মূল সমস্যাৰ সমাধান হোৱা নাই । সেয়ে এনে ঘটনাৰ প্রতিবাদত ৰাজপথত জ্বলা জুইকুৰাও সহজে নিৰ্বাপণ হ’ব বুলি আশা কৰিব নোৱাৰি । সদৌ অসম ছাত্র সন্থাসহ মুঠ ২৮টা জাতীয় সংগঠন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শেহতীয়াকৈ গুৱাহাটীত বিশাল প্রতিবাদী সমাবেশ পাতিছে আৰু সেই সমাবেশবোৰত খিলঞ্জীয়া অসমীয়াৰ স্বতঃস্ফুৰ্ত যোগদানে এবাৰ এই কথাকে প্রমাণ কৰিলে । জাতীয় সংগঠনসমূহৰ আহ্বানত  যি দৰে ৰাইজ ওলাই আহিল তাৰ অন্তৰ্নিহিত  কাৰণটো হল নিৰাপত্তাহীনতা। প্রতিটো খিলঞ্জীয়া জাতি-জনগােষ্ঠীসমূহে অন্তঃকৰণেৰে পতিয়ন গৈছে যে এইদৰে চলি থাকিলে অসমত থলুৱা লােকসকলৰ প্রভুত্ব বিপন্ন হোৱাটো নিশ্চিত ৷ ইতিমধ্যে ভোট বেংকৰ স্বার্থত ৰাজ্যখনৰ  ১৪খন জিলাৰ জন গাথনিৰ ব্যাপক পৰিৱর্তন হৈছে । খিলঞ্জীয়া লোকসকলে সেইবোৰ জিলাত ইতিমধ্যেই ৰাজনৈতিক অধিকাৰ হেৰুৱাইছে । এনে অৱস্থাত ৰাজ্যখনৰ বিদেশী বহিস্কৰণক লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমবাসীৰ জনমতক উপেক্ষা কৰিলে ৰাজ্যখনৰ ভৱিষ্যৎ বিপন্ন হোৱাটো খাটাং I কিয়নো লাখ লাখ হিন্দু বাংলাদেশীক এবাৰ নাগৰিকত্ব দি ভোটবেংক বনাব পাৰিলে বি জে পি আৰু আৰ এছ এছে খিলঞ্জীয়া অসমীয়াৰ ভোট অবিহনেও অসমৰ ৰাজপাট অনায়াসে দখল কৰি থাকিব পাৰিব। ফলত খিলঞ্জীয়া অসমীয়াই চিৰদিনৰ বাবে নিজৰ মাটিতে হেৰুৱাব লাগিব ৰাজনৈতিক ক্ষমতা ।
১৯৮৫ চনত স্বাক্ষৰিত হোৱা অসম চুক্তিখন খিলঞ্জীয়া অসমীয়া ৰাইজৰ বাবে আছিল প্ৰবঞ্চনাৰ দলিল স্বৰূপ । বিদেশী চিনাক্তৰণৰ সৰ্ব ভাৰতীয় ভিত্তিবৰ্ষ ১৯৫১ চনৰ ঠাইত দেশৰ ভিতৰতে অকল অসমত প্ৰবঞ্চনামূলকভাৱে ১৯৭১ চন জাপি দিয়া হৈছিল। অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদেও ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অসমত প্ৰৱেশ কৰা লাখ লাখ বাংলাদেশীক ৰঙা দলিচা পাৰি দিবলৈ নিজৰ জীৱন ত্যাগ কৰা নাছিল। তাৰ বিপৰীতে সেই লাখ লাখ বিদেশীৰ বহিস্কৰণৰ বাবেহে শ্বহীদ হৈছিল । প্ৰকৃততে , ১৯৮৫ চনৰ অসম চুক্তিয়ে অকল স্বাক্ষৰকাৰী দুই পক্ষ, যেনে- তদানীন্তন ভাৰত চৰকাৰ  বা কংগ্ৰেছ দল আৰু সেইসময়ৰ আছুৰ নেতৃবৃন্দকহে লাভৱান কৰিছিল । অসম চুক্তিৰ গইনা লৈ কংগ্ৰেছ দলে গঢ়িছিল বিশাল ভোটবেংক আৰু আছু নেতৃত্বই লাভ কৰিছিল ৰাজপাট। তাৰ বিপৰীতে খিলঞ্জীয়া অসমীয়াই বহন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হব লগা হৈছিল ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অসমত প্ৰৱেশ কৰা লাখ লাখ বিদেশীৰ বোজা । তদুপৰি, চুক্তিখন যোৱা ৩২ বছৰে সফল ৰূপায়ণ নকৰি কেন্দ্ৰীয় চৰকাৰেই চুক্তিৰ চৰ্তাৱলীসমূহ ভংগ কৰিছে। প্ৰকৃততে চুক্তি এখন আইন নহয়। কিবা এটা বিষয় লৈ দুটা বা তাতকৈ অধিক পক্ষৰ মাজত বিবাদৰ সূত্ৰপাত হ’লে সেই বিবাদী পক্ষবোৰে আলাপ আলোচনাৰ মাধ্যমেৰে বিবাদৰ মীমাংসাৰ বাবে কিছুমান চৰ্ত আৰোপ কৰি এখন চুক্তিত স্বাক্ষৰ কৰে। অসম চুক্তিত দুই বিবাদী পক্ষ আছিল ভাৰত চৰকাৰ বনাম খিলঞ্জীয়া অসমীয়া ৰাইজক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা সেই সময়ৰ আছুৰ নেতাসকল। কিন্তু এটা পক্ষই চুক্তিখন ভংগ কৰাৰ পিচতো সৰ্বনশীয়া চুক্তিখনৰ দোহাই দি বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ হ’ব লাগে বুলি চিঞৰ বাখৰ কৰি থকাটোত গভীৰ অভিসন্ধি আৰু খিলঞ্জীয়া বিৰোধী চক্ৰান্ত লুকাই থকাটোও ধুৰূপ । তেনেস্থলত সমূহ খিলঞ্জীয়া অসমীয়াই সময় থাকোতেই  যিকোনো মূল্যৰ বিনিময়ত বিপৰ্য্যয়ক বাধা নিদিলে খিলঞ্জীয়া অসমীয়া জাতি চিৰ দিনৰ বাবে ধ্বংস হোৱাটো নিশ্চিত ।

via Blogger https://ift.tt/2L6RPiD

18 महाभारत | अनजाने में भीम और बर्बरीक युद्ध करने लगे | भीम एवं भीम पौत्र बर्बरीक| BARBARIC STORY

via Blogger https://ift.tt/2Qng5mj

মিচিং ভাষাৰ কেইটামান পৰিভাষা

মিচিং পৰিভাষা (Mising Gomnu):-

জয় ৰাম গাম

Orpong gomug — কেন্দ্ৰীয় স্বৰধ্বনি  – Central vowel.
Agom — ভাষা — Language
Adnam agom — লিখিত ভাষা — Written Language.
Agom-olung  — ভাষা পৰিয়াল — Language families.
Agom-mibu  — ভাষাবিদ — Linguist.
Abíg — বৰ্ণ — Letter.
Amin ínam-lékíng  — নামধাতু  — verbal roots derive from nouns.
Amin-lupannané —  শব্দবিভক্তি — case-ending.
Amn-lutémnané — তদ্ধিৎ প্ৰত্যয় —  Derivational nominal suffixes.
Adí — ক্ৰিয়াৰ কাল  — Tense.
Amin-ager — কাৰক  — Case.
Anguné-gomrang —  সব্যয় পদ  — Declinable word class.
Anguma:né-gomrang — অব্যয় পদ — Indeclinable word class.
Amin-gomrang — বিশেষ্য পদ  — Noun
Amin  — বিশেষ্য — Noun.
Ami — পুৰুষ — Person.
Amir-kané amin –সংজ্ঞাবাচক বিশেষ্য — Concrete noun.
Amir-kama:né amin — গুনবাচক বিশেষ্য বা ভাববাচক বিশেষ্য — Abstract noun.
Ako-kíkam — একবচন — Singular number.
Annyi-kíkam — দ্বিবচন — Dual number.
Anggo-luné amin  —  গুনবাচক বিশেষ্য  — Adjectives of quality.
Akoné ami  —  প্ৰথম/ উত্তম পুৰুষ – First person.
Annyiné ami  —   দ্বিতীয়/মধ্যম পুৰুষ — Second person.
Aumné ami  —  তৃতীয়/ নাম পুৰুষ — Third person.
Ané-nébo  — স্ত্ৰীসিংগ — Feminine gender.
Abo-nébo  — পুংলিংগ  — Masculine gender.
Anggo-luné lubi — গুনবাচক বিশেষণ  — Adjectives of quality.
Agin inam-lékíng  — সৰল ধাতু  — Simple verbal root.
Agin yedag-adí  — নিত্য বৰ্তমান কাল — Simple present tense.
Aninpé ingadnam yedag-adí  —  স্বৰূপ ভূত কাল — Present tense.
A:péné adí  —  ভৱিষ্যত কাল — Future tense.
Agin-a:péné adí  — নিত্য ভৱিষ্যত কাল –Simple future tense.
A:péné adílo ila du:nam  — অপূৰ্ণ ভৱিষ্যত কাল  — Future continuouse tense.
A:péné adíkolo ingabnam  — পূৰ্ণ ভৱিষ্যত কাল  — Future perfect tense.
Adí lukanné inam-lubi  —  সময়সূচক ক্ৰিয়া-বিশেষণ —  Adverbs of time
Annyiko luyisunam — দুজনতকৈ/দুটাতকৈ অধিকৰ মাজত তুলনা কৰি চোৱা — Comparative degree.
Amin gomke:  — বিশেষ্যবাচক বা নামবাচক খণ্ডবাক্য — Noun phrase.
Ajon arang-gomyar  —  সম গৰ্ভবাক্য — Co-ordonate clause.
Ara:pé ri:nam — আভ্যন্তৰীণ গঠন — Deep structure.
Agom-luli:  — বাচ্য  — Voice.
উৎসঃ Taid, Tabu Ram, MISING GOMLAM-POTIN, Published by Mising Agom Kébang.

via Blogger https://ift.tt/2UurPBW

কৃষ্ণ কৰ্ণ সংবাদ

এই পোষ্টটো মোৰ ব্লগত অলপ আগতে প্ৰকাশ পাইছে । অনুগ্ৰহ কৰি লিংকত টিপি পঢ়ক

কৃষ্ণ কৰ্ণ সংবাদ

পাঞ্চাল দেশৰ মহাৰাজ দ্ৰৌপদৰ ৰাজসভাত তেওঁৰ কন্যা দ্ৰৌপদীৰ স্বয়ম্বৰত ভাগ লব আহোঁতে এবাৰ ভগৱান কৃষ্ণ আৰু দানবীৰ খ্যাত কৰ্ণৰ সাক্ষাত হ’ল। ইয়াৰ আগতে দুয়ো কতো সাক্ষাৎ হোৱা নাছিল। ইজনে সিজনক সাদৰ সম্ভাষণ জনোৱাৰ পিছত সুযোগ পাই কৰ্ণই কৃষ্ণক কলে, হে কৃষ্ণ আপোনাক লগ পাই মই পৰম সৌভাগ্যৱান অনুভৱ কৰিছো। সমগ্র আৰ্য্যাৱৰ্তত আপোনাৰ আৰু আপোনাৰ ধৰ্মীয় আচৰণ আৰু দৰ্শনে চৰ্চা লাভ কৰিছে । কৃষ্ণই তেতিয়া কলে- হে অংগৰাজ কৰ্ণ, ধৰ্ম বোলা বিষয়টোৱেই এনেকুৱা যে ধৰ্মৰ বিষয়ে সকলোৱে চৰ্চা কৰে কিন্তু ধৰ্মনো কি আৰু ধৰ্ম্মৰ পথ কি সেইটোহে সকলোৱে বুজি নেপায় । কৰ্ণই কৃষ্ণক কলে- হে কৃষ্ণ ! তেন্তে আপুনিয়েই কওঁক ধৰ্মৰ পথ কি? কৃষ্ণই কলে-ধৰ্মই মানুহৰ জীৱনত মান-সন্মান, যশস্যা সকলো আনি দিয়ে । জীৱনত যদি কোনোবাই অপমান পাইছে তেনেহলে বুজি লব যে  তেওঁ ধৰ্ম্ম পথৰ পৰা বিচ্যুত হৈছে । কৰ্ণই কলে- বাসুদেৱ, মইতো জন্মৰ পৰাই অপমানেই পাই আহিছোঁ । সেয়া কিহৰ কাৰণে হৈছে বাসুদেৱ ? কৃষ্ণই কলে- হে অংগৰাজ , সকলো মানুহে ন্যায্য সন্মান প্ৰাপ্তিৰ কাৰণে সংগ্ৰাম কৰা উচিত কিন্তু তাকে কৰিবলৈ গৈ কেতিয়াও অধৰ্মৰ আশ্ৰয় লব নালাগে । নিজৰ অধিকাৰৰ বাবে অৱশ্যেই যুজিব, কিন্তু যি বস্তুৰ ওপৰত যাৰ অধিকাৰ নাই সেইটোলৈ হেপাঁহ কৰিব নালাগে । কৰ্ণই কৃষ্ণৰ সেই বাণীৰ তাৎপৰ্য্য বিচাৰিলে । কৃষ্ণই কলে- হে অংগৰাজ , ইয়াৰ তাৎপৰ্য্য এইটোৱেই যে বহু ডাঙৰ পৰ্বতেও নদীৰ ওপৰত অধিকাৰ খটাই বোৱতী নদীক বাধা দিবলৈ চেষ্টা নকৰে। বোৱতী নদীক বাধা দিব খোজা ডাঙৰ ডাঙৰ পৰ্বতবোৰ নিজেই চুৰ্ণ বিচুৰ্ণ হব লগা হয় । নদীৰ ওপৰত একমাত্র অধিকাৰ সমুদ্ৰৰহে আছে । কৰ্ণই তেতিয়া কলে, হে কৃষ্ণ, আপুনি সমুদ্রৰ শক্তিৰ কথা কৈছেনে পৰ্বতৰ শক্তিহীনতাৰ কথা কৈছে? কৃষ্ণই কলে, হে অংগৰাজ, মই সমুদ্রৰ শক্তি বা পৰ্বতৰ শক্তিহীনতাৰ কথা কোৱা নাই, মাথোঁ নদীৰ নিয়তিৰ কথাহে কৈছো।

via Blogger https://ift.tt/2G8NXPg

আধাৰ বিতৰণত চকু ৰাখিব চৰকাৰে

এন আৰ চিত নাম অন্তর্ভূক্ত নােহােৱাসকলে যাতে চৰকাৰী সা-সুবিধা পাব নােৱাৰে

আধাৰ বিতৰণত চকু ৰাখিব চৰকাৰে

আধাৰ নাগৰিকত্ব প্রমাণৰ আহিলা নহয় । কিন্তু অসমত ৰূপায়ণ হৈ থকা এন আৰ চিৰ সৈতে আধাৰৰ এক ভিতৰুৱা সম্পর্ক থাকিব ৷ বিশেষকৈ এন আৰ চিৰ সম্পূর্ণ তালিকা প্রকাশ নােহােৱা পর্যন্ত আধাৰ কার্ড বিতৰণৰ বিষয়টোত চকু ৰাখিব চৰকাৰে । এই ক্ষেত্রত এন আৰ চি কর্তৃপক্ষৰ লগত ইউনিক আইডেপ্টিফিকেশ্যন অথৰিটি অব্ ইণ্ডিয়া চমুকৈ ইউ আই এ আই সম্পৰ্ক ৰক্ষা কৰিব । ক’বলৈ গ’লে অসমত নতুনকৈ আধাৰ কাৰ্ড বিতৰণৰ ক্ষেত্রত কিছু সতর্কতা অবলম্বন কৰা হ’ব । বিশেষকৈ এন আৰ চিৰ চুড়ান্ত খচৰা তালিকাভুক্ত নােহােৱা আৰু দাবী-আপত্তি প্রক্রিয়াত অংশ লোৱাসকলৰ ক্ষেত্রত পৃথক নীতি অৱলম্বন কৰিছে । অসমত এন আৰ চিৰ পৰা বাদ পৰা সকলে যাতে আন ৰাজ্যলৈ গৈ আশ্রয় ল ’ব নােৱাৰে আৰু যিকােনাে উপায়ে আধাৰ কার্ড সংগ্রহ কৰি চৰকাৰী সা-সুবিধা ল’ব নােৱাৰে তাৰ প্রতি সচেষ্ট হৈ ইউ আই এ আই এ এন আৰ চি কর্তৃপক্ষৰ সহযোগত পদক্ষেপ হাতত লৈছে । বিশেষকৈ এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাভুক্ত নােহােৱা আৰম্ভ দাবী প্রক্রিয়াত অংশ লােৱাসকলৰ ক্ষেত্রত পৃথক নীতি অৱলম্বন কৰিছে ৷ দাবী আৰু আপত্তি প্রক্রিয়াত অংশ লোৱাসকলৰ বায়’মেট্রিক ডাটা সংগ্রহ কৰা হ’ব । ইতিমধ্যে চুড়ান্ত খচৰা তালিকাৰ পৰা বাদ পৰা আৰু দাবী প্রক্রিয়াত অংশ লোৱাসকলৰ তথ্যও ইউ আই এ আই এ সংগ্রহ কৰিছে । ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ সহযোগত আধাৰ কার্ড বিতৰণৰ ক্ষেত্রত ইউ এ আই এ এন আৰ চিৰ মডেলিটিৰ বাহিৰত থাকি নিজৰ কাম চলাই গৈছে । দাবী আৰু আপত্তি প্রক্রিয়াত এই পর্যন্ত প্রায় ৭ লাখ লোকে পুনৰ আবেদন কৰিছে । এন আৰ চিত নাম সুমুৱাবলৈ পুনৰ আবেদন কৰা এইসকল লোকৰ ওপৰত চকু ৰাখিবলৈ পৃথক পৰিচয় চিহ্ন (আই ডি ) দিয়া হ’ব । ইতিমধ্যে আধাৰ কার্ড সংগ্রহ কৰাসকলৰ আধাৰ নম্বৰ বাতিল কৰা নহয় যদিও তেওঁলােকৰ ওপৰতাে ইউ আই এ আইৰ ফালৰ পৰা চােকা দৃষ্টি ৰখা হৈছে ৷ কিয়নাে এন আৰ চিত নাম সুমুৱাবলৈ সক্ষম নােহােৱা বহুজনে জালিয়াতিৰে অন্য নথি-পত্র সংগ্রহ কৰাৰ দৰে আধাৰ কার্ডো সংগ্রহ কৰা বুলি সন্দেহ ঘনীভুত হৈছে । উল্লেখযোগ্য যে অসমৰ মুঠ জনসংখ্যাৰ ২৪.৩৪ লাখজনে আধাৰ কার্ড সংগ্রহ কৰিছে ৷ এই বৃহৎ সংখ্যকৰ মাজত বিদেশীও আছে নেকি তাক নিশ্চিত কৰিবলৈ এন আৰ চি কর্তৃপক্ষৰ পৰা আধাৰ কর্তৃপক্ষই বায়’মেট্রিক ডাটা সংগ্রহৰ সিদ্ধান্ত লৈছে ৷ তদুপৰি নানা ছল-চাতুৰিৰ আশ্রয় লৈও এন আৰ চিত নাম সুমুৱাবলৈ সক্ষম নােহােৱা একাংশই ইতিমধ্যে অসম এৰি অন্য ৰাজ্যত আশ্রয় লােৱাৰ সন্দেহ কৰি এই পদক্ষেপ লোৱা হৈছে বুলি দিছপুৰৰ সূত্রৰ পৰা সংবাদ মাধ্যমে জানিব পাৰিছে ৷ কিয়নাে অসমৰ পৰা পলাই গৈ কোনো বিদেশীয়ে আধাৰ কার্ডৰ গইনা লৈ আশ্রয় লোৱাৰ উপৰি অন্যান্য সা-সুবিধা আদায় কৰিব পাৰে ।

via Blogger https://ift.tt/2Ec9IuK

কংগ্ৰেছক ভোট দিলে ভাৰাতীয়া গুণ্ডা লগাই হত্যা কৰাৰ ভাবুকি, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে বেলশৰ থানাত এজাহাৰ দাখিল

কংগ্ৰেছক ভোট দিলে ভাৰাতীয়া গুণ্ডা লগাই হত্যা কৰাৰ ভাবুকিwww.tultulkutumonline.com

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে বেলশৰ থানাত এজাহাৰ দাখিল
দৈনিক জনমভূমি
নলবাৰীঃ নিজা বাতৰি দিওঁতা, ৭ ডিচেম্বৰঃ ৰাজ্যৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ বিৰুদ্ধে আজি পশ্চিম নলবাৰী ব্লক কমিটীয়ে বেলশৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । পাটোবাৰীৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছে পশ্চিম নলবাৰী ব্লক কংগ্রেছ কমিটীৰ সভাপতি বিকুল তালুকদাৰে । এজাহাৰত উল্লেখ কৰা মতে বৃহস্পতিবাৰে বিয়লি ৪ বজাত শালমাৰাত (ঘিলাজাৰী) এখন পঞ্চায়ত নির্বাচনী সভাত মন্ত্ৰী চন্দ্রমােহন পাটোৱাৰীয়ে অংশ লৈছিল । পাটোৱাৰীয়ে জনপ্রতিনিধিত্ব আইন আৰু পঞ্চায়ত আইনত নির্বাচন সম্পর্কে উল্লেখ থকা সকলো নীতি-নিয়ম ভংগ কৰি বেআইনীভাবে সভা অনুষ্ঠিত কৰে । ভাষণত তেওঁ কংগ্রেছক ৰাইজে সমর্থন জনালে নির্বাচনৰ ফল ঘোষণা কৰাৰ পাছত সমর্থন কৰা ব্যক্তিসকলক ভাৰাতীয়া গুণ্ডা লগাই হত্যা কৰিব বুলি ভাবুকি দিয়ে । লগতে কংগ্রেছৰ পৰিয়ালৰ চাকৰি কৰা লোকসকলক পৰিয়ালৰ লোকে কংগ্ৰেছক ভোট দিলে শাস্তিমূলক ব্যবস্থা ল’ব বুলি সভাত সকীয়নি দিয়ে । এজাহাৰকাৰী তালুকদাৰে জনােৱা মতে, মন্ত্ৰীজনৰ ভাষণত ৰাইজ ভীতিগ্রস্ত হৈছে আৰু যিকােনাে মূহূর্তত পৰিস্থিতিৰ অৱনতি ঘটাৰ উপক্রম হৈছে । সেয়ে মন্ত্ৰী পাটোৱাৰীক গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনােৱা হৈছে বুলি ব্লক কংগ্ৰেছৰ সভাপতিজনে জানিবলৈ দিয়ে ।

via Blogger https://ift.tt/2BY9c25

%d bloggers like this: