শিলিখাৰ ঔষধি গুণ


*ঘিউত ভাজি লোৱা শিলিখা গুড়ি কৰি মিহি কাপোৰত বান্ধি চকুৰ ওপৰত ৰাখিলে যিকোনো প্ৰকাৰৰ চকুৰ ৰোগ ভাল হয়।

*চকুৰ পৰা একেৰাহে পানী ওলাই থকা, দৃষ্টিশক্তি কমি যোৱা, চকু খচখচাই থকা ৰোগত শিলিখা অতি উপকাৰী। দুটা শুকান শিলিখা ভালদৰে ধুই সামান্য থেতেলিয়াই পৰিষ্কাৰ পানী একাপত ৰাতি তিয়াই থওক

পিছদিনা পুৱা এই পানী চেকি লৈ তাৰ পানীৰে চকু ধোৱক আৰু এই পানীত তিয়াই লোৱা পৰিষ্কাৰ কাপোৰৰ পটি চকুৰ ওপৰত এঘন্টামান সময় ৰাখক। চকুৰ এনে ধৰণৰ ৰোগ ভাল হ’ব


*শিলিখাৰ গুড়ি এচামুচ একাপ পানীত ভালদৰে গুলি লৈ তাত এচামুচ মৌ মিহলাই খুৱাই থাকিলে ডায়েৰিয়া ৰোগীৰ পায়খানা বন্ধ হয়।


*ডিঙিৰ ভিতৰত খচখচনি হ’লে, টনচিল ফুলি গ’লে, আলজিভা ফুলি ওলমি গ’লে শিলিখা সিজাই ডাঠকৈ ৰস কৰি তাৰ লগত মৌ মিহলাই চামুচেৰে অকণ অকণকৈ খুৱাই থাকিব লাগে। ঔষধখিনি যাতে ডিঙিৰ ভিতৰতে শুকাই যায়, তেনেদৰে কম কমকৈ খুৱাব।


*গ্ৰীষ্মকালত শৰীৰৰ পৰা দুৰ্গন্ধযুক্ত ঘাম অধিক মাত্ৰাত ওলালে শিলিখাৰ চূৰ্ণ ছালৰ ওপৰত সানি ৰাখিলে ঘামৰ মাত্ৰা কমে।


*ভোক নেলাগিলে আৰু পাচন তন্ত্ৰ দুৰ্বল হ’লে শিলিখা আৰু শুকান আদা গুড়ৰ সৈতে খুৱাব লাগে।


*অস্থিসন্ধি অৰ্থাৎ হাড়ৰ জোৰা ফুলি উঠিলে, বিষ হ’লে, মোচোকা খালে শিলিখাৰ গুড়ি এৰা গুড়িৰ তেলৰ(কেষ্টৰ তেল) লগত মিহলাই খাই থাকক।


এই ঔষধে শৰীৰৰ অস্থিসন্ধি নমনীয় কৰি তুলিব আৰু সন্ধিবিলাকৰ মাজত জমা হোৱা এচিডৰ সফটিক নাইকিয়া কৰি ৰোগ আৰোগ্য কৰে। লগতে দীৰ্ঘদিনীয়া কোষ্ঠবদ্ধতাও দূৰ কৰে।


*শিলিখা পুৰি তাৰ ছাইবোৰ কাপোৰেৰে চালি লৈ ঘাৰ ওপৰত ছটিয়াই থ’লে ঘাবোৰ সোনকালে শুকায়


*অৰ্শ ৰোগৰ কাৰণে পায়খানা কঠিন আৰু শুকান হৈ যোৱাৰ ফলত কোষ্ঠকাঠিন্য হয়। এনে অৱস্থাত শুকান শিলিখা গোমূত্ৰত তিয়াই ফুলাই লৈ গুড়ৰ সৈতে খাই থাকিব লাগে।


*শক্তি লাভ কৰিবৰ বাবে শিলিখা ঘিউত ভাজি পুৰণি গুড়ৰ লগত চেলেকি খাই থাকক। এনেদৰে খাই থাকিলে পাচনতন্ত্ৰ শক্তিশালী হয় আৰু ভালদৰে ভোক লাগে। শৰীৰত শক্তি বৃদ্ধি পায়।


*মদ, ভাং বা আন যিকোনো বিষাক্ত দ্ৰন্য সেৱনৰ ফলত অচেতন হৈ পৰা লোকক শিলিখাৰ ক্কাথৰ লগত গাখীৰ মিহলাই সঘনাই খুৱাই থাকক। মূৰ্চ্ছা যোৱা লোকৰ বাবেও এই যোগ উপকাৰী।

 উপকাৰী।


*শিলিখা পানীৰ লগত শিলত বা খহটা পটাত ঘঁহি উলিওৱা গুড়িবোৰেৰে ফোঁহাৰ ওপৰত লেপ দি ৰাখিলে ফোঁহা সহজতে ফাটি যায়


*কুহুমীয়া গৰম পানীত শিলিখা চূৰ্ণ মিহলাই খুৱালে হিকতি অহা বন্ধ হয়


*শিলিখাৰ গুড়ি চিলিম বা ছিগাৰেটৰ দৰে পকাই তাৰ ধোঁৱা হুপিলে শ্বাস ৰোগৰ(হাঁপানি) তীব্ৰতা কমে।


*শিলিখাৰ গুড়ি ডাঙৰ জাতৰ কিচমিচৰ লগত ভালদৰে মিহলাই বটলত মিহলাই বটলত ভৰাই থৈ দিয়ক।

এই মিশ্ৰণৰ ৩(তিনি) গ্ৰাম জোখত দিনটোত তিনিৰ পৰা পাঁচ বাৰ পৰ্যন্ত খাই থাকিলে হৃদৰোগ, অমাশয়, ভোক নলগা, বদহজম, পেটত বায়ু জমা হোৱা, পেট বিষোৱা, পেট ফুলা, কাহ, কোষ্ঠকাঠিন্য আদি ৰোগ দূৰ হয়।


*শৰীৰৰ যিকোনো অংগৰ পৰা ৰক্তক্ষৰণ হ’লে, শিলিখা পানীত উতলাই তাৰ পানীত পৰিষ্কাৰ কাপোৰ তিয়াই অৰ্শ, ঘা, নাক, গৰ্ভাশয়, আদিত ডাঠকৈ পটি বান্ধি ৰাখিলে ৰক্তক্ষৰণ বন্ধ হয়। লগতে শিলিখাৰ গুড়ি পানীত গুলি সঘনাই খাবলৈ দিব।


*শৰীৰৰ পৰা দুৰ্গন্ধযুক্ত ঘাম ওলালে, সাধাৰণভাৱে পানী লাগিলে, ঘা সোনকালে নুশুকালে, ঘাৰ পৰা পূঁজ ওলাই থাকিলে ৰোগীক সঘনাই শিলিখাৰ গুড়ি খুৱাই থাকিব।


*পুৰুষৰ জননাংগ শিথিল হ’লে, বীৰ্যৰ উৎপাদন কম হ’লে, বীৰ্য পাতল হ’লে, সহবাসৰ ইচ্ছা কমি গ’লে নিয়মীয়াকৈ শিলিখা খাই থাকিলে উপকাৰ হ’ব।


*মহৰ্ষি চৰকে বৃদ্ধকালত পুনত যৌৱনপ্ৰাপ্তি(কায়কল্প) আৰু দীৰ্ঘায়ু লাভৰ বাবে শিলিখা নিয়মীয়াকৈ খাবলৈ পৰামৰ্শ দিছে।


*শিলিখাৰ গুড়ি মৌ, কিচমিচৰ লগত মিহলাই খাই থাকিলে অজীৰ্ণৰ পৰা হোৱা গ্ৰহণী, শাওঁ পৰা, জিভাত মলি জমা হোৱা আদি ৰোগ উপশম হোৱাৰ লগতে শৰীৰৰ পৰা বিষাক্ত দ্ৰব্যবোৰ ওলাই যায়।


*পুৰণি কোষ্ঠকাঠিন্য ৰোগত শিলিখা আৰু গোলাপ ফুলৰ শুকান পাহিৰ গুড়ি আধা চামুচ পৰিমাণত লৈ গৰম গাখীৰত গুলি খুৱাই থাকিব লাগে। দুদিনমান এই মিশ্ৰণ দিনে তিনিবাৰকৈ খাই থাকিলে দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্যও নিৰাময় হয়।


*অজীৰ্ণৰ ফলত হোৱা পাতল পায়খানাৰ বাবে আৰু পাচন তন্ত্ৰক শক্তি দিবৰ বাবে শিলিখাৰ চূৰ্ণ গৰম পানীৰ লগত পুৱা খালী পেটত খুৱাব।


*শিলিখাৰ গুড়ি মৌৰ লগত মিহলাই চেলেকি খাই থাকিলে বমি বা বমিৰ ভাব নাইকিয়া হয়।


*অৰ্শৰোগত গুহ্যদ্বাৰৰ মুখত হোৱা মাংসৰ টেমুনাবোৰ নাইকিয়া কৰিবলৈ গুড়ত ডুবাই শিলিখা খাই থাকিব লাগে


*ৰক্তক্ষৰণ হৈ থকা অৰ্শৰ বাবে তিনিগ্ৰাম শিলিখাৰ গুড়ি পুৰণি গুড়ৰ লগত মূল আহাৰৰ আগতে খাব লাগে, এমাহ


*শিলিখা সৈন্ধৱ লৱণৰ সৈতে খাই থাকিলে অৰ্শৰোগ নিয়ন্ত্ৰণলৈ আহে। শিলিখা পানীত সিজাই সেই পানী খাই থাকিলে অৰ্শৰ পৰা হোৱা ৰক্তক্ষৰণ বন্ধ হয়।


শুকান শিলিখা পানীৰ লগত শিলৰ পটাত ঘঁহি গুড়িবোৰ অৰ্শৰ ঘাত প্ৰলেপ দি থ’লে অৰ্শৰ পোৰণি, বিষ, খজুৱতি আদি নিৰাময় হয়।


উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

●●●এনেকুৱা পোষ্ট পাবলৈ পেজটো #লাইক কৰিব●●●

source https://www.tultulkutumonline.net/2019/03/blog-post_4.html

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: