(১) ছালত কোনোধৰণৰ ফোহাঁ উঠিলে কেইটামান জালুক এখন শিলৰ পতাত পানীৰে সৈতে পিহি অনামিকা আঙুলিৰে কেৱল ফোহাঁটোত লগাই দিলে সেই ফোহাঁটো বহি যায়
(২) এটা জালুক বেজিৰে ফুটা কৰি সেইটো চাকিৰ শিখাত জ্বলিবলৈ দিয়ক । এতিয়া তাৰ পৰা যি ধোৱাঁ ওলায়, সেইখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক । এনে কৰিলে মূৰৰ বিষ দূৰ হয়
(৩) আধা চামুচ জালুকৰ গুড়িৰ লগত অকণমান ঘিউ মিহলাই পুৱা গধূলি নিয়মিত ৰুপত খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে
(৪) চাৰি পাঁচটা জালুকৰ লগত পোন্ধৰটা খিচমিচৰ দানা চোবাই খালে কাহৰ ক্ষেত্ৰত লাভজনক হয়
(৫) যদি জ্বৰত ভোগে,তুলসী আৰু জালুক দি চাহ তৈয়াৰ কৰি খালে কিছু আৰাম পোৱা যায় ।
(৬) আপোনাৰ ৰক্তচাপ(blood presure) আছে নেকি ? তেন্তে দিনত দুই তিনিবাৰ পাঁচটা জালুকৰ লগত ২১ টা খিচমিচৰ দানা সেৱন কৰাৰ অভ্যাস কৰক
(৭) জালুকে শৰীৰৰ মেদ হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায় কৰে । শৰীৰৰ ওজন কমাবলৈ অন্য উপায় অৱলম্বন কৰাৰ লগতে আপোনাৰ আহাৰত জালুকৰ পৰিমাণ বৃদ্ধি কৰক ।
লিখক: ৰিদিপ ৰঞ্জন চেতিয়া
●অনুগ্ৰহ কৰি #Share কৰিব
source https://www.tultulkutumonline.net/2019/02/blog-post_12.html