ওৱাহ ! কি বাজেট ? বাজেট নে বিড়ম্বনা?


ৱাহ! কি বাজেট…

গুণমালাৰ পদ আওৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুজনালৈ প্ৰণিপাত জনাই আৰম্ভ কৰিছিল ২০১৯-২০ বৰ্ষৰ বাজেট। অসমবাসীৰ শান্তি আৰু মংগলৰ কামনাৰে উৎসৰ্গিত বুলি দাবী কৰা এই বাজেটৰ লক্ষ্য সাধাৰণ জনতাৰ সৰ্বাংগীণ উন্নয়ন নে সন্মুখত আহি থকা লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্য, তাৰ উত্তৰ বাজেটখনত থকা প্ৰতিশ্ৰুতি সমূহে নিজেই দিয়ে।

বাজেট মানেই যেন প্ৰতিশ্ৰুতিৰ ভাণ্ডাৰ। প্ৰতি বছৰে এইদৰে ৰাইজক বাজেটৰ নামত বহু প্ৰতিশ্ৰুতি দিয়া হয়। কিন্তু সেই প্ৰতিশ্ৰুতি চৰকাৰে পূৰণ কৰেনে, সেই কথা কোনেও ভাবি নাচায়। অৰুন্ধতী আঁচনী ঘোষণাৰে বিবাহৰ বাবে উপযুক্ত কন্যাক পৰিয়ালৰ উপাৰ্জন ৫ হাজাৰতকৈ কম হ’লে এক টোলাকৈ সোণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে এই বাজেটত।

ৰাইজৰ প্ৰতি ইমান সদয় হোৱা এইজন বিত্তমন্ত্ৰী বা এই চৰকাৰে কিন্তু দীৰ্ঘদিন ধৰি দৰমহাৰ বাবে আন্দোলন কৰি থকা শিক্ষকসকলৰ কথা এই বাজেটত ভবাৰ অৱকাশ নাপালে। হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে এই বাজেটত কোনো প্ৰতিশ্ৰুতি নাথাকিল। অথচ এইসকল শিক্ষকে সামান্য কেইটামান বেতনৰ বিপৰীতে শিক্ষাদানৰ দৰে মহান বৃত্তিত জড়িত হৈ আছে। তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ দূৰৈৰে কথা, দৰমহা কেইটামান বঢ়োৱা হ’লেও এই শিক্ষকসকল যথেষ্ট উপকৃত হ’ল হয়।

বাজেটত ৰাজ্যিক ঘাইপথ আৰু জিলা প্ৰধান পথ সমূহ উচ্চমান বিশিষ্ট কৰি নিৰ্মাণ কৰাৰ আৰু দলংসমূহ পকীকৰণৰ আশ্বাস দিয়া হৈছিল ২০১৮-১৯ বৰ্ষৰ বাজেটত। সেই বাজেটত প্ৰতিশ্ৰুতি পূৰণ হ’ল। প্ৰায় ২৫শ খন দলং পকীকৰণ কৰিম বুলি কোৱা এই চৰকাৰে কিমানখন দলং পকীকৰণ কৰিলে তাৰ হিচাপ কিন্তু বাজেটত নাথাকিল।

কেতিয়া পকীকৰণ কৰা হ’ব অসমৰ দলংসমূহ…

এইবাৰো বাজেটত কৃষক সকলৰ বাবে বিশেষ আঁচনি ঘোষণা কৰা হৈছে। যোৱা বাজটতে অসমৰ প্ৰতিখন ৰাজহ গাঁৱলৈ ১ কোটিকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল এই চৰকাৰে। সেই ঘোষণা অনুসৰি কিমানখন গাঁওৱে ১ কোটিকৈ টকা পালে আৰু গাঁওসমূহৰ কি উন্নতি হ’ল তাৰ হিচাব দাখিল নকৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে।

যোৱা বাৰৰ বাজেটত ঘোষণা কৰা আঁচনিসমূহৰ কিমান শতাংশ ৰূপায়ন হ’ল তাৰ খতিয়ান চৰকাৰে দিব লাগিছিল। চৰকাৰে আপোনা ঘৰ আঁচনিৰে ঘৰ বনাবলৈ ঋণ ল’ব খোজা লোকসকলক ৪০ লাখ টকা পৰ্যন্ত গৃহ ঋণ আৰু তাৰে ২ লাখ ৫০ হাজাৰ টকা ৰাজ সাহায্য দিব বুলি ঘোষণা কৰিছে। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় জানে যে- প্ৰধানমন্ত্ৰী আবাস যোঁজনাৰ অধীনত এই সুবিধা দেশজুৰি নাগৰিকে ইতিমধ্যে লাভ কৰি আছে।

এই আঁচনিৰ অধীনত নাগৰিকসকলে ঘৰ ক্ৰয় কৰিলে ৰাজ সাহায্য লাভ কৰে। ইয়াত কেন্দ্ৰীয় চৰকাৰৰ সেই নীতিকে অনুসৰণ কৰি নতুনত্বৰ ৰহণ সনাৰ চেষ্টা কৰা হৈছে নেকি? ইতিমধ্যে প্ৰযোজ্য হৈ থকা এই আঁচনি আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ মাজত পাৰ্থক্য কি?

আপোনাৰ আপোন ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ৰাজ সাহায্য ঘোষণা কৰিছে ঠিকেই। ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ ফলত বহু পৰিয়ালৰ ঘৰ-ভেটি খহিছে। থাকিবলৈ ঘৰ নোহোৱা অৱস্থা হৈছে। গৰাখহনীয়া আৰু বানপানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এই বাজেটত কিন্তু তেনে কোনো সমাধানসূত্ৰ এই বাজেটে আজিলৈকে দিব পৰা নাই।

এই চৰকাৰে পূৰ্বতে ঘোষণা কৰিছিল- ৰাজ্যৰ ছাত্ৰীসকলক স্কুটী প্ৰদান কৰিব। কিন্তু সেই ঘোষণা অনুসৰি এতিয়ালৈকে ছাত্ৰীসকলে স্কুটী লাভ কৰিলে নে? তাৰ বিপৰীতে এইবাৰ আকৌ নতুনকৈ বেটাৰী চালিত ই-বাইক দিয়াৰ কথা ঘোষণা কৰিলে। যিখন চৰকাৰে পূৰ্বৰে পৰা কাৰ্যকৰী হৈ থকা আনন্দৰাম বৰুৱা বঁটাৰ লেপটপসমূহ আজি পৰ্যন্ত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক দিব পৰা নাই, ধনৰ অভাৱৰ বাবেই এই আঁচনি কাৰ্যকৰী কৰিব নোৱাৰাৰ কথা ঘোষণা কৰাৰ পাছত নতুনকৈ এই প্ৰলোভন-প্ৰতিশ্ৰুতিৰে ভৰাই পেলোৱা হৈছে এই বাজেট।

ছাত্ৰ-ছাত্ৰীৰ প্ৰতি চৰকাৰ কিমান দায়ৱদ্ধ তাৰ প্ৰমাণ দিয়ে এই আঁচনিখন ৰূপায়ন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ অমনোযোগিতাই। পূৰ্বৰ চৰকাৰে আনন্দৰাম বৰুৱা বঁটাৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰা সকলক লেপটপ-কম্পিউটাৰ দিয়াৰ ব্যৱস্থা কৰিছিল। কিন্তু বিজেপি চৰকাৰে প্ৰথম বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলক উপেক্ষা কৰি কেৱল ষ্টাৰ আৰু ডিষ্টিংশ্যন লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলকহে এই বঁটা দিয়াৰ কথা ঘোষণা কৰিছে।

বহু অপেক্ষাৰ অন্তত ৮ ফেব্ৰুৱাৰীত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰাৰ কথা আছিল যদিও প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবে এই বঁটা প্ৰদান অনুষ্ঠান পুনৰ বাতিল কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰে কৃষক কল্যাণ আঁচনি ঘোষণা কৰিছে। কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণ লোৱা সকলক ২৫ শতাংশ ৰাজ সাহায্য ঘোষণা, ২ লাখ পৰ্যন্ত শস্য ঋণৰ ক্ষেত্ৰত সুত সম্পূৰ্ণ ৰেহাই দিব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বাজেটত যথেষ্ট প্ৰতিশ্ৰুতি আছে। পূৰ্বৰ বাজেটৰ দৰেই এইবাৰৰ বাজেটতো চাহ বাগানৰ বনোৱাসকলৰ ক্ষেত্ৰত পূৰ্বৰ কথাৰেই পুনৰাবৃত্তি কৰা হৈছে। জনকল্যাণৰ সলনি নিৰ্বাচনৰ লক্ষ্যৰে এখন জনতাক মোহিব পৰা বাজেট দাখিল কৰিলে মন্ত্ৰী গৰাকীয়ে। কিন্তু বাজেটত দিয়া প্ৰতিশ্ৰুতি বা আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ চৰকাৰে ধন ক’ৰ পৰা পাব, সেই ধনৰ উৎস কি হ’ব সেই কথা বাজেটত উল্লেখ নাই।

প্ৰতিশ্ৰুতি বহুতেই দিব পাৰি। ২ লাখৰ কম উপাৰ্জনৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰাৰ কথা এই বাজেটত আছে। বিশ্ববিদ্যালয় পৰ্যন্ত বিনামূলীয়া পাঠ্যক্ৰম লাভ কৰিব বুলিও ঘোষণা কৰিছে এই চৰকাৰে। কিন্তু এনে প্ৰতিশ্ৰুতি পূৰ্বৰ বাজেটতো দিয়া নাছিল নে মন্ত্ৰীগৰাকীয়ে?

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসমূহেই সময়মতে পাঠ্যপুথি নাপায়। বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ। সেইবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ নৌহওঁতেই নতুন ললিপ’প দিছে এই চৰকাৰে। ১৫ ফেব্ৰুৱাৰীত নতুনকৈ পুনৰ ৮ লাখ চাহ শ্ৰমিকৰ একাউণ্টত আঢ়ৈ হাজাৰ টকাকৈ ধন জমা হ’ব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

চাহ শ্ৰমিকৰ পাৰিশ্ৰমিকৰ কথা ভাবেনে কেতিয়াবা চৰকাৰে?

এই প্ৰতিশ্ৰুতিত নতুনত্ব কি আছে? ৩ টকীয়া চাউল বন্ধ কৰি চৰকাৰে পুনৰ নতুনকৈ চাউল দিয়াৰ কথা ঘোষণা কৰিছে। দিব্যাংগসকলৰ বাবেও বাজেটত আছে অলেখ প্ৰতিশ্ৰুতি। এনে বহু দিব্যাংগই পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি প্ৰপত্ৰ পূৰণ কৰিও চৰকাৰী আঁচনিৰ ধন লাভ নকৰাৰ উদাহৰণ আছে।

এই বাজেটত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ, ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদ, বিটিএডিৰ বাবে আৰ্থিক অনুদানৰ কথা ঘোষণা কৰা হৈছে। অথচ ষষ্ঠ অনুসূচী অন্তৰ্গত এই পৰিষদ সমূহে কেন্দ্ৰীয় চৰকাৰৰ পৰা পোনপটীয়াকৈ ধন লাভ কৰিব। ইয়াৰ বিপৰীতে মিছিং, দেউৰী, তিৱা, ৰাভা, সোণোৱাল কছাৰী আদি স্বায়ত্ত শাসিত পৰিষদৰ বাবে ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্যই একমাত্ৰ ভৰসা। কিছু দিনৰ পূৰ্বে অনুষ্ঠিত হৈ গৈছে এই পৰিষদসমূহৰ নিৰ্বাচন। নতুনকৈ গঠন হ’বলগা এই কেইখন স্বায়ত্ত শাসিত পৰিষদৰ ক্ষেত্ৰত চৰকাৰে কি ধৰণৰ আৰ্থিক অনুদান আগবঢ়াব তাৰ নিৰ্দিষ্ট ঘোষণা নাই এই বাজেটত।

কেৱল ধন দি এখন ৰাজ্যৰ উন্নয়ন সম্ভৱনে? ৪৫ বছৰ অনূৰ্ধ বিধৱা মহিলালৈ ২৫ হাজাৰ টকাৰ লগতে মাহিলী ২৫০ টকাকৈ ধন দিয়াৰ কথা ঘোষণা কৰা হৈছে বাজেটত। ঘোষণাবোৰ শুনিবলৈ বৰ ভাল। নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিলে? যিকোনো ৰোগত আক্ৰান্ত হৈ থকা বা আই চি ইউত থকা ৰোগীয়ে ২ লাখকৈ টকা লাভ কৰিব বুলি বাজেটত বিত্তমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আছে। কিন্তু অসমৰ কোনখন চিকিৎসালয়ত সঘনে দৰকাৰী হোৱা ঔষধবোৰ পাই তাৰ তালিকা এখন স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে দিব পাৰিবনে?

৩ টকীয়া চাউল ১ টকীয়া কৰা এই চৰকাৰে কৃষিখণ্ডৰ উন্নয়নৰ কথা নাভাবি ১ টকীয়া চাউল দি অসমৰ মানুহক আৰু এলেহুৱা কৰাৰ চেষ্টা কৰিছে নেকি? এতিয়া কংগ্ৰেছৰ ২টকীয়া চাউলৰ ৰাজনীতিক এই চৰকাৰে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ১ টকীয়া ৰাজনীতিলৈ সলনি কৰিছে। এদিন কংগ্ৰেছত থাকোতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ বিয়া হোৱা ছোৱালীক ১০ হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু সেই আঁচনি ৰূপায়ন হ’ল নে নাই সেই খবৰহে পোৱা নগ’ল।

এইবোৰ সকলো টোপ। বাজেটত এনে তৰল প্ৰতিশ্ৰুতি আমাৰ প্ৰয়োজন নাই। কি কংগ্ৰেছ, কি বিজেপি, সকলোৱে প্ৰলোভনৰ ৰাজনীতি কৰে। তেওঁলোকৰ ৰাজনৈতিক ৰামায়ণ শুনিবলৈহে ভাল। বটদ্ৰৱা থানলৈ ১৫৫ কোটি টকা ঘোষণা, ৮ হাজাৰ গাঁওবুঢ়ালৈ স্মাৰ্টফোন প্ৰদান, মাজুলীৰ উন্নয়নৰ বাবে ১৫০০ কোটি টকা ধাৰ্য্য, কোকৰাঝাৰত ক্ৰীড়া মহাবিদ্যালয় স্থাপন আদি অনেক প্ৰতিশ্ৰুতি আছে এই বাজেটত।

সদনত বাজেট ভাষণ প্ৰদান কৰা সময়ত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

এই বাজেটত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে- অসমৰ ৪ লাখ চাহ বাগিছাৰ কথা। ৰাজ্যখনত থকা চাহ বাগিছাৰ সংখ্যা ৫০০ৰো অধিক নহয়। তেনেস্থলত বিত্তমন্ত্ৰীগৰাকীয়ে ৪ লাখ চাহ বাগিছাত কাম কৰা চাহ শ্ৰমিকলৈ চাউল যোগান ধৰাৰ যি আঁচনি ঘোষণা কৰিলে, তাত তেওঁ উল্লেখ কৰাৰ দৰে ৪ লাখ চাহ বাগিছাৰ হিচাপ ক’ৰ পৰা পালে সেয়াও লক্ষণীয়। একেদৰেই ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালক চাউল যোগান ধৰাৰ আন এক ঘোষণা কৰি বাজেট ভাষণত ২কোটি ৪৩ লাখ লোকে ১ টকা হাৰত চাউল লাভ কৰিব বুলি তেওঁ ঘোষণা কৰিছিল।

অসমত দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা কিমান? ২০১১চনৰ তথ্য অনুসৰি সেই সংখ্যা ২৬.৭ শতাংশ আছিল। সেই হিচাবত বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা ২ কোটি কেতিয়াও হ’ব নোৱাৰে। তেওঁ উল্লেখ কৰাৰ দৰে ২ কোটি ৪৩ লাখ লোক দৰিদ্ৰ হ’বলৈ হ’লে অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৪ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা হ’ব লাগিব।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বাজেটত কেৱল ভাষণ ফুলজাৰিয়ে নাই। প্ৰতিশ্ৰুতিৰ বন্যাৰ লগতে আছে কৃষক আৰু দৰিদ্ৰ শ্ৰেণীক প্ৰলোভিত কৰিব পৰাকৈ অপ্ৰয়োজনীয় বহু আঁচনি। যিবোৰ আঁচনিয়ে ৰাজ্যৰ উন্নয়নৰ আন্তঃগাঁথনিক নতুন মাত্ৰা দিব নোৱাৰে। সেইবোৰ কেৱল চমক। নিবনুৱা সমস্যাৰ স্থায়ী সমাধানৰ বাবে এই বাজেটত কোনো কাৰ্যপন্থাৰ কথা উল্লেখ নাই। তাৰ বিপৰীতে অনুদান, ৰাজ সাহায্য, ১ টকীয়া চাউল, বিভিন্ন শ্ৰেণীক সামৰি ল’ব পৰাকৈ আঁচনিৰ ঘোষণা আদিৰে এই বাজেট পৰিপূৰ্ণ কৰা হৈছে।

লক্ষণীয়ভাৱে, এই বাজেটত ৭০ হাজাৰ কোটি টকা ব্যয়ৰ লক্ষ্য লোৱা হৈছে। এখন সমৃদ্ধশালী ৰাজ্য গঢ়িবলৈ জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা উল্লেখ কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। পূৰ্বৰ আঁচনিবোৰ ৰূপায়ন নোহোৱাকৈয়ে নতুন আঁচনি ঘোষণা কৰি মানুহক আকৰ্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে কি কৰিব তাক লৈ যিমান গুৰুত্ব দিছে, পূৰ্বৰ প্ৰতিশ্ৰুতি সমূহ কিমান পূৰণ হ’ল সেই সন্দৰ্ভত বিশেষ তথ্য নাই বিত্তমন্ত্ৰীগৰাকীৰ বাজেটত।

মুখ্যমন্ত্ৰীয়ে বহু সভা-সমিতিত শিক্ষানুষ্ঠান স্থাপনৰ কথা ঘোষণা কৰিছিল। সেই ঘোষণা অনুসৰি, মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিব পৰাকৈ এই বাজেটত তেনে ঘোষণা নাই। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে অনুদান আগবঢ়াব বুলি ভবা হৈছিল যদিও, এই বিষয়টো বাজেটত তল পৰে।

বিধৱা, শিক্ষাৰ্থী, আত্মসহায়ক গোট, চাহ বাগিছাৰ শ্ৰমিক, মঠ-মন্দিৰ, ভ্ৰাম্যমানৰ অভিনেতা-অভিনেত্ৰী, ধলা-শদিয়া, বগীবিলৰ কৰ্মহীন নাৱৰীয়া, বিটিচিৰ ডিমা হাছাও উন্নয়ন আদি বিষয়বোৰ ঠিকেই সামৰি লৈছে এই বাজেটত। মাজুলী আৰু হোজাইত ক্ৰমে ১০০ আৰু ২০০ বিচনা যুক্ত চিকিৎসালয় নিৰ্মাণৰ কথা বাজেটত ঘোষণা কৰা হৈছে। সেই মাজুলীত থকা চিকিৎসালয়সমূহত যে চিকিৎসক নাথাকে, ঔষধ-পাতিৰ অভাৱ এইবোৰ দিশত বহুবাৰ অভিযোগ পোৱাৰ পাছতো চৰকাৰে আজি পৰ্যন্ত তাৰ স্বাস্থ্য খণ্ডৰ চেহেৰা সলনি কৰিব নোৱাৰিলে।

ওড়িশ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ, কলকাতাত থকা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বাসগৃহ সংৰক্ষণৰ কথা কোৱা হৈছে। ইয়াৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব বুলি ঘোষণা কৰিছে। কিন্তু সেই ঘোষণা আছিৰ নহয়। লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহৰ অৱস্থা তথৈবচ। বেদখলকাৰীৰ কৱলত, পথ নিৰ্মাণৰ বাবে বাসগৃহৰ ভূমি অধিগ্ৰহণ কৰাৰ খবৰ পোৱাৰ পাছতেই ৰাজ্য চৰকাৰে এই দিশত ব্যৱস্থা ল’ব বুলি ঘোষণা কৰিছিল। কিন্তু সেই ঘোষণা ইমান দিনে কাৰ্যকৰী নহ’ল। পুনৰবাৰ চৰকাৰে বাজেটত উনুকাই গ’ল যে- এই দুই মহীৰূহৰ বাসগৃহ সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব। কিন্তু সেই ব্যৱস্থা কাৰ্যকৰী হ’ব কেতিয়া?

বাজেটখনত সকলো শ্ৰেণীৰ লোককে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে। কাকো বঞ্চিত নকৰি সকলোকে কিঞ্চিত কিঞ্চিত হ’লেও কিবা এটা দিয়াৰ চেষ্টাৰে সাম্প্ৰতিক সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি যি প্ৰতিবাদৰ জোৱাৰ উঠিছে তাক প্ৰশমিত কৰাৰ যেন অতি কৌশলী চেষ্টা চলাইছে এই বাজেটত।

কৃষকসকলৰ বাবে পূৰ্বৰ বাজেটতো ট্ৰেক্টৰ বিতৰণৰ ব্যৱস্থা আছিল। মুখ্যমন্ত্ৰীয়ে এক আঁচনিৰ জৰিয়তে ৰাজ্যৰ কৃষকক ট্ৰেক্টৰ বিতৰণৰ বাবে এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। কিন্তু নিম্নমানৰ ট্ৰেক্টৰক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত সেই আঁচনি ধোৱাচাঙত উঠিল। ৰাজ্যৰ কৃষকসকলে সেই ট্ৰেক্টৰ নাপালে। নতুনকৈ ২০০০খন ট্ৰেক্টৰ বিতৰণ কৰা হ’ব বুলি ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী গ্ৰাম্য আঁচনিৰ জৰিয়তে এই ট্ৰেক্টৰ সমূহ বিতৰণ কৰা হ’ব। কিন্তু পূৰ্ব ঘোষিত আঁচনিৰ ট্ৰেক্টৰসমূহ কি হ’ল? সেই উত্তৰ বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত নিদিলে।

মহানগৰবাসীৰ বাবেও এই চৰকাৰৰ ইমান দৰদ উপজিল যে সম্পত্তি কৰ ৰেহাই দিয়া হ’ল। ক্ষুদ্ৰ ব্যৱসায়ীসকলকো সন্তুষ্ট কৰিবলৈ জি এছ টিৰ সীমা ২০ লাখৰ পৰা ৪০ লাখ কৰিলে। ১১৯৩.৪ কোটি টকাৰ ঘাটি বাজেট দাখিলেৰে অসমৰ সৰ্বাংগিণ উন্নতিৰ কথা কয় দুপৰীয়া ১.৫৪ বজাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ সামৰিলে।

সামগ্ৰিকভাৱে এই বাজেট উত্থাপন কৰোতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰয়োজন হ’ল প্ৰায় ৩ ঘণ্টাৰ। ১০.৪৪ মিনিটত তেওঁ বাজেট ভাষণ আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰী, বিষ্ণুৰাম মেধিক সুঁৱৰি আৰম্ভ কৰা এই বাজেট ভাষণ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামৰিলে ১.৫৪ বজাত।  পূৰ্বৰ বছৰ প্ৰায় ৪ ঘণ্টা ধৰি অসমৰ ইতিহাসৰ সৰ্বকালৰ দীঘলীয়া সময়ৰ বাজেট দাখিল কৰিছিল এইগৰাকী বিত্তমন্ত্ৰীয়ে। তেতিয়াই চৰ্চা চলিছিল ইয়াক লৈ। সেই দীঘলীয়া বাজেটত থকা আঁচনিসমূহৰ ৪০ শতাংশও সম্পূৰ্ণৰূপে ৰূপায়ন নহ’ল।

এইবাৰ ৩ ঘণ্টীয়া বাজেট ভাষণ। তাতে সন্মুখত লোকসভা নিৰ্বাচন। মিঠা প্ৰতিশ্ৰুতি, নতুন আঁচনিৰে ভৰি থকা এই বাজেটৰ প্ৰতিশ্ৰুতিবোৰ কি হ’ব সেয়া সকলোৱে জানে। এনেদৰে আহি থাকিব সময় আৰু ৰাইজক আভুৱাভৰাই তেওঁলোকে দাখিল কৰি গৈ থাকিব নতুন বাজেট। সকলোতে থাকিব কেৱল প্ৰতিশ্ৰুতি, নাথাকে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰণ হ’ল নে নাই তাৰ উল্লেখ।

চাহ বাগিছাৰ শ্ৰমিকসকলৰ বাবে এই চৰকাৰৰ ইমান দৰদ উপজিল যে, তেওঁলোকক চাহ খাবৰ বাবে চেনী দিয়াৰ কথাও চিন্তা কৰিছে। চাহ শ্ৰমিকসকলৰ সন্তানৰ ব্ৰেক-ফাষ্টৰ কথাও ভাবিছে। অথচ সেই সকল শ্ৰমিকেই কৈ আছে- আমাক উপযুক্ত পাৰিশ্ৰমিক দিয়ক। এই মূল বিষয়টোক লৈ কিন্তু এইখন বাজেটতো নীৰৱ চৰকাৰ।

অসমৰ চাহ উদ্যোগতো এতিয়া ভীষণ প্ৰত্যাহ্বানৰ সমুখত। ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদিত কেঁচা চাহ পাতৰ বাবে উপযুক্ত মূল্য লাভ নকৰে। তেওঁলোকৰ মাটিসমূহ এতিয়াও ম্যাদী কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। এই গুৰুত্বপূৰ্ণ আৰু দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ সলনি, খুচুৰা, ভাল লগা আৰু ক্ষন্তেকীয়া প্ৰলোভনৰ প্ৰতিশ্ৰুতিৰে সমাগত নিৰ্বাচনৰ ভোটৰ আশাত ললিপ’প সদৃশ এখন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে। উপৰুৱা দৃষ্টিত এই বাজেটত নাই কি? গভীৰভাৱে চালে ওলাই পৰিব বাজেটত আছে কি?

source https://www.tultulkutumonline.net/2019/02/blog-post_7.html

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: