হীৰা চেলেকিলে মৃত্যু অৱধাৰিত


হীৰা চেলেকিলে মৃত্যু অৱধাৰিত http://bit.ly/2C6MLXp http://bit.ly/2Rf0ZzR January 08, 2019 at 12:32PM

হীৰা চেলেকিলে মৃত্যু অৱধাৰিত

                    বুলন কুমাৰ শইকীয়া 

ভুল নৰেন্দ্ৰ মোদীৰ নহয় ৷ ভুল সৰ্বানন্দৰ নহয় ৷ ভুল আৱেগিক অসমীয়াৰ ৷ হীৰা চেলেকিলে মৃত্যু অৱধাৰিত ৷ তথাপিও সকলো জানিও অসমীয়াই হীৰা চেলেকিছিল ৷

মনত আছে নে ? সৰ্বানন্দ সোনোৱালক নৰেন্দ্ৰ মোদীয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে হীৰা বুলি আখ্যা দিয়া ?  মনত আছেনে ? মোদীয়ে যে কৈছিল : অসমৰ হীৰা টুকুৰা মই লৈ গৈছিলোঁ ৷ এতিয়া অসমবাসীক ওভোতাই দিবলৈ আহিছোঁ ৷ 

হয়! হীৰা চেলেকি মৃত্যু মাতি আনিলে অসমীয়াই ৷

জন্মসূত্ৰে মই সোনোৱাল কছাৰী জনগোষ্ঠীৰ ৷ কি জানে ? সোনোৱাল জনগোষ্ঠীৰ মাজত কপালত বগা ফোট লৈ ভক্তিত গদ্‌গদ হৈ থকা মানুহ সতকাই নেদেখিব ৷ ব্যতিক্ৰম সৰ্বানন্দ সোনোৱাল ৷      কপালত চন্দন তুলসীৰ ফোট লোৱা মধ্যবয়সৰ অবিবাহিত মানুহে কৰ’বাত ক্ষমতা বিচৰা দেখিছেনে ? তেওঁলোকৰ ঠিকনা হ’ব লাগে মঠ-মন্দিৰ ৷ কিন্তু সোনোৱাল তেনেকুৱা নোলাল ৷ কথিত আছে কছাৰীৰ যিকেইটা টেঙৰ সেইকেইটা অতিপাত টেঙৰ ৷ কেতিয়াও পেট পোৱা নাযায় ৷ অসমীয়াৰ দুৰ্ভাগ্য সৰ্বানন্দ সোনোৱালৰ পেট নাপালে নিৰ্বোধ অসমীয়াই ৷

আকৌ কৈছোঁ ভুল নৰেন্দ্ৰ মোদীৰ নহয় ৷ ভুল সৰ্বানন্দ সোনোৱালৰ নহয় ৷ ভুল অসমীয়াৰ ৷ ভাবি চিন্তি চলিব নজনা অসমীয়াৰ ৷  ২০১২ চনত আমিঅসমীয়া ডট অৰ্গৰ কোনোবা এটা সংখ্যাত লিখিছিলো ” সোনোৱালে এতিয়াৰ পৰা গাধৰ দৰে কঢ়িয়াব লাগিব ৰাষ্ট্ৰীয় দলটোৰ স্বাৰ্থ ৷ “

অন্ততঃ সোনোৱাল মানুহজনক চিনাক্ত কৰাত মোৰ ভুল হোৱা নাছিল ৷

via Blogger http://bit.ly/2C6MLXp

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: