#হিমন্ত_হিমন্ত #ছয়_জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। কেবিনেটৰ অনুমোদন নোলোৱাকৈ দাখিল কৰিব সংসদত। কোচ ৰাজবংশী, টাই আহোম, চুতীয়া, মৰাণ, মটক, ৩৬ চাহ জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়কত অনুমোদন। #ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনক আদৰণি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম চুক্তিৰ ৬নং অনুচ্ছেদ, সাংবিধানিক মৰ্যাদা প্ৰদান আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণৰ ঐতিহাসিক সিদ্ধান্তৰে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক খিলঞ্জীয়াৰ এক অভেদ্য দুৰ্গলৈ পৰিৱৰ্তন কৰিলে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। ইফালে, এই সিদ্ধান্তৰ বাবে টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই। ‘জাতি-মাটি-ভেটি’ ৰক্ষা আৰু খিলঞ্জীয়াৰ হকে কাম কৰাৰ বাবে আমাৰ দায়বদ্ধতা পুনৰ প্ৰতীয়মান হ’ল বুলি টুইটাৰত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। #নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ অস্তিত্ব ৰক্ষা কৰিব। ৰাজ্যৰ ১৭–১৮টা সমষ্টি অসমীয়াৰ হাতত থকাটো নিশ্চিত কৰিলে। বদৰুদ্দিন আজমলৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা পৰিল ১৭–১৮টা সমষ্টি। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২০২১ত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হোৱাৰ পৰা অসম বাচিল বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ। ১৭–১৮টা সমষ্টিত ৫ লাখ হিন্দু বঙালীয়ে আমাক ভোট নিদিলে আজমলৰ দখললৈ গ’লহেঁতেন। অগপই অসম চুক্তি কৰি যি ভুল কৰিছিল, সেই ভুলৰ পুনৰাবৃত্তি কৰি আজি আন এক ভুল কৰিলে বুলিও মন্তব্য হিমন্ত বিশ্বৰ। #ধৰ্মৰ ভিত্তিত আমি নাগৰিকত্ব দিমেই। তাত ভুল কথা কি আছে? ধৰ্মৰ ভিত্তিত হোৱাৰ বাবেই জাগীৰোডত পীযূষ, মঙলদৈত গুৰুজ্যোতিহঁত বিধায়ক হ’ব পাৰিছে। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা বুদ্ধিজীৱীকো সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ। হীৰেন গোহাঁয়ে অসম আন্দোলনৰ দিনৰ পৰা বিৰোধিতা কৰি আহিছে। মোৰ লগত দুই মিনিট আহি তৰ্ক কৰক, তেওঁ কাৰ হৈ কাম কৰে প্ৰমাণ কৰি দিম। আছুৱে অযথা প্ৰতিবাদ কৰিছে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ। অসম চুক্তিৰ ৫নং দফা কাৰ্যকৰীকৰণৰ বাবে কৰা দাবীৰ অৰ্থ নাই বুলি ক’লে হিমন্ত বিশ্বই।


More info @ http://bit.ly/2CW64o3
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 08, 2019 at 06:15PM

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: