কংগ্ৰেছক ভোট দিলে ভাৰাতীয়া গুণ্ডা লগাই হত্যা কৰাৰ ভাবুকি, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে বেলশৰ থানাত এজাহাৰ দাখিল


কংগ্ৰেছক ভোট দিলে ভাৰাতীয়া গুণ্ডা লগাই হত্যা কৰাৰ ভাবুকিwww.tultulkutumonline.com

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে বেলশৰ থানাত এজাহাৰ দাখিল
দৈনিক জনমভূমি
নলবাৰীঃ নিজা বাতৰি দিওঁতা, ৭ ডিচেম্বৰঃ ৰাজ্যৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ বিৰুদ্ধে আজি পশ্চিম নলবাৰী ব্লক কমিটীয়ে বেলশৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । পাটোবাৰীৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছে পশ্চিম নলবাৰী ব্লক কংগ্রেছ কমিটীৰ সভাপতি বিকুল তালুকদাৰে । এজাহাৰত উল্লেখ কৰা মতে বৃহস্পতিবাৰে বিয়লি ৪ বজাত শালমাৰাত (ঘিলাজাৰী) এখন পঞ্চায়ত নির্বাচনী সভাত মন্ত্ৰী চন্দ্রমােহন পাটোৱাৰীয়ে অংশ লৈছিল । পাটোৱাৰীয়ে জনপ্রতিনিধিত্ব আইন আৰু পঞ্চায়ত আইনত নির্বাচন সম্পর্কে উল্লেখ থকা সকলো নীতি-নিয়ম ভংগ কৰি বেআইনীভাবে সভা অনুষ্ঠিত কৰে । ভাষণত তেওঁ কংগ্রেছক ৰাইজে সমর্থন জনালে নির্বাচনৰ ফল ঘোষণা কৰাৰ পাছত সমর্থন কৰা ব্যক্তিসকলক ভাৰাতীয়া গুণ্ডা লগাই হত্যা কৰিব বুলি ভাবুকি দিয়ে । লগতে কংগ্রেছৰ পৰিয়ালৰ চাকৰি কৰা লোকসকলক পৰিয়ালৰ লোকে কংগ্ৰেছক ভোট দিলে শাস্তিমূলক ব্যবস্থা ল’ব বুলি সভাত সকীয়নি দিয়ে । এজাহাৰকাৰী তালুকদাৰে জনােৱা মতে, মন্ত্ৰীজনৰ ভাষণত ৰাইজ ভীতিগ্রস্ত হৈছে আৰু যিকােনাে মূহূর্তত পৰিস্থিতিৰ অৱনতি ঘটাৰ উপক্রম হৈছে । সেয়ে মন্ত্ৰী পাটোৱাৰীক গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনােৱা হৈছে বুলি ব্লক কংগ্ৰেছৰ সভাপতিজনে জানিবলৈ দিয়ে ।

via Blogger https://ift.tt/2BY9c25

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: