আধাৰ বিতৰণত চকু ৰাখিব চৰকাৰে


এন আৰ চিত নাম অন্তর্ভূক্ত নােহােৱাসকলে যাতে চৰকাৰী সা-সুবিধা পাব নােৱাৰে

আধাৰ বিতৰণত চকু ৰাখিব চৰকাৰে

আধাৰ নাগৰিকত্ব প্রমাণৰ আহিলা নহয় । কিন্তু অসমত ৰূপায়ণ হৈ থকা এন আৰ চিৰ সৈতে আধাৰৰ এক ভিতৰুৱা সম্পর্ক থাকিব ৷ বিশেষকৈ এন আৰ চিৰ সম্পূর্ণ তালিকা প্রকাশ নােহােৱা পর্যন্ত আধাৰ কার্ড বিতৰণৰ বিষয়টোত চকু ৰাখিব চৰকাৰে । এই ক্ষেত্রত এন আৰ চি কর্তৃপক্ষৰ লগত ইউনিক আইডেপ্টিফিকেশ্যন অথৰিটি অব্ ইণ্ডিয়া চমুকৈ ইউ আই এ আই সম্পৰ্ক ৰক্ষা কৰিব । ক’বলৈ গ’লে অসমত নতুনকৈ আধাৰ কাৰ্ড বিতৰণৰ ক্ষেত্রত কিছু সতর্কতা অবলম্বন কৰা হ’ব । বিশেষকৈ এন আৰ চিৰ চুড়ান্ত খচৰা তালিকাভুক্ত নােহােৱা আৰু দাবী-আপত্তি প্রক্রিয়াত অংশ লোৱাসকলৰ ক্ষেত্রত পৃথক নীতি অৱলম্বন কৰিছে । অসমত এন আৰ চিৰ পৰা বাদ পৰা সকলে যাতে আন ৰাজ্যলৈ গৈ আশ্রয় ল ’ব নােৱাৰে আৰু যিকােনাে উপায়ে আধাৰ কার্ড সংগ্রহ কৰি চৰকাৰী সা-সুবিধা ল’ব নােৱাৰে তাৰ প্রতি সচেষ্ট হৈ ইউ আই এ আই এ এন আৰ চি কর্তৃপক্ষৰ সহযোগত পদক্ষেপ হাতত লৈছে । বিশেষকৈ এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাভুক্ত নােহােৱা আৰম্ভ দাবী প্রক্রিয়াত অংশ লােৱাসকলৰ ক্ষেত্রত পৃথক নীতি অৱলম্বন কৰিছে ৷ দাবী আৰু আপত্তি প্রক্রিয়াত অংশ লোৱাসকলৰ বায়’মেট্রিক ডাটা সংগ্রহ কৰা হ’ব । ইতিমধ্যে চুড়ান্ত খচৰা তালিকাৰ পৰা বাদ পৰা আৰু দাবী প্রক্রিয়াত অংশ লোৱাসকলৰ তথ্যও ইউ আই এ আই এ সংগ্রহ কৰিছে । ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ সহযোগত আধাৰ কার্ড বিতৰণৰ ক্ষেত্রত ইউ এ আই এ এন আৰ চিৰ মডেলিটিৰ বাহিৰত থাকি নিজৰ কাম চলাই গৈছে । দাবী আৰু আপত্তি প্রক্রিয়াত এই পর্যন্ত প্রায় ৭ লাখ লোকে পুনৰ আবেদন কৰিছে । এন আৰ চিত নাম সুমুৱাবলৈ পুনৰ আবেদন কৰা এইসকল লোকৰ ওপৰত চকু ৰাখিবলৈ পৃথক পৰিচয় চিহ্ন (আই ডি ) দিয়া হ’ব । ইতিমধ্যে আধাৰ কার্ড সংগ্রহ কৰাসকলৰ আধাৰ নম্বৰ বাতিল কৰা নহয় যদিও তেওঁলােকৰ ওপৰতাে ইউ আই এ আইৰ ফালৰ পৰা চােকা দৃষ্টি ৰখা হৈছে ৷ কিয়নাে এন আৰ চিত নাম সুমুৱাবলৈ সক্ষম নােহােৱা বহুজনে জালিয়াতিৰে অন্য নথি-পত্র সংগ্রহ কৰাৰ দৰে আধাৰ কার্ডো সংগ্রহ কৰা বুলি সন্দেহ ঘনীভুত হৈছে । উল্লেখযোগ্য যে অসমৰ মুঠ জনসংখ্যাৰ ২৪.৩৪ লাখজনে আধাৰ কার্ড সংগ্রহ কৰিছে ৷ এই বৃহৎ সংখ্যকৰ মাজত বিদেশীও আছে নেকি তাক নিশ্চিত কৰিবলৈ এন আৰ চি কর্তৃপক্ষৰ পৰা আধাৰ কর্তৃপক্ষই বায়’মেট্রিক ডাটা সংগ্রহৰ সিদ্ধান্ত লৈছে ৷ তদুপৰি নানা ছল-চাতুৰিৰ আশ্রয় লৈও এন আৰ চিত নাম সুমুৱাবলৈ সক্ষম নােহােৱা একাংশই ইতিমধ্যে অসম এৰি অন্য ৰাজ্যত আশ্রয় লােৱাৰ সন্দেহ কৰি এই পদক্ষেপ লোৱা হৈছে বুলি দিছপুৰৰ সূত্রৰ পৰা সংবাদ মাধ্যমে জানিব পাৰিছে ৷ কিয়নাে অসমৰ পৰা পলাই গৈ কোনো বিদেশীয়ে আধাৰ কার্ডৰ গইনা লৈ আশ্রয় লোৱাৰ উপৰি অন্যান্য সা-সুবিধা আদায় কৰিব পাৰে ।

via Blogger https://ift.tt/2Ec9IuK

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: