মিচিং সমাজত আপঙৰ ব্যৱহাৰ 

                           বিউটি পেগু 

মিচিং সকাম নিকামৰ নৈবেদ্য

অসমৰ মানুহৰ বাবে আপং এক চিনাকী নাম। অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীত ইয়াৰ নাম, বনোৱা পদ্ধতিও বেলেগ যদিও অসমৰ সকলোবোৰ জনগোষ্ঠীয়ে চাউলৰ পৰাই আপং তৈয়াৰ কৰে। মিচিং সমাজৰ ধৰ্মীয় ৰীতি নীতি, পূজা-পাৰ্বন, মৃতকৰ কাজ, সকাম আদিত আপঙে এক গুৰত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে। একপ্রকাৰ ক’বলৈ গ’লে আপং আমাৰ মিচিং সমাজৰ সংস্কৃতি। বহুতেই ভৱাৰ দৰে আপঙে আমাৰ জাতিৰ উন্নয়ণত বাধা দিয়া নাই। চুলাই নামৰ বৰবিহ বিধেহে আপঙৰ নামত মিচিং সংস্কৃতিত কুপ্রভাৱ পেলাইছে।

অৱশ্যে সকাম, পূজা-পাৰ্বন, দদগাঙত আপঙৰ অত্যাধিকে ব্যৱহাৰে পৰিয়াল এটাক কোঙা কৰি পেলাৱ পাৰে। কাৰণ গাওঁ অঞ্চলৰ প্রায়বোৰ মিচিং মানুহেই কৃষিজীৱি দুখীয়া মানুহ। গতিকে সকাম, পূজা, দদগাঙত আপঙৰ সীমিত ব্যৱহাৰ কৰিব পাৰিলে দুখীয়া মিচিং মানুহৰ বাবে সুবিধা হয়। বিলাতী মদৰ ব্রেণ্ডবোৰতকৈ আপঙৰ ঔষধি গুন অনেক। এই কথা পৰীক্ষাগাৰতো প্রমাণিত হৈছে। এতিয়া মিচিং সমাজত বুলিয়েই নহয় অনা মিচিং সকলৰ মাজতো আপঙে বিৰাট জনপ্রিয়তা লাভ কৰিছে।

এই কথালৈ লক্ষ্য ৰাখি আমাৰ মিচিং শিক্ষিত ডেকা-গাভৰুৱে বা অভিজ্ঞ ব্যক্তিয়ে বিজ্ঞানসন্মতভাৱে আপঙৰ ব্রেণ্ড এটা বজাৰত উলিয়াই দিব পাৰিলে ভাল হ’ব। ইয়াৰ জৰিয়তে আপঙে সমাজত স্বীকৃতি লাভ কৰাৰ লগতে কম পৰিমানে হ’লেও নিবনুৱা সমস্যা দূৰ কৰাত সহায়ক হ’ব। 

ঠিক সেইদৰেই নামচিঙৰ ক্ষেত্ৰতো ঔষধি গুণৰ লগতে ইয়াক বহু বছৰলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি আৰু অভাৱৰ দিনত ব্যৱহাৰ কৰিব পাৰি। অসমৰ বাহিৰতো নামচিঙৰ এক  বিশাল বজাৰ আছে। নামচিঙকো যদি আপঙৰ দৰেই বিজ্ঞানসন্মতভাৱে পেকিটিং ব্রেণ্ড কৰি বজাৰত উলিয়াই দিব পৰা যায় তেতিয়া বিশেষকৈ পঃৰ আপং আৰু নামচিঙৰ ব্রেণ্ড আমাৰ মিচিং নামেৰে জিলিকি থাকিব। 

via Blogger https://ift.tt/2RF4A6x

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: