মিচিং সকল প্ৰব্ৰজনকাৰী আছিল নেকি?


মিচিং সকল প্ৰব্ৰজনকাৰী আছিল নেকি?

পৰম্পৰাগত সাজপাৰত মিচিং নাৰী

১) চীন দেশত দঃঞি দংগাৰ আৰু কিঃলিং কাংগে নামৰ দুখন ঠাই আছে যাৰ নামাকৰণ তানি গোষ্ঠীয় শব্দৰ পৰা হৈছে ।

কিন্তু মংমিয়াও জনগোষ্ঠীৰ এটা ঠাল বা শাখা বুলি দাবী কৰা মিচিং নামৰ এটা জনগোষ্ঠী যে তাত আছিল তাৰ কোনো প্ৰমাণ নাই ।

২) চীন দেশত তাহানিৰে পৰা “লহবা” নামৰ এটা ক্ষুদ্ৰ  জনগোষ্ঠী আছে যাৰ ভাষা সংস্কৃতি আদি মিচিং সকলৰ লগতে উত্তৰ পূবৰ আন তানি জনগোষ্ঠীয় মানুহৰ ভাষা আৰু সংস্কৃতিৰ লগত মিলে । কিন্তু সেই লহবা জনগোষ্ঠীৰ পৰা মিচিং সকল ভাগ হৈ যোৱাৰ বা ইতিহাসৰ কোনোবা দিনত তেওঁলোকৰ ওচৰে পাজৰে বসবাস কৰাৰ কোনো তথ্য নাই ।

৩) বহুত মিচিং লোকে দাবী কৰে যে অৰুনাচলেই তেওঁলোকৰ আদি বাসস্থান আছিল । অৰুণাচলেই তেওঁলোকৰ প্ৰকৃত পিতৃ ভূমি । তেওঁলোক হেনো  অৰুণাচলৰ পৰা ভৈয়ামলৈ নামি আহিছিল । কিন্তু অৰুণাচলৰ ইতিহাসত মিচিং নামৰ এটা জনগোষ্ঠী যে আছিল তাৰ কোনো তথ্য নাই ।

৪) চীনৰ লহবা জনগোষ্ঠীলৈ চাই প্ৰশ্ন হয় লহবা জনগোষ্ঠী অৰুনাচলৰ পৰা চীন দেশলৈ প্ৰব্ৰজিত হল নেকি? কিন্তু অৰুণাচলৰ ইতিহাসত এনে কোনো ডাঙৰ যুদ্ধ বা ঘটনা সংঘটিত হোৱা নাই যে তানি গোষ্ঠীৰ এটা শাখা চীন দেশলৈ গুচি যাব । তাৰ বিপৰীতে চীনৰ ইতিহাসত মংগোলীয় সকলৰ মাজত সাত হাজাৰ বছৰ জুৰি আক্ৰমণ প্ৰত্যাক্ৰমনৰ এটা মহা যুদ্ধ চলিছিল। গতিকে সেই মহা সংগ্ৰামত বিধ্বস্ত হৈ তানি গোষ্ঠীৰ শাখাবোৰ ভাৰতত প্ৰৱেশ কৰাটোহে বেছি যুক্তি সংগত।

বিভিন্ন দিশ চালিজাৰি চাই সিদ্ধান্তলৈ আহিব পাৰি যে মিচিং জাতি চীন দেশতো গঠন হোৱা নাছিল নতুবা অৰুনাচল প্ৰদেশতো গঠন হোৱা নাছিল । মিচিং জাতি গঠন হৈছিল অসমতহে । কাৰণ অসমৰ বাদে পৃথিৱীৰ আন কোনো ঠাইতে মিচিঙৰ ‘ম’টোও বিচাৰি পোৱা নাযায় ।

via Blogger https://ift.tt/2QgEKZH

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: