মিচিং নাৰীৰ শিক্ষাৰ সচেতনতা


মিচিং নাৰীৰ শিক্ষাৰ সচেতনতা

দীপাংকৰ টায়ুং

শিক্ষাই জ্ঞান, জ্ঞানে শক্তি। শিক্ষাই মানুহৰ বৌদ্ধিক আৰু মানসিক উত্তৰণ ঘটাই উন্নত জীৱন যাপনত সহায় কৰে। সমাজৰ প্ৰগতিৰ বাবে পুৰুষৰ শিক্ষাৰ লগতে নাৰীৰ শিক্ষাৰো সমানেই প্ৰয়োজন। কিন্তু আমাৰ মিচিং নাৰীৰ সমাজ শিক্ষাৰ ক্ষেত্ৰত অতি দুখ লগাকৈ পিছপৰা। অসমৰ অন্যান্য জাতি জনগোষ্ঠী বিলাকৰ ভিতৰত মিচিং নাৰীৰ শিক্ষিত হাৰ আটাইতকৈ কম । 2001 চনৰ লোকপিয়ল অনুসৰি মিচিং নাৰীৰ শিক্ষিত হাৰ 49.03 শতাংশ। যিটো অসমৰ অন্যান্য জাতি জনগোষ্ঠী বিলাকৰ তুলনাত সপ্তম স্থানত। 

স্ত্ৰী হৈছে পুৰুষৰ অৰ্ধাংগিনী। তেনেক্ষেত্ৰত পুৰুষ আৰু মহিলা দুয়ো শিক্ষিত নহ’লে শৰীৰৰ এটা প্ৰধান অংগ বিকল হোৱাৰ নিচিনা। গতিকে পুৰুষৰ লগতে নাৰীৰ শিক্ষাৰ প্ৰতিও সমানেই গুৰুত্ব দিয়া উচিত।

মিচিং নাৰীৰ শিক্ষাৰ অনগ্ৰসৰতাৰ কাৰণ সমূহ÷

ক)অধিকাংশ মিচিং নাৰীয়ে তেওঁলোকৰ নিম্ন মানদণ্ডৰ জীৱন ধাৰণাতে সন্তুষ্ট থাকে আৰু উন্নত জীৱন-যাপনৰ বাবে হাবিয়াস নকৰে।

খ)আৰ্থিক দুৰ্বলতাও মিচিং নাৰীৰ শৈক্ষিক অনগ্ৰসৰতাৰ অন্যতম কাৰণ।

গ)মিচিং সমাজত কন্যা সন্তানৰ শিক্ষাৰ প্ৰতি অৱহেলা দেখুৱাই। ছোৱালীবোৰক পৰিয়ালৰ অন্য  কণ কণ শিশুসকলৰ তদাৰককাৰিণী(নৌবৃং)ৰ কামতে নিয়োজিত কৰি ৰাখিছিল।

ঘ)মিচিং সমাজত আগতে পুত্ৰ সন্তানতকৈ কন্যা সন্তানক কম গুৰুত্ব দিয়া এটা অহিতকৰ প্ৰৱণতা আছিল।

            

একৈশ শতিকাৰ জয় জয়কাৰৰ সময়তো নগৰ- চহৰৰ পৰা দূৰবৰ্তী শিক্ষাৰ পোহৰ নপৰা গ্ৰাম্যাঞ্চলত লিংগ পাৰ্থক্যৰ এই মধ্যযুগীয় দৃষ্টিভঙ্গী সম্পূৰ্ণ দূৰ হোৱা নাই। আনৰ ঘৰলৈ বিয়া দি উলিয়াই দিয়া হবই, গতিকে অযথা ধন ব্যয় তেওঁলোকক শিক্ষা দান কৰোৱাৰ দৰকাৰ নাই বুলি বিবেচনা কৰে।

আমি এতিয়া মধ্যযুগীয় মানসিকতা সলনি কৰিব হল। নাৰী সমাজ শিক্ষিত হ’লেহে সমাজ এখনৰ বিকাশ হোৱা সম্ভৱপৰ হব। 

                           ধন্যবাদ।

via Blogger https://ift.tt/2REQP7X

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: