মিচিং জনগোষ্ঠীৰ বয়ন শিল্প


মিচিং জনগোষ্ঠীৰ বয়ন শিল্প

বিউটি পেগু, যোৰহাট 

ৰিবি গাচেং সাজেৰে লেখিকা বিউটি পেগু

বয়ন শিল্পত মিচিং সকল এক চহকী জাতি | মিচিং মহিলা সকল পাকৈত শিপিনী |  মিচিং নাৰী-পুৰুষৰ বাবে লাগতিয়াল সকলো কাপোৰেই সাধাৰণতে ঘৰতেই বৈ লোৱা হয় | কেচুৱাক পিঠিত বন্ধা নি:চেকখনৰ পৰা আৰম্ভ কৰি পুৰুষে পিন্ধা দুঃমেৰ (গামোচা) খনলৈ ঘৰতেই বৈ লোৱা হয় | পুৰুষৰ বাবে গালুক, গনৰ উগন নাৰীৰ বাবে এগে, গাচেং, ৰিবিং আদি নিজেই বৈ ব্যৱহাৰ কৰে | ঠাণ্ডা দিনত ব্যৱহাৰ কৰিবলৈ এৰি মুগাৰ চাদৰ আৰু কপাহৰে বনোৱা গাদু মিচিং নাৰীয়ে নিজেই বৈ লৈছিল | সেই সময়ত মিচিং সকলে কপাহৰ খেতি কৰিছিল | কিন্তু বৰ্তমান কপাহ খেতিৰ কৰিবলৈ এৰি দিলে ফলত গাদুৰ ব্যৱহাৰ কমি আহিল | মিচিং নাৰীসকলে তেওঁলোকৰ মেখেলা চাদৰত নানা বৰণীয়া ৰঙৰ সমাহাৰ ঘটায় নিজৰ পচন্দৰ ফুলৰ চানেকি তোলে | এই ফুলতেই যেন মিচিং নাৰীৰ সুখ, দুখ, হাঁহি, কান্দোনবোৰ হেঁপাহৰে জিলিকি থাকে | সাধাৰণতে মিচিং ফুলৰ চানেকি বোৰ ত্রিভূজাকৃতিৰ হয় কিন্তু আজিকালি ফুল, পখিলা, হৰিণা, তৰা আদি বিভিন্ন ডিজাইন দি ডাঙৰ ডাঙৰকৈ ফুল বাচে | আজি মিচিং নাৰীয়ে বোঁৱা এগে গাচৰ, ৰিবিং , পুৰুষৰ গালুকৰ চাহিদা উৰ্ধমূখী | অসমৰ বিভিন্ন জনগোষ্ঠীৰ মানুহেও আজিকালি মিচিং চাদৰ মেখেলা ভাল পায় আৰু ব্যৱহাৰ কৰে | এই শিল্পৰ জড়িয়তে বহুতো মিচিং নাৰীয়ে আয় অৰ্জন কৰিব পাৰে | অৱশ্যে আজিকালি বাণিজ্য মেলা, অসম মহোউৎসৱ, জনগোষ্ঠীয় মেলা সমূহত মিচিং চাদৰ মেখেলা বিক্ৰীৰ বিপনন কেন্দ্রৰ জড়িয়তে বহুতো মিচিং মহিলাই উপাৰ্জন কৰিবলৈ সক্ষম হৈছে | সেয়া মিচিং সমাজৰ লগতে মিচিং নাৰীৰ বাবে অতিকৈ উৎসাহজনক খৱৰ | মিচিং মহিলাই বয়ন শিল্পৰ জড়িয়তে নিজেই স্বাৱলম্বী হোৱাৰ লগতে দুই-তিনিজনী মিচিং নাৰীকো এই শিল্পৰ জড়িয়তে আয়ৰ পথ দেখুৱাব পাৰে | 

via Blogger https://ift.tt/2QgBZYw

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: