মানৱৰ অসুৰ প্ৰকৃতি


শাস্ত্ৰ জ্ঞান

মানৱৰ অসুৰ প্ৰকৃতি 

দম্ভো দৰ্পোহভিমানশ্ব ক্ৰোধঃ পাৰুষ্যমেৱ চ।

অজ্ঞানং চাভিজাতস্য পাৰ্থ সম্পদমাসুৰীম।


অৰ্থাৎ – গৰ্ব, অহংকাৰ, অভিমান, ক্ৰোধ, ৰুক্ষতা আৰু অজ্ঞতা – এইকেইটাক অসুৰ প্ৰকৃতিৰ লোকৰ গুন বুলি জানিবা।


তাৎপৰ্য – অসুৰ প্ৰকৃতিৰ মানুহে নিজে কোনো নীতি অনুসৰন নকৰাকৈ তত্বজ্ঞানেৰে যেন আগবাঢ়িছে আৰু যেন বৰ ধাৰ্মিক, তাকে মানুহক দেখুৱাব খোজে। কিবা বিশেষ শিক্ষা অলপ আহৰণ কৰিয়েই তেওঁলোকে বৰ দাম্ভিক আৰু অহংকাৰী হৈ পৰে । তেওঁলোকে বিচাৰে যে আনে তেওঁলোকক পূজা কৰক। নিজে সন্মানৰ যোগ্য নহৈও তেওঁলোকে আনৰ পৰা সন্মান দাবী কৰে। সৰু সৰু কথাতে তেওঁলোকৰ খং উঠে আৰু মাৰ্জিত নহৈ ৰুক্ষভাৱে কথাৰ আদান প্ৰদান কৰে। কি কৰিব লাগে আৰু কি কৰিব নালাগে, তাক তেওঁলোকে নাজানে। সকলো কামকে নিজৰ ইচ্ছামতে ভাল-বেয়া বিচাৰ নকৰাকৈ কৰে আৰু কাৰো কৰ্তৃত্ব মানি নলয়। মাতৃৰ গৰ্ভত থকা অৱস্থাতেই জীৱই এই আসুৰীক গুনবিলাক আহৰণ কৰে আৰু যিমানেই বয়সত ডাঙৰ হয় সিমানেই এই অমংগলীয়া গুনবিলাক প্ৰকট হৈ পৰে।

via Blogger https://ift.tt/2UiS3r4

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: