প্ৰত্যেক ব্যক্তিয়েই ভগৱানৰ অতুলনীয় সৃষ্টি, একক আৰু অন্যন্য


প্ৰত্যেক ব্যক্তিয়েই ভগৱানৰ অতুলনীয় সৃষ্টি, একক আৰু অন্যন্য

বিউটি পেগু যোৰহাট 

সৰু-ডাঙৰ এই কথা দুটা জীৱনৰ প্রায় সকলো কথাৰ লগত জড়িত হৈ থাকে | সৰু-ডাঙৰ সমস্যাটো কেৱল আমাৰ সমাজতে নহয় পৃথিৱীৰ সকলো সমাজতেই কম বেছি পৰিমানে আছে | জীৱনৰ প্রায়বোৰ সমস্যা সৃষ্টি হয় আনৰ বাবেহে | কৰ্মক্ষেত্রত সৰু, জাতত সৰু, আৰ্থিক দিশত সৰু আদি কথাবোৰে মানুহ এজনৰ জীৱন যাপনত কোনো ক্ষতি নকৰে | কিন্তু আনে কথাবোৰ তুলনা কৰি সমস্যালৈ পৰিণত কৰে ফলত মানুহজন আত্মসচেতন হৈ পৰে আৰু সেই আত্মসচেতনাই মানুহজনক আনৰ লগত তুলনা কৰিবলৈ বাধ্য কৰায় | তেতিয়া তেওঁৰ মনত খেলায় যে আনবোৰ মানুহ ডাঙৰ, তেওঁ সৰু | ফলত অশান্তি পায় | উদাহৰণ এটা দি বুজাই দিছোঁ,,,,কোনোবাই যদি এজন ব্যক্তিক প্রশ্ন কৰে, তুমি সৰু নে ডাঙৰ ? লগে লগে ব্যক্তিজনে মনতে ভাৱিব,,,,,ক’ত ক’ত সৰু আৰু ক’ত ক’ত ডাঙৰ | ব্যক্তি জনে ভাৱোঁতে পালে যে ব্যক্তিজন যদুতকৈ কম ধুনীয়া, পঢ়াত ৰহিমতকৈ বেয়া, মধুতকৈ কম প্রতিভাসম্পন্ন ইত্যাদি | এই ভাৱবোৰ অহাৰ লগে লগে ব্যক্তিজনৰ মনলৈ আহিব হতাশা আৰু হীনমন্যতা | আৰু ব্যক্তিজন যদি সংবেদনশীল হয় তেন্তে আত্মবিশ্বাস হেৰুৱাই পেলাবও পাৰে |

গতিকে সৰু ডাঙৰ সমস্যাটোৰ পৰা হাত সৰাৰ উপায় হৈছে বিষয়টো উপেক্ষা কৰা | সদায় ভাৱিবা, তুমি তোমাৰ নিচিনা, আন আনৰ নিচিনা |নিজকে নিজে বুজি পাব লাগিব | নিজৰ লগত কথা পাতিব লাগিব | তেতিয়াহে আত্মবিশ্বাস আহিব | আৰু প্রয়োজনীয় আত্মবিশ্বাস থাকিলে কোনো কথাই বাধা দিব নোৱাৰে | আত্মবিশ্বাস নথকা মানুহহে নিজকে আনৰ লগত তুলনা কৰি ভাল পায় | তুমি তোমাৰ নিচিনা, আন আনৰ নিচিনা ,,,,,,এই কথাটো সকলো সময়ত মনত ৰখা ভাল | সমাজত এচাম মানুহে আছেই যি সকলো সময়তে আনৰ দোষ দেখে | সেইসকল থাকিবই | আচলতে এই সকল সমাজৰ পৰিৱেশ বিনষ্ট কৰা জাৱৰ জোঁথৰ সদৃশ | তাৰ মাজতে এওঁলোকৰ মাজত ফুল হৈ ফুলিব লাগিব | পৰিৱেশ তেতিয়াহে সহনীয় হ’ব | 

via Blogger https://ift.tt/2RFkpdl

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: