জীৱন এক শিল্প, এক সুকুমাৰ কলাৰ নাম


জীৱন এক শিল্প, এক সুকুমাৰ কলা

বিউটি পেগু, যোৰহাট ।

আচলতে সুন্দৰভাৱে জীয়াই থাকিবলৈ জনাটোৱেই এটা শিল্প | তিনিবছৰীয়া শিশুৰ পৰা মৃত্যুৰ আগ মূৰ্হুতলৈকে মানুহৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা আছে | জীৱনত সমস্যা আছে বাবেই জীয়াই থকাৰ অৰ্থ বিচাৰি পোৱা যায় | কিন্তু এনে সমস্যাও আছে নেকি যি জীয়াই থকাৰ কালছোৱাত সমাধান কৰিব নোৱাৰি ? সকলো ক্ষেত্রতে সফলতা, সুখ, হাঁহিয়ে জানো জীৱন ? জীৱনত হতাশা, বিফলতা, বব নোৱাৰা দুখ আহিলেই জানো মানুহে ইচ্ছা মৃত্যুৰে পলায়ণ কৰিব লাগে ? পৃথিৱীখন বৰ আচৰিত তাতকৈ আচৰিত ইয়াত বাস কৰা মানুহ আৰু মানুহৰ মনবোৰ | কোনোৱে দুৰাৰোগ্য ৰোগত ভূগিও মৃত্যুৰ কাষত হাৰ নামানি যুঁজি যুঁজি জিকি গৈছে | কোনোৱে আকৌ সাধাৰণ এটি কথাৰ বাবে নিৰাশ হৈ আবেগক নিয়ন্ত্রণ কৰিব নোৱাৰি ইচ্ছামৃত্যুক সাৱটি লৈছে | 

মানুহৰ জীৱন মহা মূল্যৱান | কবিতা এটাৰ সাৰাংশত পাইছো মানুহৰ মৃত্যুৰ পিচত প্রতিটো জনমত বিভিন্ন জনম লোৱাৰ পিচতহে আকৌ মানুহ হৈ ধৰাৰ বুকুত জনম লয় | যিহেতু ভিন ভিন জনম লোৱাৰ পিচতহে আকৌ মানুহৰ জনম লব পাৰি গতিকে মানুহ জনম লোৱাৰ অৰ্থ প্রতিজন মানুহে উপলব্ধি কৰিব পাৰিব লাগিব | প্রতিজন মানুহকে সৃষ্টিকৃতাই very important person হিচাপে সৃষ্টি কৰিছে | কিন্তু ইয়াৰ মূল্য আমি মানুহবোৰে নুবুজো বাবেই VIP হ’ব পৰা নাই | আমাৰ জীৱনক , মৃত্যুক আমি শিল্পলৈ পৰিণত কৰিব পৰা নাই কাৰণ আমি নকৰিলে নহয় সেইটো ভাৱত নিজৰ কৰ্মবোৰ যান্ত্রিকভাৱে কৰি মৃত্যুৰ দুৱাৰদলিলৈ আগবাঢ়ি গৈ থাকোঁ | কিন্ত প্রতিজন মানুহে যদি মৰাৰ আগতেই মানুহৰ , সমাজৰ, দেশৰ বাবে ডাঙৰ নহলেও সৰু সৰু তেওঁৰ ভাল লগা  কিবা কৰি যাব পাৰে তেন্তে এই জীৱনো শিল্পই হ’ব |

via Blogger https://ift.tt/2QhfzX5

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: