আৰক্ষীৰ গুলী আৰু জনসাধাৰণৰ জীৱন


মত অভিমত

ছয় সাত জনীয়া পুলিচৰ দল এটাই দুখন হাতে দা লৈ থকা মানুহ এজন গ্ৰেপ্তাৰ কৰিবলৈ গ’ল । পুলিচৰ হাতত বন্দুক আৰু মানুহজনৰ হাতত দা । পুলিচে দা দুখন পেলাই হাত ডাঙিবলৈ ক’লে কিন্তু মানুহজনে নামানিলে আৰু পুলিচক কাটিবলৈ খেদি অহাত পুলিচে ভৰিলৈ লক্ষ্য কৰি গুলীয়াই দিলে । কিন্তু পুলিচৰ গুলী লক্ষ্য ভ্ৰষ্ট হৈ মানুহজনৰ ভৰিত গুলী নালাগি বুকুত লাগিল আৰু মানুহ এজনৰ জীৱন নিমিষতে শেষ হ’ল ।

ইমানখিনিলৈকে সব ঠিকেই আছিল তথাপি মোৰ মনৰ এটা ভাব ব্যক্ত কৰিব বিচাৰিছোঁ – মানুহজনক গ্ৰেপ্তাৰ কৰিবলৈ অহা পুলিচবোৰে আচামী ধৰিবলৈ আহোঁতে হাতত অকল ৰাইফল লৈ নাহি প্ৰত্যেকে হাতত এডাল এডাল লাঠি অনাহেঁতেন এনে অঘটন নিশ্চয়  নঘটিলহেঁতেন ছাগে । কাৰণ এজন দা লোৱা  মানুহক ছয় সাতজন লাঠিধাৰী পুলিচে অনায়াসে কৰায়ত্ব কৰিব পাৰে বুলি মই ভাবোঁ । তাক নিৰস্ত্ৰ কৰাবলৈ কেইকোবমান ভালকে দিব লগা হলহেঁতেন যদিও মানুহজন একেবাৰে সিপুৰী নাপালেহেঁতেন । নহ’লে হাতত ৰাবাৰ গুলী থাকিলে সেইটোৰে গুলীয়ালেও মানুহ এজন ইমান সোনকালে নমৰে । গতিকে আমি ভাবো উগ্ৰবাদী অভিযানবোৰৰ বাদে সাধাৰণ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে পুলিচ কৰ্মীসকলে হাতত লাঠি লৈ যাব লাগে ।

এইখিনিতে এটা কথা কওঁ- এবাৰ এজন পুলিচ বিষয়াই কৰ্তব্য কৰিবলৈ যাওঁতে হাতত বেত এডাল লৈ  কৰ্তব্যলৈ ওলোৱাত ওপৰ মহলাৰ বিষয়া এজনে ক’লে “হেৰা বেতডাল লৈ আপুনি ক’লৈ গৈছে? কাক পিটিব আপুনি? কিন্তু হাতত বেত এডাল থাকিলে আৰক্ষী আৰু জনসাধাৰণ দুই পক্ষৰ কাৰণেই ভাল । কিয়নো আৰক্ষী এজন কেতিয়া গৰম পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈ তাৰ কোনো নিশ্চয়তা নাথাকে । হাতত লাঠি লৈ ফুৰিলে তেনে পৰিস্থিতিত উপায়হীন হৈ প্ৰাণঘাতী মাৰণাস্ত্ৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে লাঠি ব্যৱহাৰ কৰিলে সকলোৰে ভাল হয় । আইন শৃংখলাও ৰক্ষা পৰিব জনসাধাৰণৰ কোনোবা এজনৰ প্ৰাণো বাচিব ।

অপৰাধী এজনক ভালদৰে গ্ৰেপ্তাৰ কৰাটোও এজন পুলিচৰ দায়িত্ব আৰু কৰ্তব্য ।

via Blogger https://ift.tt/2B1L7pD

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: