নৱ প্ৰজন্ম আৰু আমাৰ জনগোষ্ঠীৰ চিন্তা ধাৰণা


নৱ প্ৰজন্ম আৰু আমাৰ জনগোষ্ঠীৰ চিন্তা ধাৰণা 

মনি দলে 

আধুনিক সমাজ ব্যৱস্থাৰ লগত সমিলমিলেৰে খাপ খোৱাই আগবাঢ়ি যাবলৈ হলে
কিছুমান পৰম্পৰা ৰীতি নীতিক এৰা ধৰাৰ মাজেৰে যে চলিব লাগিব, ই নিতান্তই
দৰকাৰী আজিৰ সময়ত ।
পৰম্পৰাগত ব্যৱস্থা বহুত ধৰণৰ থাকিব পাৰে ।
তাৰ ভিতৰতে অতিকৈ লাগতিয়াল আৰু অলাগতিয়াল উপাদানৰে গতিত পৰম্পৰাক নৱ
প্ৰজন্মৰ শিক্ষিত সমাজে যেতিয়ালৈকে চিনি পাব নোৱাৰে, তেতিয়ালৈকে আমাৰ সমাজ
খনক আগবঢ়াই নিয়াত বহুতো অসুবিধা আহি পৰিব । অৰ্থাৎ আগবঢ়াই নিবলৈ যিমানেই
চেষ্টা নকৰক কিয়, কিছুমান পৰম্পৰাত পৰি আমি পশ্চাদমুখীফালে গমন কৰিম ।

আমাৰ পৰম্পৰাগত ৰীতি নীতি, পূজা অৰ্চনাৰ বাবে আমাৰ মিচিং সমাজৰ
লোকসকলেই যঠেষ্ট বুলি ভাবো । যি সহজতে দেখা যায় দামী দামী পুৰুষিতক কিবা
বন্ধকত দি হলেও তেওঁ লোকৰ হতূৱাই কৰোৱা । পুৰুষিতজন দামী নহয়, অথচ অন্য
জাতিৰ বুলিলে আমাৰ সমাজৰ লোকসকলে মনতে ঠিৰাং কৰে এইজন ভাল । প্ৰশ্ন হয়,
পূজা অৰ্চনা যিহেতু এটা বিশ্বাস, পৰম্পৰা । এটা জাতিৰ পৰম্পৰাক আন এটা
জাতিৰ লোকজনে কিমান নিকা মনেৰে কৰি দিয়ে ? যি পুৰুষিতজনে হয়তো আমাৰ সমাজৰ
মানুহক বৰ্জনৰ চকুৰে চাই, কিন্তু আৰ্থিক দিশত শুহিবলৈ চায় ।
এতিয়ালৈকে আমি শিক্ষিত নৱপ্ৰজন্ম মিচিং সমাজে এই পৰম্পৰাগত বেয়া ব্যৱস্থা
আজিও সক্ৰিয় অৱস্থাতেই ৰাখিছো । যি অতিশয় আমাৰ উঠি অহা প্ৰজন্মৰ বাবে বৰ
দুৰ্ভাগ্যজনক । মোৰ ধাৰণা যেনেদৰে আমাৰ আদিমতম বেয়া পৰম্পৰাৰ পৰা মুক্ত হব
পৰা নাই, ঠিক তেনেকৈ যিটো ব্যৱস্থাৰ দ্বাৰা যিটো আমাৰ জনসাধাৰণৰ ভাই ভনীৰে
গঠিত এই মেজমেলখনো তেনেদৰেই বিশৃংখলৰ দৰে চলি আছে । যিটো বিষয়ত, যি সমস্যাৰ
ওপৰত আমি মিলি জুলি সমাধান কৰিবলৈ চেষ্টা কৰা দৰকাৰ, তাৰ ওপৰত তৰ্ক
বিতৰ্কৰে ভৰপুৰ হৈ পৰে । তৰ্ক কৰিলে তৰ্ক বাঢ়ে । কোনোবাই যদি বেয়া উপস্থাপন
কৰিছে, আমি আলোচনাৰ মাধ্যমেৰে উপশম কৰিব পাৰো । কোনোবা যদি এটা বিষয়ত কিবা
উপস্থাপন কৰিছে ভালদৰে আমি হৃদয়ংগম নকৰি বা নপঢ়ি তৰ্কত লাগি যাওঁ । অনৰ্থক
তৰ্কৰ জৰিয়তে আমি আমাৰ পিছে পিছে আমাক অনুকৰণ কৰি অহা ভাই ভনীক আমি শিক্ষা
দিব পাৰিম নে ? নে আমাৰ দৰেই অনৰ্থক তৰ্কত লিপ্ত কৰাম ।
আমাৰ
বাবে এই গোট, এই মেজমেল যেতিয়া আমাৰ জনগোষ্ঠীৰ আৱেগ অনুভূতিয়েই যদি স্থান
পাবলৈ অসুবিধা হয়, অনৰ্থক তৰ্ক কৰাৰ লাভ কত? যত আইনে কাম নকৰে তাত শান্তি
থাকিব পাৰেনে? যুগাত্মক ধ্যান ধাৰণাৰে গঠিত সমাজ যুগাত্মক ভাবে আগবাঢ়ি যাব
বুলি বিশ্বাস কৰো । ফকতীয়া তৰ্ক বিতৰ্কৰ বাবে নহয় । ইয়াত বহুতো জেষ্ঠ লোক
আছে । 
নিজে নিজৰ আচৰণ, চিন্তা চৰ্চা যদি সংস্কাৰ কৰিব
নোৱাৰে, আমাৰ পিছে পিছে আমাৰ অনুগামী শাৰী পাতি আহি আছে । তেওঁলোকেও যদি
আমাৰ দৰেই হয়, আমাৰ সমাজ ধংস হবলৈ বেছি পৰ নালাগিব ।

via Blogger https://ift.tt/2UiaMmx

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: