আয়ুৰ্বেদত খোৱা পানীৰ ব্যৱহাৰ


আয়ুৰ্বেদত খোৱা পানীৰ ব্যৱহাৰ

ডা:মনোজ কুমাৰ শইকীয়া

মবাইল- 9435209704

আয়ুৰ্বেদৰ মতে আমাৰ শৰীৰ পঞ্চ মহাভূতৰে গঠিত। পানী হৈছে জল মহাভূত। সুস্বাস্থ্য অটুট ৰখাৰ বাবে প্ৰতিদিনে আমাক প্ৰায় তিনি লিটাৰ খোৱা পানীৰ প্ৰয়োজন।

পানীক প্ৰাণ কোৱা হয় । আহাৰ নোখোৱাকৈ থাকিব পাৰি কিন্তু বায়ূ আৰ পানী
অবিহনে এদিনো থাকিব নোৱাৰি‌ । সেয়েহে অষ্টাঙ্গ সংগ্ৰহ নামৰ গ্ৰন্থত
বৰ্ণনাকৰিছে যে–
“পানীয়ং প্ৰাণীনাং প্ৰাণা বিশ্বমেৱ চ তন্ময়ম্ ।
ন হি তোয়াদ্ধিনা বৃত্তি: স্বস্থস্য ব্যাধিতস্য ৱা “।।

ৰাতিপুৱা কুহুমীয়া গৰম পানী খাওক
আয়ুৰ্বেদিক গ্ৰন্থ অষ্টাঙ্গ হৃদয়ত উল্লেখ আছে যে–
“দীপনং পাচনং কণ্ঠয়ং লঘূষ্ণং বস্তিশোধনং (১৬)
হিধ্মাধ্মানানিল শ্লেষ্মসদ্য: শুধ্বি নৱজ্বৰে ।
কাসামপীনস শ্বাসপাৰ্শ্বৰুক্ষ চ শস্যত ” (১৭)
আয়ুৰ্বেদিক শাস্ত্ৰত উল্লেখ আছে যে পূৱা কফৰ আধিক্য , দূপৰীয়া
পিত্তৰ আধিক্য আৰু ৰাতি বাতৰ আধিক্য থাকে। ৰাতিপুৱা কফৰ আধিক্য থাকে বাবে
গৰম পানী বা উষ্নোদক খাব লাগে। ৰাতিপুৱা সদায় একলিটাৰ কুহুমীয়া পানী খালে
পাকস্থলী আৰু খাদ্যনলী পৰিস্কাৰ হয় । কফদোষ আতৰ হয় । জ্বৰ, কণ্ঠ ৰোগ, কাহ,
নাকৰ পৰা পানী ওলোৱা, বুকু আৰু পাৰ্শ্ব বিষ ভাল হয়। যকৃত, কিডনী , অগ্নাশয়
, থায়ৰইড আদি গ্ৰন্থি অধিক সক্ৰিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক
ভালদৰে হয়। গেষ্ট্ৰাইটিচ আদি কৰি পেটৰ ৰোগ ভাল হয়। শৌচ-পেচাব নিয়মীয়া
হোৱাৰ উপৰিও শৰীৰ শোধন হয়। সেয়েহে নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ
দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰমপানী কমেও এক লিটাৰ
খাওক।

আহাৰৰ লগত পানীৰ সম্পৰ্ক
************************
অষ্টাঙ্গ হৃদয়ৰ উল্লেখ আছে যে–
“সমস্থূলকৃশা ভূক্তমধ্যান্ত প্ৰথমাম্বুপা:”

আহাৰ খোৱাৰ আগতে পানী খালে শৰীৰ খীনাই , ভাতৰ লগত অলপ পানী খালে শৰীৰ
স্বাভাৱিক অৱস্থালত থাকে আৰু আহাৰ খোৱাৰ পিছত (এঘন্টাৰ পিছত) পানী খালে
স্বাস্থ্যৰ উন্নতি বা শক্তিশালী হয় ।

বৃদ্ধ চাণক্য গ্ৰন্থত বৰ্ণনা কৰিছে যে—

“অজীৰ্ণে ভেষজং বাৰি ,জীৰ্ণে বাৰি বলপ্ৰদম্।
ভোজনে চামৃতং বাৰি ,ভোজনান্তে বিষপ্ৰদম্।।

অজীৰ্ণতা হৈ থকা সময়ত পানী খালে ঔষধৰ দৰে কাম কৰে , আহাৰ হজম
হোৱাৰ পিছত পানী খালে বলশক্তি বাঢ়ে , আহাৰ খোৱাৰ সময়ত এধোক দোধোক পানী খাই
থাকিলে ৰুচি বাঢ়ে আৰু অমৃতৰ দৰে কামকৰে ,আহাৰ খাই লগে লগেই পানী খালে
বিষতুল্য হয়।

via Blogger https://ift.tt/2PmFlnv

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: