মিচিং সমাজৰ নৱ প্ৰজন্মক কোনে দেখুৱাব পোহৰৰ বাট?


মিচিং সমাজৰ নৱ প্ৰজন্মক কোনে দেখুৱাব পোহৰৰ বাট?

বিউটি পেগু, যোৰহাট 

আজিৰ যুগ প্রতিযোগিতাৰ যুগ | বহু ভিতৰুৱা মিচিং গাৱঁত শৈক্ষিক, অাৰ্থ-সামাজিক পৰিৱেশ উন্নত নহয় | বহুতৰ গুণগত শিক্ষাৰ প্রতি ৰাপ নাই | আড্ডা, জুৱা, মদ, গুণ্ডাগিৰিতেই বছৰৰ বেছিভাগ সময় পাৰ কৰিব বিচাৰে | একক পৰিয়ালৰ প্রতি আকৰ্ষণ বাঢ়ি অহাৰ লগে লগে খেতি-বাতি কৰিবলৈ মাটিৰ পৰিমাণ কমি আহিছে | বহুতেই পৰিয়াল চলোৱাৰ নামত অসমৰ বাহিৰত উপাৰ্জনৰ বাবে যাবলৈ বাধ্য হৈছে |  গাওঁ অঞ্চলৰ পৰাই অতীজৰে পৰা উচ্চ পদস্থ বিষয়া, ডাক্তৰ, ইনিঞ্জিয়াৰ, শিক্ষক, আমোলা, বিভিন্ন বৃত্তিত নিয়োজিত মিচিং ব্যক্তিৰ সৃষ্টি হৈ আহিছে যদিও শক্তিশালী মিচিং জাতিত পৰিণত হ’বলৈ আমাৰ  শৈক্ষিক দিশ আৰু অধিক উন্নত হ’ব লাগিব | আজিৰ যুগত যিকোনো ব্যৱসায়, চাকৰি কৰিবলৈ হলে শিক্ষা, বুদ্ধি অপৰিহাৰ্য্য | উপাৰ্জনেহে ঘৰ এখনৰ অৰ্থনেতিক অৱস্থা টনকিয়াল কৰে | আৰু ঘৰ এখনৰ আৰ্থিক অৱস্থা সমৃদ্ধ হ’লেহে সমাজৰ আন কথাবোৰ চিন্তা কৰিব পৰা যায় | এই ক্ষেত্রত মিচিঙৰ শিক্ষিত ব্যক্তিসকলে গাওঁসমূহত সজাগ আৰু সচেতনা সৃষ্টি কৰিব লাগে | মাদক দ্রব্য, জুৱাই নিজৰ জীৱনৰ লগতে কেনেকৈ নিজৰ পৰিয়ালৈ ভাবুকি কঢ়িয়াই আনে সেই বিষয়ে গাওঁবোৰত সজাগতাৰ সৃষ্টি কৰিব লাগে | যিহেতু দুখীয়া পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে বাহিৰত গৈ কচিং কৰিব নোৱাৰে সেইসকল ছাত্র-ছাত্রীৰ বাবে মিচিং শিক্ষিত ব্যক্তিয়ে গাইড দিব লাগে যাতে অন্যান্য জাতি সকলৰ দৰেই আমাৰ মিচিং নতুন প্রজন্মই শিক্ষাৰ দিশত আগবাঢ়ি যায় | মিচিং সংগঠনসমূহে মাজে মাজে গাওঁ অঞ্চলত কেৰিয়াৰ কৰ্মশালাৰ ব্যৱস্থা কৰিব লাগে | পাৰিলে মিচিং ভাষাত পষেকীয়া বা এমহীয়া কেৰিয়াৰ সম্পৰ্কীয় এখন আলোচনী প্রকাশ কৰিলে ভাল হ’ব যেন অনুভৱ হয় | এই ক্ষেত্ৰত অভিজ্ঞ, জ্যেষ্ঠ সকলেও মিচিং জাতিৰ শৈক্ষিক উন্নতিৰ লগতে, কেৰিয়াৰ সম্পৰ্কীয় নানান দিহা পৰামৰ্শ মিচিং নৱ প্ৰজন্মলৈ আগবঢ়াব পাৰে |

via Blogger https://ift.tt/2PgzU9F

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: