মিচিং সকলৰ জনপ্ৰিয় পানীয় আপং


মিচিং সকলৰ জনপ্ৰিয় পানীয় আপং

বিউটি পেগু, যোৰহাট 

অসমৰ মানুহৰ বাবে আপং এক চিনাকী নাম | অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীত ইয়াৰ নাম, বনোৱা পদ্ধতি বেলেগ যদিও অসমৰ সকলোবোৰ জনগোষ্ঠীয়ে চাউলৰ পৰাই আপং তৈয়াৰ কৰে | মিচিং সমাজৰ ধৰ্মীয় ৰীতি নীতি, পূজা-পাৰ্বন, মৃতকৰ কাজ, সকাম আদিত আপঙে এক গুৰত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে | একপ্রকাৰ ক’বলৈ গ’লে আপং আমাৰ মিচিং সমাজৰ সংস্কৃতি | বহুতেই ভৱাৰ দৰে আপঙে আমাৰ জাতিৰ উন্নয়ণত বাধা দিয়া নাই | চুলাই নামৰ বৰবিহ বিধেহে আপঙৰ নামত মিচিং সংস্কৃতিত কুপ্রভাৱ পেলাইছে | অৱশ্যে সকাম, পূজা-পাৰ্বন, দদগাঙত আপঙৰ অত্যাধিকে ব্যৱহাৰে পৰিয়াল এটাক কোঙা কৰি পেলাৱ পাৰে | কাৰণ গাওঁ অঞ্চলৰ প্রায়বোৰ মিচিং মানুহেই কৃষিজীৱি দুখীয়া মানুহ | গতিকে সকাম, পূজা, দদগাঙত আপঙৰ সীমিত ব্যৱহাৰ কৰিব পাৰিলে দুখীয়া মিচিং মানুহৰ বাবে সুবিধা হয় | বিলাতী মদৰ ব্রেণ্ডবোৰতকৈ আপঙৰ ঔষধি গুন অনেক | এই কথা পৰীক্ষাগাৰতো প্রমাণিত হৈছে | এতিয়া মিচিং সমাজত বুলিয়েই নহয় অনা মিচিং সকলৰ মাজতো আপঙে বিৰাট জনপ্রিয়তা লাভ কৰিছে | এই কথালৈ লক্ষ্য ৰাখি আমাৰ মিচিং শিক্ষিত ডেকা-গাভৰুৱে বা অভিজ্ঞ ব্যক্তিয়ে বিজ্ঞানসন্মতভাৱে আপঙৰ ব্রেণ্ড এটা বজাৰত উলিয়াই দিব পাৰিলে ভাল হ’ব | ইয়াৰ জৰিয়তে আপঙে সমাজত স্বীকৃতি লাভ কৰাৰ লগতে কম পৰিমানে হ’লেও নিবনুৱা সমস্যা দূৰ কৰাত সহায়ক হ’ব | 

সেইদৰে নামচিঙৰ ঔষধি গুণৰ লগতে ইয়াক বহু বছৰলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি আৰু অভাৱৰ দিনত ব্যৱহাৰ কৰিব পাৰি | অসমৰ বাহিৰতো নামচিঙৰ এক  বিশাল বজাৰ আছে | নামচিঙকো যদি আপঙৰ দৰেই বিজ্ঞানসন্মতভাৱে পেকিটিং ব্রেণ্ড কৰি বজাৰত উলিয়াই দিব পৰা যায় তেতিয়া বিশেষকৈ পঃৰ আপং আৰু নামচিঙৰ ব্রেণ্ড আমাৰ মিচিং নামেৰে জিলিকি থাকিব |

via Blogger https://ift.tt/2Pfb2z2

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: