বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ তত্ব আৰু মিচিং দেৱ দেৱীসকলৰ চমু পৰিচয়


বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ তত্ব আৰু মিচিং  দেৱ দেৱীসকলৰ চমু পৰিচয়

SE:DI MÉ:LONO TURYAR MOLANGKA

বিশ্ব ব্ৰহ্মাণ্ডৰ কেনেকৈ সৃষ্টি হ’ল সেই বিষয়ক ধাৰণা বা তত্ব সকলো ধৰ্মৰ শাস্ত্ৰই নিজৰ নিজৰ মতে দিছে। মিচিং সকল বৰ্তমানে ধৰ্মীয় বিশ্বাসত হিন্দু হলেও আগৰ পৰাই নিজৰ জনজাতীয় ধৰ্মীয় বিশ্বাস, ৰীতি নীতিও পালন কৰি আহিছে। মিচিং সকলৰ ধৰ্মীয় বিশ্বাস মতে বিশ্ব ব্ৰহ্মাণ্ডৰ কেনেকৈ সৃষ্টি হ’ল আৰু কোন দেৱ দেৱীক মানিব লাগে তাৰ এটা চমু আভাস এই লেখাটোৰ জৰিয়তে দিব বিচাৰিছো।
আমি সকলোৱে জানো যে মিচিং সকলৰ নিজৰ কোনো লিপি নাই আৰু সেই কাৰণে লিখিত ধৰ্ম গ্ৰন্থও নাই। তথাপি মৌখিক ৰূপত মিচিং সকলৰ মিবু বা দেওধাই সকলে মিচিং সকলৰ ধৰ্মীয় দৰ্শন সমূহ পুৰুষানুক্ৰমে সংৰক্ষিত কৰি ৰাখিছে। সেইকাৰণে মিচিং সকলৰ ধৰ্মৰ কথা আলোচনা কৰিবলৈ গ’লে আমি মিবুসকলে গোৱা প্ৰোক্সি বা আঃবাংসমূহৰ ওপৰতে নিৰ্ভৰশীল হব লাগিব।
মিবু আঃবাংসমূহৰ মতে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ মূল হল কেয়ুম (kéyum)। কেয়ুমৰ পৰাই ক্ৰমান্বয়ে বিৱৰ্তন লাভ কৰি এই বিশ্বৰ সৃষ্টি হোৱাৰ লগতে দেৱ দেৱী, মানৱ জাতি আৰু গছ-বিৰিখ, কীট পতংগ আৰু জীৱ জন্তুসমূহৰ উৎপতি হৈছে। এইখিনিতে উল্লেখযোগ্য যে বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ মিচিংসকলৰ এই ধৰ্মীয় তত্বটো বিজ্ঞানৰ বিগ্ বেং থিয়ৰিৰ লগত প্ৰায় একে বুলিব পাৰি।
মিচিং ধৰ্মীয় দৰ্শন অনুসৰি কেয়ুমৰ (Kéyum) ক্ৰমবিকাশ এনেদৰে হৈছে –
১) কেয়ুম (য়ুমকাং + কাঃচি-ধনাত্মক আৰু ঋণাত্মক শক্তি) 
২) কাঃচি 
৩) চিয়াং(চিআন্) 
৪) আনব(আঃব) 
৫) বমুগ 
৬) মুকচেং 
৭) চেঃদৃ (+ মেঃল)

১) কেয়ুম্ -মহাশূন্যতা, অব্যক্ত, অনন্ত I হিন্দুৰ ঔমকাৰ ধ্বনিৰ দৰে I
২) কাঃচি- য়ুমকাঙৰ পিছত কাঃচি ৷ কাঃচি স্ত্ৰী বা তিৰোতা, কামাং- পুৰুষ ৷ ধনাত্মক আৰু ঋণাত্মক শক্তি। (plus & minus বা Positive+ Negative)
৩) চিয়াং -অন্য উচ্চাৰণ ‘চিআন্’। কুঁৱলীৰ দৰে পাতল ধোঁৱা বৰণীয়া স্তৰ ৷
৪) আনব'(Anbo) অন্য উচ্চাৰণ ‘আঃব’ । চিয়ানতকৈয়ো ডাঠ আৱৰণৰ কুঁৱলী বা ডাৱৰৰ স্তৰ I
৫) বমুগ বা আমুগ্’। পাতল কুঁৱলী বা ডাৱৰৰ ‘স্তৰৰ পিছত ক্রমে ডাঠ আৰু কঠিন আৱৰনযুক্ত কুঁৱলী I
৬) মুকচেং- অলপ কঠিন ৰূপৰ গোটা পদাৰ্থ।
৭)চেঃদৃ –কঠিন ৰূপ (পনীয়া বোকা মাটিৰ দৰে অলপ কঠিন স্ত্ৰী লিংগৰ চেতনা থকা পদাৰ্থ) চেতনযুক্ত, সৃষ্টিকর্তা ; সৃষ্টিৰ মূল উৎস ৷ এই স্তৰত একেলগে একে পাৰ্থিৱ অৱস্থাৰে বিপৰীত লিংগৰ মেঃল নামৰ পু লিংগৰো আৱিৰ্ভাব I
কেয়ুমঃ- (Ke’yum) -সৃষ্টিৰ আৰম্ভণিৰ প্ৰাক কাল বা প্ৰথম অৱস্থা, যি অতীতৰো অতীত,অব্যক্ত, নিৰাকাৰ, অনাদি, অনন্ত আৰু মহাশূন্যতা ৷ কেয়ুমৰ বিষয়ে কোনো প্রশ্নও নাই উত্তৰো নাই I কেয়ুম্ কল্পনাৰ বাহিৰৰ এক মহাশূন্য অৱস্থা। ই পোহৰৰ ৰূপো নহয়, অন্ধকাৰো নহয়। বৰ্ণনাহীন, আৰু অচৈতন্য।
কেয়ুমৰ মহাশূন্যৰ গর্ভৰ পৰাই এটা সময়ত আপোনা আপুনি কম্পন আৰম্ভ হৈছিল। এই মহাশূণ্যতাই এটা সময়ত ঐশ্বৰিক কম্পনেৰে পৰিপূর্ণতা লাভ কৰিলে। এই মহাশূণ্যতাৰ ভিতৰতেই এটা অণু পৰিমাণৰ বিদ্যুৎ চমকনি প্রকট হ’ল আৰু এই বিদ্যুৎ চমকনি দৃশ্য আৰু অদৃশ্যৰ মাজেদি সৰকি আহিল। কিন্তু এই বিদ্যুৎ চমকনি ইয়াৰ অর্ন্তলীন দৃশ্যহে আছিল৷ এই বিকাশৰ স্তৰটোক মিচিং দেওধাই বা মিবু আঃবাঙত “কাঃচি (Ka:si)” বোলা ” হৈছে I ইয়াৰ পিছত এই বিদ্যুৎ চমকনি অতি তীব্র বেগেৰে আদিগন্ত আগবাঢ়ি গ’ল, যাৰ বৰ্ণনা চিন্তা আৰু কল্পনাই ঢুকি নাপায়। এই গতি প্রবাহৰ স্তৰটোক “চিয়াং বা চিআন্ (Siyang, Sian)” বোলা হৈছে I এই চিয়াং বা চিআনৰ গতিপ্রবাহে ক্রমে তীব্রতা আৰু বিস্তৃতি লাভ কৰিলে, যাৰ ফলত এক বৃহদাকাৰ উপত্যকাৰ দৰে গভীৰ তলি সৃষ্টি হ’ল। সৃষ্টিৰ বিকাশৰ এই স্তৰটোক “আঃব, বা আনব’ (A:bo/Anbo)” বোলা হৈছে I এসময়ত এই গভীৰ তলি কুঁৱলীৰ দৰে এক ৰহস্যজনক আৱৰণেৰে পৰিপূর্ণ হ’ল I এই স্তৰটোক “বমুগ্ বা আমুগ্ (Bomug/ Amug)” বোলা হৈছে I এই আৱৰণখিনি ইয়াৰ পিছত ক্রমান্বয়ে ডাৱৰৰ দৰে স্পষ্ট আৰু ঘন হৈ আহিল I এই অৱস্থাটোক “মুকচেং(মিচিং Mukka- Mukseng ডাৱৰ)”বোলা হৈছে। ইতিমধ্যে ওপৰত উল্লিখিত শূন্য, বিদ্যুৎ, বাষ্প, কুঁৱলী আটাইবিলাকেই এসময়ত, পনীয়া বোকা মাটি গোট হোৱাৰ দৰে গোট খাই দৃঢ়তা আৰু কাঠিন্যলৈ আহিল। ইয়াকে “ চেঃদৃ (Se:di)”বোলা হৈছে ৷ চেঃদৃৰ স্তৰটো কল্পনাৰ প্রত্যয়জনক। প্রমাণ আৰু ধাৰণাৰ সাব্যস্তকৰণ,পৰম স্থিতি অথবা চৰম অৱস্থিতি আৰু চেতনযুক্ত ৷ সকলাে আঃবাঙৰ বৰ্ণনা, সৃষ্টিৰ ক্রমবিৱর্তনৰ বিচাৰ বা অনুসন্ধান চেঃদৃতেই ৰূপ পাইছে। চেঃদৃ মহত্বৰো মহত্বম বা পুৰুষোত্তম। আঃবাঙত কোৱা আছে-“ Se:di dimyangé myané)” -যি সমস্ত বিশ্ব ব্ৰহ্মাণ্ডক গর্ভস্থ কৰিছে বা আঁকোৱালি লৈছে, তেৱেই বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ উৎস, সৃষ্টিকাৰী, পার্থিৱ বস্তুজগতৰ সকলাে বস্তুৰ নিয়ন্তা।
সৃষ্টিৰ প্ৰথম অৱস্থাটো মিবু আঃবাঙত কেনেদৰে বৰ্ণনা কৰা আছে তাৰ আভাস দিবলৈ আঃবাঙৰ কেইশাৰীমান তলত উল্লেখ কৰিলো-
Kéyum Se:di Na:néko
Kéro Me:lo Ba:buko.

Se:di bumtogé régog dola,
Se:di ngamudé po:pu:to.

Se:di ngamudé po:pung koné 
Yilung po:tungé tadu:nakai.

Yamso pogbé lé:yab lenkai‘ 
Yilu: takogém, amo: takogém mutkoglento.

Yilu: takogém mutkog tonam Gité’ dé:baré barpan sikai.
Gité dé:baré barpané sina sim , Amin bi:dunge’m pu:bomkai.
Se:di anéké Se:di tayingé Laptíngkope’ émbito.
Me:lo tagangé labbékopé.
Amin bi:dung pu:bito.

Se:di gordung bétu: sikine’dé: 
mi giti bomkai.

Se:di gité gité piang ka:pa:ma:la 
Se:di gité sim gité ladbong této: napé.

Se:di mingmi seri: ko, 
Se:di anéké Se:di tagogéiingko.

bélogé Me:lo puarém homo: puarém ta:sarkai.
শব্দাৰ্থঃ-
Bumtogé rékogdola -পূবা-পশ্চিমাকৈ মুখ কৰি, বিপৰীতমুখী হৈ ৷ 
Ngamudé: po:pu:to- নিশ্বাস ললে I 
nganam- উশাহ নিশাহ লোৱা কাৰ্য্য।
Yí:lu: Takog -বতাহৰ লােৰ, সােত । 
a:m takog- মাটিৰ গাত, খাল। 
takog- বাট, গাতত, লোৰ I 
yamso- ধুমুহা বতাহ।
mutkog lento- mudlento ফুৱাই উলিয়ালে ।
Gíté di:bar- থকা ঠাই, মাটি, জগত।
Barpansukai- barpansukang- দুফাল হ’ল I 
Amin bidungém pu:bomkai- aminém minbomka, নাম দিবলৈ আৰম্ভ কৰিলে।
Taying-মাখি। 
Lapté- পাখিৰ আগ। 
Tagang -এবিধ বৰল।
Labbé- পাখিৰ কাষ I 
ইয়াত পাখি আৰু মাখিবৰলক প্রতীকি অর্থত ব্যৱহাৰ কৰিছে ।
Amin bidungém pu:bito- নাম দি দিলে। 
Se:dí gordung bétu- চেঃদৃ মেঃলই থকা এই ঠাইডোখৰ I 
Kiné Dimé- অমানিশা, ঘোৰ অন্ধকাৰ। kiné -মাটিৰ গৰাকী, বসুমতী, 
dimé -নিৰন্ধ্র অন্ধকাৰ) 
gíté = স্থান, ঠাই ৷ 
píang- পােহৰ ৷ 
Ladbong té:to napé -পােহৰাই তুলিলে ৷
(Lat/lad- পোহৰোৱা। যেনে- tosdém lattokai.)
Se:di mingmi se:ri ko- এই নামৰ চেঃদৃ মেঃলৰ চকু ।

Mingmi se:ri ko- চকু।{amig-mikjer, migyap, miklu, miklad. ইত্যাদি amig বাচক শব্দ।
Se:di taggé língkog bélogé (চেঃদৃ মেঃলই থকা ঠাইৰ মাটিৰ তলৰ পৰা I 
Bomong- তীব্ৰ পােহৰ( পুৱাৰ সূৰ্য্যৰ পোহৰৰ দৰে)
Taksarkai- আহবান কৰিলে (Taksar- আহ্বান কৰা, মতা) I

সৃষ্টিৰ সপ্তম অৱস্থাত চেতনযুক্ত পদাৰ্থ বা বস্তু কাৰণে চেঃদৃ মেঃলই পূবা-পশ্চিমাকৈ অৱস্থান লৈ উশাহ নিশাহ লবলৈ চেষ্টা কৰিলে যদিও সৃষ্টিৰ ক’তো খালী ঠাই নথকাত বতাহ নাপাই উশাহ নিশাহ লব নোৱাৰা হ’ল। সেই কাৰণে তেওঁলোকে খালী ঠাই উলিয়াবলৈ ফু মৰাত বা ফুৱাই দিয়াত বহু জোৰে ধুমুহা বতাহ ববলৈ আৰম্ভ কৰিলে ৷ বতাহ ধুমুহাৰ গতিৰ কােবত চেঃদৃ মেঃলই থকা ঠাই ডোখৰৰ পৰা গাতৰ সৃষ্টি হ’ল। ইয়াৰ আগতে আকাশ আৰু মাটি একে আছিল I চেঃদৃ মেঃলই ফু মৰা বতাহ ধুমুহাৰ কােবত থকা ঠাই অর্থাৎ মাটি আৰু আকাশ দুভাগ হ’ল I তাৰ মাজত থকা ফাক অর্থাৎ আকাশ আৰু মাটিৰ মাজৰ শূন্য ঠাইখিনি বতাহৰ লোৰ বা সােত হল। বতাহেৰে ফু মাৰি দুভাগ কৰাত থকা ঠাই ডোখৰ দুভাগ হল। তেতিয়াৰ পৰা এই দুভাগ হোৱা ঠাইখিনিৰ নামকৰণ কৰিবলৈ আৰম্ভ কৰিলে I 
চেঃদৃ মেঃলই থকা ঠাইখিনি মহানিশা বা মহা অন্ধকাৰে ঢাকি আছিল। চেঃদৃ মেঃলই পােহৰ দেখা নাপাই, তেওঁলােকে থকা জগতখন পােহৰাবলৈ “Se:di Tagog (চেঃদৃ তাগগ্”) নামৰ ঠাইৰ পৰা চকু আনি সেই চকুৰে জগতখন পোহৰাই তুলিলে ৷

চেঃদৃয়ে থকা ঠাইডোখৰ Sédí taying lapté (চেঃদৃ তায়িং লাপ্তে) অর্থাৎ চেঃদৃৰ পাখিৰ আগ আৰু মেঃলৰ ডোখৰ Mé:lo gabíng labbé (মেঃল গাবিং লাব্বে) অর্থাৎ মেঃলৰ আন পাখিৰ আগ বুলি নাম দিলে অৰ্থাৎ আকাশ আৰু পৃথিৱী।
এনেদৰে সৃষ্টি প্ৰক্ৰিয়া সমাপ্তিৰ পিছত বিভিন্ন দেৱ দেৱীৰ জন্ম চেঃদৃ মেঃলৰ পৰা হৈছে। চেঃদৃ স্ত্ৰী (Se’:di Na:né) আৰু মেলঃ (Me:lo Ba:bu) পুৰুষ I এই দুটাৰ শক্তিৰ পৰা বিভিন্ন দেৱ দেৱী সৃষ্টি হৈছে I মাঙ্গলিক দেৱ দেৱীসকল সৃষ্টিৰ ফালৰ পৰা চেঃদৃৰ ওচৰ আৰু অমাঙ্গলিক দেৱ-দেৱী আৰু অপদেৱতাবােৰ চেঃদৃৰ সৃষ্টিৰ ফালৰ পৰা নিলগত। ইয়াৰ সৰহ ভাগেই পেদঙ(pédong)ৰ পৰা জন্ম লাভ কৰা। সেই দেৱ দেৱীসকলৰ কেনেকৈ জন্ম হ’ল সেইবোৰ কথা বিস্তৃত ভাৱে লিখিলে বহু দীঘলীয়া হ’ব। সেইকাৰণে তেওঁলোকৰ জীৱন কাহিনী বৰ্ণনা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ চমু পৰিচয়হে আজি দিবলৈ দিচাৰিছো।
পেদং (Pédong)-চেঃদৃৰ পিছত দৃলুং, দৃলুঙৰ পিছত লৃঃতৃং, লৃঃতৃঙৰ পিছত তুঃয়ে, তুঃয়েৰ পিছত য়েপী,য়েপীৰ পিছত পেদং নাঃনে বা পেদং মাতৃৰ সৃষ্টি হৈছে।পেদঙতেই অতিলৌকিক কাহিনী বিৱৰণৰ সামৰণি পৰিছে। পেদং কোটি কোটি বস্তু আৰু প্রাণীৰ আধ্যাত্মিক মাতৃ। সৃষ্টিৰ বিকাশৰ ফালৰ পৰা পেদং পার্থিৱ জগতৰ নিকটৱর্তী ৷ ধৰা তলত শাসন আৰু অৱস্থান কৰা বহু দেৱ-দেৱী, বহু গ্রহ নক্ষত্র, হাজাৰ হাজাৰ জীৱ জন্তু পেদঙৰ গর্ভৰ পৰাই সৃষ্টি হৈছে। পেদঙৰ একেবাৰে নুমলীয়া সন্তান হৈছে “তানিঃ (Tani: ) বা দঃনিঃ (Do:ni: )” অর্থাৎ মানুহ বা মানৱ জাতি৷ সেইকাৰণে আদী-মিচিং সকলে ঐশ্বৰিক শক্তিৰ গৰাকী পেদঙৰ পৰা পােনপটীয়াকৈ জন্ম লাভ কৰা সন্তান বুলি গৌৰৱবােধ কৰে I
মাঙ্গলিক দেৱতা (Benevolent Gods) : Agam Uyu :
দঃয়িং বতে (Do:ying Boté) এওঁ পুৰুষ, আধ্যাত্মিক অভিভাৱক আৰু মানৱ জাতিৰ পথ-প্রদৰ্শক ৷ এওঁ জ্ঞান আৰু প্রজ্ঞাৰ দেৱতা। দঃয়িং বতেই মানুহক প্রকৃতিৰ বিপক্ষে আৰু অসতৰ বিপক্ষে যুঁজিবলৈ শিকালে I ধ্বংস আৰু কুট কৌশলৰ বিপক্ষে যুঁজিবলৈ মানুহৰ অন্তৰত জ্ঞান সুমুৱাই দিলে I তেওঁ মানৱ জাতিৰ শুভাকাংক্ষী I
য়িঃদুম বতে (Yi:dum Bote’) বতাহ ধুমুহাৰ দেৱতা I আন নাম দঃয়ি (Do:yi:) অর্থাৎ ধুমুহা বতাহ। তেওঁ অলৌকিক বা আধ্যাত্মিকভাৱে পেদং মাতৃৰ লগত যােগাযোগ ৰাখে । তেওঁ অশৰীৰি ৰূপত পেদং মাতৃৰ উদৰত গর্ভসঞ্চাৰ কৰায় ৷ তাৰ ফলত পেদং মাতৃয়ে গর্ভাৱর্তী হৈ হেজাৰ হেজাৰ শৰীৰি আৰু অশৰীৰি দেৱ দেৱী, জীৱ জন্তুৰ জন্ম দিয়ে I
কংকি বতেঃ- (Kongki Bote’) মানুহৰ শাৰীৰিক অৱয়ব সাঁচত ঢালোতা বিশ্বকর্মা বা বিধাতা I তেওঁৰ হস্ত নৈপুণ্যৰ চিহ্ন হিচাপে মানুহৰ শৰীৰৰ আকৃতি কণা, কুঁজা আৰু লেঙেৰা হয় ৷ তেওঁ এগৰাকী নিপুণ ভাস্কৰ; কিন্তু কেতিয়াবা তেওঁৰ অমনােযোগিতা বা অৱহেলাৰ ফলস্বৰূপে কোনো কোনো মানুহ জন্মতে বিকলাঙ্গ হৈ আহে।
বকি মনে (Boki Moné) – তেওঁ নৃত্য, গীত, আনন্দ আৰু উৎসৱৰ দেৱী I তেওঁৱেই গীত, নৃত্য, বাদ্য উৎসৱ মানৱ জাতিক অর্পণ কৰিলে I কিছু সংখ্যক মিবু তেওঁৰ দ্বাৰা অনুপ্রাণিত বুলি বিশ্বাস কৰা হয় I
বমং মনে (Bomong Moné, বমং- পোহৰ) -পােহৰ আৰু উত্তাপৰ দেৱী। তেওঁক সূর্য্য দেৱতা বুলি কব পাৰি ৷ তেওঁ চিৰ আলােকময়ী, চিৰ উত্তাপময়ী আৰু চিৰ সুন্দৰী। তেওঁৰ আলোক, উত্তাপ আৰু সৌন্দর্য্যই মানুহৰ মাজত ঐক্য,শান্তি, মিলন আৰু সত্যবাদিতা প্রবিষ্ট কৰায় I
কিনে মনে (Kime’ Moné) -উৰ্বৰতা, উৎপাদনশীলতা আৰু পৰিতৃপ্তিৰ দেৱী। তেওঁৰ আন নাম “কিঃনে নাঃনে (Ki:né Na:né)” I বসুমতীৰ দৰে পৃথিৱীৰ অভ্যন্তৰত তেওঁৰ অৱস্থান আৰু ৰাজ্য ৷ তেওঁ সাধাৰণতে শস্য বা খেতি পথাৰত থাকে বুলি বিশ্বাস। গতিকে প্রাচুর্য্যৰ মাতৃ । দৰিদ্রতা আৰু বুভুক্ষাৰ নিধনকাৰী I
মিচুম্ বতে (Misum Bote’) মৰণ দেবতা (যমৰ দৰে) ৷ মূল্যবান সম্পত্তি মণি আৰু কাঁহৰ পাত্ৰৰ গৰাকী ৷ আঃবাঙত উল্লেখ কৰা মতে তেওঁৱেই প্রথমতে মৰণ যন্ত্রণা লাভ কৰে ৷ তেওঁৰ পূর্বে মৃত্যুৰ অভিজ্ঞতা কোনো দেৱতাৰ নাছিল৷ কাহিনী মতে তানিঃ (বা নিঃবই) অর্থাৎ মানুহে সৃষ্টিত প্রথমে মৃত্যু লাভ কৰা এই মিচুম্ বতেৰ মৃতদেহ কঢিয়াই নি সৎকাৰ কৰিছিল I সেয়েহে ৰীতিমতে মানুহে মিচুম্ বতেৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয় যাৰ ফলত মানুহ মৰণশীল হ’বলৈ বাধ্য হ’ল I
দাঃদি বতে (Da:di Bote’) (আদীসকলৰ) -মেথােন আৰু পােহনীয়া জন্তুৰ দেৱতা। মানৱ সমাজে তেওঁৰ পৰাই মেথোন লাভ কৰে ৷ চলুং (so -মেথোন, lung -বহুবচন = Solung= বহু মেথোন) উংসৱত দাঃদি বতেক সন্তুষ্ট কৰিবলৈ তিনি দিন তিনি ৰাতি একেৰাহে আঃবাং গোৱা হয় ৷ দাঃদি বতেক উদ্দেশ্য কৰি গোৱা আঃবাঙক “লৃঃমৃৰ্ চব (Lí:mír So:bo) আঃবাং ” বুলি কোৱা হয় ।
গুঃমৃন বতে ( Gu:mín Boté) -আন নাম “গুঃমৃন্ চয়িন্ (Gu:min So:ying)” I ব্যক্তিগত গোত্র বা পৰিয়ালৰ ৰক্ষাকাৰী, ত্রাণকর্তা দেৱতা ৷ তেওঁ পৰিয়ালৰ দুর্যোগ, দুর্ভাগ্য আৰু কষ্ট মােচন কৰে আৰু নিত্য প্রহৰী হৈ থাকে। তেওঁৰ পহৰাৰ অবিহনে পৰিয়ালত ঐক্য, শৃংখলা, আনন্দ, মিলাপ্রীতি অটুট নাথাকে I
বিচি বতে (Bisi Boté) – বিশ্বকৰ্মাৰ সমতুল্য দেৱতা। তেওঁ কমাৰ; অর্থাৎ লাে গলাই দা, কটাৰী, আদি গঢ়োতা দেৱতা । যন্ত্রপাতি আৰু এইবোৰৰ আহিলা তেওঁৱেই আৱিস্কাৰ কৰে। লো, তাম, ৰূপ, সোণ ইত্যাদিৰ ব্যৱহাৰ কৌশল তেওঁৰ যোগেদিয়ে মানৱ জাতিয়ে পাইছে৷
দেন্দে চ’ব’ (Déndé Sobo) -বৃহদাকাৰ মেথোনৰ আধ্যাত্মিক প্রতিকৃতি বা প্রতিমা I তেওঁৰ শৰীৰৰ বিভিন্ন অংশৰ পৰাই উৰ্বৰা পৃথিৱী, উপকাৰী গছ-গছনি, খোৱাৰ উপযোগী পাত অর্থাৎ শাক-পাচলি আদিৰ উৎপত্তি হৈছে I অর্থাৎ মানুহৰ জীৱন ধাৰণৰ প্রয়োজনীয় মাটি, গছ-গছনি দেণ্ডে চবৰ শৰীৰৰ পৰাই আহিছে।
নিঃজি নিঃপং (Ni:ji Ni:pong) হাবিত থকা এগৰাকী অপেশ্বৰী দেৱী। গভীৰ ৰাতি বিকট চিঞৰ মাৰি তেওঁ মানুহৰ গা সিঞৰায় আৰু মানসিকভাৱে দুর্বল কৰায় I তেওঁ চক্রান্তকাৰী অথচ ভীৰু। তিৰোতা মানুহৰ মাহেকীয়া ৰক্তস্রাৱ অত্যধিক কৰি মৃত্যু ঘটায়, গর্ভপাত কৰায় আৰু প্রসৱৰ কালত প্রসূতিৰ মৃত্যু ঘটায় ৷
মেদেং মনে (Médéng Moné) অন্য নাম মেদেং চুচেং (Me’de’ng Suseng) চক্রান্তকাৰী চলনাময়ী এগৰাকী দেৱী I হত্যা, লুণ্ঠন কৰাৰ কৌশল তেওঁৰ হাতত৷ মানুহে তেওঁৰ ওচৰ চাপিলে চক্রান্ত কৰি তেওঁক লৈ গৈ কােনােবা এঠাইত দুখ লগা ঘটনা বা হত্যাকাণ্ড ঘটাব পাৰে I তেওঁ জাতি, চুবুৰী, গাওঁ, দেশ সকলোকে ৰক্তক্ষয়ী যুদ্ধত লিপ্ত কৰাব পাৰে৷
পলুং চব (Polung Saba) মেথোন আকৃতিৰ কল্পিত দেৱতা I কিংবদন্তি মতে তেওঁৰ শৰীৰৰ বিভিন্ন অংগৰ পৰা কাইটীয়া গছ লতা, বিষাক্ত গছ, পাত(যেনে চুৰাট পাত ) আদি পৃথিবীত গজিল I পলুং চবৰ এই বাধাৰ (অর্থাৎ কাইট আৰু বিষাক্ত গছ বন) কাৰণেই মানুহে ইচ্ছা মতে হাবিত ঘূৰি ফুৰিব নােৱাৰে I পলুং চব মানুহৰ প্রগতিৰ হে’ঙাৰ স্বৰূপ I
কাৰ্পুং কাৰ্দুগ্ (Karpung Kardug)দৃলুঙৰ পিছত লৃঃতুং ৷ লৃঃতুঙৰ সমান্তৰালভাৱে লৃঃমাং আৰু মাংকাৰ আৰু তাৰ পিছত কাৰ্পুং কাৰ্দুগৰ জন্ম হৈছে৷ কাৰ্পুং স্ত্ৰী, কাৰ্দুগ পুৰুষ I তেওঁলােক সর্ম্পকত ককায়েক ভনীয়েক আছিল I যৌৱনপ্রাপ্ত হোৱাত অতীৱ সুন্দৰ আৰু সুন্দৰী এই ককায়েক ভনীয়েকে পৰস্পৰৰ প্ৰতি প্রেমাসক্ত হয় I কিন্তু সমাজৰ নিয়মৰ মাজত এই প্রেম গণ্য নােহোৱাৰ বাবে তেওঁলােকক সমাজৰ পৰি আতৰাই আকাশলৈ খেদি পঠিওৱা হল ৷ কিন্তু তেওঁলােকৰ সৌন্দর্য্য আকাশতে জিলিকি থাকিল আৰু আকাশৰ পৰাই পৃথিৱীলৈ প্রেমৰ পােহৰ ছটিয়াই থাকিল I কাৰ্পুং আৰু কাৰ্দুগক লৈ আদী-মিচিং সমাজত অনেক কিংবদন্তি আছে I ‘কাৰ্পুনপুলি শব্দটো ইয়াৰ পৰাই আহিছে I
অমাংগলিক দেৱতা (Malevent Gods) Pomjvr Uyu
অমাঙ্গলিক দেৱ-দেৱীৰ সৰহভাগেই পেদং মাতৃৰ পৰা জন্ম লাভ কৰা। তেওঁলোক মানৱ জাতিৰ অপকাৰকাৰী, হিংসুক, ঈর্ষা পৰায়ণ আৰু প্রতিশোধপৰায়ণ I তেওঁলােক অসন্তুষ্ট হলে মানুহৰ অপকাৰ, অমঙ্গল হয়৷ সেইবাবে এই দেৱ-দেৱী সকলক তেওঁলোকে বিচৰামতে পূজা পাতল দি সন্তুষ্ট কৰি ৰাখিবলগীয়া হয় I 
ৰঃবঃ- (Ro:bo)-আন নাম তাৰ’ (Taro)। তেওঁ অশৰীৰি আৰু অদৃশ্য I মানুহৰ প্রধান অপকাৰকাৰী দেৱতা ৷ তেওঁ হিংসুক, ঈর্ষাপৰায়ণ আৰু প্রতিশোধ পৰায়ণ ৷ আঃবাঙৰ কাহিনীমতে ৰঃব আছিল নিঃব অর্থাৎ তানি বা মানৱ জাতিৰ আদি পুৰুষৰ ককায়েক। নিঃব, ৰঃবতকৈ চতুৰ আছিল ৷ সেইকাৰণে পার্থিৱ সম্পত্তি সকলাে ৰঃবৰ পৰা নিঃবই হস্তগত কৰিছিল। ফলত দুয়োজন ককায়েক ভায়েকৰ মাজত কাজিয়া আৰম্ভ হয় I সেই কাজিয়া মীমাংসা কৰিবৰ কাৰণে বিভিন্ন দেৱতা সমবেত হৈ বিশ্বৰ প্রথম কেবাং বা মেল বহুৱায়। তাতো নিঃবই চক্রান্ত কৰি সকলাে সম্পত্তিৰ অধিকাৰী হোৱাৰ সৌভাগ্য লাভ কৰে I ৰঃবই একাে ভাগ নাপাই মানৱ সমাজত থাকিব নােৱাৰি হাবি, গছ গছনি, পর্বত-পাহাৰ আৰু নদীৰ দাঁতিত আশ্রয় লয়। তেতিয়াৰ পৰাই প্রকৃতিৰ সেইবোৰ বস্তু নিজৰ সম্পত্তি হিচাপে গণ্য হয়। মানৱ জাতিৰ পৰা লুকাই থাকিবৰ কাৰণেণে দঃয়িং চাব্ৰন্ (Do:ying sabron) নামৰ এটা কাল্পনিক জাল তৰি লৈ তাৰ আঁৰত থাকিল I তেতিয়াৰ পৰাই তেওঁ মানুহৰ দৃষ্টিৰ আঁৰত অশৰীৰি দেৱতা হৈ থাকিল I নিঃব পার্থিব বস্তু জগতৰ অপ্রতিদ্বন্দী গৰাকী হ’ল I কিন্তু ৰঃবৰ প্রতিশোধ পৰায়ণ মনোভাৱ চিৰকাল থাকি গ’ল I গতিকে মানুহে যেতিয়াই হাবিত প্রৱেশ কৰি ৰঃবই ভাল নোপোৱা কাম কৰে তেতিয়াই অপকাৰ কৰিবলৈ আৰম্ভ কৰে ৷ তেওঁ অশৰীৰি, কিন্তু মানুহৰ বিভিন্ন ৰূপেৰে ছদ্মবেশ লৈ মানুহক ফুচুলাই হাবিলৈ নি জীয়াই জীয়াই তেজ শুহি খায়। I তেওঁৰ সতি সন্ততি সকল হ’ল এপম্ (épom) বা য়াপম্ (Yapom)। এওঁলােক অপদেৱতা আৰু অশৰীৰি I পুৰুষ আৰু স্ত্ৰী উভয় ৰূপৰ এপম্ আছে ৷ গছ বননি, নৈ-জুৰি, পর্বত-পাহাৰ, বিভিন্ন লতা তেওঁলোকৰ বাসস্থান। হাবিৰ মাজৰ জীৱ জন্তু, চৰাই-চিৰিকতি তেওঁলােকৰ সম্পত্তি ৷ তেওঁলোকৰ সম্পত্তিত হাত দিলে এপমে মানুহৰ অপকাৰ কৰে । মানৱ শিশুক অপহৰণ কৰি লৈ যায়। মানৱাত্মাক সাময়িকভাবে আৱদ্ধ ৰাখি পূজা-পাতল পাবৰ কাৰণে মানৱাত্মাক লৈ দৰ-দাম কৰে৷ অশৰীৰি এপম্ আৰু শৰীৰি মানুহৰ মাজত যোগসূত্র ৰাখিবৰ বাবে এপমে মানুহৰ বছা বছা কিছুলােকক বিশেষভাবে আকর্ষিত কৰি হাবিলৈ লৈ যায় আৰু নিজ বিদ্যাৰ কিছু কৌশল মানুহক দি মানৱ সমাজৰ লগত যোগাযোগ কৰায় I এপমৰ লগত মানুহৰ এই যোগসূত্র ৰক্ষাকাৰী সকলক মিৰৃ, মিৰি বা মিবু বোলে ৷

বৃৰৃ বতে (Biri-Bote’) অন্য নাম বৃৰৃ বৃআগ্ (Bírí Bíag) I তেওঁ নদী, খাল, বিল সাগৰৰ দেৱতা I তেওঁ বৃৰৃ বৃআগ্ নাম লৈ পর্বতৰ পৰা তীব্র বেগেৰে পানীৰ সোত বোৱায়, ঢৌ কােবাই নৈৰ গড়া খহোৱায়, নৈ বা বিলত তেওঁ পচন্দ নকৰা কাম কৰিলে মানুহ্ জীয়াতু ভোগায়, মৃত্যু ঘটায়। তেওঁৰ আকৃতি শিঙাল সৰীসৃপ বা ড্রেগনৰ দৰে । তেওঁৰ শিঙেৰে নদীৰ পাৰ খান্দি গৰা খহায়। তেওঁৰ বাহন হাঁহ ৷ মিচিংসকলে এতিয়া ইয়াক জল ডাঙৰীয়া বা আচি উয়ু নাম দিছে I সেই বারে মিচিঙে যি কোনো সময়ত হাঁহ মাংস ভক্ষণ নকৰে আৰু হাঁহ নােপোহে ৷
দৃ:মু বতে (Dí:mu Boté) … পর্বতৰ চুড়াৰ বৰফত থকা এগৰাকী দেৱতা I পৃথিৱীত থকা আটাইবােৰ বৰফাবৃত পর্বত তেওঁৰ অধীনত। গতিকে পর্বতৰ ওপৰত থকা জীৱ জন্তু, ঔষধী গছ (বিষ), পােক-পৰুৱা, চৰাই চিৰিকতি তেওঁৰ সম্পত্তি ৷ এনে ঠাইলৈ মানুহৰ অনধিকাৰ প্রৱেশ ঘটিলে তেওঁ শীতেৰে জঠৰ কৰি মৃত্যু ঘটায়।
নমগু বতে (Nomgu Boté) বেমাৰ-আজাৰ, দাৰিদ্র্য আৰু যন্ত্রণাৰ নিয়ন্ত্রক। তেওঁক পৃথিৱীৰ ভিতৰত বা অভ্যন্তৰত থকা বুলি বিশ্বাস কৰা হয় I বনৰীয়া জীৱ জন্তু, অসংখ্য পােক-পৰুৱা আৰু চৰাই চিৰিকতি তেওঁৰ। এইবােৰৰ পৰাই মানুহৰ মাজত বেমাৰ আৰু দৰিদ্রতা বিয়পাই দিয়ে I তেওঁ অসন্তুষ্ট হলে তেওঁৰ ভৃত্য সকলক মেলি দি বেমাৰ বিয়পায়, শস্য নষ্ট কৰে, যাৰ ফলত দুৰ্ভিক্ষ হয়; মানুহৰ দৰিদ্রতা বৃদ্ধি পায়। ৰোগ, দৰিদ্রতা আৰু দুর্ভিক্ষই মানুহৰ যন্ত্রণাৰ কাৰণ। নমগু বতে ইয়াৰেই নিয়ন্ত্রক দেৱতা।
লেঃমুগ বতে (Lé:mug Boté)ধুমুহা, গাজনি চাকনৈয়া, ব্ৰজপাত আদিৰ
ৰূপত পৃথিৱীলৈ অহা এজন ভয়ংকৰ দেৱতা। কলা মেঘৰ ৰূপত তেওঁ পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ তৎক্ষণাত পৰিভ্রমণ কৰে৷ তেওঁ বতাহী। জ্বলন্ত অগ্নিৰ সঞ্চাৰ আৰু গতিপ্রৱাহ তেওঁৰ নির্দেশত হয় I হাবি বন আৰু গাঁও ভস্মীভূত কৰা অগ্নিৰ দাবানল তেওঁৰ কীর্তি। তেওঁ সর্বদা ভয়ংকৰ আৰু দয়াহীন I যিয়ে তেওঁৰ বাটত বাধা দিয়ে তাকেই ভস্মীভূত কৰে I ‘

বাঞ্জি বতে (Banji-Boté) আন নাম বাঞ্জি বান্মাং (BanjiBanmang) ৰক্তপিপাসু আৰু জীৱন নাশক দেৱতা I সদায় বিষাক্ত অস্ত্র ধাৰণ কৰা এইগৰাকী দেৱতাই বিদ্রোহ, যুদ্ধ, সংগ্রাম আদি ভাল পায় আৰু সেইবােৰ মানুহ জাতিত সোমোৱাই যুদ্ধ বিগ্রহত লিপ্ত কৰোৱাই ৰক্ত পান কৰে। বাঞ্জি বতে মানৱ সমাজত প্রৱেশ কৰাৰ লগে লগে পৰস্পৰৰ মাজত কটাকটি, মৰামৰিৰ ঘটনা আৰম্ভ হয়। দয়াহীন আৰু আসুৰিক লক্ষণৰ অধিকাৰী ৷
লাঃদাং বতে বা আচি উয়ু (La:dang Bote’) জল দেৱতা ৷ পানীত ডুবাই মানুহ মৰাটো তেওঁৰ কাম I পানীত ডুবি মানুহ মৰিলে পানীৰ তলত কুঠাৰেৰে ফালি মানুহৰ মূৰ খায় বুলি বিশ্বাস কৰা হয় I
Mising Dírbí Írroi
Mising Réngam Írroi


via Blogger https://ift.tt/2rhbXFF

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: