আবুতানি


আবুতানি

আবুতানি

তলত ডফলা লোক এজনে তেওঁৰ কল্পনাৰে অঁকা আবুতানিৰ ছবি এটা দিলো-
কিম্বদন্তি_১
তানি গোষ্ঠীৰ পিতৃ পুৰুষ আবুতানি দঃঞি পঃলঃ বা সূৰ্য্য চন্দ্ৰৰ সন্তান(মাতৃ- দঞি বা সূৰ্য্য আৰু পিতৃ- চন্দ্ৰ বা পঃল’) । মিবু আঃবাং বা দেওধাই সমূহে গোৱা গীত বোৰৰ পৰা জনা যায় যে তেওঁৰ কিৰিঃ আৰু কিলঃ নামে দুজন ভাতৃ আৰু ডলয়াং ছাঞাং নামেৰে এজনী ভগ্নী আছিল। আবুতানিৰ লগত ছাঁটোৰ দৰে লাগি থকা দুটা জন্তু ভৃত্য কিঃপু নামৰ এটা কুকুৰ আৰু ডুম্পুঃ নামৰ এটা হৰিণ আছিল। দঞি পঃলৰ সন্তান সকল ডাঙৰ হোৱাৰ পিছত প্ৰত্যেকেই একো একোখন বৃহৎ ৰাজ্য পাতি ৰজা (মিগম) হয় । দঞি পঃলৰ একমাত্ৰ কন্যা সন্তান ডলয়াং ছাঞাং তানি গোষ্ঠীৰ প্ৰথম নাৰী মিবু (দেওধাই) হয়। ডেকা বয়সত আবুতানিয়ে ছিঃকি বা ছিৰ্কি ৰজা (মিগম)ৰ ৰূপৱতী কন্যাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ গ্ৰাহস্থ্য জীৱনৰ পাতনি মেলিছিল ।
কিম্বদন্তি অনুসৰি আবুতানি আছিল চতুৰ আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন গুনৰ অধিকাৰী। তেওঁ ভগৱান ৰুঃনে পিনে ( Ru:né Pìné)ৰ পৰা বীৰ্য্যবান আৰু ক্ষমতাশালী হোৱাৰ বৰ লাভ কৰি খুব কম সময়ৰ ভিতৰতে বহু ক্ষমতাশালী হৈ পৰে । তেওঁ সকলোকে পৰাস্ত কৰি সেই বোৰৰ অধিপতি হোৱাৰ উপৰিও ভগৱানে সৃষ্টি কৰা সকলোবোৰ জীৱৰ অধিপতি হোৱাৰ চেষ্টা কৰিছিল । তেওঁৰ প্ৰতাপ দেখি স্বয়ং নিজ ভাতৃ কিৰিঃ আৰু কিল’, শহুৰেক ছিঃকিৰ উপৰিও স্বয়ং ভগৱান ৰুঃনে পিনে ভীতিগ্ৰস্ত হৈ পৰে । আবুতানিৰ পৰাক্ৰম দিনক দিনে বাঢ়ি যোৱাত ভগৱান ৰুঃনে পিনে স্বয়ং নিজৰ অস্তিত্বৰ কথা ভাবি শংকিত হৈ পৰিল। ভগৱান ৰুঃনে পিনেৰ মনত শংকা জন্মিল যে আবুতানি এনেদৰে আগবাঢ়ি গৈ থাকিলে এদিন তেওঁকেই অপসাৰণ কৰি তেওঁৰ ঠাই ল’ব। সেই কাৰনে ভগৱান ৰুঃনে পিনেই কৌশলেৰে আবুতানিক এজোপা আকাশলংঘী গছৰ ওপৰত উঠাই তাৰ পৰা পেলাই মৰাৰ বুদ্ধি কৰিলে।
আবুতানিৰ ভগ্নী আৰু তানি গোষ্ঠীৰ প্ৰথম নাৰী ‘মিবু’ ডলয়াং ছাঞাং(Dolyang Chanyang ) সেই কথা গম পাই ভাতৃৰ প্ৰান ৰক্ষা কৰিবৰ বাবে ভগৱান ৰুঃনে পিনেক প্ৰাৰ্থনা কৰিলে। ডলয়াং ছাঞাঙৰ বহু প্ৰাৰ্থনা আৰু কাকুতি মিনতিৰ পিছত ভগৱান ৰুঃনে পিনে তাইৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ আবুতানিৰ প্ৰান ৰক্ষা কৰাৰ বাবে মান্তি হ’ল যদিও এটা চৰ্ত ৰাখিলে যে তেওঁৰ প্ৰান ৰক্ষা কৰাৰ বিনিময়ত ভগৱানে আবুতানিক দিয়া সকলোবোৰ বৰ ঘূৰাই ল’ব। আবুতানিৰ তিনিটা চকু, আৰু ভৰিৰ সৰু গাঠিত তীক্ষ্ণ শলা বা জোং এডাল আছিল। তেওঁ তৃতীয় চকুৰে অতীত, বৰ্তমান আৰু ভৱিষ্যত দেখিব পাৰিছিল। ভৰিৰ সৰু গাঠিৰ শলা বা তীক্ষ্ণ জোং ডালৰ সহায়ত তেওঁ শত্ৰুৰ বিৰুদ্ধে পৰাক্ৰমৰে যুঁজিব পাৰিছিল। ভগৱান ৰুঃনে পিনেই তেওঁৰ জীৱন ৰক্ষাৰ বিনিময়ত আবুতানিৰ তৃতীয় চকু আৰু ভৰিৰ সৰু গাঠিৰ শলা ডাল ঘূৰাই লৈছিল।
ভগৱান ৰুঃনে পিনেই আবুতানিৰ দিয়া বৰ ঘূৰাই লোৱাৰ পিছত তেওঁ সাধাৰণ মনুষ্যৰ জীৱন যাপন কৰি কাল কটাব ধৰিলে। তানি গোষ্ঠীৰ কিম্বদন্তি অনুসৰি আবুতানিয়ে পোন প্ৰথম বাৰৰ বাবে কৃষি পদ্ধতি প্ৰয়োগ কৰিছিল । পুৰণি কালত মানৱ জাতিৰ পিতৃ আবুতানিয়ে খাদ্য আৰু চিকাৰৰ সন্ধানত ঘন জংঘলত ঘূৰি ফুৰিছিল। এবাৰ তাতাৰ তাজিঃ ৰাজ্যৰ ৰজা তাকাৰ তাজিৰ বাসগৃহত বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল। তাতাৰ তাজি ৰাজ্য তানি গোষ্ঠীৰ ৰজা আবুতানিৰ কৰতলতীয়া ৰজা আছিল। আবুতানিয়ে কৰতলতীয়া ৰজাক বিবাহ অনুষ্ঠানটোৰ বাবে মাত্ৰ এটা মেথোন মাৰি অতিথি আপ্যায়নৰ অনুমতি দিছিল। আবুতানিক বিবাহলৈ নিমন্ত্ৰণ জনোৱাত তেওঁ নিজৰ ভৃত্য কিঃপু নামৰ কুকুৰ আৰু ডুম্পুঃ নামৰ হৰিন দুটা লগত লৈ গৈছিল । মাত্ৰ এটা মেথোন মাৰি বিবাহ অনুষ্ঠান পতাত মেথোন মাংসৰ অভাৱৰ কাৰণে অতিথি আপ্যায়ন ভালদৰে কৰিব পৰা নাছিল। কিঃপু আৰু ডুম্পুঃৰ ভাগতো মেথোনৰ মাংস নপৰাত সিহঁত বৰকৈ ক্ৰোধান্বিত হ’ল। উপায় নাপাই তাতাৰ তাজিৰ ৰজাই দুয়োকে তাহানিতে প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰা এটোপোলা পচা মাহৰ বীজ ভগাই দিলে (সেই সময়ত মানুহে গোমধান আৰু মাকৈৰ ব্যৱহাৰ নাজানিছিল)। বীজৰ টোপোলাটো ভগোৱাক লৈ কিঃপু আৰু ডুম্পুঃৰ মাজত বিবাদ সৃষ্টি হ’ল। শেষত ডুম্পুঃৱে মাহৰ টোপোলাটো হস্তগত কৰিলে আৰু তাৰ পৰা পলাই গ’ল। কিঃপুৱে খঙতে হৰিনটোক খেদা মাৰি পিছে পিছে গ’ল। আবুতানিয়েও দুটাৰ পিছে পিছে খেদি গ’ল। বহু দিনৰ পিছত ডুম্পুঃৱে ডিগ’ আনেঃৰ ৰাজ্যত প্ৰৱেশ কৰিলে। তাত ধানৰ ভাল খেতি হৈছিল । অধিবাসীসকলে ধানবোৰ শুকুৱাবলৈ ৰদত মেলি থৈছিল । প্ৰথমেই ডুম্পুক তাৰ অধিবাসীসকলে বন্দী কৰিলে আৰু পিছত তেওঁৰ পিছে পিছে খেদি অহা কিঃপুকো পাই বন্দী কৰিলে । আবুতানিয়েও তেওঁলোকৰ পিছে পিছে খেদি আহি সেই ৰাজ্যত প্ৰৱেশ কৰাত তাকো ডিগ’ আনেঃৰ অধিবাসী সকলে বন্দী কৰি থলে। বিচাৰৰ পিছত সেই ৰাজ্যত অবৈধ ভাৱে প্ৰৱেশ কৰাৰ দোষত তিনিওকে বন্দী শাললৈ নিক্ষেপ কৰিলে । বহু দিন বন্দীশালত থকাৰ পিছত আবুতানিয়ে তাৰ পৰা মুক্তিৰ বাবে এটা বুদ্ধি পাঙিলে। তেওঁ মৰা এন্দুৰ এটা কিলাকুটিত থৈ সেইটোৰ দংশনত মৃত্যু হৈ যোৱাৰ ভাও জুৰি থাকিল । তেওঁৰ সচাকৈয়ে মৃত্যু হোৱা বুলি ভাবি দিগ’ আনেঃৰ অধিবাসীসকল শোকত ম্ৰিয়মান হ’ল । তেওঁৰ মৃত্যুৰ খবৰ পালে আবুতানিৰ ৰাজ্যৰ অধিবাসীসকল ক্ৰোধান্বিত হ’ব বুলি ভাবি,আবুতানিৰ লগত ধান, গোমধান আৰু মাকৈ বান্ধি দি ৰাজ্যৰ বাহিৰত সীমাৰ বাহিৰত থৈ আহিল।
দিগ’ আনেঃ( Digo-land, ভূমি Ané- মাতৃ ) দেশত বন্দী হৈ থাকোঁতে আবুতানিয়ে নিজৰ ব্যৱহাৰ আৰু সজ আচৰনৰ বাবে সেই ৰাজ্যৰ অধিবাসীসকলৰ মন জয় কৰিছিল আৰু তাৰ এগৰাকী মহিলাই কেনেকৈ কৃষি কৰ্ম কৰিব লাগে আবুতানিক শিকাইছিল। বন্দী দশাৰ পৰা ঘূৰি আহি তেওঁ পত্নী আয়’ দিঃলিং ডিঃবুৰ সৈতে মিলি কৃষি কৰ্ম কৰি ভাল ফচল পাইছিল। কিন্তু পিছত তেওঁ পত্নীক ত্যাগ কৰি বেলেগ এজনী ছোৱালী পুনৰ বিয়া পতাত উন্নতি কৰিব নোৱাৰা হৈ থাকিল। কিয়নাে তেওঁৰ নতুন পত্নী বিলাসীতা আৰু আৰাম প্ৰিয় আছিল।
যেতিয়া আবুতানিয়ে নিজৰ ভূল বুজিব পাৰিলে, তেওঁ দ্বিতীয় পত্নীক ত্যাগ কৰি নিজৰ মতে কৃষি কৰ্মত মনোনিৱেশ কৰিলে, কিন্তু কৃষিৰ উৎপাদন কমি আহিল। উপায়ন্তৰ হৈ আবুতানিয়ে মাতৃ দঞি আৰু পিতৃ পঃলৰ ওচৰত সমস্যা বিৱৰি ক’লে । মাতৃ সূৰ্য্য দেৱী আৰু পিতৃ চন্দ্ৰ দেৱতাই প্ৰত্যেক বছৰে শস্য সিচাৰ আগ মূৰ্হুতত আলি আঃয়ে লিগাং পাতি পিতৃ পুৰুষ আৰু দেৱ দেৱতাক সুৱৰি শস্য সিচাৰ পৰামৰ্শ দিলে আৰু শস্যৰ গুটি লগাৰ আগে আগে পোক পৰুৱা, চৰাই চিৰিকতি আদিৰ লগতে কীট পতংগৰ দেৱতা তামু আৰু বৰষুণৰ দেৱী পেদং আনেক গাহৰি কুকুৰা বলি দি শস্যৰ উৎপাদন বৃদ্ধি, আৰু তানি গোষ্ঠীৰ কল্যাণৰ বাবে পূজা অৰ্চনা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিলে।
কিম্বদন্তি_২
ছেঃদিৰ ৰূপৱতী কন্যা পেদং(Pédong) মেঃলৰ পুত্ৰ দঃয়িৰ প্ৰেমত আসক্ত হ’ল আৰু শেষত বিবাহ হৈ এই পৃথিৱীৰ সকলো প্ৰাণীৰ জন্ম দিলে। (পেদঙৰ জন্ম বৃতান্ত এনে ধৰণৰ- চেঃদৃৰ পিছত দৃলুং, দৃলুঙৰ পিছত লৃঃতৃং, লৃঃতৃঙৰ পিছত তুঃয়ে, তুঃয়েৰ পিছত য়েপী,য়েপীৰ পিছত পেদং নাঃনে বা পেদং মাতৃৰ সৃষ্টি হৈছে।) পেদং কোটি কোটি বস্তু আৰু প্রাণীৰ আধ্যাত্মিক মাতৃ। সৃষ্টিৰ বিকাশৰ ফালৰ পৰা পেদং পার্থিৱ জগতৰ নিকটৱর্তী ৷ ধৰা তলত শাসন আৰু অৱস্থান কৰা বহু দেৱ-দেৱী, বহু গ্রহ নক্ষত্র, হাজাৰ হাজাৰ জীৱ জন্তু পেদঙৰ গর্ভৰ পৰাই সৃষ্টি হৈছে। পেদঙৰ একেবাৰে নুমলীয়া সন্তান হৈছে “আবুতানিঃ ৷ জ্যেষ্ঠ ভাতৃ ৰঃবঃ বা তাৰ’ (Taro)ৰ সৈতে সম্পতিৰ ভাগ লৈ আবুতানিৰ সংঘাত হৈছিল । আঃবাঙৰ কাহিনীমতে তানি বা আবুতানি ককায়েক তাৰঃতকৈ বহু গুণে চতুৰ আছিল ৷ সেইকাৰণে পার্থিৱ সম্পত্তি সকলাে তাৰ’ৰ পৰা আবুতানিয়ে হস্তগত কৰিছিল। ফলত দুয়োজন ককায়েক ভায়েকৰ মাজত কাজিয়া আৰম্ভ হয় I সেই কাজিয়া মীমাংসা কৰিবৰ কাৰণে বিভিন্ন দেৱতা সমবেত হৈ বিশ্বৰ প্রথম কেবাং বা মেল বহুৱায়। তাতো আবুতানিয়ে চক্রান্ত কৰি সকলাে সম্পত্তিৰ অধিকাৰী হোৱাৰ সৌভাগ্য লাভ কৰে I ৰঃবই একাে ভাগ নাপাই মানৱ সমাজত থাকিব নােৱাৰি হাবি, গছ গছনি, পর্বত-পাহাৰ আৰু নদীৰ দাঁতিত আশ্রয় লয়। তেতিয়াৰ পৰাই প্রকৃতিৰ সেইবোৰ বস্তু নিজৰ সম্পত্তি হিচাপে গণ্য হয়। মানৱ জাতিৰ পৰা লুকাই থাকিবৰ কাৰণে দঃয়িং চাব্ৰন্ (Do:ying sabron) নামৰ এটা কাল্পনিক জাল তৰি লৈ তাৰ আঁৰত থাকিল I তেতিয়াৰ পৰাই তেওঁ মানুহৰ দৃষ্টিৰ আঁৰত অশৰীৰি দেৱতা হৈ থাকিল I আবুতানি পার্থিব বস্তু জগতৰ অপ্রতিদ্বন্দী গৰাকী হ’ল । কিন্তু তাৰ’ৰ আবুতানিৰ প্ৰতি প্রতিশোধ পৰায়ণ মনোভাৱ চিৰকাল থাকি গ’ল । গতিকে মানুহে যেতিয়াই হাবিত প্রৱেশ কৰি তাৰ’ই ভাল নোপোৱা কাম কৰে তেতিয়াই অপকাৰ কৰিবলৈ আৰম্ভ কৰে ৷ তেওঁ অশৰীৰি, কিন্তু মানুহৰ বিভিন্ন ৰূপেৰে ছদ্মবেশ লৈ মানুহক ফুচুলাই হাবিলৈ নি জীয়াই জীয়াই তেজ শুহি খায়। তেওঁৰ সতি সন্ততি সকল হ’ল এপম্ (épom) বা য়াপম্ (Yapom)। এওঁলােক অপদেৱতা আৰু অশৰীৰি । পুৰুষ আৰু স্ত্ৰী উভয় ৰূপৰ এপম্ আছে ৷ গছ বননি, নৈ-জুৰি, পর্বত-পাহাৰ, বিভিন্ন লতা তেওঁলোকৰ বাসস্থান। হাবিৰ মাজৰ জীৱ জন্তু, চৰাই-চিৰিকতি তেওঁলােকৰ সম্পত্তি ৷ তেওঁলোকৰ সম্পত্তিত হাত দিলে এপমে মানুহৰ অপকাৰ কৰে । মানৱ শিশুক অপহৰণ কৰি লৈ যায়। মানৱাত্মাক সাময়িকভাবে আৱদ্ধ ৰাখি পূজা-পাতল পাবৰ কাৰণে মানৱাত্মাক লৈ দৰ-দাম কৰে ৷ অশৰীৰি এপম্ আৰু শৰীৰি মানুহৰ মাজত যোগসূত্র ৰাখিবৰ বাবে এপমে মানুহৰ বছা বছা কিছুলােকক বিশেষভাবে আকর্ষিত কৰি হাবিলৈ লৈ যায় আৰু নিজ বিদ্যাৰ কিছু কৌশল মানুহক দি মানৱ সমাজৰ লগত যোগাযোগ কৰায় I এপমৰ লগত মানুহৰ এই যোগসূত্র ৰক্ষাকাৰী সকলক মিৰৃ, মিৰি বা মিবু বোলে ৷
কিম্বদন্তি_৩
তানি গোষ্ঠীৰ মাতৃ সূৰ্য্য আৰু পিতৃ চন্দ্ৰই দেৱতা মুৰ্টু য়াৰিঙৰ পৰাই ধানৰ সচ সংগ্ৰহ কৰি পথাৰত সিচি প্ৰথম কৃষি কাৰ্য্য আৰম্ভ কৰিছিল। শস্যৰ ফচল কম হোৱাত দেওধাই বা মিবু খাৰীঃয়ে চয়িদ বা দেৱলোকলৈ গৈ দেৱতা হাৰ্নিয়াং পূবয়াঙৰ পৰা কেনেকৈ কৃষি কৰ্ম কৰিব লাগে তাৰ দিহা পৰামৰ্শ লৈ আহে আৰু সেই মতে খেতি কৰাত পিছলৈ উৎপাদন বৃদ্ধি হয়। সেই বৰ্ষৰ পৰা কৃষিৰ ভাল উৎপাদনৰ বাবে বছৰি উৎসৱ আৰু পূজা পতা হয়।
আৰু_আন_এক_জনশ্ৰুতি_অনুসৰি
মানৱ জাতিৰ পিতৃ পুৰুষ আবুতানিয়ে, এপম দেৱতা (Épom:- ইন্দ্ৰৰ নিচিনা উপ দেৱতা) হেৰিঃৰ পৰা ধানৰ বীজ লাভ কৰিছিল। আবুতানিয়ে এদিন জংঘলত চিকাৰ কৰি ফুৰোতে হেৰিঃ দেৱতাই বাস কৰা আকাশ চুৱা এটা ওখ গছত ধান গছ এগোছা দেখিলে। গছ জোপা আকাশ লংঘী হোৱাত তেওঁ কোনো উপায়েৰেই ধান জোপা নমাব পৰা নাছিল। সেই কাৰণে আবুতানিয়ে শীত কালত সেই ধান পকী বীজবোৰ গছৰ পৰা সৰি পৰালৈকে অপেক্ষা কৰি থাকিল। সেই মতে তেওঁ গছ জোপাৰ তলত অপেক্ষা কৰি থাকিল কিন্তু গছ জোপাৰ যিটো অংশত ধান জোপা গজিছিল, সেইটো “হাচি হাছাং কা হাদ’ ছিগাং” বা ছিগাং নৈৰ বুকুৰ ফালে থকাত পকী নদীৰ বুকুতে সৰি পৰে ।
ধান গছ জোপা নদীত উটি ভাঁহি গৈ সেই নৈতে মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি থকা দুজন মাছুৱৈ “ডিৰি আকি ডিঃৰ আৰ’ ” আৰু নালয়াং টামহ গাৰ’ টাকু নামৰ মাছুৱৈ দুজনৰ মাছ ধৰা জালত লাগে। আবুতানিয়ে মাছমৰীয়া দুজনৰ পৰা ধানৰ সচ সংগ্ৰহ কৰি তেওঁৰ পত্নী আয়’ ডিঃয়াং ডিঃবুৰ সৈতে মিলি কৃষি কাৰ্য্যৰ পাতনি মেলিলে। কৃষি কৰ্মৰ জৰিয়তে তেওঁলোকে সুখী আৰু সমৃদ্ধিশালী জীৱন যাপন কৰিবলৈ সক্ষম হ’ল। অৱশ্যে তেওঁৰ সেই সুখ বেছি দিন নিটিকিল। তেওঁ পূৰ্ব পত্নীক ত্যাগ কৰি তিঃনি ৰুংয়া নামৰ লাহ বিলাহ ভাল পোৱা নাৰী এজনী বিয়া পাতিলে । তাৰ পিছতেই লাহে লাহে প্ৰত্যেক বছৰে শস্যৰ উৎপাদন কমি আহিল। গুটি হবলৈ নৌপাওঁতেই শস্যৰ গছ লেৰেলি মৰি যায় নতুবা বাচিলেও পোকে খাই পেলায়। শেষত আবুতানিয়ে উপায়ীন হৈ ইয়াৰ প্ৰতিকাৰ বিচাৰি “আনে দঞি আৰু আবু পঃলৰ ওচৰলৈ গ’ল। দঞি পঃলই শস্যৰ বীজ সিচাৰ আগতে আলি আঃয়ে লিগাং বা লিগ্গদেৰে (líg-god:- বীজ সিঁচা আৰম্ভনি কাৰ্য্য ) ইষ্ট দেৱতা আৰু পূৰ্ব পুৰুষক সুৱৰি শস্যৰ বীজ সিচা আৰম্ভ কৰিবলৈ পৰামৰ্শ দিলে আৰু শস্যৰ গুটি লগাৰ আগে আগে পোক পৰুৱা, চৰাই চিৰিকতি আদিৰ লগতে কীট পতংগৰ দেৱতা তামু আৰু বৰষুণৰ দেৱী পেদং আনে(pédong anè:- বৰষুণৰ দেৱী) আদিকো দবুৰ পূজা পাতি শস্যৰ ভাগ উৎসৰ্গা কৰিবলৈ পৰামৰ্শ দিলে ।

via Blogger https://ift.tt/2rhbSBR

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: