আজিৰ শিক্ষিত মানুহ আৰু তেওঁলোকৰ মানসিকতা


আজিৰ শিক্ষিত মানুহ আৰু তেওঁলোকৰ মানসিকতা

মিছ বিউটি পেগু

মানুহে যেতিয়া শিক্ষাৰ পোহৰ দেখা নাছিল, মানৱ সভ্যতা উন্নত হোৱা নাছিল তেতিয়া জীৱনৰ সহনশীলতা, সাহস, ধৈৰ্য্য, ত্যাগ, দায়িত্ব আদিবোৰ জীৱনৰ অভিজ্ঞতাৰে আৰু প্রকৃতিৰ পৰা লাভ কৰিছিল | প্রকৃতি জগতৰ আৰু জীৱনৰ অভিজ্ঞতাই মানুহক যিমান শিক্ষা দিয়ে, অনুভৱ কৰিবলৈ শিকায় পাঠ্যপুথিৰ শিক্ষাই মানুহক সিমান জ্ঞান দিব নোৱাৰে | বহুতেই ভাবে ডাঙৰ লেখকসকলে কিতাপ পঢ়ি সেই কিতাপৰ জ্ঞানৰে নিজৰ চিন্তাৰে বিচাৰ বিশ্লেষণ কৰি লেখাৰ মাধ্যমৰে প্রকাশ কৰে বুলি | কিন্তু কেৱল কিতাপৰ জ্ঞানেৰে নহয় , মানুহে নিজৰ জীৱনৰ অভিজ্ঞতাৰে কোনো বিষয় চালি জাৰি নিজৰ প্রতিভাৰ জড়িয়তে কথাবোৰ গদ্যৰূপত প্রকাশ কৰে | গতিকে পাঠ্যপুথিৰ শিক্ষাই আমাক বহুত জ্ঞান দিলেও নিজৰ অভিজ্ঞতাৰ জড়িয়তে পোৱা জ্ঞানে আমাক জীৱন যুদ্ধত আগবাঢ়ি যোৱাত সহায় কৰে | ককাহঁতৰ দিনত আজিৰ দৰে সহজলভ্য শিক্ষা নাছিল তথাপি তেওঁলোক আজিৰ তুলনাত সভ্য, মাৰ্জিত বুলি পৰিচয় দিব পাৰিছিল | ইজনে সিজনৰ প্রতি বিদ্বেষ ভাৱ নাছিল | কোনো কাৰণত কাজিয়া কৰিলেও সেই কাজিয়া বহুদিনলৈ ধৰি থকা নাছিল | কিন্তু আজি শিক্ষা গাৱে ভূঞে সহজ লভ্য হৈয়ো মানুহৰ মানসিকতাৰ উন্নত হোৱাৰ পৰিৰ্বতে অৱনতি হৈছেহে যেন ভাৱ হয় | আজিৰ মানুহে আখৰ চিনি পঢ়িব, লিখিব পৰা হ’ল কিন্তু এই পঢ়িব, লিখিব জনা মানসিকতাক ভাল মানসিকতাত প্রয়োগ কৰিবলৈ শিকা নাই যেন অনুভব হয় | প্রযুক্তিবিদ্যাৰ উন্নত হ’ল | হাতে হাতে বহুতৰ ফ’ৰ জি মোৱাইল হ’ল, ফ’ৰ জি নথকা সকলৰ সৰুকৈ হলেও এটা মোৱাইল ফোন থকা হ’ল | খৱৰবোৰ ডাৰৰ আৰত ডাৰে পোৱা হ’ল কিন্তু সেইদৰে বেগত মানুহৰ মানসিকতাৰ উন্নত নহ’ল | ফেচবুক একাউন্ট এটা-তিনিটা নাথাকিলে কিছুমানে নিজকে আধুনিকতাৰ পৰা বহু পিচ পৰি লৈছে বুলি অনুভৱ কৰে কিন্তু ফেচবুকৰ ইতিবাচক ব্যৱহাৰ বহুতেই কৰিবলৈ নিশিকিলে | কিছুমানৰ বাবে ফেচবুক মানেই চেহেৰাৰ প্রদৰ্শন, নিজৰ ঘৰৰ ষ্টেচাছ দেখুৱাৰ সহজ মাধ্যম | কি খালোঁ , দামী শ্বপিং মলৰ পৰা কি কিনিলোঁ, মৰ্ডাণ ড্রেচ কৰি পিন্ধি ফটো উঠি ফটো আপলোড কৰিলো সেয়াই কিছুমানৰ বাবে ফেচবুকৰ সংজ্ঞা | ফেচবুকে যে জনমত গঠন কৰি সমাজক সজাগ, সচেতন কৰি তুলিব পাৰে এই কথা সেইসকলে নাজানে | ফেচবুকে যে এজন ব্যক্তিৰ প্রতিভা বিকাশ কৰিব পাৰে, শাসকৰ বিৰুদ্ধে এক শক্তিশালী বিৰোধীৰ ভূমিকা গ্রহণ কৰিব পাৰে , খেল, চিনেমা আদিবোৰ মনোৰঞ্জনৰ কথা নকলোৱেই পৃথিৱীৰ ইতিবাচক খৱৰবোৰ যে পলকতে পাব পাৰি সেইবিষয়ে বহুতে কম জানে | বহুতেই ফেচবুকত নিজৰ ভদ্র ভাৱে নিজৰ মন্তব্য প্রকাশ কৰিবলৈ শিকায় নাই | কোনো কথাৰ অমিল হ’লেই যুক্তিত নোৱাৰি অমাৰ্জিত , অশ্লীল মন্তব্য কৰে | কিছুমানে আকৌ নিৰৱে থকাজনকো উত্তেজিত মন্তব্য কৰি তৰ্কলৈ আহ্বান জনায় | যেন ফেচবুক এখন কুৰক্ষেত্র | ইয়াত যিকোনো প্রকাৰে জিকিব পাৰিলে যেন ইতিহাসত বিজয়ী , ভাল যোদ্ধা বুলি নাম লিখা থাকিব এনে ভাৱ কিছুমানৰ | প্রতিজনৰ আদৰ্শ, দৃষ্টিভংগী, চিন্তা যিহেতু বেলেগ গতিকে কোনো বিষয়ৰ ওপৰত তৰ্ক হোৱাটো স্বাভাৱিক | সেই তৰ্ক-বিৰ্তক যুক্তিৰ ওুৰত নিৰ্ভৰশীল হ’ব লাগে | সুস্থ আলোচনাৰ মাধ্যমেৰে সমাধানৰ বাট উলিয়াব লাগে | কিন্তু তাকেই নকৰি যুক্তিত নোৱাৰিলে চৰিত্র বেয়া, ওচৰত পালে তোক চাই লম, ব্যক্তিগত বিষয় টানি তৰ্কত জিকিব বিচাৰে | কিন্তু সেয়া জানো তৰ্কত জয়ী হোৱাটো বুজায় ! এনেধৰণৰ তৰ্কৰ জড়িয়তে যি কোনো বিষয়ৰ ওপৰত কোনো সমাধান উলিয়াব নোৱাৰাৰ লগতে সেইজনৰ মানসিকতাহে প্রকাশ পায় | তৰ্কত আন এজনৰ মন্তব্যক সন্মান কৰা মানে সেইজনৰ যুক্তিক নিজেই হয়ভৰ দিয়া বা মানি লোৱাতো নুবুজায় | তেওঁৰ যুক্তিক সন্মান কৰিও আমাৰ উন্নত চিন্তাধাৰাৰে নিজৰ মত প্রকাশ কৰি আমি আমাৰ যুক্তিক প্রতিপন্ন কৰিব পাৰোঁ | কিন্তু বহুতেই যুক্তি চিনি নেপায় | যুক্তি মানে কেৱল বাদ-বিবাদ বা কেনেকৈ যিকোনো প্রকাৰে জিকোঁ সেইটো ভাবে |

via Blogger https://ift.tt/2rhPM1Z

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: