অসমীয়া জাতিলৈ প্ৰত্যাহ্বান


images (1)

অসমীয়া জাতিলৈ প্ৰত্যাহ্বান

অসম বিধানসভা নিৰ্বাচনৰ আগেয়ে অসম চুক্তিক আখৰে আখৰে ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ আচল ৰূপটো অৱশেষত মাজুলীত অনুষ্ঠিত হোৱা দলৰ কাৰ্য্যনিৰ্বাহকৰ জৰিয়তে ওলাই পৰিল। শৰাইঘাটৰ শেষ ৰণৰ তাৎপৰ্য্যও এতিয়া স্পষ্ট হৈ পৰিছে । নাগৰিকত্ব সংশোধনী বিল গ্ৰহণ কৰাৰ পাছত অসমীয়া মানুহৰ পুনৰ শৰাইঘাটৰ ৰণত অৱতীৰ্ণ হ’ব পৰাকৈ যে শক্তি সামৰ্থ্য নাথাকিব সেই বিষয়ে এতিয়া আৰু কোনো সন্দেহ নাই । অসমীয়া মানুহৰ আৱেগ অনুভুতিৰ কথা বাদেই জাতিটোৰ স্বাৰ্থৰ বিৰুদ্ধে গৈ অসম ৰাজ্যিক বিজেপিৰ নেতাসকলে দিল্লী-নাগপুৰৰ ওচৰত আত্মসমৰ্পণ কৰা কাৰ্য্যত আজি অসমবাসী হতবাক হৈ পৰিছে । নিৰ্বাচনৰ আগেয়ে অসমীয়া জাতিৰ বুকুৰ কুটুম হৈ জাতি, মাটি-ভেটিৰ কথা কোৱা নেতাসকলে আজি সম্পূৰ্ণ লুটিবাগৰ মাৰি দিল্লী-নাগপুৰৰ একান্ত বাধ্য ছাত্ৰ হোৱা কাৰ্য্যই অসমৰ স্বাৰ্থ সম্পূৰ্ণৰূপে ভূ-লুণ্ঠিত কৰাতে সীমাৱদ্ধ হৈ থকা নাই, অসমীয়াৰ স্বাভিমানকো পদাঘাত কৰা হ’ল । অসম ৰাজ্যিক বিজেপিৰ অধিকাংশ নেতা আঞ্চলিককতাবাদী শিবিৰৰ পৰা অহাৰ পাছতো এই নিৰ্লজ আত্মসমৰ্পণ ক্ষমতাৰ লোভৰ বাবেই যে কৰিছে সেয়া কাৰো বুজি পাবলৈ বাকী নাই । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিজেপিৰ অন্ধ সমৰ্থক আৰু অসমবিৰোধী চক্ৰৰ বাহিৰে সমগ্ৰ অসমীয়াই তীব্ৰ প্ৰতিবাদ জনাই অহাৰ পাছতো সেইবোৰলৈ কেৰেপ নকৰি বিজেপিৰ ৰাজ্যিক সমিতিয়ে সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰাৰ সাহস কেনেকৈ পালে সেই কথা অসমীয়া মানুহে পৰ্যালোচনা কৰি চোৱা উচিত হ’ব । ক্ষমতাৰ স্বাৰ্থত অসম তথা অসমীয়াৰ অস্তিত্বক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰাৰ আঁৰত কি শক্তিয়ে কাম কৰিছে আৰু এই প্ৰত্যাহ্বান অসমীয়াই কিদৰে গ্ৰহণ কৰে সেয়াহে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব । সবাতোকৈ মন কৰিব লগা বিষয় হ’ল অসম গন পৰিষদ আৰু বি পি এফৰ দৰে সম্পূৰ্ণ থলুৱা লোকৰ দুটাকৈ ৰাজনৈতিক দল জোঁট চৰকাৰত থকাৰ পাছতো নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰাত বিজেপিৰ অত্যুৎসাহক দল দুটাই কেনেদৰে গ্ৰহণ কৰে তাৰ ওপৰতো খিলঞ্জীয়া লোকৰ অস্তিত্ব আৰু ভৱিষ্যত নিৰ্ভৰ কৰিব । অসম চুক্তিৰ আধাৰতে ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰা অগপই যিহেতু আৰম্ভণিৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে সেয়েহে বিজেপিৰ কাৰ্য্যনিৰ্বাহৰ সিদ্ধান্তৰ পাছত অগপই নিজৰ স্থিতি প্ৰকাশ কৰা ভাল । অসমৰ ৰাইজে অগপৰ পৰা এতিয়া আশ্বাস বিচৰা নাই, বিচাৰিছে দৃঢ় কৰ্মসূচী । ক্ষমতাৰ স্বাৰ্থত যদি অগপয়ো আত্মসমৰ্পণ কৰে তেতিয়া হ’লে ইয়াতকৈ আৰু বিশ্বাসঘাতকসতাৰ ডাঙৰ উদাহৰণ পোৱা নাযাব । অসমৰ ৰাইজ এতিয়াও আশাবাদী । বি পি এফৰ পৰাও ৰাইজে বহু আশা কৰিছে । আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে লোকসভাৰ আগন্তুক নিৰ্বাচনতো অগপৰে মিত্ৰতা অক্ষুন্ন থাকিব বুলি কৰা ঘোষণাই আন এক তাৎপৰ্য্য বহন কৰিছে । ৰাইজৰ সন্দেহ হৈছে ক্ষমতাৰ লোভত অগপ দলেও শেষ মুহুৰ্তত বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰি অসমীয়া জাতিক প্ৰতাৰণা কৰিব পাৰে । বিজেপিৰ কাৰ্য্যনিৰ্বাহকৰ সিদ্ধান্তৰ পাছত অসমৰ বিভিন্ন সংগঠন প্ৰতিবাদমুখৰ হৈ উঠিছে যদিও ৰাজপথৰ সকীয়নিয়ে বিজেপিৰ আগ্ৰাসী ভুমিকাক কিমান দূৰ প্ৰতিৰোধ কৰিব পাৰিব সেয়া সন্দেহৰ বিষয় । অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত অসমবাসীয়ে চুড়ান্ত ত্যাগ কৰি সমগ্ৰ বিশ্বৰ ওচৰত দেখুৱাই দিছিল অসমীয়াৰ সাহস আৰু ঐক্যবদ্ধ শক্তি । বৰ্তমানৰ পৰিস্থিতিয়ে সেই সাহস আৰু ঐক্যবদ্ধ শক্তিক পুনৰ প্ৰমাণ কৰি দেখুৱাটোকে বোধহয় বিচাৰিছে । ৰাইজে পুনৰ কঁকালত টঙালি বান্ধিবৰ হ’ল ।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s