
সুখ-দুখ
“মানুহ তেতিয়াহে দুখী হয়, যেতিয়া মানুহে সুখী নে দুখী এই কথা ভাবিবলৈ সময় পায় ৷”
#জৰ্জ_বাৰ্ণাৰ্ড_শ্ব
সুখ-দুখ এইবোৰ মানুহৰ মনৰ ধাৰণা মাত্ৰ । কোনোবাই বহুত পালেও সুখী নহয় কেতিয়াবা আকৌ কোনোবাই অতি সাধাৰণ জীৱন যাপন কৰিয়েই সুখী । কোনোবাই যিখিনি পাইছে তাত যদি সুখী হোৱা নাই; তেন্তে তেওঁ তেওঁতকৈ বেয়া অৱস্থাৰে জীয়াই থকা মানুহজনলৈ চাওঁক । পংগু মানুহৰ জীৱন নিৰ্বাহৰ সংগ্ৰাম চাওঁক, ফুল কুমলীয়া শিশু শ্ৰমিকৰ পৰা ৬০বছৰীয়া ৰিক্সাচালকজনৰ শ্ৰমখিনি অনুভৱ কৰক, চিৰদিন বিচনাত পৰি ৰোৱা ৰুগীজনলৈ চাওঁক। তেওঁ গম পাব তেওঁ কিমান সুখী ।
পাৰে যদি শিশুৰ নিচিনা হওঁক, সৰু সৰু কথাতে ৰস বিচাৰি লওঁক, অলপতেই সন্তোষ্ট হওঁক । সুখ-দুখৰ হিচাপ কেতিয়াও নকৰিব ।
দেখিব আপুনি এশ শতাংশই সুখী হৈ পৰিছে ।
। । । । । । #be_positive ।।।।।।।।।

Advertisements