মিচিং চিনেমা আৰু সমাজ সংস্কাৰ


মিচিং চিনেমা আৰু সমাজ সংস্কাৰ

চিনেমা আজৰি সময়ৰ এক মনোৰঞ্জনৰ আহিলা | এখন ভাল চিনেমাই মন, মগজুত ৰিলেক্সৰ ভাৱ কঢ়িয়াই আনে | লগতে সমাজ সংস্কাৰমূলক চিনেমাই সমাজত গোড়ামি, অন্ধবিশ্বাস, কুৰীতি আদি আতৰাই সমাজ সচেতনা,সজাগতাৰ কাম কৰিব পাৰে | হিন্দী, অসমীয়া ভাষাৰ চিনেমাই দৰ্শকৰ মনোৰঞ্জনৰ বাবে বিনোদনৰ সকলো মছলা প্রয়োগ কৰি বিনোদন ধৰ্মী চিনেমা নিৰ্মাণ কৰাৰ লগতে সময়ে সময়ে সমাজ সংস্কাৰ মূলক চিনেমাও নিৰ্মাণ কৰি আহিছে | সেই সমাজ সংস্কাৰ মূলক চিনেমাই মানুহক চিন্তা কৰিবলৈ খোৰাক যোগায় |
বিজ্ঞানৰ যুগত আমাৰ মিচিং সমাজখনত শিক্ষিতৰ হাৰ বঢ়াৰ লগে লগে সজাগ, সচেতনা আহিছে যদিও বহুত কম | অাজিও আমাৰ মিচিং সমাজখন অন্ধবিশ্বাস, কুসংস্কাৰৰে ভৰপুৰ | গাওঁ অঞ্চলত আজিও অনাময় ব্যৱস্থা নাই | থাকিলেও কৰিব নিবিচাৰে | য’তে ত’তে পেচাৱ, পায়খানা কৰাৰ ফলত যে মাটি, পৰিৱেশ দূষিত হয় সেই সম্পৰ্কে বহুতেই জ্ঞাত নহয় | পায়খানা কৰি আহি যে হাত-ভৰি ভালকৈ ধুব লাগে , হাতখন যে চাবোনে ধুই বীজানু পৰা মুক্ত কৰি নিজৰ দেহ, শৰীৰ সুস্থ কৰি ৰাখিব লাগে সেই বিষয়ে গাওঁ অঞ্চলৰ কিছুমান মানুহে নাজানে | তাৰ বাবে সজাগতাৰ প্রয়োজন | আজিও ভিতৰুৱা বহুত গাওঁত বাল্য বিবাহ দেখা যায় | সৰুতেই বিয়া হৈ সন্তানৰ মাতৃ হলে যে মাকগৰাকীৰ স্বাস্থ্য ৰুগীয়া হৈ পৰে সেইকথাবোৰ বিজ্ঞান সন্মতভাৱে যুক্তি দৰ্শাই সচেতন , সজাগ কৰি তুলিব লাগিব | এইধৰণৰ সচেতনা, সজাগতা অনাৰ ক্ষেত্রত মিচিং চিনেমাই এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিব পাৰে | কিন্তু চিনেমাখন কেৱল আৰ্ট ফিল্মৰ দৰে নিৰ্মাণ কৰিলে নহ’ব | কাৰণ আৰ্ট ফিল্ম দৰে নিৰ্মাণ কৰিলে বহুতেই চিনেমা চাই ৰস নাপায় গতিকে বিনোদনৰ মাজতে সমাজ সংস্কাৰৰ এই কথাবোৰ উপস্থাপন কৰিব লাগিব | তেতিয়া মিচিং দৰ্শকে চিনেমাখন চাই ৰসপান কৰাৰ লগতে সমাজৰ এই সংস্কাৰমুখী দিশবোৰ চিন্তা কৰিবলৈ বাধ্য হ’ব | আমাৰ মিচিং বেছিভাগ চিনেমাই কেৱল নায়ক-নায়িকাৰ প্রেম, সংঘাত, বিচ্ছেদ, মিলন এই ধৰণৰ কাহিনী দৰ্শকৰ বিনোদনৰ বাবে নিৰ্মাণ কৰে | অৱশ্যে ইয়াত চিনেমাখনৰ ব্যৱসায় কথাটো জড়িত হৈ থাকে | সমাজ সংস্কাৰমূলক মিচিং চিনেমা কেইজন মান লেখত লবলগীয়া পৰিচালকে নিৰ্মাণ কৰিছে যদিও আমাৰ মিচিং সমাজখনত সচেতনা আনিবলৈ আৰু অধিক সমাজ সংস্কাৰমূলক চিনেমাৰ প্রয়োজন | বিনোদনৰ লগতে সমাজ সংস্কাৰ মূলক চিনেমা নিৰ্মাণ কৰিলে আমাৰ মিচিং সমাজত বহুত সজাগতা, সচেতনা আহিব | এই পোষ্টটোৰ জড়িয়তে আমাৰ মিচিং সমাজৰ পৰিচালক, প্রযোজক, কাহিনীকাৰ, গল্পকাৰ সকলক নম্রভাৱে অনুৰোধ জনাইছো তেখেতসকলে যেন মিচিং সমাজৰ সচেতনা, সজাগতাৰ বাবে মিচিং সমাজৰ বিভিন্ন ধৰণৰ সংস্কাৰমূলক চিনেমা নিৰ্মাণ কৰি সমাজখনলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই অনাৰ লগতে মিচিং সমাজখনক এখন লেখত লবলগীয়া সমাজলৈ ৰূপান্তৰিত কৰাত সহায় কৰে |

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s