অসচেতনতাই মিচিং মানুহৰ সমাজ জীৱনৰ কালস্বৰূপ


অসচেতনতাই মিচিং মানুহৰ সমাজ জীৱনৰ কালস্বৰূপ

 

মিচিং মানুহৰ অসচেতন জীৱন যাপনে নিজৰ ব্যক্তিগত জীৱনৰ লগতে পৰিয়াল তথা সমাজক পৰ নিন্দনীয় কৰি তোলাৰ লগতে ঘৰখন ৰোগ-ব্যাধিৰ বাহক হৈ পৰিবলৈ দিছে। মিচিং মানুহৰ প্ৰায় 98 শতাংশই গ্ৰাম্য জীৱন যাপন কৰে । তাৰে দুই এজন ব্যক্তিৰ বাহিৰে সচেতন জীৱন যাপন নকৰে বেছি ভাগে । বিশ্বায়নৰ প্ৰক্ৰিয়াত আধুনিক জীৱন যাপন কৰিবলৈ মিচিং মানুহেও খোজ মিলাবলৈ আগবাঢ়ি আহিছে যদিও এতিয়াও বিশৃংখল জীৱন যাপন কৰি আছে । শিক্ষা, স্বাস্থ্য , খাদ্য ,গৃহ নিৰ্মাণ, পোহনীয়া জন্তু পালন , অৰ্থ সঞ্চয় , পৰিষ্কাৰ-পৰিচ্ছন্নতা , অনাময় ব্যৱস্থা , চৰকাৰী পূঁজিৰ ব্যৱহাৰ আদি ক্ষেত্ৰতে এক বিশৃংখলতা তথা অসচেতনতাই আমাৰ সমাজৰ উন্নয়ণত বাধা প্ৰদান কৰি আহিছে। আজি আধুনিকতাৰ নামত প্ৰায় প্ৰতিজন মিচিং মানুহৰ হাতে হাতে ম’বাইল ফোন আছে , প্ৰায় ঘৰে ঘৰে মটৰ চাইকেল আছে , টি:ভি আছে , ঘৰে ঘৰে শিক্ষিত লোক আৰু বহুত আছে। কিন্তু আধুনিকতাৰ নামত সস্তীয়া ধাৰণাই আমাৰ সমাজৰ সঠিক উন্নয়নত বাধা সৃষ্টি কৰিছে। আজি নিজৰ অতি মৰমৰ প্ৰেমিকাক ঘৰলৈ আনিছে কিন্তু ঘৰৰ চোতালখন ইমান লেতেৰা, ঘৰৰ চাঁঙৰ তল ভাগ বোকা পানীৰে জৰ্জৰিত, মৰমৰ মানুহজনী প্ৰস্ৰাৱ কৰিবলৈ ঠাই নাই পাইখানা কৰিবলৈ ঠাই নাই মুকলিতে কৰিছে দেখাই দেখিছে লাজ খোজ হেৰুৱাই কৰিবলৈ বাধ্য। অকল তাইয়ে নে ? আৰু ……… । সন্তান জন্ম হল অপৰিকল্পিত ভাৱে আৰু সন্তানটোক বয়স হোৱাৰ লগে-লগে বিদ্যালয়লৈ পঠিয়াই কিন্তু মোৰ এই মৰমৰ সন্তানটোক এজন সুস্থ সবল মানুহ হিচাপে গঢ়িম এই ধাৰণাৰ অভাৱে শেষত সন্তানটোক নিজে নিজৰ মতেই হবলৈ দিছে । বিদ্যালয়ত শিক্ষকে কি শিক্ষা প্ৰদান কৰিছে চাবলৈ নাযায় , স্কুলত সময়মতে শিক্ষক আহিছে তাক নাচায় , গৃহকাৰ্য কি দিছে নাচায় , খাই গৈছে ,পৰিচ্ছন্ন হৈ স্কুল গৈছে, কিবা শিকিছে একো নাচায়, পৰীক্ষা কেনেকৈ লৈছে চাবলৈ নাযায় কিন্তু কিবা টকা স্কুললৈ আহিছে বুলি শুনিলে কি চাবা ?????? আৰু শেষত পৰীক্ষাত নকল কৰিবলৈ দিয়া পৰিবেশে ছাত্ৰ-ছাত্ৰীক শিক্ষিতৰ প্ৰমাণ পত্ৰৰ বাহিৰে জীৱন যাপনত এক ফলপ্ৰসু প্ৰয়োগ দেখিবলৈ নিদিয়ে।।। আনকি বৰ্তমান সমাজৰ নেতিবাচক দিশত অংশ লোৱা দেখা যায় বহুতক ।
স্বাস্থ্য দিশত :- মিচিং সমাজৰ গৃহ নিৰ্মাণ ব্যৱস্থাক বহুতে সমালোচনা কৰা দেখা যায়। কিন্তু আমাৰ অসচেতনতাই আনক সমালোচনা কৰিবলৈ বাধ্য কৰাইছে। কাৰণ আমাৰ মিচিং গাঁৱৰ মাজেৰে যোৱাৰ লগে লগে প্ৰথমে গাহৰিৰ গুৱেই আদৰি লয়। তাৰ পাছত ঘৰৰ চোতাল পোৱাৰ লগে-লগে গছৰ পাত-জাবৰ-কাঠ-বাঁহৰ টুকুৰা, বোকা পানী আদিৰ বিশৃংখল চোতালখনে আদৰে । তাৰ পাছত ঘৰলৈ সোমোৱা লগে লগে বিশৃংখল ভাৱে ৰখা আচবাব বাচন বৰ্তন আৰু শেষত চাঙৰ তলত চাবলৈ পোৱা বোকা পানী। এতিয়া আচল কথাটো হল এই লেতেৰা পৰিবেশত থকা আমিবোৰ কেনেকৈ বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব???? এই অ স্বাস্থ্যকৰ পৰিবেশত আমি কেনেকৈ সুস্থ জীৱন যাপন কৰিম???
খাদ্য ব্যৱস্থা:- খাদ্য ব্যৱস্থাত মিচিং মানুহৰ উক্তি “জীয়াই থাকোতে যিমান পাৰে খাব লাগে। মৰিলে কোনে খাব।” এই ধাৰণাৰে গাহৰিৰ দৰে পালে খাব লাগে, কোনো পৰিমাণবিহীনভাৱে , ৰুটিনবিহীনভাৱে ; আলহী আহিলেই মাছ মাংস আপঙৰে উভৈনদী হব লাগে , লেখ অনুসৰি খাদ্যৰ ৰন্ধন আদিৰ ব্যৱস্থাৰ অভাৱে মিচিং জাতিজনগোষ্ঠী দুৰ্বল কৰি ৰাখিছে ।।
গৃহ নিৰ্মাণ:- চাংঘৰ নিৰ্মাণ ব্যৱস্থাই আমাক কিছু ক্ষেত্ৰত অসুবিধা সৃষ্টি কৰিছে। কাৰণ কোনো এজন ব্যক্তি চাঙত অহা যোৱা কৰিলে শব্দৰ সৃষ্টি হয় ।এই শব্দই পঢ়ি থকা লোকক আমনি কৰাৰ উপৰিও অপ্ৰিয় সত্য যে বহুতে চাঙৰ পৰাই প্ৰস্ৰাৱ কৰে । চাঙৰ তল খন পৰিষ্কাৰকৈ নাৰাখে। গাহৰি, কুকুৰা , ছাগলী আনকি গৰু পৰ্যন্ত সোমাই তলত হগা মোঠা কৰে । এইবোৰে স্বাস্থ্যৰ কাৰণে হানিকাৰক।
পৰিষ্কাৰ পৰিচ্ছন্নতা :- পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱে আনৰ চকুত নিন্দনীয় হৈ আছোঁ। কাৰণ কেইজনী মিচিং গাভৰু বা মহিলাই শুই উঠিয়েই চোতালখন সাৰে??? কেইজন পুৰুষে কৈ পাইছে চোতালখন সাৰিবলৈ। নিজৰ মূখ আৰু কাপোৰখন পৰিষ্কাৰ হ’লেই শেষ নহয়। ঘৰৰ চাৰিওফালে আনৰ চকুত যাতে বেয়া নেদেখে তাৰ কাৰণে সচেতন নহয় আমাৰ মানুহ ।
অনাময় ব্যৱস্থা :- অনাময় ব্যৱস্থাৰ ওপৰত আমাৰ মানুহৰ সচেতনতাৰ অভাৱে লাজ কি বস্তু তাকে পাহৰিব দিছে নেকি ??? জোপোহাৰ তলত, হাবি বননিত হে কি কম আৰু প্ৰস্ৰাৱ পাইখানা কৰি থাকে ।
পোহনীয়া জন্তু:- মিচিং মানুহে গাহৰি,ছাগলী, গৰু, কুকুৰা আদি পোহে । কিন্তু গাহৰিৰ ক্ষেত্ৰত বিশেষভাৱে আমি পৰিকল্পিতভাৱে পোহিব লাগে যদিও মুক্ত ভাৱে এৰিদিয়াৰ কাৰণে বাট পথত যতে ততে মল ত্যাগৰ ফলত বহুত লেতেৰা কৰে । তাৰ লগতে গাহৰিৰ পৰা আমাৰ কিছু মান বেমাৰ হব পাৰে। গাহৰি, ছাগলী ,গৰু আদি নিৰ্দিষ্ট স্থান ৰখাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমি সচেতন নহয়।
চৰকাৰী পূঁজিৰ অসৎ ব্যৱহাৰ আমাৰ সমাজৰ এক উল্লেখযোগ্য ঘটনা। সামাজিক দান-বৰঙনি বা শাৰীৰিক পৰিশ্ৰমৰ জৰিয়তে যে একো কাম নকৰে নকৰেই চৰকাৰী পূঁজি এটা আহিলে তাক সৎ ব্যৱহাৰ কৰিবলৈ গাঁৱৰ মানুহবোৰে সহায় বা চোৱা চিতা নকৰে । আনকি ঠিকাদাৰৰ পক্ষ লয় এবটল দুবটল আপঙত।
এইবোৰ স্বভাৱগত লক্ষণবোৰ যেতিয়ালৈকে পৰিবৰ্তন নহয় মিচিং মানুহ আনৰ চকুত নিন্দনীয় হৈ থকাৰ লগতে সামাজিক তথা আৰ্থিকভাৱে আমি পিছ পৰি থাকিম।
সঞ্চয় কি মিচিং মানুহৰ বেছি ভাগেই নাজানে। কিবা টকা পইচা পালে বেঙ্কত ৰাখিব লাগে এইবোৰ নাজানে । অপৰিকল্পিত ভাৱে খৰছ কৰে । ভবিষ্যতৰ বাবে সাঁচি নাৰাখে।
এইবোৰৰ অসচেতনতাই আমাক দুৰ্বল কৰি ৰখাৰ লগতে আনে সহজে প্ৰলোভিত কৰি আমাক বিপথে পৰিচালিত কৰে ।। গতিকে আমি আধুনিকতাৰ লগত সংগতি ৰাখি শৈক্ষিক ক্ষেত্ৰখন ভালকৈ মজবুত কৰাৰ লগতে বিশৃংখল জীৱন নিৰ্বাহ পদ্ধতিক সংস্কাৰ কৰিবলৈ আমি আগবাঢ়ি যাওঁ।

Image may contain: 9 people, people smiling, sky, outdoor and nature
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s