মিচিং ধৰ্ম আৰু সংস্কৃতি
তপন কুটুম
এটা জাতিৰ সংস্কৃতি আৰু পৰম্পৰা বহুতখিনি ধৰ্মৰ ভিত্তিতেই সৃষ্টি হয়। তেনেদৰেই আমি মিচিং হিচাবে বৈশিষ্ট বহন কৰি থকা মূল সংস্কৃতি, পৰম্পৰা, খাদ্যাভ্যাস, সামাজিক জীৱন ধাৰণেই দঃঞি পঃলঃ ধৰ্মীয় বিশ্বাসৰ আলমতে গঢ় লৈছে। এই কেইদিনমানত ফেচবুক মিচিং গ্ৰুপ সমূহত মিচিঙৰ ধৰ্ম সন্দৰ্ভত বহুতে বিভিন্ন ধৰণৰ আপদেট দিছে আৰু তাৰ ওপৰত বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে । অতি পৰিতাপৰ কথা, কোনো কোনোৱে কৈছে মিচিঙৰ হেনো কোনো ধৰ্ম নাই। ভাৱি আচৰিত লাগে পুৰুষ পুৰুষ বাগৰি যিটো ধৰ্মৰ ছত্ৰ ছাঁয়াত সংস্কৃতি পৰম্পৰা বজাই ৰাখি সমাজত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল, এতিয়া জ্ঞানৰ চকু অলপ বেচিকৈ মেল খোৱাত নিজৰ জাতিৰ ধৰ্ম্মটোকে চিনি নোপোৱা হ’ল। ইয়াতকৈও আৰু লজ্জাজনক কথা কিবা থাকিব পাৰেনে ? কোনো অচিনাকী বিদেশী পৰ্যটকে যদি লগ পাই মিচিং জাতিটোৰ বিষয়ে জানিব বিচাৰে, তেওঁলোকে আমাৰ জাতিটোৰ বিষয়ে কিবা বিকৃত তথ্য নিদিব জানো।
মিচিং জাতিটোৰ লিখিত ধৰ্ম গ্ৰন্থ নাই যদিও আমাৰ যি আছে সেয়া বেলেগত নাই। সেইটোৱেই হৈছে মিচিঙৰ এটা প্ৰধান বৈশিষ্ট। মিচিঙৰ ধৰ্মৰ প্ৰধান বৈশিষ্টধাৰী সেই ‘মিবু’জনৰ গাত কিবা ঐশ্বৰিক শক্তি থকা বাবেহে তাহানিৰ দিনতে বিশ্বৰ পৰিবেশৰ লগত কোনো যোগসূত্ৰ নথকা, যাতায়ত যোগাযোগৰ ব্যৱস্থা নোহোৱা অতি দুৰ্গম পিছপৰা জংঘলৰ বাসিন্দা হৈও বিশ্বৰ জ্যোতিৰ্বিজ্ঞান আৰু বৃহৎ বৃহৎ ধৰ্ম গ্ৰন্থই স্বীকৃত ‘বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি তত্ব’ ক’ব পাৰিলে। তেওঁৰ আঃবাঙ(শ্লোক)তেই আছে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু সমগ্ৰ মানৱ তথা মিচিং জাতিৰ অভ্যুথ্থানৰ বুৰঞ্জী। মিবুৰ আঃবাংসমূহ মিবুৰ লগতেই আবদ্ধ কৰি নাৰাখি সৃষ্টিৰ সময়ৰ পৰাই কিতাপ আকাৰে লিপিবদ্ধ কৰি প্ৰচাৰ কাৰ্য চলাই অহা হ’লে হয়তো বৰ্তমানৰ দৰে অস্তিত্বৰ সংকটাৱস্থাত উপনিত নহ’লহেঁতেন তথা বিশ্বৰ উন্নত ধৰ্মসমূহৰ এক অন্যতম হ’লেহেঁতেন।
মিবু আঃবাঙৰ সৃষ্টি তত্বমতে কোটি কোটি বছৰৰ আগত বিশ্ব ব্ৰহ্মাণ্ডৰ আৰম্ভণিৰো আৰম্ভণিত অচল, নিৰাকাৰ, বৰ্ণহীন মহাশূণ্যতাই বিৰাজ কৰিছিল। সেই মহা শূণ্যতাক কোৱা হৈছে “ক’য়ুম” (ke’yum)।
ক’য়ুম মহাশূণ্যতাৰপৰা ক্ৰমান্নয়ে বিৱৰ্তন হৈ
য়ুমকাং (yumkang)- পুৰুষ আৰু স্ত্ৰী লিঙ্গ প্ৰকৃতি শক্তি,
কাঃচি (ka:si)- আছে আৰু নাই। ঋণাত্মক শক্তি,
চিআন্ (sian)- কুঁৱলীৰ দৰে পাতল ধোঁৱাবৰণীয়া স্তৰ,
আন্ব (anbo)- ডাঠ আৱৰণৰ কুঁৱলী বা ডাৱৰৰ স্তৰ,
বমুগ্ (bomug)- কঠিন আৱৰণযুক্ত কুঁৱলী বা ডাৱৰৰ স্তৰ,
মুকচেং (mukseng)- প্ৰায় কঠিন ৰূপ,
চেঃদৃ (se:di) আৰু মেঃলঃ( me:lo) – কঠিন ৰূপ, চেতনাযুক্ত, সৃষ্টিকৰ্তা।
এই চেঃদৃ-মেঃলঃই দঃঞি(do:ni), পঃলঃ(po:lo), বিভিন্ন গ্ৰহ-নক্ষত্ৰ, দেৱ-দেৱী, অপদেৱতা, ভূত-প্ৰেত, পোক-পতঙ্গ, জীৱ-জন্তু সৃষ্টি কৰিছে। আৰু দঃঞি পঃলঃৰ পৰাই আবুতানি অৰ্থাৎ সমগ্ৰ মানৱ জাতিৰ লগতে মিছিং জাতিৰ সৃষ্টি হৈছে। দেৱ-দেৱীবিলাকৰ ভিতৰত কিছুমান মাঙ্গলিক আৰু আন কিছুমান অমাঙ্গলিক দেৱতা। মাঙ্গলিক দেৱতাবিলাক আপোন সৃষ্টিত মগ্ন। সিহঁতক কোনো পূজা অৰ্চনা আগবঢ়াব নালাগে। অমাঙ্গলিক দেৱতাবিলাক ঈৰ্ষাপৰায়না, অনিষ্টকাৰী। ঈৰ্ষা আৰু প্ৰতিশোধৰ পৰা সাৰিবৰ কাৰণে মানুহে অমাঙ্গলিক দেৱতা অপদেৱতাসকলক তেওঁলোকে বিচৰাৰ দৰে পূজা, বলি দিয়ে। এই ধাৰণাৰ পৰাই মিচিঙৰ ধৰ্ম আৰু ধৰ্মীয় সংস্কৃতিসমূহ সৃষ্টি হৈছে।
ইয়াৰ ভিত্তিতেই মিচিংসকলে প্ৰকৃতিক সাক্ষী কৰি দবুৰ, উৰম্, তালেং (tale’ng) উয়ু, ৰকপুং উয়ু, দদ্গাং, য়াল গগ্নাম, মিবু দাগ্নাম্, কুম্চাক্, দলৃং উয়ু, তু:পাগ, পৗৰপাগ আদি ধৰ্মীয় সংস্কৃতি পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰি আহিছে। ঠিক একেদৰে প্ৰকৃতি, ধৰ্মীয় বিশ্বাস আৰু কৃষিৰ ভিত্তিত সৃষ্টি হোৱা অন্যান্য উৎসৱ-পাৰ্বন, সংস্কৃতি পৰম্পৰাসমূহ যেনে- আলি আঃয়ে লৃগাং, পঃৰাগ, আম্ৰাগ আদি উৎসৱ আৰু মৃতকৰ চিমা দুক্কাং, য়ুনাম, মৃতকৰ পিণ্ড দিয়া, বিবাহ প্ৰথাত দুগ্বচুনাম, য়াম্চাং, দুক্তাদ, মিতুৰ কুম্নাম, য়াগেচুনাম ইত্যাদি প্ৰথা, পৰম্পৰা মিচিং জাতি সভ্যতা সৃষ্টিৰে পৰা চলি আহিছে। মিচিঙৰ ধৰ্মত কোনোবাই কাৰোবাৰ উদ্দেশ্যি কুকুৰা কাটিলে লগে লগে প্ৰতিক্ৰিয়া দেখুৱায়।
অসমত আহোমসকলৰ ৰাজত্বৰ সময়ৰ পৰাই হিন্দু আৰু শংকৰদেৱৰ কেৱলীয়া ধৰ্মৰ প্ৰভাৱত ন পুৰুষীয়া সকাম, অনুৰূপীয়া সকাম, মাতৃ সেৱা, ৰিষ্ট সকাম, ডাঙৰীয়া সকাম, কীৰ্তন, বহাগ/কাতি/মাঘ বিহু, নাওঁ চৰোৱা সকাম, দেৱী পূজা, দেৱালী, সঞ্চাৰী সকাম, মহিলাৰ শিৰত সেন্দুৰ লোৱা আদি কেতবোৰ সংস্কৃতি, ৰীতি-নীতি সংযোজন হ’ল। মিচিঙৰো কেতবোৰ সংস্কৃতি অসমীয়াৰ লগত আদান-প্ৰদান হ’ল। যেনে- ঢ়োলৰ চেউ, বিহুগীতত ঐনিঃতমৰ সুৰ, অসমীয়াৰ সাজপাৰত মিচিঙৰ কাপোৰৰ অন্তৰ্ভূক্তি আদি। অবশ্যে সেই সময়ৰ হিন্দু আৰু শংকৰী ধৰ্মই মিচিঙৰ মূল ধৰ্মৰ বিশেষ প্ৰভাৱ পেলাব পেলোৱা নাছিল। বৰঞ্চ সেইবিলাকৰ নতুন সংস্কৃতিবিলাক মিচিং সমাজৰ জীৱন ধাৰণৰ অপৰিহায্য অংগহে হৈ পৰিল। ফলত এই ন-পুৰণি সকলোবোৰ সংস্কৃতিৰ সমন্বয়ত এক পূৰ্ণাঙ্গ মিচিং জাতি সংস্কৃতি গঢ় ল’লে। মিচিঙৰ এই পৰম্পৰা-সংস্কৃতিৰ সোণত সুৱগা চৰাইছে খাদ্যৰ ভিতৰত ঘৰতে প্ৰস্তুত কৰা সাজ পানী পঃৰঃ আৰু নগিন আপং, গাহৰি মাংস, শুকান মাছৰ নামচিং ; বস্ত্ৰৰ সুনিপুনা মিচিং মহিলাৰ হাতত প্ৰাণ পাই উঠা ফুলাম এগে গাচৰ, মিবু গালুক ; শুনিলেই হিয়া শাঁত পৰি যোৱা সু-মধুৰ ঐনিঃতম আদি।
কিন্তু সাম্প্ৰতিক সময়ত কিছু বিজতৰীয়া ধৰ্ম যেনে- উগ্ৰ হিন্দু, শংকৰদেৱৰ ভাগৱতী বৈষ্ণৱ, খ্ৰীষ্টান, অনুকুল আদিত ধৰ্মান্তকৰণ হোৱাৰ ফলত মিচিং সমাজত প্ৰচলিত তথা কথিত প্ৰকৃত ধৰ্মত ঘূণে ধৰিবলৈ লৈছে। তেওঁলোকেও নিজস্ব ধৰ্মৰ ধৰ্মীয় সংস্কৃতিসমূহ পালন কৰিবলৈ লৈছে। তেওঁলোকৰ ধৰ্মীয় বিশ্বাস আৰু মূল মিচিং ধৰ্মৰ বিশ্বাস, চিন্তা ধাৰণাৰ মাজত বিপৰীতমুখে অৱস্থান কৰিছে। ফলত মিচিং সমাজ বিভক্ত হ’বলৈ লৈছে। সমগ্ৰ মিচিং জাতিৰ একতা, স্বকীয় সংস্কৃতি খৰ্ব হৈছে। যাৰ বাবে মিচিং জনগোষ্ঠীটোৰ অস্তিত্ব বিপদাপন্ন হৈছে।
সেয়ে আহক, আমি সকলো, জাতীয় সংগঠন- আগম কেবাং, বানে কেবাং, টি এম পি কে, এম এম কে, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সবল ভূমিকাৰে নিজৰ দ:ঞি প:ল: য়েলামক উজ্জিৱীত কৰি মিচিং জাতিৰ ধৰ্ম সংস্কৃতিৰ লগতে জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে অগ্ৰসৰ হওঁ।
MISING RÉNGAM ÍRROI
DO:NI PO:LO YELAM ÍRROI.
Advertisements