ৰাম ৰহিম বাবাৰ ঘটনা আৰু বিজ্ঞান প্রযুক্তিৰ প্রচাৰ


কেইদিনমানৰ আগতে এটা খবৰে সমগ্র দেশবাসীকে হতচকিত কৰি তুলিছিল। এজন সাধুৰ (?) লক্ষ লক্ষ সমর্থকে দেশৰ দুই তিনিখন ৰাজ্যৰ জনজীৱন প্রায় ম্ভব্ধ কৰি তুলিছিল৷ তাকো এনেকুৱা এজন সাধু যি দৰাচলতে এটা বলাৎকাৰী | সাধুৰ নামত কলংক ৷ কিন্তু আচৰিত কথাটো হ’ল এনেকুৱা এজন বলাৎকাৰী অসাধুৰ কাৰণে লাখ লাখ মানুহে যেতিয়া দেশৰ আইন, প্রশাসনক ধোৱাচাঙত তুলিব পৰা হল, তেতিয়াই বুজিব লাগিব যে আমাৰ দেশৰ জনতাৰ মানসিকতাৰ বিকাশ কিমান হৈছে ৷ বিজ্ঞান প্রযুক্তিৰ এই ৰম্যময় কালতো এইখন দেশত এনে বহু লোক আছে যিয়ে এজন বাবাৰ বাবে প্রাণ আহুতি পর্যন্ত দিব পাৰে। ৰাম ৰহিম বাবাৰ ঘটনাসমূহে কিন্তু দেশত বৈজ্ঞানিক মনস্কতাৰ এক নির্লজ্জ্ব ৰূপ উদঙাই দিলে ৷ বিজ্ঞান প্রযুক্তিৰ প্রচাৰ, প্রসাৰ আৰু প্রয়ােগত আমি যিমানেইঁ আগবাঢ়ি নাযাওঁ কিয়; বৈজ্ঞানিক মানসিকতাৰ ফালৰ পৰা আমাৰ অবস্থা কিন্তু সচাকৈয়ে পুতৌলগা ৷ অকল ৰাম ৰহিমেই কিয়, দেশৰ বহু শতাংশ জনতাই এনে বহু বাবাক আদর্শ হিচাপে জ্ঞান কৰি জীৱন যাপন কৰে ৷ ডাইনী হত্যা, বলি বিধানাে এনে অদ্ভুত মানসিকতাৰ ফলতে সমাজত বর্তি থকা কিছুমান প্রথা। ৰাজনৈতিক নেতিবোৰেও ভোট বেংকৰ স্বার্থত এনে কিছুমান ব্যক্তি আৰু ঘটনাক উদগনি যোগাই আহিছে | কিন্তু কথা হল, এনে উদগনিৰ ধনাত্মক ফলাফলে কিন্তু আমাৰ বৈজ্ঞানিক মানসিকতাৰ পুতৌ লগা ছবিখন উদঙাই দিয়ে | দেশৰ সংবিধানৰ নির্দেশাত্মক নীতিত উল্লেখ থকা অনূসৰি দেশৰ জনসাধাৰণৰ মাজত বৈজ্ঞানিক মানসিকতাৰ সৃষ্টি কৰাটো দেশৰ চৰকাৰৰ এটা প্রধান আৰু মৌলিক কর্তব্য | কিন্তু উল্লেখযোগাভাৱে এই দেশৰ প্রধান মন্ত্ৰীগৰাকীয়ে ভাৰতীয় বিজ্ঞান সমাৰোহৰ উদ্বোধনী ভাষণত উল্লেখ কৰিছিল যে হিন্দুৰ এগৰাকী আৰাধ্য দেৱতা গণেশৰ মূৰটো হাতীৰ হোৱাটোৱে প্রমাণ কৰে যে দেশত প্লাষ্টিক ছার্জাৰীৰ পদ্ধতি আৰম্ভ সেই যুগতেই হৈছিল ৷ এনে এক অদ্ভুত বক্তৃতাৰ প্রতিবাদ জনাই ভাৰতীয় নোবেল বটাপ্রাপক ৰসায়ন বিজ্ঞানী ভেংকটৰমন ৰামকৃষ্ণনে কৈছে যে ভাৰতীয় বিজ্ঞান সমাৰোহ এখন চার্কাছ মাথো ৷ যিখন দেশৰ প্রধান মন্ত্ৰীয়ে এনে অদ্ভুত উদাহৰণেৰে বিজ্ঞানৰ সূত্র নিৰূপণ কৰিব পাৰে, সেইখন দেশৰ বিজ্ঞান সমাৰোহলৈ তেওঁতো নাহেই, তেওঁ বেলেগ বিজ্ঞানীকো আহিবলৈ পৰামর্শ নিদিয়ে | প্রধান মন্ত্ৰীতো বাদেই দিলো, এইখন দেশৰ বিজ্ঞানীও অন্ধবিশ্বাসৰ পৰা মুক্ত নহয় ৷ ভাৰতৰ চন্দ্রযান অভিযানৰ প্রাকমূহূর্তত দেশৰ সৰ্ব বৃহৎ মহাকাশ গৱেষণা প্রতিষ্ঠান ইছৰ’ৰ অধ্যক্ষ গৰাকীয়ে চন্দ্রযানখনৰ এটা ম’ডেল দক্ষিণৰ বালাজী মন্দিৰত অর্পণ কৰি পূজা অৰ্চনা কৰে | সেই সময়ত বিশ্ববিখ্যাত তথা ভাৰত ৰত্ন প্রাপ্ত বিজ্ঞানী অধ্যাপক চি এন আৰ ৰাৱে এই কথাৰ তীব্র প্রতিবাদ কৰিছিল। গতিকে কথা হল যিখন দেশৰ প্রধান মন্ত্ৰী, মূধাফুটা বিজ্ঞানীও যেতিয়া অন্ধবিশ্বাসৰ বলি হয়; সেইখন দেশত সাধাৰণ নাগৰিকৰ মাজত বিজ্ঞান দর্শনৰ অভাৱ ঘটাটো তেনেই স্বাভাৱিক ৷ আজি ৰাম ৰহিমৰ বাবে দেশৰ জনসাধাৰণে কৰা কাৰ্য্য কলাপৰ বাবে আমাক চাগৈ বিশ্বই হাঁহিছে ৷ বিজ্ঞানৰ আদৰ্শ যদি আমি আন্তৰিকভাৱে হৃদয়ংগম কৰিব নােৱাৰোঁ, কেৱল তথ্য প্রযুক্তিৰ ব্যৱহাৰে কিন্তু আমাক আধুনিক কৰি তুলিব নােৱাৰে |

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s