“মিবু আঃবাং”


মিচিংসকলৰ “মিবু আঃবাং” বা দেওধাই গীত সমূহ মিচিং সকলৰ দেওধাই বা মিবু সকলে মঙল চোৱা বা গুৰুত্বপূৰ্ণ সকাম নিকাম বা পূজা পাতল কৰোতে মন্ত্ৰ হিচাপে গোৱা গীত। মিবুৱে তেওঁৰ দৈৱিক শক্তিৰে ভূত,বৰ্তমান আৰু ভৱিষ্যতৰ কথা সঠিক ভাৱে ক’ব পাৰে। মিবু বা দেওধাই হ’বলৈ হ’লে সৰুৰে পৰাই হ’ব লগাজনৰ গাত মিবুৰ লক্ষনে দেখা দিয়ে আৰু সৰুৰে পৰাই তেওঁ বাচ বিচাৰ কৰি খাদ্য গ্ৰহণ কৰে। মিবু এজনে মিবুৰ দৈৱিক শক্তি লাভ কৰাৰ আগতে এপম (épom) নামৰ এক শ্ৰেণীৰ দেৱতাই তেওঁক কোনোবা অচিন অজ্ঞাত দেৱ লোকলৈ কোনেও নজনাকৈ লৈ যায় আৰু তাতে তেওঁক মিবু হোৱাৰ প্ৰয়োজনীয় শিক্ষা দিয়ে। উল্লেখযোগ্য যে যেতিয়া মিবু হ’ব লগা মানুহ এজন দেৱতাই লৈ যায় তেওঁ মানুহৰ চকুৰ আগৰ পৰাই হঠাতে অদৃশ্য হৈ যায়। এপম দেৱতাই তেওঁক মিবু হোৱাৰ উপযুক্ত শিক্ষা দিয়াৰ পিচত ঘৰত থৈ যায়হি। তথাপি যেতিয়ালৈকে মিবু এজনে দেৱতাই দিয়া য়কচা বা দেউ তৰোৱালখন নেপাই তেতিয়ালৈকে তেওঁ সম্পূৰ্ণ মিবু বা দেওধাই হ’ব নোৱাৰে। য়কচা বা দেউ লগা তৰোৱালখন দেৱতা সকলে মিবু হোৱাৰ শিক্ষা দি ঘৰলৈ ওভতাই পঠোৱাৰ পিচতহে দিয়ে। যাক দেৱতাই য়কচা বা দেউ তৰোৱাল দিয়া নাই তেওঁ প্ৰকৃত মিবু হ’বই নোৱাৰে। মিবু সকলে কোৱা মতে য়কচা বা দেউ তৰোৱালখন তেওঁলোকে ছিয়াং নদীৰ পাৰলৈ গৈ দেৱতা সকলৰ পৰা পিচত আনেগৈ।

মিচিংসকলৰ নিজা লিপি নাই। আঃবাং বোৰ বেদৰ শ্লোকবোৰৰ নিচিনাকৈ পুৰুষানুক্ৰমে মুখ বাগৰি অহা নহয়।”এপম” দেৱতাইহে মিবু এজনক সেই গীতবোৰ শিকায়। তথাপি আঃবাংবোৰত মিচিংসকলৰ পুৰনি দিনৰ বিভিন্ন সময়ৰ কথা সংৰক্ষিত হৈ আছে ।

মিবু আঃবাংবোৰত ঘাইকৈ প্ৰকৃতিৰ ৰূপ সৌন্দৰ্য্যৰ বৰ্ণনাই বেছিকৈ পোৱা যায়। আবাংবোৰ সুললিত কাব্যৰীতিৰ ছন্দৰে ৰচিত। ইয়াত উদাহৰণ হিচাপে মিবু আঃবাংঙৰ কেইশাৰীমান আগবঢ়ালো-

21462778_1447694811981449_3368761181277757518_n

“Do:si piri:lo piri:lo pogyoga
Do:si:ké lékorém piri:lo pogyoga.
korangko dakkune piri:lo pogyoga
ko:jé na:néké piri:lo pogyoga
jémané kobona piri:lo pogyoga.”

শব্দাৰ্থঃ-
pogyog:- বালিমাহী চৰাই
ko:jé na:né:- বসুমতী, মাতৃ পৃথিৱী
lékor:- খোজ
jé:mané kobona:- বসতি স্থান
Do:si:- মানৱ আত্মাৰ বসতি স্থান(yalo: dung-géng)
piri:lo:- যাওঁ বলা
korangko dakkné:- ভিতৰলৈ সোমোৱা( korng:- a range, ভিতৰ)

ভাবাৰ্থঃ

এই আঃবাংঙৰ জৰিয়তে মিবুজনে মৃতকৰ আত্মাৰ বাস স্থান দেৱ লোকত প্ৰৱেশ কৰিব বিচাৰিছে। তেওঁ কৈছে- বালিমাহী চৰায়ে যেনেকৈ জপিয়াই জপিয়াই আনন্দত বিচৰণ কৰি ফুৰিছে ঠিক তেনেকৈ মিবুৰ লগতে সকলো সমজুৱাই দেৱ লোকত প্ৰৱেশ কৰিবলৈ আহ্বান জনাইছে । মিচিংসকলৰ দৰ্শন মতে উপৰি পুৰুষৰ আত্মাই পৃথিৱী বা বসুমতীৰ অভ্যন্তৰত মৃত্যুৰ পিছত বাস কৰে । সেই কাৰনে “কঃজে নাঃনে” (ko:jé na:né) বা বসুমতীৰ গৰ্ভলৈ বালিমাহী চৰায়ে আনন্দত যেনেকৈ নাচি নাচি আগবাঢ়ি যায়, তেনেকৈ আগবাঢ়ি যাবলৈ মিবুৱে সকলোকে আহ্বান জনাইছে ।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s