বেদান্ত দৰ্শনৰ শিক্ষা


বেদান্ত দৰ্শনৰ শিক্ষা আচলতে জন্ম বা সৃষ্টি আত্ম বিস্মৃতি। প্ৰকৃত মুক্তি আত্মজ্ঞান। যি জ্ঞানে মানুহক সম্পূৰ্ণৰূপে প্ৰবুদ্ধ কৰে (অকল বুদ্ধিত চেলেংপেতেংকৈ নহয়), সৰ্ব্বতোভাৱে তেওঁ যে ঈশ্বৰৰ অংশ, ঈশ্বৰেৰে সৈতে একে এই জ্ঞান। অৱতাৰ হোৱা মহাপুৰুষৰে নিজৰ জীৱন, ইচ্ছা আৰু কাৰ্য্যকলাপ ঈশ্বৰৰ ইচ্ছাৰ সৈতে যে এক এই জ্ঞান সম্পূৰ্ণৰূপে অনুভৱ কৰে । এই বাবেই যীশুখৃষ্টই কৈছিল , “I and my Father are one.” এইবাবেই বুদ্ধই কৈছিল- ”মানুহে পৃথিৱীত সুকীয়া অস্তিত্ব অনুভৱ কৰে অজ্ঞানতাৰ নিমিত্তে।” ঘোষাত মহাপুৰুষে লিখিছে-

ঈশ্বৰৰ সেৱা কৰন্তে জীৱৰ
গুচয় মায়াৰ ভ্ৰম।
ব্ৰহ্মপদে শুদ্ধ জীৱক বোলয়
ঈশ্বৰ পৰমব্ৰহ্ম।

বীতৰাগভয়ক্ৰোধা মণ্ময়া মামুপাশ্ৰিতাঃ। (গীতা)

অৰ্থাৎ আসক্তি, ভয় আৰু ক্ৰোধশূন্য আৰু মোতে একচিত্ত যি মোক আশ্ৰয় কৰি অনেকে আত্মজ্ঞানৰ দ্বাৰাই পবিত্ৰ হৈ মোৰ ভাব পাইছে।

যক্ষ বক্ষ স্ত্ৰীশুদ্ৰ যত ব্ৰজবাসী।
পক্ষী মৃগ বিষ্ণু ভৈল কৃষক উপাসি।। (কীৰ্ত্তন)
সমস্ত ভুততে দেখিবেক নাৰায়ণ
আত পৰে আন ধৰ্ম্ম সবে বিড়ম্বন।।
সমস্ত ভূততে ব্যাপি আছো মই হৰি।
সবাক মানিবা তুমি বিষ্ণু-বুদ্ধি কৰি।।
কুকুৰ চণ্ডাল গৰ্দ্দভৰো আত্মা ৰাম।
জানিয়া সবাক পৰি কৰিবা প্ৰণাম।। (কীৰ্ত্তন)

ইয়াকে বোলে ঈশ্বৰৰ অনুভূতি (God-realisation) আৰু এই অৱস্থাত জ্ঞানীয়ে সকলো প্ৰাণীক নিজৰ ভিতৰত দেখে আৰু নিজক সকলো প্ৰাণীৰ ভিতৰত দেখে আৰু এই সকলোকে এক ঈশ্বৰৰ ভিতৰত দেখে।

সমস্ত প্ৰাণীক পূজা বিষ্ণু বুদ্ধি কৰি। (কীৰ্ত্তন)
হৰিসে সবাৰো আত্মা বান্ধৱ ঈশ্বৰ।
সবাৰো হৃদয়ে বিষ্ণু আছন্ত সাক্ষাৎ। (শঙ্কৰদেৱ)

বেদান্ত দৰ্শনৰ মতে অনুসৰণ কৰোঁতাসকল দুভাগত বিভক্ত- এভাগ দ্বৈতবাদী, আনভাগ অদ্বৈতবাদী। দ্বৈতবাদীয়ে কয়, জীৱাত্মা পৰমাত্মাৰে পৃথক হৈছে ঈশ্বৰৰ ইচ্ছাত; সেইদেখি ঈশ্বৰৰ ইচ্ছা নহ’লে জীৱাত্মা আৰু পৰমাত্মা একে হ’ব নোৱাৰে। ওপৰত তুলি দিয়া “ৱীতৰাগ-ভয়-ক্ৰোধা” গীতাৰ এই শ্লোকটোৰ দ্বৈতবাদীয়ে অৰ্থ কৰে যে এই মুক্তি ঈশ্বৰৰে সৈতে সম্পূৰ্ণ একত্ব হোৱা।

শ্ৰীকৃষ্ণৰ ধৰ্ম্মমত অতি উদাৰ। তেওঁ সকলো প্ৰকাৰ মতৰে প্ৰতি শ্ৰদ্ধা দেখুৱাই কৈছে ; – যি যাৰ স্বভাৱ অনুসৰি যেনেকৈ পূজা কৰে তাতে তেওঁ সন্তুষ্ট, কাৰণ সকলো বাটৰ ওৰ তেওঁতেই। কিন্তু যদিও তেওঁৰ এই উদাৰতা, তেওঁ এক অদ্বিতীয় ঈশ্বৰৰ পূজাকেহে (Monotheism) সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে আৰু সেই পূজা ইহলোক পৰলোকৰ সুখ বা ঐশ্বৰ্য্য কামনা কৰি কৰা পূজা নহয়, নিষ্কাম পূজা। সকাম পূজা মোক্ষ প্ৰাপ্তিৰ বাট নহয়।

কাংক্ষন্তঃ কৰ্ম্মণাং সিদ্ধিং যজন্ত ইহ দেৱতাঃ।
ক্ষিপ্ৰং হি মানুষে লোকে সিদ্ধিৰ্ভৱতি কৰ্ম্মজা। (গীতা)

অৰ্থাৎ এই মনুষ্য লোকত কাম কৰ্ম্মৰ সিদ্ধি-প্ৰাৰ্থীসকলে মোক এৰি আন আন দেৱতাসকলৰ উপাসনা কৰে।এনে উপাসনাৰ সিদ্ধি অনিশ্চিত। কিন্তু নিষ্কাম কৰ্ম্মজনিত সিদ্ধি বা মুক্তি নিশ্চয় শীঘ্ৰে লাভ হয়। এইখিনিতে “পূৰ্ব্ব মীমাংসা” দৰ্শনেৰে সৈতে শ্ৰীকৃষ্ণৰ মতৰ বিশেষ অমিল। পূৰ্ব্ব মীমাংসাই কৈছে যে বেদত যি কৈছে, সেই বিধি-ব্যৱস্থা অভ্ৰান্ত আৰু তাক অলৰ-অচৰকৈ মানি চলিবা। বেদৰ ব্যৱস্থামতে সকলো ক্ষুদ্ৰ দেৱতাৰ পূজা কৰিবা, তেহে তোমাৰ স্বৰ্গ লাভ হব। কৃষ্ণই বেদক একেবাৰেই উৰাই দিয়া নাই, কিন্তু কৈছে, বেদৰ অনেক বাগ্য পুষ্পিত। কৃষ্ণই কৈছে – “মম ৱক্সানুৱৰ্ত্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্বশঃ।”

যেহপ্যন্যদেৱতা ভক্তা যজন্তে শ্ৰদ্ধয়ান্বিতাঃ।
তেহপি মামেৱ কৌন্তেয় যজন্তবিধিপূৰ্ব কম।

অৰ্থাৎ হে কৌন্তেয়! শ্ৰদ্ধাযুক্ত হৈ যি আন দেৱতা ভজনা কৰে, সিয়ো মোকেই অবিধি পূৰ্ব্বক ভজনা কৰে। ইয়াৰ মানে মোৰ বাহিৰে আন একো নাই। কিন্তু যদিও এনে ভজনা মোৰেই ভজনা, তথাপি সি আওবটীয়া। দেৱতা সকলে মোক্ষ দিব নোৱাৰে। মোক্ষ মইহে দিব পাৰো আৰু সিয়েই আচল বস্তু। দেৱতাসকলে মুচুকন্দক কৈছিল –

মোক্ষ ব্যতিৰেকে লৈয়োক বৰ।
বিষ্ণুসে মোক্ষৰ হোন্ত ঈশ্বৰ। (কীৰ্ত্তন)

সেইদেখি মুচুকুন্দই উত্তৰ দিছিল – নলাগে বৰ নিদ্ৰা কৰোঁ আমি। কোনো দেৱতাক “সৃষ্টি, স্থিতি, প্ৰলয়ৰ পৰম কাৰণ নাৰায়ণ” বুলি উপাসনা নকৰি, মাথোন এজন দেৱতা বুলি উপাসনা কৰাটো কৃষ্ণৰ মত নহয়। বাস্তৱিকতে অন্য দেৱতাক, যেনে – ইন্দ্ৰ, চন্দ্ৰ, বায়ু, বৰুণক তেনেকৈ সৃষ্টি, স্থিতি, অন্তকাৰী দেৱ বুলি ভাবিবই নোৱাৰি, উপাসনাও কৰিব নোৱাৰি, কিয়নো, তেওঁলোক তেনেকুৱা নিশ্চয় নহয়। এক মাথোন নাৰায়ণহে সেই দেৱতা। ইন্দ্ৰাদি দেৱতাসকল তেওঁৰ আজ্ঞাকাৰী ভৃত্যহে উপনিষদত কৈছে –

ভয়াদস্যাগ্নিস্তপতি ভয়াৎ তপতি সূৰ্য্যঃ।
ভয়াদিন্দ্ৰশ্চ বায়ুশ্চ মৃত্যুধাৱতি পঞ্চঃ। — কঠোপনিষদ

ইয়াৰ প্ৰতিনিধ শ্ৰীশঙ্কৰদেৱৰ কীৰ্ত্তন-ঘোষাত –

পলায় জগতৰ মৃত্যু যি প্ৰভুক ডৰে।
যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱন সঞ্চৰে।

হেন জগন্নাথ অনাথৰ নাথ দেৱ।
হৰি বিনে আৱৰ তাৰন্ত নাহি কেৱ।।

সেইকাৰণে একেশ্বৰবাদেই সনাতন ধৰ্মৰ মূল নীতি।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s