দিশহাৰা অসমীয়া জাতি


এষাৰ কথা আছে, ইতিহাসৰ প্রতিটো ক্ষণেই হেনো একো একোটা সন্ধিক্ষণ ৷ অসমীয়া জাতিটোৰ পক্ষেও এইষাৰ কথা অতিশয় তাৎপৰ্য্যপূর্ণ ৰূপে পৰিগণিত হৈছে। ইটো ক্ষনতকৈ সিটো ক্ষনৰ যেন গুৰুত্ব কিম্বা জটিলতা বৃদ্ধি পাই গৈ আছে। জাতীয় জীৱনক সকলো দিশৰ পৰাই ঘোৰ সংকটে আগুৰি ধৰা দেখা গৈছে৷ এই অভূতপূৰ্ব জটিল পৰিস্থিতিত পৰি অসমীয়া আজি দিশহাৰা হৈ পৰা বুলিলেও বোধ কৰো বেছি কোৱা নহব। সোঁৱে গ’লেও বিপদ, বাঁৱে গ’লেও বিপদ ৷ সকলো দিশেই যেন উভয় সংকট। অৱশ্যে জাতিটোৰ এনে অৱস্থা এটা ৰাতিটোৰ ভিতৰতে উদ্ভৱ হােৱা নাই আমাৰ পূর্ব পুৰুষ সকলে যিবোৰ ঐতিহাসিক ভূল কৰি থৈ গ’ল, সিবােৰৰ অন্তিম পৰিণতি আজিৰ অসমীয়া চামে ভোগ কৰিবলৈ ওলোৱাটো অৱধাৰিত হৈ উঠিছে| যিবােৰ সংগঠনক লৈ অসমীয়া সমাজখনে ইমান দিলে অনেক পৰীক্ষা নিৰীক্ষা চলালে, তেনে প্রতিটো সংগঠনেই স্বজাতিৰ লোকসকলক দুখ লগা ধৰণেৰে প্রতাৰণা কৰিলে ৷ ‘জাতি ৰক্ষা কৰিম’ বুলি সংকল্প লৈ সেইবােৰে জাতিৰ শত্ৰুৰ সৈতে হাত মিলালেগৈ | সংকীর্ণ ব্যক্তি স্বার্থক প্রাধান্য দিয়া এচাম বিড়াল তপস্বী নেতায়ো তাকেই কৰিলে |ফলত আজি অসমীয়া সমাজখনৰ ঠেৰু ছিগা অৱস্থা হৈ পৰিছে। এই মুহূর্ততাে যি এমুঠিমান লোকে শুদ্ধ পথৰ সন্ধান দিব পাৰিব বুলি অসমীয়া সমাজখনে আশাৰে বাট চাই আছে সেই সকলৰ আকৌ নিজৰেই জলক তবক অৱস্থা। জাতিটোক বা সমাজ খনক এক নিষ্কণ্টক ভবিষ্যতৰ সন্ধান দিবলৈ হ’লে পোনতে নিজে পৰিস্থিতিটোৰ সন্দর্ভত স্পষ্ট হৈ ল’ব পাৰিব লাগিব | কিন্তু যিসকলৰ দৃষ্টি পাণ্ডৱৰ ইন্দ্রপ্রস্থত প্রৱেশ কৰা দুর্যোধনৰ দৰে ভ্রমত আচ্ছন্ন, তেওঁলােকে স্বজাতিক প্রকৃত পথ চিনাই দিবই বা কি দৰে? কিহৰ স্বার্থত নাজানো, অসমীয়া সমাজৰ এচাম নেতৃ স্থানীয় লোকে সম্প্রতি ৰাজভগনৰ কথা এৰি কলথোক বাদুলীয়ে খােৱাত বেছিকৈ মন দিছে। তেওঁলােকে নিজেও শত্ৰু মিত্র চিনিব নােৱৰা হৈছে আৰু সমগ্র জাতিটোকে শত্রু মিত্র চিনিব নােৱাৰা অৱস্থা এটালৈ ঠেলি দিবলৈ ওলাইছে ৷

মোগলক সোতৰবাৰ পৰাস্ত কৰা অসমীয়াৰ আজি এনে বিলৈ কিয় হল ? তাহানি লাচিতে এৰি থৈ যােৱাৰে পৰা অসম আৰু অসমীয়াৰ লঘূ-লাঞ্ছনা, দুখ-বেজাৰৰ আজিলৈকে ওৰ নপৰিল।

ইতিহাস অধ্যয়ন কৰা সকলো অসমীয়াই জানে অসমীয়াৰ স্বাধীনতাৰ বেলি বৃটিছসকল অহাৰ আগতেই মানসকলে ডুবাইছিল। জোৰ কৰি মানসকলৰ পৰা বৃটিছে অসম দেশ অধিকাৰ কৰি ল’লে। তাহানিৰ অসুৰ দানৱ বংশৰ দিনৰে পৰা নিজ বীৰত্ব গুণে ৰক্ষা কৰি থকা স্বাধীনতা অসম নামৰ এই মুলুকে কেতিয়াও এনেদৰে হেৰুৱাব লগা হোৱা নাছিল। অৱশ্যে আমাৰো মাজে মাজে সাময়িক বিপৰ্য্যয় নহাকৈ থকা নাছিল। বিপৰ্য্যয় মাজে সময়ে আহিছিল যদিও সেইবোৰ আজিৰ নিচিনাকৈ সুদূৰ প্ৰসাৰী নাছিল। অসমলৈ মানৰ আগমনৰ দিনৰ পৰা এতিয়ালৈকে খিলঞ্জীয়া অসমীয়াই জাতি, মাটি আৰু ভেটিৰ সংকটত যেনেদৰে ভূগিছে এনে দিন খিলঞ্জীয়া অসমীয়াৰ কেতিয়াও অহা নাছিল।

অসমৰ ইতিহাসে কয়, মানৰ আক্ৰমণৰ নিচিনা চুড়ান্ত বিপৰ্যয় এই মূলুকে কেতিয়াও সন্মুখীন হব লগা হোৱা নাছিল। মানৰ আক্ৰমণৰ সুযোগ লৈয়ে বৃটিছ আহিল। বৃটিছ আগমনৰ লগে লগে তন্ত্ৰ মন্ত্ৰৰ দেশ অসমলৈ জাকে জাকে বিদেশীৰ আগমন ঘটিল। যি ভূমিখণ্ড বুকুৰ তেজ দি খিলঞ্জীয়াই যুগে যুগে ৰক্ষা কৰি আছিল তাক বিদেশী শাসনৰ সুযোগ লৈ তাহানিৰ আক্ৰমণকাৰীহঁতৰ বংশধৰ সকলে খিলঞ্জীয়াৰ চকুৰ আগতে শগুণে মৰা শ ভাগ কৰি খোৱাদি ভগাই খোৱাত লাগিল। মোৱামৰীয়া বিদ্ৰোহৰ দিনৰে পৰা মানৰ আক্ৰমণৰ সময়লৈকে নিজৰ মাজতে যুঁজ বাগৰ কৰি চৰম ৰাজনৈতিক আৰু সামাজিক অৱক্ষয়ত ভূগি থকা একালৰ প্ৰতাপী খিলঞ্জীয়া সকল নপুংসক দৰে মাথো সেই আগ্ৰাসনৰ নীৰৱ দৰ্শক হৈ থাকিল।

বৃটিছৰ দিনতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মানুহ আহিল। কিছু লোক স্বেচ্ছাই আহিল আৰু আন কিছুমানক নিজৰ সুবিধাৰ বাবে বৃটিছে আনিলে। ইয়াৰ পূৰ্বে ভাতৃঘাতী সংঘৰ্ষ আৰু মানৰ আক্ৰমণত লাখ লাখ খিলঞ্জীয়াৰ মৃত্যু হোৱাত অসমৰ খিলঞ্জীয়াৰ জনসংখ্যা অস্বাভাৱিকভাৱে কম হৈ অসমৰ বহু ঠাই খালী হৈ পৰি আছিল। বিদেশী শাসকৰ পৃষ্ঠপোষকত সেই খালী ঠাইবোৰত হাজাৰ হাজাৰ অখিলঞ্জীয়া লোক বহিল যি খিলঞ্জীয়াৰ জনসংখ্যাৰ অনুপাতলৈ ভাবুকি কঢ়িয়াই আনিলে। তাতে ভূতৰ ওপৰত দানহ পৰাদি বংগক অসমৰ লগত চামিল কৰাত অসমৰ নিচেই ওচৰত থকা পূববংগৰ পৰা অবাধ হাৰত অসমৰ খালী ঠাইবোৰলৈ প্ৰব্ৰজন ঘটিল। অসমৰ সাৰুৱা খালী ঠাই বোৰৰ মোহে আটাইতকৈ মোহিত কৰিলে বংগবাসীক। সেই কাৰণে ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বে বংগৰ মানুহে অসম ভূখণ্ড নিজৰ লগত ৰাখিবলৈ আপ্ৰান চেষ্টা চলাইছিল। তেওঁলোকৰ উদ্দেশ্য সাধনৰ বাবে নানান কুট কৌশলো ৰচনা কৰিছিল। গোপীনাথ বৰদলৈয়ে সেইবাৰলৈ অসমখন যেনে তেনে ৰক্ষা কৰিলে। কিন্তু বংগবাসীৰ অসমৰ ভূখণ্ডৰ প্ৰতি মোহ আজিও আঁতৰা নাই। তেওঁলোকে বলে নোৱাৰিলেও ছলেৰে হলেও অসম ভূখণ্ড দখল কৰিবলৈ নাটক কৰিয়ে আছে। এই নাটখনৰ পাণ্ডুলিপি স্বাধীনতাৰ পূর্বেই ৰচিত হৈছিল। মঞ্চস্থ কৰাৰ ক্ষেত্রতহে আউল লাগিছিল ৷ ১৯৪৬ চনৰ গ্রুপিঙ আচনিৰ পৰা উচাট মাৰি অসম ওলাই আহিল ৷ জিন্না চাহাবে বৰ বেয়া পালে ৷ গান্ধীৰ আশীর্বাদ আছিল বাবে অসম বাচিল। জিন্নাই কৈছিল- “ছিলেট নিলাম গণভোটে, আসাম নেব জনবলে ৷” দ্বিজাতি তত্বৰ পৃষ্ঠপোষক মহম্মদ আলী জিন্নাই হেনাে তেওঁৰ বন্ধু মইনুল হক চৌধুৰীক কৈছিল- “এটা দশকৰ ভিতৰত অত্যধিক মুছলমানৰ প্রব্রজন ঘটোৱাই মই অসমক ইষ্ট পাকিস্তানৰ অন্তর্ভূক্ত কৰিম |” জুলফিকৰ আলী ভুট্টোৱেও তেওঁৰ আত্মজীৱনী “The Myth of lndependence” নামৰ কিতাপত লিখিছে- ‘ভাৰতবর্ষৰ লগত আমাৰ বিবাদ কেৱল কাশ্মীৰক লৈ নহয়, অসমক লৈও ৷ আৱামী লীগৰ নেতা বাংলাদেশৰ তদানীন্তন ৰাষ্ট্রপতি শ্বেইখ মুজিবুৰ ৰহমানে এবাৰ কৈছিল “ইষ্ট বেংগলৰ (বাংলাদেশ) জনসংখ্যা দ্রুত গতিত বাঢ়ি আহিছে | ইয়াৰ জনগণে কমি অহা ভূমিৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে ।বেংগলীসকলক ভূমিৰ প্রয়োজন, যি অসমে দিব পাৰে | অসম বনাঞ্চল আৰু প্রাকৃতিক সৌন্দর্য্যৰে ভৰি আছে। যদি বাংলাদেশৰ কিছু লোক অসমলৈ গৈ তাতে স্থায়ীভাৱে থিতাপি লয়, তেনেহলে তেওঁলােক বৰ সুখী হ’ব। আচলতে অসমখনক ইষ্ট বেংগলৰ সৈতে অন্তর্ভুক্ত কৰিব লাগিছিল৷” পাকিস্তানে নহ’লেও বাংলাদেশে এই নাটকত অভিনয় কৰিয়েই যাব ৷ তাৰ প্ৰমান স্বৰূপে অসমত ইমানবোৰ ঘটনা সঘনে ঘটি থকা সত্বেও ৰজাঘৰ প্রজাঘৰ নির্লিপ্ত হৈ আছে।দিল্লীৰ কেন্দ্ৰীয় চৰকাৰো এইক্ষেত্ৰত উদাসীন। এসময়ত নেহৰুৱে অসমক চীনৰ হাতত এৰি দি বিদায় সম্ভাষণ দিছিল। সেই একেদৰে বাংলাদেশে জনবলেৰে অসমক চামিল কৰাৰ বেলিকাও হয়তো দিল্লীৰ দৰবাৰে অসমক বিদায় দিব |

কোনোবাই গালি পাৰিলেও বা সমালোচনা কৰিলেও কম- অসম আৰু অসমীয়া জাতিসত্বা ৰক্ষাৰ সংগ্ৰামত খিলঞ্জীয়া মুছলমান সকলৰ ভূমিকাও বিতৰ্কৰ উৰ্দ্ধত নহয়। ইতিহাসৰ কেইটামান পৃষ্ঠা লুটিয়ালেই তাৰ প্ৰমাণ পোৱা যায়। ১৯৪৬ চনৰ ব্ৰিটিছ কেবিনেট মিছন, গ্ৰুপিং আঁচনি আদিত অসমৰ মুছলমান সকলে অসমৰ ভৌগোলিক মানচিত্ৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে শত্ৰু শিবিৰ অৱস্থান গ্ৰহণ কৰি একমাত্ৰ ধৰ্মীয় কাৰণতে অসমক পূব পাকিস্তানৰ লগত চামিল কৰাৰ পক্ষপাতী লৈছিল। তাৰ উদাহৰণস্বৰূপে ১৯৪৭ চনৰ ৫ জানুৱাৰীত কংগ্রেছ অধিবেশনত নেহৰু প্রস্তাৱ গৃহীত হওঁতে অসম সন্তান ফকৰুদ্দিন আলি আহমেদে অসমক পূব বংগৰ লগত চামিলৰ বিৰুদ্ধে ভোট নিদি ভোটদানৰ পৰা বিৰত থাকিছিল। এগৰাকী খাটি অসমীয়া মুছলমানৰ সন্তান সত্বেও ছাদুল্লাই অসমক পূব পাকিস্তানৰ লগত চামিলকৰনত সমৰ্থন জনাইছিল। ১৯৪৭ চনৰ ৬ জুনত নিখিল ভাৰত মুছলিম লীগ পৰিষদে মিছন আঁচনি গ্রহণ কৰাৰ পিচত ছাদুল্লাই এই সিদ্ধান্তক আদৰণি জনাইছিল I ছাদুল্লাই মুকলিভাৱে ঘোষণা কৰিছিল যে অসম বহু ক্ষেত্রত বংগৰ ওপৰত নির্ভৰশীল আৰু সেয়েহে বংগৰ সৈতে অসমক সাঙুৰিব খােজা বিষয়টো অসংগত নহয় | ছাদুল্লাই গ্রহণ কৰা এই দৃষ্টিভংগী সেই সময়ত অসমৰ স্বকীয়তাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছিল। তাৰোপৰি, অসমৰ সুৰমা উপত্যকাৰ মুছলমান সকলে অসমক পূব পাকিস্তানত চামিলৰ বাবে পূৰ্ণ সমৰ্থন জনাইছিল। গতিকে এইবোৰ ঘটনাৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে ঘৰে পৰে মিলি বলেৰে নহলেও ছলেৰে অসম দখল কৰি ইয়াৰ খিলঞ্জীয়াৰ সঁচ মাৰিবলৈ এক বৃহৎ দীৰ্ঘম্যাদী চক্ৰান্ত কেইবা দশক জুৰি চলাই আছে। তাৰ বাবে তেওঁলোকে যিমান পাৰে সিমান সন্তান উৎপাদন কৰাৰ লগতে সীমান্তৰ সিপাৰৰ পৰাও মানুহ অনাত লাগিয়েই আছে। সন্তান উৎপাদনৰ বাবে তেওঁলোকে খিলঞ্জীয়া নাৰীকো বিভিন্ন উপায়েৰে হাত কৰি লবলৈ সক্ষম হৈছে । ইতিমধ্যে প্ৰব্ৰজন আৰু সন্তান উৎপাদনৰ জৰিয়তে তেওঁলোকে জনগাঁথনিৰ বৃহৎ পৰিৱৰ্তন সাধন কৰিলেই। শেহতীয়া তথ্যমতে অসমৰ ১৫ খন জিলাত তেওঁলোকে খিলঞ্জীয়া মানুহতকৈ সংখ্যা গৰিষ্ঠতা লাভ কৰিছে। হৰি শংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই খিলঞ্জীয়াৰ ভয়াবহ ভৱিষ্যতৰ কথা লিপিবদ্ধ হৈছে।

ইতিহাসৰ এই শিক্ষা গ্রহণ কৰাত যদি অসমৰ খিলঞ্জীয়া পক্ষটো ব্যর্থ হয়, তেনেহ’লে অদূৰ ভৱিষ্যতে এই লোক সকলৰ কপালত কি লিখা আছে, তাক সময়েহে সঠিককৈ ক’ব পাৰিব I তথাপি অনুমান কৰা হৈছে যে জনসংখ্যা বিলোমনৰ বর্তমানৰ হাৰ অপৰিৱর্তিত হৈ থাকিলে অসমখন এখন পূৰ্ব বংগমূলীয় মুছলমানৰ সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত হ’বলৈ আৰু দুই বা তিনি দশকাে অপেক্ষা কৰিব লগা নহ’ব | এবাৰ অসমত এই অভিবাসী জনসমষ্টিটোৰ সংখ্যাগৰিষ্ঠতা প্রতিষ্ঠা হোৱাৰ পাছত এই ৰাজ্যখনত যে বর্তমানৰ কাশ্মীৰসদৃশ পৰিস্থিতিৰ উদ্ভৱ হ’ব,সেই বিষয়ত তিলমাত্রও সন্দেহৰ থল দেখা নাযায় | তেনে সম্ভাৱ্য পৰিস্থিতিত অসমৰ খিলঞ্জীয়া লোকসকলৰ সন্মুখত দুটা পথেই খোলা থাকিব-

(ক) স্ব গৃহভৃমিতে থাকি স্বাধিকাৰ ৰক্ষৰ বাবে সংগ্রাম কৰা, নতুবা

(খ) অভিবাসী পক্ষৰ নির্যাতন নিষ্পেষণৰ সন্মুখত তিষ্ঠিব নােৱাৰা কাশ্মীৰৰ হিন্দু শৰণার্থীসকলৰ পথ অনুসৰণ কৰা।

এতিয়া কথা হৈছে, ওপৰৰ বিকল্প দুটা অসমৰ খিলঞ্জীয়া হিন্দুসকলৰ বাবে যিদৰে প্রযোজ্য, অসমত সুদীর্ঘকাল বসবাস কৰি থকা বাঙালী হিন্দুসকলৰ বাবেও ইয়াৰ তাৎপর্য কোনােগুণে কম নহয় | আজিৰ পৰা ছয় সাত দশকৰ আগে অসমলৈ যে লক্ষ লক্ষ হিন্দু বাঙালীৰ প্রব্ৰজন ঘটিছিল, তাৰো গুৰিতে আজিৰ পূর্ব বংগৰ মূছলমানসকলৰ উগ্ৰ ধৰ্মীয় সাম্প্রদায়িকতা। এতেকে অসমত ভৱিষ্যতে পূর্ববংগীয় মুছলমানৰ প্রভূত্ব প্রতিষ্ঠা হলে তাৰ কুহলে কােল যে অসমীয়া হিন্দুৱেই ভুগিব লাগিব তেনে নহয়, বৰং বাঙালী হিন্দু সম্প্রদায়ৰ বাবেও একেই দুর্দশা দ্বিতীয়বাৰৰ বাবে নামি আহিবৰ আশংকা। সেয়েহে কওঁ, যদি ভাষাই শেষ কথা হ’লহেঁতেন, তেনেহ’লে বাঙালী হিন্দুসকলে কোনো সময়তে তেওঁলােকৰ গৃহভৃমি পূর্ববংগ এৰি থৈ আহিব লগীয়া নহ’লহেঁতেন |

পূর্বোক্ত কথাখিনি অনুধাৱন কৰিবলৈ সমর্থ হােৱাৰ বাবেই ২০১৬ চনৰ নির্বাচনত অসমৰ হিন্দু অসমীয়া আৰু হিন্দু বাঙালীসকল ৰাজনৈতিকভাৱে একত্রিত হোৱাটো সম্ভব হৈ উঠিছিছিল ৷ ভাষা নিৰ্বিশেষে অসমৰ খিলঞ্জীয়া লোকসকলৰ এই ঐক্য দেখি স্বাভাৱিকতে সেইটো ৰাজনৈতিক শিবিৰ সন্ত্ৰস্ত হৈ উঠিছে যি স্বাধীনতাৰ সময়ৰে পৰা পূর্ববংগমূলীয় মুছলমান সম্প্রদায়টোক নিজৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে | এই ৰাজনৈতিক পক্ষটোৱেই যে পুনৰায় ভাষাৰ নামত বৃহত্তৰ অসমীয়া সমাজখনত ভাঙোন আনিবলৈ অপপ্ৰয়াস কৰিব, তাৰ চিন চিলাপথাৰ কাণ্ডৰ মাজেৰেই ফুটি উঠিছিল । অসমৰ খিলঞ্জীয়া পক্ষটোৰ লগতে ৰাজ্যখনত সুখে শান্তিৰে বসবাস কৰি থকা বাঙালী হিন্দুসকলেও এই সংকটৰ মূহুর্তত শত্ৰু মিত্ৰ চিনাত যদি সামান্যও ভূল কৰে তেনেহ’লে তাৰ ভীষণ পৰিণাম ভুগিবলৈ দুয়োটা পক্ষই সাজু হব লাগিব ।

Image may contain: 1 person, standing and outdoor
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s