জাতি আৰু জাতীয়তাৰ প্ৰশ্ন


জাতি আৰু জাতীয়তাৰ প্ৰশ্নই মাজে সময়ে অসমৰ বতাহ মুখৰিত কৰি আহিছে | নির্বাচনৰ সময়ত চৰকাৰী কাম-কাজৰ প্রচাৰ তীব্রতৰ হৈ উঠাৰ দৰে একাে একোটা সময়ত অসমীয়া জাতি আৰু জাতীয়তাৰ প্রচাৰো তুংগত উঠে | জাতি প্ৰেম প্রকাশৰ প্রতিযোগিতা চলে ৷ উচ্চাৰিত হয় জাতীয়তাৰ বিভিন্ন সংজ্ঞা | আমাৰ স্মৰণ কালত ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা ছবছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ পৰা বৃদ্ধি পাইছে ইয়াৰ তীব্রতা ৷ তাৰ আগৰ ভাষা আন্দোলন, শোধনাগাৰ আন্দোলন সকলো সময়তে উচ্চাৰিত হৈছে অসমীয়া জাতিসত্তাৰ প্রসংগ | জটিল পৰিস্থিতি সাপেক্ষে জাতীয়তাৰ এনে প্রচাৰ বহুতৰ দৃষ্টিত হয়তো মন্দিৰৰ শংখ ঘণ্টা ধ্বনিৰ তুল্য; কিন্তু বাস্তৱিকতে প্ৰচাৰসমূহে ঘণ্টা ধ্বনিৰ দৰে পৱিত্র ভাবৰ সৃষ্টি কৰিব পৰা নাই বৰঞ্চ কাণ ভাল মৰা বেসুৰা আৰাওৰহে সৃষ্টি কৰিছে। আৰাও তীব্রতৰ হ’লে দুটাই পথ খোলা থাকে হয় আৰাও বন্ধ কৰা হয়, অন্যথা তাৰ পৰা নিস্তাৰ পােৱাৰ বাবে সেই ঠাই ত্যাগ কৰা যায় | দেখা গৈছে অসমীয়া জাতিসত্তাৰ শংখনাদ যিমানে বাজিছে, তাৰ পৰা উপশম বিচাৰি সিমানেই আঁতৰি গৈছে বিভিন্নজন | স্পষ্টতঃ যিসকলক লৈ গঠন কৰিব খােজা হৈছে অসমীয়া জাতিসত্তা, সেইসকল লোকৰ স্বকীয়তা এই জাতিসত্তাৰ মাজত কেনেধৰণে বর্তি ৰ’ব বিষয়টো এতিয়াও অনির্ণিত হৈয়েই ৰৈছে৷ উনবিংশ শতিকাৰ পৰাই ধ্বনিত হৈ আহিছে অসমীয়া জাতীয়তাৰ প্রসংগ। এই ‘জাতীয়তা’ত কার্বি, বড়ো, মিচিঙৰ অৱস্থান কি হ’ব তাৰ বিধান পিছে সম্ভৱ হোৱা নাই | জাতিসত্তা গঢ়াৰ বাবে দুগৰাকীমান বিদ্বানৰ লেখা মেলা বা বক্তৃতাই যথেষ্ট নহয়, তাৰ বাবে কর্ম আঁচনিও লাগিব য’ত জড়িত হ’ব লাগিব সাধাৰণ মানুহ | জাতীয়তাৰ প্রভাৱ আৰু আচনিত সর্বাত্মক সহযোগিতা পােৱা হোৱা নাই-কথাষাৰে এইটোৱেই নিশ্চিতভাৱে সূচাইছে প্রস্তাৱ আৰু প্ৰণালীৰে ক’ৰবাত কেণা ৰৈ গৈছে | ওপৰত কৈ অহা আৰাওৰ পৰা উপশমৰ তৃতীয় এটা বিকল্পও থাকে-শ্রোতাৰ সন্মতি সাপেক্ষে আৰাওক সার্থক অর্থাৎ মংগল ধ্বনিত পৰিণত কৰিব পাৰিব লাগিব | সেই তৃতীয় বিকল্পৰ পদক্ষেপ চকুত পৰা হোৱা নাই | এনে প্রেক্ষাপটেই ১৯৩০ৰ দশকতেই ছাইমন আয়ােগৰ ওচৰত ‘আমি বড়ােসকলে নিজকে অসমীয়াৰ বাহিৰে আন একাে বুলি ক’ব নােৱাৰো’ বুলি ঘোষণা কৰা সকলে মানসিকভাৱে অসমীয়া জাতি গঠন প্রক্রিয়াৰ পৰা নিজকে আজি সম্পূর্ণ নিলগ কৰিছে | বড়োসকলৰ নিচিনাকৈ প্ৰথমে চুতীয়া ৰজাৰ প্ৰজা আৰু পিচলৈ আহোম ৰজাৰ প্ৰজাভূক্ত হোৱা মিচিং সকলেও অসমীয়াত্ব অস্বীকাৰ কৰিবলৈ লাহে লাহে সাজু হৈছে । এইখিনিতে উল্লেখযোগ্য যে মধ্যযুগত আহোম ৰাজ্যকেই অসম ৰাজ্য আৰু তাৰ অধিবাসীসকলক অসমীয়া আখ্যা দিয়া হৈছিল। সেই ফালৰ পৰা চাবলৈ গ’লে আন খিলঞ্জীয়া জনগোষ্ঠী সমূহতকৈও মিচিংসকল অতীতৰ পৰাই অসমীয়া । অসমৰ মুখ্য জনজাতীয় জনগোষ্ঠী বড়ো আৰু মিচিং জনগোষ্ঠীৰ পৃথক জাতি গঠনৰ এই প্রক্রিয়াটোত বাট বুলিছে অসমৰ অন্যান্য জনজাতি সকলেও। পৰিস্থিতিটো এনে, নিজকে ‘মূলসূঁতিৰ অসমীয়া’ বুলি ভবাসকলে মৰাসূঁতিত খোজ থোৱাৰ উপক্রম ঘটিছে ৷

প্রায়বােৰ বুৰঞ্জীয়ে এনে আভাসেই দিয়ে যে ‘অসম’ নামটো আগত, তাৰ পিছতহে ‘আহােম’৷ পাটকাই পাৰ হৈ চুকাফাৰ নেতৃত্বত অহা দলটোৱে নিজকে টাই খাম বা খাম টাই বুলিহে চিনাকি দিছিল | সৌমাৰত খােপনি পােতাৰ পিছতহে স্থানীয় লােকৰ দৃষ্টিত তেওঁলােক হৈছিল ‘আৰু আনে সম হওঁতা নাই’, এতেকে অসম বা উচ্চাৰণভেদে অহম ৷ কেইবাখনাে বুৰঞ্জী মতে টাই খামসকলে সুচল ঠাই বিচাৰি অনাই-বনাই ঘূৰি ফুৰাৰ সময়ত লগ পোৱা বৰাহী মৰাণসকলৰ পৰা পাইছি এই বিশেষণ | বেণুধৰ শৰ্মাৰ মতে বড়ো, কােচ কমতা, চুতীয়া, ভূঞা, নগা, মিচিং সকলােকে সামৰি হৈছিল অসম আৰু অসমীয়া | কিন্তু মীৰজুমলাই অসম আক্রমণ কৰাৰ সময়ত তেওঁৰ কটকীয়ে লিখা টোকা মতে অসমত আছিল দুটা জাতি- আহােম আৰু কলিতা | অর্থাৎ ‘অসমীয়া’ অভিধা হয়তো তেতিয়াও হৈ উঠা নাছিল, অন্যান্য জাতি জনগােষ্ঠীয়ে আহােম সামৰিক শাসনৰ অধীনত এনেধৰণে মিশ্রিত সমাজ এখনৰ সৃষ্টি কৰিছিল যে কটকীৰ দৃষ্টিত সকলাে এক ‘আহােম’ পৰিচয়ৰ ভিতৰত হৈ ধৰা দিছিল | ফ্রান্সিছ হেমিল্টনে উল্লেখ কৰা মতে এইজনা কটকীৰ মানত অসমবাসী আছিল মানৱীয় দেহা আৰু বেশভূষাৰে আৱৰা নির্বোধ আৰু নিতান্তই পণ্ডতূল্য | হেমিল্টনে প্রায় দুশ ‘বছৰৰ পূর্বে লিখা টোকাত সামগ্রিকভাৱে অসমবাসীক বুজালৈকে ব্যৱহাৰ কৰিছিল ‘অসমীয়া’- ইংৰাজীৰে ‘আছামীজ ’ অভিধা।

অসমৰ ৰাজনৈতিক মানচিত্রও আকৌ উজনি নামনিজুৰি সঘনে সলনি হৈছিল। পূর্বৰ কামৰূপ ৰাজ্য এসময়ত খণ্ড বিখণ্ড হৈছিল, ‘কমতাই নতুন ৰাজ্যৰ ৰূপত মূৰ দাঙি উঠিছিল, কােচসকল পৰাক্রমী হৈ অধিকাৰ কৰি লৈছিল কাছাৰ, আহােম ৰাজ্যৰ অংশ আৰু দৰং | মােগলৰ সৈতে সংঘৰ্ষও ঘটিছিল এই পথতেই | আকৌ গোৱালপাৰাৰ দুৱাৰ অঞ্চল মোগল যুগৰ অন্তিম দশাত ভূটানৰ তলতীয়া হৈ পৰিছিল ৷ একেদৰে সলনি হৈছিল আহােম শাসনাধীন অসমৰ মানচিত্র | এটা অঞ্চলৰ পূৰ্বাপৰ প্রচলিত ৰীতি নীতি ব্যৱস্থাৰ সৈতে এটা বা একাধিক গোষ্ঠী লীন যাবনৈ কিম্বা সংমিশ্রিত হবলৈ সুদীর্ঘকালৰ প্রয়োজন | দেশ এখনৰ মানচিত্র সলনি হৈ থকা মানে হয় নতুন নতুন এলেকা ভিন্ন গোষ্ঠী নতুনকৈ সেই সামৰিক শাসনাধীন হোৱা, নতুবা উক্ত শাসনৰ পৰা বাদ পৰা | উভয় ক্ষেত্রতে অর্থ এটাই সংমিশ্রণৰ গতিত যতি | জাতি বা জাতিসত্তা গঢ়িবলৈ এনে পৰিস্থিতিয়ে সকলােকে সমানে সুযোগ নিদিয়ে | শংকৰদেৱৰ দিনত বৰপেটাও আছিল অসমৰ বাবে বিদেশ ৷ শংকৰদেৱৰ মৃত্যুত বৰপেটা আৰু অসম দুয়াে ঠাইতেই শোক পালনৰ উল্লেখ গুৰু চৰিত কথাত আছে… ‘দখিনে উত্তৰে সবেও চাপি বৰপেটাতে সাদিনলৈ ৰাতিএ দিনে বৰ মহােৎসৱ কৈলে | ৱাচামতাে বদুলা আতা ভাটোকুচিয়া আতা সুনি খেদকৈ সেৱক চপাই চদিন কীৰ্তন কৈলে | ’ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ মানচিত্র পুনৰ সলনি হৈছি ঠিকেই, কিন্তু ১৮৮৫-৮৬ চনতাে কামৰূপৰ মানুহে নিজকে ‘অসম’ৰ বুলি সম্পূওর্ণৰূপে হয়তো মানি ল’ব পৰা নাছিল | আসাম বন্ধুত কামৰূপীৰ পত্র শীর্ষক চিঠি এখনত গ.ঢ়.ই লিখা কথাখিনি তাৰেই প্রমাণ-

“কাকা | খঙ্গ নকৰিবি | কাকাকে বুল্যোঁ | তুহনা অসমীয়া ৷ স্বর্গৰূপে আহ্ছাহ ৷ আমি বোলাত্তিতে ঢেকেৰী | ঘৰ পৰগানা কামৰূপ জিল্লাত ৷ হওঁতে আমাৰ কামৰূপ একছ্নি সকলোদিকি ডাঙ্গৰ আছিল | আমাৰ নাম ভাৰতৰ চাৰিওদিকি আছিল | তুহাৰ ৰঙ্গপূৰ গড়গাঁও আমাৰেই আছিল | এখান যেনবা আমাৰ নাও নুম্বা ধর্ছি । তেওঁ আমি আমাৰ নামটো ৰাখি আছোঁ | আমি কামৰূপী ৷ আমাক তুহান ঢেকেৰী বুলি হাঁহাঁহ ৷ সাহেব গিলাসানে বোলে ভাৰতৰ মানুহ গিলাক কিবা “নিটিব” বুলি মাতেই | আমিও তােঠেৰ মনত যেনবা নিটীব | কাকা এই দেশত যিগলা কাকাত আছেই আৰু আছিল সকলো তুহান অসমীয়া কেইটাৰেহে ৷ আসাম নিউস আসাম বন্ধু আসাম বিলাসিনী আসাম দর্পণ আসাম মিহিৰ সকলোতে আসাম আমাৰ কামৰূপৰ নামে নাই | সেই গিলা যিকি নহওক কাকা | আমাৰ হইও দুআসাৰ একাসাৰ কথা কবি |”

……এয়া কাৰোবাৰ ব্যংগ বা উপহাসমূলক পত্র হ’লেও পত্রখনত তৎকালীন সাধাৰণ লোকৰ মানসিকতাৰ প্রতিফলন ঘটা বুলি নিশ্চয় ধৰি ল’ব পাৰি |

মহাত্মা গান্ধীয়ে কৈছিল ভাৰতৰ আত্মাটো আছে গাঁৱত-ইণ্ডিয়া লিভছ ইন ভিলেজেছ ৷ আক্ষৰিক অৰ্থত জাতি আৰু জাতীয়তাৰ সংজ্ঞা বিদ্বানসকলে যিয়েই নিদিয়ক, যিমানেই নচলাওক এক অসমীয়া জাতি গঢ়াৰ বিভিন্ন প্রয়াস, গ্রাম্য সমাজে সৰল অর্থতেই ধাৰণ কৰি আহিছে জাতিৰ অভিধা | গঞা সমাজৰ এই বৈশিষ্ট্য উজনি নামনিজুৰি প্রায় একে | এই অর্থত আহােম-বড়ো, মিচিং, ৰাভা, তিৱা, চুতীয়া, কলিতা, কোচ, কৈৱর্ত সকলােৱেই একোটা জাতি | কাৰ্বি যুৱক এজনে মিচিং যুৱতী বিয়া পাতিলেও কােৱা হয় অজাতিৰ ছোৱালী আনিলে’, আহােম কন্যা মিচিঙলৈ পলাই গ’লে কয় ‘অজাতিলৈ গ’ল’, কলিতাৰ পৰিয়ালৰ তিনিগৰাকী বোৱাৰী ভিন্ন ভিন্ন গোষ্ঠীৰ হ’লে কয় পৰিয়ালটো ‘বিজতৰীয়া হ’ল’ | যাক সম্প্রদায় বুলি অভিহিত কৰা হয় সেয়াই গঞা জনবিশ্বাসত জাতি; নিজৰ জাতিৰ বাহিৰে আনবােৰ ‘অজাতি’। ‘বিজাতি’ |জাতিৰ এই সংজ্ঞাকেই সুদীৰ্ঘকাল অসমীয়া গঞা সমাজে ধাৰণ কৰি আহিছে। আৰোপিত অভিধা বা ধাৰণা এটাত জীণ যাবলৈ সুদীর্ঘ প্রস্তুতিৰ প্রয়োজন হয়, তাৰ বিপৰীতে মজ্জাত অন্তৰ্লীন হোৱা বিশ্বাস কিম্বা সংজ্ঞা এটা মচ খােৱাটো সহজ নহয়| জাতি অজাতি বিজাতিৰ যি অর্থ গঞা সমাজে বহন কৰি আহিছে সেয়া অতি সৰলীকৃত বুলি সমালোচনা কৰাটো সহজ, কিন্তু জাতীয়তাৰ গঠনত যিসকলৰ ভূমিকাই সর্বাগ্রগণ্য, তেখেতসকলে এনে অর্থক ত্যাগ কৰি আৰোপিত ধাৰণা এটাৰে বৰ বেছি দূৰ বাট বুলাও অসম্ভৱ | যি ধাৰণা গঞা সমাজে বহন কৰি আহিছে তাৰ অৱশ্যেই এটা ইতিহাস থাকিব লাগিব ৷অম্বিকাগিৰি ৰায়চৌধুৰী সম্পাদিত “চেতনাত” ১৯২৬ চনত মিচিং বুদ্ধিজীৱী মহীচন্দ্র মিৰিয়ে লিখা আমি কােন বাটে যাম’ লেখাটোৱে; য’ত অসমত থকা বিভিন্ন দাঁতি কাযৰীয়া জাতিৰ কথা উল্লেখ কৰি অসমীয়াক অভিহিত কৰা হৈছিল এখন সমাজৰূপে | মহীচন্দ্র মিৰিৰ লেখাটো জাতি আৰু সমাজৰ সীমাৰেখা ডাল খুব স্পষ্ট ৰূপত ধৰা দিয়া নাছিল ‘জাতি’ আৰু ‘সমাজ’ক তেওঁ একাকাৰো কৰি তুলিছিল (‘অসমীয়া সমাজৰ তাৰ পতিত যিমান বেমেজালিয়ে দেখা দিছে সিমানেই সমগ্র জাতিটোৰো বেমেজালি বেছি হােৱা যেন দেখা গৈছে৷’, চেতনা)কিন্তু অসমীয়াক ‘সমাজ’ আৰু; মিচিং,খাচি, বড়োক ‘জাতি’ বুলি উল্লেখ কৰা এই লেখাটাৱে জাতি আৰু; জাতীয়তাই সৃষ্টি কৰা ধুৱলি অবিশ্বাসৰ বিপৰীতে কিছু চিন্তনীয় দিশৰ সন্ধান নিশ্চয় দিব পাৰে। ইতিহাসৰ আধাৰতাে জাতি আৰু সমাজৰ এই দিশবােৰত আলোকপাত কৰিব পৰা যায়৷ মধ্যযুগৰ অসম বুৰঞ্জীৰ পাত লুটিয়ালেও ‘জাতত সি মিৰি’, ‘জাতত সি কছাৰী’ জাতীয় বাক্য পােৱা যায়। ক’বলৈ গ’লে এই ধাৰণাৰ আধাৰতে গঞা সমাজত গঢ় লৈ উঠিছে জাতিগত বিচাৰ অবিচাৰৰ সম্পর্ক আৰু দ্বন্দ্বসমূহ | এনে দিশবােৰ অস্বীকাৰ কৰি আৰোপিত ধ্যান ধাৰণাৰে জাতিসত্তা গঢ়িবলৈ যোৱাটো কিমান দূৰ সমীচীন সেয়া ভাবিবলগীয়া |

কিন্তু জাতিগত বিচাৰ অবিচাৰৰ মাজতাে অটুট আছে গঞা সমাজৰ বান্ধোন। বৰবৰুৱা মােমাই তামুলীয়ে পতা ব্রাহ্মণ, কলিতা, কেওট আহােমবৰীয়া গৰীয়াৰ সন্মিলিত গাওঁ এতিয়া হয়তো বৰ বেছি নাই তথাপি সেই অনুক্রমে পাৰস্পৰিক সৌহাৰ্দ্য-সমন্বয় বিশ্বাসৰ পৰিবেশ নােহােৱা নহয় | ধর্ম আচাৰ বিশ্বাসৰ ভিন্নতাৰ মাজতো সংকটকালত কোনো “জটিল বিষয় সম্পর্কত সকলাে মিলিত হয়। এখন সমাজ পাতি আলোচনা চলে। পাৰিবাৰিক হাই-কাজিয়া, দন খৰিয়ালৰ সমাধানৰ বাবেও বহে এই সমাজ। এইখিনিতেই আহি পৰে সামাজিকতাৰ প্রসংগ ৷ জাতিতকৈ (বড়ো,কাৰ্বি, আহােম মিচিং, কোচ,কলিতা অর্থত) ডাঙৰ সমাজ, সেই সমাজে থিৰাং কৰি দিব ৰীতি-নীতি আচাৰ বিচাৰ, এনেকৈয়ে পৰিচালিত হৈছে গাঁৱৰ জীৱনধাৰা | মহাত্মা গান্ধীৰ অনুকৰণত গাঁৱক অসমৰ আত্মা বুলি ধৰিলে এই সমাজ আৰু সামাজিকতাৰ প্রশ্নটো হৈ উঠে জাতিতকৈ উর্ধ্বত।

প্ৰসংগ পুথিঃ-
১ . বাণীকান্ত ৰচনাৱলী… পৃ. ১১১

২… Hamilton. An Account of Assam

৩. গুহ, জমিদাৰকালীন গোৱালপাৰা পৃ.১৭

৪, নেওগ (সম্পা.), গুৰু চৰিত-কথা, পৃ… ৩৫১ , চেদ ১০৯০৫
শইকীয়া (সম্পা.),আসামবন্ধু একত্র সংকলন, পৃ… ৩০৩-০৪

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s