কৰ্ম্মচক্ৰ


মানুহে আনকি জ্ঞানী মানুহেও, নিজৰ স্বভাৱৰ বশীভূত হৈ কৰ্ম্মত প্ৰবৃত্ত হয়; স্বভাৱক কোনেও অতিক্ৰম কৰিব নোৱাৰে। জীৱই ঘাইকৈ মন, বুদ্ধি, চিত্ত আৰু অহঙ্কাৰ- এই চাৰিটি অন্তৰেন্দ্ৰিয়ৰ সংযোগেৰে কৰ্ম্ম সম্পাদন কৰে। পাঁচোটা জ্ঞানেন্দ্ৰিয়, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ এই পাঁচোটা বিষয়ৰ যোগত বাক, পাণি, পাদ, পায়ু আৰু উপস্থৰৰ দ্বাৰায় মানুহ কৰ্ম্মত পৰিচালিত হয়। জীৱৰ জাগ্ৰত অৱস্থাত পাঁচোটা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰই পাঁচোটা বিষয়েৰে সৈতে সাক্ষাৎ হয়। সেই সাক্ষাৎ বা সম্বন্ধ মনৰ সহায়ত হয়। মন চাৰিটা অন্তৰেন্দ্ৰিয়ৰ ভিতৰৰ এটা অন্তৰেন্দ্ৰিয়। মনৰ যোগ নহ’লে পঞ্চ বিষয়েৰে সৈতে পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ সম্বন্ধ নহয়। পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰাই যেতিয়া মনেৰে সৈতে পঞ্চ বিষয়ৰ সাক্ষাৎ হয়, তেতিয়া সেই বিষয়বোৰ বুদ্ধিত স্থিৰীকৃত হয় আৰু চিত্তত উদ্ধোধন প্ৰাপ্ত হৈ ‘অহংকৰ্ত্তা’- এনে জ্ঞানৰ দ্বাৰাই কৰ্ম্মত প্ৰবৃত্তি জন্মায় আৰু পিছত বাক, পাণি ইত্যাদি কৰ্ম্মোন্দ্ৰিয়ৰ দ্বাৰায় কৰ্ম্ম নিষ্পন্ন হয়। পূৰ্ব্ব জন্মাৰ্জ্জিত কৰ্ম্ম সংস্কাৰ মনৰ প্ৰৱৰ্ত্তক বা চেষ্টা উৎপাদনকাৰক। সেই বাবে জীৱই কৰ্ম্ম নকৰি থাকিব নোৱাৰে। এই এটা কৰ্ম্মচক্ৰ। এই চক্ৰ উলঙ্ঘন কৰাই টান। কিন্তু যদিও জীৱ কৰ্ম্ম-পৰতন্ত্ৰ, তথাপি সৎ বা অসৎ কৰ্ম্ম সম্পাদন কৰা বিষয়ত মানুহৰ স্বাধীনতা আছে। মানুহ আন আন বিষয়ত আন আন জীৱৰ দৰে হ’লেও জ্ঞানৰ বিষয়ত সেইবোৰতকৈ শ্ৰেষ্ঠ। শাস্ত্ৰত কৈছেঃ- “আহাৰো নিদ্ৰা ভয়ং মৈথুনঞ্চ সামান্যমেতৎ পশুভিৰ্নৰাণাম্, জ্ঞানং হি তেষামধিকো বিশেষঃ জ্ঞানেন হীনাঃ পশুভিঃ সমানাঃ।” অৰ্থাত্ আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন বিষয়ত মানুহ আৰু পশু দুয়ো সমান। মানুহ মানোন জ্ঞানেৰে অধিক। সেইদেখি যি মানুহৰ জ্ঞান নাই, সি পশুৰ সমান। মানুহৰ গাত যি জ্ঞান আছে, তাৰ দ্বাৰাই সি ভাল-বেয়া বুজিব পাৰে। মানুহে যিবোৰ ইন্দ্ৰিয়ৰ সহায়ত জ্ঞানৰ কাৰ্য্য কৰে, তাৰ ভিতৰত মনেই ঘাই। মনত প্ৰবৃত্তি আৰু নিবৃত্তি- এই দুটা বৃত্তি আছে। মানুহে জ্ঞানৰ দ্বাৰাই প্ৰবৃত্তিৰ কৰ্ম্ম বেছি কৰিব পাৰে। প্ৰবৃত্তিক অৱলম্বন কৰি যেনেকৈ কৰ্ম্ম সৰহ কৰিব পাৰি, নিবৃত্তিক আশ্ৰয় কৰি সেইদৰে কৰ্ম্ম কমাবও পাৰি। কৰ্ম্ম কমাব পাৰিলেই মানুহ মোক্ষৰ অধিকাৰী হ’ব পাৰে, কাৰণ কৰ্ম্ম ক্ষয় নহ’লে মুক্তি নহয়, কিয়নো কৰ্ম্মই বন্ধনৰ হেতু। সেইদেখি মানুহ কৰ্ম্ম পৰতন্ত্ৰ হ’লেও তাৰ হ্ৰাস-বৃদ্ধি কৰিবৰ ক্ষমতা মানুহৰ আছে। জ্ঞানীয়ে স্বভাৱৰ বশীভূত হৈ বাহ্য কৰ্ম্মত প্ৰবৃত্ত থাকিলেও স্বতন্ত্ৰতাৰ বলেৰে কৰ্ম্মক্ষয় কৰে; কিন্তু অজ্ঞানীয়ে নোৱাৰে। স্বভাৱৰ বশৱৰ্ত্তী হৈ জ্ঞানীয়ে কৰ্ম্ম কৰিলেও সেই কৰ্ম্মৰ ফলৰ হাত এৰায়, কাৰণ জ্ঞানীয়ে তাক নিষ্কাম ভাৱে কৰি কৰ্ম্মফল ঈশ্বৰৰ হাতত সমৰ্পণ কৰে।

মনৰ ত্যাগেই প্ৰকৃত্ব ত্যাগ। কাৰণ-

“মন এব মনুষ্যানাং কাৰণং বন্ধমোক্ষয়োঃ।
” মনেই মানুহৰ বন্ধন আৰু মুক্তিৰ হেতু।

এই বাবেই কবীৰে কৈছে-
“মনকে হাৰে হাৰিয়াঁ মনকে জিতে জিত।
পৰম ব্ৰহ্মকো পাইয়াঁ মনহীকে পৰতীত।”

অৰ্থাৎ মনৰপৰা জয়ত পৰাজয়, তাৰ জয়তে জয় আৰু মনৰ প্ৰতীতিতে পৰম ব্ৰহ্মক লাভ কৰা যায়। “যা মতিঃ সা গতিঃ।” অৰ্থাৎ যেনে মতি হয় তেনে গতিও হয়। মতি অৱশ্যে কাৰ্য্যানুযায়ী হয়। যদিও ভগৱন্ত বস্তু নিত্যানন্দ, আত্মাৰাম, তথাপি তেওঁকে একে মাথোন শৰণ্য আৰু বৰেণ্য জ্ঞান কৰি তেওঁৰ আৰাধানা কৰিলে তেওঁত ঐকান্তিকতাৰ নিমিত্তে আৰাধাকৰ মনত তৃপ্তি আৰু প্ৰতি হয়; আৰু সেই তৃপ্তি, সেই প্ৰীতি নিত্যানন্দ পৰমেশ্বৰৰ পৰাই হয়। সাংসাৰিক বস্তুৰ পৰা হোৱা প্ৰীতি আৰু তৃপ্তি ক্ষণভঙ্গুৰ; কিন্তু ঈশ্বৰৰ পৰা অহা প্ৰীতি আৰু তৃপ্তি সনাতন। সেই সনাতন তৃপ্তি আৰু প্ৰীতিৰ নিমিত্তে অনুভৱ কৰিব পাৰি যে ঈশ্বৰ নিত্য, প্ৰীতি আৰু তৃপ্ত। এই বাবে ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে আৰাধানা কৰা মানে তেওঁৰ প্ৰীতি লাভ কৰিবৰ নিমিত্তে আৰাধনা অৰ্থাৎ তেওঁৰ পৰা প্ৰীতি লাভ কৰিম, সেই নিমিত্তেই তেওঁৰ আৰাধনা কৰা। যিজন আত্মদৰ্শী অৰ্থাৎ আত্মতৃপ্ত, আত্মৰত আৰু আত্মাতেই সন্তুষ্ট, তেওঁৰ কোনো কৰ্ত্তব্য নাই। সাধাৰণ মানুহতকৈ আত্ম দৰ্শীৰ বিশেষত্ব এইখিনিতে। যি আত্মৰত অৰ্থাৎ মনক সঙ্কল্প শূন্য কৰি আত্মাত ৰমণ কৰে, আত্মাতে সম্যক ৰূপে আনন্দ প্ৰাপ্ত, তাৰ কৰ্ত্তব্য কাৰ্য্য একো নাই। বেদত কৈছে, তেনে মানুহৰ-

ভিদ্যতে হৃদয়গ্ৰন্থিশ্ছিদ্যন্তে সৰ্ব্বসংশয়াঃ।
ক্ষীয়ন্তে চাস্য কৰ্ম্মাণি তস্মিন্ দৃষ্টে পৰাবৰে।।

(মুণ্ডকোপনিষদ)

অৰ্থাৎ যাৰ আত্মসাক্ষাত্কাৰ লাভ হৈছে, তাৰ বাসনাময় হৃদয়গ্ৰন্থি ভেদ হৈ হৃদয় সৰল হৈছে, সমস্ত শংশয় নষ্ট হৈছে আৰু তাৰ সকলো কৰ্ম্মফল ক্ষয় হৈছে। “বাসনা এব সংসাৰ”-বাসনাই সংসাৰ। সেই বাসনা জীৱ মাত্ৰকৰে সুখলাভৰ নিমিত্তে উৎপন্ন হয়, আৰু সুখ লাভৰ নিমিত্তেই মানুহে কৰ্ম্ম কৰে। কিন্তু যেতিয়া মানুহৰ আত্ম সাক্ষাৎকাৰ হয়, সেই আত্মানন্দ লাভৰ পিছত আৰু সাধাৰণ ক্ষণিক সুখ লাভৰ নিমিত্তে কৰ্ম্ম-প্ৰবৃত্তি নেথাকে। এই বাবেই আত্মদৰ্শী জ্ঞানীৰ অনুষ্ঠিত কৰ্ম্ম দ্বাৰায়, পুণ্য, অৰ্থ বা কৰ্ম্মত্যাগৰ নিমিত্তে প্ৰত্যবায় নাই। দেহাভিমানতে পাপ-পুণ্য আশ্ৰয় কৰে। যাৰ দেহাভিমান নাই, অৰ্থাৎ আত্মদৰ্শনৰ নিমিত্তে আত্মাৰ পাৰ্থক্য অনুভূত হ’লে নিৰ্লিপ্ততাৰ নিমিত্তে পাপ বা পুণ্য আত্মাত লিপ্ত নহয়, তাৰ আৰু কৰ্ম্মত বিচাৰ নাই।

মহাপুৰুষ শংকৰদেৱৰ মতেও-

দেহত যাৰ নাহি অহঙ্কাৰ।
তাহাৰ কৰ্ম্মত নাহি বিচাৰ।।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s