অসমীয়াৰ বাবে দেশদ্ৰোহী/ জাতিদ্ৰোহী কোন?


১৯৭১ চনক বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ’ব লাগে বুলি বাঁও দলবোৰে কৈছিল বাবে, বিদেশী বাংলাদেশী বিতাড়নৰ নামত থলুৱা অসমীয়া মুছলমানৰো ঘৰ পুৰিবলৈ যোৱা এচাম আৱেগিক জাতীয়তাবাদীৰ খাটাত নাম নেলেখা বাবে বাঁওপন্থী বহুতকে কালী মন্দিৰত গোসাঁনীৰ আগত বলি দিব বিচৰা হৈছিল। কিন্তু বিদেশী কেইজন খেদিলে? এই সমস্যাটোৰ সমাধান আৱেগিকভাৱে হ’ব জানো? বিদেশী বিতাড়নৰ নামত জাতীয়তাবাদী আৰু হিন্দুত্ববাদী একেলগ হৈছিল। যদিও সেই উদ্দেশ্য অসম আন্দোলনত জড়িত সাধাৰণ অসমীয়াৰ নাছিল। বিদেশী বিতাড়ন এটি জটিল বিষয়। ১৯৩৫ চনৰ পৰাই এই বিষয়টোৱে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন উত্তপ্ত কৰি ৰাখিছে।কিন্তু তাৰ বাবে দায়ী ভাৰত চৰকাৰহে। সাম্ৰাজ্যবাদী ব্ৰিটিছে সেই পুলিটো ৰুই গৈছিল।

বাঁও দলবোৰে সেই কথা উপলব্ধি কৰিব নোৱাৰিলে আৰু সেই কাৰণে জনগণৰ আন্দোলনক নেতৃত্ব দিয়াত ব্যৰ্থ হ’ল। কিন্তু আন্দোলনত নিৰ্যাতিত সংখ্যালঘুৰ কাষত থিয় দিয়া বাবে তেওঁলোকক দোষী কৰাও অযুক্তিকৰ । তেতিয়া ষড়যন্ত্ৰমূলকভাৱে বাঁও বিৰোধী এক প্ৰচাৰ চলোৱা বুলি বহুতে সন্দেহ কৰে। চীন সীমান্তৰ বাবে অসম এক ৰণনৈতিক ক্ষেত্ৰ ভাৰতৰ বাবে। প্ৰকৃততে ভৱিষ্যতে বাঁও ভাবধাৰাক বাধা দিয়া (অসমত কৃষক আন্দোলনৰ ইতিহাস),অসমৰ জাতীয় জীৱনক বিভক্ত কৰা আৰু অসমত যাতে নগা-মিজোসকলৰ দৰে স্বাধীনতাৰ বাবে সংগ্ৰামে মূৰ দাঙি নুঠে তাৰ বাবে,জনগণৰ প্ৰকৃত জাতীয়তাবাদী ধাৰাৰ জন্ম নহয়, তাৰ বাবেই অসম আন্দোলনক বিপথে পৰিচালিত কৰা হৈছিল।

অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে সম্পদৰ ওপৰত অধিকাৰৰ বাবে যি সময়ত বাঁও ভাবধাৰাৰ দলৰ প্ৰয়োজন আছিল, তেতিয়া কিন্তু বাঁও দলবোৰে সঠিক সময়ত সেই পথ বা নেতৃত্ব ল’ব নোৱাৰিলে বা হয়তো নোৱাৰিবও কাহানিও । কাৰণ তেওঁলোক আৰ্য্যবাদী সৰ্বভাৰতীয় ৷

সেই কাৰণতেই মই ভাৰতীয় বাঁও দলৰ সমৰ্থন নকৰো,যদিও তেওঁলোকৰ সাম্ৰাজ্যবাদ বিৰোধী অৱস্থানৰ সৈতে মই সহমত প্ৰকাশ কৰো। আজি মানুহে এক প্ৰকৃত জাতীয়তাবাদী পথ বিচাৰে। যি জাতীয়তাবাদী পথে শ্ৰমজীৱী অসমৰ সমাজখনক ঐক্যবদ্ধভাৱে প্ৰতিনিধিত্ব কৰিব পাৰে আৰু তাৰ চৰিত্ৰ সাম্ৰাজ্যবাদ-বিৰোধী হয়। নিৰ্যাতিত জাতিৰ কাৰণে জাতীয়তাবাদেই প্ৰধান অস্ত্ৰ। এয়াই নিৰ্যাতিত জাতিৰ জনগণৰ প্ৰকৃত আৰু সুস্থ জাতীয়তাবাদ ৷ জাতিৰ মুক্তিৰ চেতনাৰ সৈতে আন্তৰ্জাতিকতাবাদক আঁকোৱালি লোৱা এই জাতীয়তাবাদেই শ্ৰমজীৱী জনতাৰ শক্তি ৷

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s