মিচিং শব্দবোৰ শুদ্ধকৈ কেনেকৈ লিখিব


মিচিং শব্দবোৰ শুদ্ধকৈ কেনেকৈ লিখিব

📝Mg. Meghnath Kaman

মিচিং শব্দত বাৰুকৈ খেলিমেলি লগোৱা মূল ধ্বনিবোৰ হ’ল অঘোষ (voiceless) আৰু সঘোষ (voiced) ধ্বনি৷ এই অঘোষ ধ্বনিকেইটা হ’ল- P, T, K, S আৰু সঘোষ ধ্বনিবোৰ হ’ল B, D, G. বহুসময়ত এই P, T, K ৰ উচ্ছাৰণ B, D, G ৰ ওচৰ চাপে কাৰণে এই ধ্বনিবোৰ ব্যৱহাৰ কৰোঁতে কেতিয়াবা বিপাঙত পৰিবলগীয়া হয়৷ যেনে- PAGTO লিখিমনে PAKTO লিখিম, YAPGO টো শুদ্ধ নে YABGO টো শুদ্ধ, TABAD হ’বনে TABAT হ’ব ইত্যাদি ইত্যাদি৷ তলত মিচিং শব্দৰ বানান ৰীতিৰ কিয়দংশ চমুকৈ আগবঢ়োৱা হ’ল৷

১/ P, T, K, S ৰ আগত B নহৈ P হ’ব, D নহৈ T হ’ব আৰু G নহৈ K হ’ব৷ যেনে- Yupta (Yubta নহয়)৷ যদিও এইক্ষেত্ৰত P ৰ উচ্ছাৰণ সাইলাখ B ৰ দৰেই আছিল কিন্তু পিছত T বৰ্ণটো থকাৰ কাৰণে ইয়াত P বহিল৷ অৰ্থাৎ Yupta হ’ল৷ ঠিক তেনেকৈ
Yub+sum = Yupsum (Yubsum নহয়)
Tad+po = Tatpo (Tadpo নহয়)
Yud+tab = Yuttab
Lod+kum = Lotkum
Gad+sum = Gatsum
Tag+por = Takpor
Dug+tad =Duktad
Ab+ke = Apke ইত্যাদি৷

২/ P, T, K, S ৰ বাহিৰে বাকী এঘাৰটা সঘোষ ব্যঞ্জন ধ্বনি অৰ্থাৎ B, D, G, J, L, R, N, M, NY, NG, Y আদিৰ আগত P, T, K নহৈ B, D, G হ’ব৷ যেনে- Magbo (Makbo নহয়)৷ এইক্ষেত্ৰত Magbo শব্দটোত G ৰ উচ্ছাৰণ সাইলাখ K ৰ দৰেই আছিল যদিও পিছত B বৰ্ণটো থকাত ইয়াৰ আগত K নবহি G বহিল৷ ঠিক তেনেকৈ Yubdí (Yupdí নহয়), Abgab (Apgab নহয়),Yabgo (Yapgo নহয়), Sebjog (Sepjog নহয়), Ablom (Aplom নহয়), Gabnam (Gapnam নহয়), Sebnyíng (Sepnyíng নহয়), Sabngad (Sapngad নহয়), Kabyo (Kapyo নহয়), Mudbor (Mutbor নহয়), Adjong (Atjong নহয়), Pagbo (Pakbo নহয়), Gagmur (Gakmur নহয়) ইত্যাদি৷
(ওপৰৰ এই নিয়ম দুটাক এটা বাক্যৰে কোনোবাই এনেকৈয়ো সহজে মনত ৰাখিব খোজে P, T, K, S বোৰ সদায় একেলগে বহে৷)

৩/ শব্দৰ শেষত B, D, G নে P, T, K ?
মিচিং ভাষাত এনে বহুতো শব্দ আছে যিবোৰৰ শেষত P, T, K অথবা B, D, G ব্যৱহাৰ কৰিব পাৰি৷ P, T, K লিখিলে উচ্ছাৰণ বেছি ওচৰ চাপে যদিও ৰূপতাত্বিক বিচাৰৰ দিশৰ পৰা B, D, G লিখাহে সুবিধাজনক হয়৷ উদাহৰণ স্বৰূপে Tabad, Talab, Kopag আদি শব্দৰ লগত e’ বিভক্তি যোগ দিলে আমি দেখা পাওঁ-
Tabad+é = Tabadé, কিন্তু Tabat+e’ = Tabate’ নহয়৷
অৰ্থাৎ মূল শুদ্ধ ৰূপটো হ’ব Tabad, Tabat নহয়৷
Talab+ é = Talabé, কিন্তু Talap+é =Talapé নহয়
Kopag+é= Kopagé (Kopaké নহয়)৷ ঠিক তেনেকৈ
Po:tub (Po:tup নহয়), Yakeb (Yakep নহয়), Tagad (Tagat নহয়), Simad (Simat নহয়), Po:rag (Po:rak নহয়), Porog (Porok নহয়), Mimag (Mimak নহয়) ইত্যাদি৷

৪/ শব্দৰ শেষত P, T, K
কিছুমান শব্দৰ ক্ষেত্ৰত ওপৰৰ এই ৩ নং নিয়মৰ ব্যতিক্ৰম হ’ব৷ সাধাৰণ কথা-বতৰাত ké আৰু pé বিভক্তি বা প্ৰত্যয় অন্য শব্দৰ লগত যোগ হ’লে শেষৰ ধ্বনিটো হেৰুৱাই প্ৰায়ে K বা P হয়৷ যেনে-
Ngok+ké = Ngokké
Odok+ké = Odokké
ঠিক তেনেকৈ Aso:p, Aso:pé (Aso:b নহয়)
Bolo:p, Bolo:pé (Bolo:b নহয়)
Bíkkolo:p, Bíkkolo:pé (Bíkkolo:b নহয়)

৫/ যিবোৰ শব্দ দীৰ্ঘ স্বৰধ্বনিৰে শেষ হয়, সেইবোৰৰ শেষত দীৰ্ঘ চিহ্ন নিদিলেও শব্দটোৰ অৰ্থ বুজাত বিশেষ অসুবিধা নহয়৷ তথাপি ধ্বনি স্পষ্টীকৰণৰ কাৰণে দীৰ্ঘ চিহ্ন দিয়া ভাল হয়৷ যেনেঃ-
Tani:
Aki:
Ki:ni:
Ajji:
এইবোৰ শব্দৰ লগত বিভক্তি বা প্ৰত্যয় যোগ কৰিলে দীৰ্ঘস্বৰটো স্পষ্ট হৈ পৰে৷ যেনে- Tani:ko, Aki:dé, Ki:ni:dé Ajji:né ইত্যাদি৷

৬/ নামবাচক বিশেষ্যবোৰ (যেনে- মানুহৰ নাম, ঠাইৰ নাম আদি) মিচিঙত উচ্ছাৰণ কৰা মতেই লিখা হ’ব; অৱশ্যে, যিবোৰ নামত মহাপ্ৰাণ ধ্বনি থাকে, মিচিঙত উচ্ছাৰণ নকৰিলেও H আখৰটো প্ৰয়োগ কৰি মহাপ্ৰাণ ৰূপত লিখা হ’ব৷ যেনে- Ghono Kanto (Ghana Kanta নহয়), Khogen (Khagen নহয়), Bhimkanto, Ghilamora, Bhimpora, Kherkota ইত্যাদি৷

৭/ পৰিভাষাৰ অভাৱত আমি এতিয়া বহুতো বিদেশী বা ঋণ শব্দ (Loan word) মিচিঙত ব্যৱহাৰ কৰিবলগা হৈ আছে৷ পৰিভাষা তৈয়াৰ কৰাৰ পিছতো কিছুমান ঋণ শব্দ ব্যৱহাৰ কৰি থাকিবলগা হ’ব পাৰে৷ এনে ঋণ শব্দবোৰ যদি মিচিং ভাষাৰ অংগ হৈ পৰে তেন্তে মিচিং উচ্ছাৰণৰ কাষ চপাকৈ লিখিব লাগে৷ যেনে- Iskul, Kolej, Hai Kort, Prodhan Montri, Hikhyamontri ইত্যাদি৷ কিন্তু মূল বানান একে ৰাখি বিদেশী বা ঋণ শব্দ যদি লিখা হয়, তেন্তে এনে শব্দৰ ওপৰত দুইকাষে দুটাকৈ উৰ্ধকমা দিব লাগে৷ যেনে- “School”, “High Court”, “Prime Minister” ইত্যাদি৷

৮/ W ৰ ব্যৱহাৰঃ-
W (ৱ) ধ্বনিটো মিচিং ভাষাৰ মৌলিক ধ্বনি নহয়৷ কিছুমান শব্দৰ লগত স্বৰবৰ্ণৰে আৰম্ভ হোৱা বিভক্তি, প্ৰত্যয় আদি সন্ধি হ’লে মাজত W (ৱ) ধ্বনি উচ্ছাৰিত হয়৷ W ধ্বনিৰ এইদৰে আগমন ঘটিলে পূৰ্বস্বৰ বৃদ্ধি হৈ U যুক্ত যুগ্ম স্বৰত পৰিণত হয়, অৰ্থাৎ W ধ্বনিৰ আগত হ্ৰস্ব U ধ্বনি এটা উচ্ছাৰিত হয় গতিকে W ৰ আগত সদায় এটা U ব্যৱহাৰ কৰা যুগুত হ’ব৷ যেনে-
Ngo+o:i = Ngouwoi
Ko+é = Kouwé
Ro+ém = Rouwém
Ko+í:+ko = Kouwí:ko ইত্যাদি৷

৯/ দ্বিস্বৰ (Diphthong)- ত i (ই) নে y (য়) ?
শব্দত -ai, -oi, -ui আদি ধ্বনি থাকিলে i ৰ সলনি y ব্যৱহাৰ কৰিও আখৰ জোঁটনি কৰিব পাৰি কিন্তু নিৰ্দিষ্ট ৰীতি হিচাপে এনে ক্ষেত্ৰত y ৰ সলনি i ব্যৱহাৰ কৰিব লাগে৷ যেনে- Ba:boi, Na:noi, Sé:koi ইত্যাদি৷

১০/ Abbreviation লিখাৰ ক্ষেত্ৰত আমাৰ বানান পদ্ধতিয়ে দুই ধৰণৰ ৰীতি অৱলম্বন কৰাৰ কথা পোষকতা কৰিছে৷ যেনে- “DC” অথবা Di Si, “SDO” অথবা Es Di O, “IAS” অথবা Ai E Es, “NDA” অথবা En Di E, “MP” অথবা Em Pi ইত্যাদি৷

[মিচিং শব্দৰ শুদ্ধ আখৰ জোঁটনিৰ বাবে বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত আগম মিগাং টাবু টাইদদেৱে ১৯৮৩ চনত “মিচিং ভাষাৰ বানান পদ্ধতি” নামেৰে এখনি পুস্তিকা আগম কৗবাঙৰ সৌজন্যত প্ৰস্তুত কৰি উলিয়াইছিল৷ এই পুস্তিকাখনৰ আলম লৈ এই লেখাটি চমুকৈ যুগুতোৱা হ’ল৷]

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s