অসম প্ৰদেশ কংগ্রেছৰ আভ্যন্তৰীণ দলীয় বিবাদ, কংগ্ৰেছৰ বিদেশী ভোটবেংক নীতি আৰু খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট


কংগ্ৰেছ দল অসমত গঠন হোৱাৰে পৰা অসম প্ৰদেশ কংগ্রেছ নিজৰেই আভ্যন্তৰীণ ৰাজনীতিত জুৰুলা হৈ আহিছে যদিও আন দলৰ নিচিনাকৈ দলটো চুৰমাৰ হৈ যােৱা নাই । কিছুমান নেতাৰ নেতৃত্বত কংগ্ৰেছ দলত মাজে মাজে ফাট মেলিছিল যদিও ক্ষমতাৰ লোভত দলটোলৈ বেছিভাগেই ঘূৰি আহিছিল । তথাপি কংগ্রেছৰ আভ্যন্তৰীণ ৰাজনীতি প্ৰতিটো দশকতেই গৰম হৈ থাকিল I
যদিও সেয়া সাধাৰণতে জনসাধাৰণৰ বৰ বেছি দৃষ্টি গোচৰ নহয় বা সংবাদ জগতেও আগৰে পৰাই বৰকৈ নাজানিছিল কিন্তু কংগ্রেছত দলত বিসম্বাদ সদায়েই চলি আহিছে।
অসম প্ৰদেশ কংগ্ৰেছত বিসম্বাদ আৰম্ভ হৈছিল দেশৰ স্বাধীনতাৰ আগৰে পৰা । দৰাচলতে বহু আগৰে পৰা তৰুণৰাম ফুকনৰ দিনৰ পৰা সত্তৰ দশকত শৰৎ চন্দ্র সিংহৰ উত্থানলৈকে কংগ্ৰেছ দলৰ ইতিহাস ভালকৈ খুঁচৰিলেলে দেখা যায় যে কংগ্রেছৰ বাদ-বিসম্বাদ দলৰ বাহিৰতকৈ ভিতৰতহে বেছি আছিল।
স্বাধীনতাৰ বহু বছৰ আগতে মিলিত জনসংঘ নামেৰে এটা নতুন ৰাজনৈতিক দল খুলি প্ৰথমে কংগ্ৰেছ দলত বিসম্বাদৰ ৰাজনীতি আৰম্ভ কৰিছিল তৰুনৰাম ফুকনে। তেওঁৰ সহযোগী আছিল ৰোহিনী কুমাৰ চৌধুৰী । কংগ্রেছৰ্ নীতি-আদর্শৰ মাজত খেলি মেলি দেখি দলটোৰ পৰা ফুকন আঁতৰি আহিছিল ৷ তাৰ পৰৱর্তী কালত হোৱা নির্বাচনত মিলিত জনসংঘ আৰু কংগ্রেছে পৰস্পৰৰ বিৰোধিতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।
ইয়াৰ পিছত কংগ্ৰেছী ৰাজনীতিৰ বিসম্বাদৰ পিছৰ পর্যায়টো আছিল বৰদলৈ-তৈয়বুল্লাৰ মাজৰ সংঘাত ৷ তৈয়বুল্লা ঘোৰ বৰদলৈ বিৰোধী আছিল আৰু তেওঁ প্রদেশ কংগ্রেছৰ সভাপতি হৈ থকা সময় ছোৱাত নিজৰ কর্তৃত্ব খটুৱাই বাৰে বাৰে বৰদলৈ বিৰোধী স্থিতি লৈছিল।
অৱশ্যে এইটো কথা অনস্বীকাৰ্য্য যে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, তৈয়বুল্লা, সিদ্ধিনাথ শর্মা বা দেৱেশ্বৰ শর্মা ইমানেই উচ্চ খাপৰ নেতা আছিল যে দৰাচলতে মতানৈক্য থাকিলেও তেওঁলোকৰ সেই মতানৈক্য সহজে ৰাইজৰ চকুত ধৰা নপৰিছিল ৷ কিন্তু তাৰ মাজতেই তেতিয়াই ব্যক্তিগত স্বার্থবোৰ পৰিস্ফুট হৈ উঠিছিল ।
কংগ্ৰেছ দলত বিসম্বাদৰ ৰাজনীতি ত্ৰিশ দশকৰ পৰা সত্তৰ দশকলৈ চাৰিটা ঢৌৰ ৰূপত আহিছিল। ত্রিশৰ দশকত সেয়া আহিছিল তৰুণৰাম ফুকনৰ দ্বাৰা ৷ চল্লিশৰ দশকত সেই ঢৌ ৰূপান্তৰিত হৈছিল গোপীনাথ বৰদলৈ-তৈয়বুল্লাৰ মাজৰ সংঘাতলৈ । পঞ্চাশৰ দশকত সেয়া হৈছিল বিষ্ণুৰাম মেধি আৰু দেৱেশ্বৰ শর্মাৰ মাজত আৰু সেই একেই সংঘাত ষাঠিৰ দশকত পুনৰ আৰম্ভ হৈছিল দেৱেশ্বৰ শর্মা আৰু দেৱকান্ত বৰৱাৰ মাজত ৷
একপ্রকাৰ সেই চল্লিশ বছৰত কংগ্রেছৰ আভ্যন্তৰীণ ৰাজনীতি আছিল সদায়েই গণ্ডগোলীয়া । স্বাধীনতাৰ বতাহজাক সেই চাৰিটা দশকত কম-বেছি পৰিমাণে প্রবাহিত হৈ আছিল কাৰণে বিসম্বাদৰ প্ৰতিচ্ছবি সাধাৰণ ৰাইজৰ চকুত আজিৰ দৰে ধৰা পৰা নাছিল ৷ কিন্তু ভিতৰি সি আছিল বহু তীব্ৰ ।
১৯৩৮ চনৰ কথা । শাসনত তেতিয়া গোপীনাথ বৰদলৈৰ সংযুক্ত কংগ্ৰেছ মন্ত্ৰীসভা । সেই সময়তে ডিগবৈত এক সংগঠিত শ্রমিক আন্দোলন সংঘটিত হৈছিল আৰু আন্দোলনত তিনিজন শ্রমিকৰ মৃত্যু হৈছিল। পিচত সেই শ্ৰমিক আন্দোলনেই এক ৰাজনৈতিক আন্দেলেনলৈ ৰূপান্তৰিত হৈছিল । সেই 
আন্দোলনৰ সংযুক্ত কংগ্ৰেছ মন্ত্ৰীসভাই মোকাবিলা কৰি থকাৰ সময়তেই সুযোগ বুজি কিছুমান কংগ্ৰেছী নেতাই নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে বৰদলৈৰ বিৰুদ্ধে আৰম্ভ কৰিছিল খোৱা কামোৰাৰ এক ভয়ংকৰ যুঁজ।

ডিগবৈৰ ঘটনাৰ সুযোগ লৈ দলৰ ভিতৰৰ পৰাই বৰদলৈ মন্ত্ৰীসভাখন ভাঙি দিবলৈ দাবী কৰিছিল তেতিয়াৰ কংগ্রেছ সভাপতি হেমচন্দ্র বৰুৱাকে ধৰি বিষ্ণুৰাম মেধি, মহম্মদ তৈয়বুল্লা আৰু সিদ্ধিনাথ শর্মাই । অসমৰ সন্মুখত তেতিয়া পমুৱা প্ৰব্ৰজনৰ ভয়ংকৰ সমস্যা । কিন্তু এই নেতাসকলে বৰদলৈ বিৰোধী অৱস্থান ল’বলৈ গৈ পমুৱা প্ৰব্ৰজনৰ কথা পাহৰি গ’ল । ডিগবৈৰ ঘটনাতকৈ যে মন্ত্ৰীসভাৰ সন্মুখত পমুৱাৰ আগমন বহু বেছি ডাঙৰ সমস্যা সেই কথা তেওঁলোকে নিজৰ ৰাজনৈতিক উত্থানৰ স্বাৰ্থত ৰাইজৰ চকুৰ পৰা লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিলে। কিন্তু ডিগবৈৰ শ্রমিক আন্দোলন নিতান্তই এক সাধাৰণ প্রশাসনিক সমস্যা আছিল। কিন্তু বৰদলৈৰ সিদ্ধান্ত আছিল পদত্যাগ কৰাতকৈ ডিগবৈকে আদি কৰি পমুৱা প্ৰব্ৰজনৰ সমস্যা সমাধানতহে গুৰুত্ব দিব ।
এই নেতাসকলে বৰদলৈক বিপাঙত পেলাবলৈ আৰু শ্রমিকৰ প্রতি সহানুভুতি থকা দেখুৱাবলৈ গৈ উজনি অসমৰ চাহ খেতি থকা অঞ্চল সমূহত আৰু ডিগবৈৰ আশে পাশে নিজৰ চৰকাৰৰ বিৰুদ্ধেই মাত মাতিছিল I
ঘটনা দেখি নিজৰ দলৰে দলীয় নেতাৰ কৰ্ম কাণ্ডত ক্ষুব্ধ হৈ বৰদলৈয়ে চর্দাৰ বল্লভ ভাই পেটেললৈ এনেদৰে লিখিছিল- ‘‘আমাৰ প্রাদেশিক কংগ্ৰেছে সেইকণ শৃংখলাও অনুগামীসকলৰ মাজত প্রৱৰ্তন কৰিবনৈ অক্ষম হ’ল যি এটা মহান সংগঠনৰ এটা অংশই আনটো অংশৰ লগত মিলাপ্রীতিৰে কাম কৰিবৰ কাৰণে অত্যাৱশ্যকীয় ।”
চৰ্দাৰ পেটেললৈ পত্ৰ দিয়াৰ পিছতো দলীয় বিসম্বাদ কিন্তু শাম কটা নাছিল । বৰঞ্চ বাঢ়িহে গৈছিল । বাধ্য হৈ বৰদলৈয়ে এইসকল নেতাৰ খোঁচনিতেই শেষত পদত্যাগ কৰিব লগা হৈছিল ৷ সেই কাৰণেই ছাৰ ছাদুল্লাই কৈছিল’–It is my conviction that if the Assam Premier is forced to resign, it Will be mainly due to the state of the things which the left wing of the Congress has created in Assam…’
ইয়াৰ পিচত আহিল দ্বিতীয় বিশ্বযুদ্ধ আৰু সত্যাগ্রহৰ ৰাজনীতি ৷ সত্যাগ্রহৰ সীমাবদ্ধতা উপলব্ধি কৰি বৰদলৈয়ে বিধায়কসকলৰ পৰা উপায় বিচাৰি এখন দীঘল চিঠি ৩৩জন বিধায়কলৈ পঠিয়ালে । বৰদলৈৰ পত্রৰ উত্তৰত ৩৩জন কংগ্রেছী বিধায়কৰ ভিতৰত মাথোন ৭জনেহে সম্পূর্ণ সত্যাগ্রহত থাকি বিধান সভাবর্জন কৰাৰ পক্ষে মত প্রকাশ কৰিলে । বাকীবিলাকে কিন্তু বিধানসভাত যোগদান কৰাৰ পক্ষপাতী আছিল ।
বৰদলৈয়ে বিচাৰিছিল সত্যাগ্রহৰ সৈতে চৰকাৰখন চলি থাকক ৷ কিন্তু অসম প্রদেশ কংগ্রেছৰ সভাপতি তৈয়বুল্লা আছিল বৰদলৈৰ ভূমিকাৰ ঘোৰ বিৰোধী । তৈয়বুল্লাই কংগ্রেছ সভাপতি ৰাজেন্দ্র প্রসদালৈ চিঠি লিখিলে যে কংগ্রেছে সংসদীয় ৰাজনীতিৰ পৰা আঁতৰি অহা উচিত ।
তৈয়বুল্লাই কিন্তু দলৰ নীতি আদর্শৰ বাবে এইবোৰ কৰা নাছিল ৷ তেওঁৰ এটাই নীতি আছিল প্ৰত্যেক কথাতেই বৰদলৈৰ বিৰোধিতা কৰা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ সুবাদত অসম চৰকাৰ আৰু বিধানসভাৰ কাম-কাজত কংগ্রেছ তেওঁৰ সম্পূর্ণ কর্তৃত্ব বাহাল ৰখা ।
ইয়াৰ পিচতাে মন্ত্ৰীসভা গঠন, ভুমিপট্টন আৰু পমুৱাৰ আগমনক লৈ ছাদুল্লা-চৌধুৰী-বৰদলৈৰ মাজত যি ত্ৰিপাক্ষিক চুক্তি হৈছিল তাতো তৈয়বুল্লাই হেঙাৰ হিচাপে থিয় দিছিল । তাৰ পিচতো তৈয়বুল্লাই তাতেই ক্ষান্ত নাথাকি নেহৰু আৰু আজাদৰ ওচৰত গোচৰ দি চুক্তিখনকে বিফল কৰি পেলাইছিল ৷ নেহৰু আৰু আজাদে বৰদলৈৰ স্বাধীনচিতীয়া নেতৃত্ব সহ্য কৰিব পৰা নাছিল আৰু প্রতিটো পদক্ষেপতেই বৰদলৈক হেয়জ্ঞান কৰি আহিছিল ।
স্বাধীনতা লাভৰ পিচত বৰদলৈয়ে তৈয়বুল্লাক পঞ্চায়ত মন্ত্ৰীৰ পদ যাঁচি প্রদেশ কংগ্রেছৰ সভাপতি পদৰ পৰা আঁতৰালে ৷ তৈয়বুল্লাই তেতিয়াও পঞ্চায়ত বিভাগ ল’বলৈ অস্বীকাৰ কৰি আবকাৰী বিভাগ লৈহে এৰিলে । তাতেই গম পােৱা যায় ১৯৪৭ চনতেই পদৱীৰ কাৰণে কিমান লালায়িত আছিল স্বাধীনতা যুঁজাৰু নামধাৰী কিছুমান বিয়াগােম আৰু আদৰণীয় নেতা।
ইয়াৰ পিচত ক্ষমতাৰ আন এক নতুন কেন্দ্র হৈ পৰিছিল বিধানসভাৰ প্ৰথমজন অধ্যক্ষ দেৱেশ্বৰ শর্মা ৷ দেৱেশ্বৰ শর্মা স্বাধীন মনৰ লোক আছিল আৰু ভালেকেইটা স্বাধীন চিন্তাৰে দিয়া ৰুলিঙে চৰকাৰ খনক বিব্রত কৰিছিল । কিন্তু তেওঁৰ সেই ৰুলিংবোৰ জনসাধাৰণৰ কল্যাণৰ বাবে দিয়া হোৱা নাছিল। সেইবোৰ তেওঁৰ নিজৰ কর্তৃত্ব জাহিৰ কৰাৰ এক পন্থাহে আছিল।
বৰদলৈয়ে তৈয়বুল্লাক আবকাৰী মন্ত্ৰী পাতি লেকাম লগালে যদিও দেৱেশ্বৰ শর্মাকাে গতি লগাবলৈ সুযােগৰ অপেক্ষাত ৰৈ আছিল ৷ সুযোগ আহিছিল যেতিয়া মণিপুৰৰ ডমিনিয়ন বা পলিটিকেল এজেণ্টৰ কাৰণে এজন যোগ্য নেতাৰ আৱশ্যক হল। বৰদলৈয়ে গৃহ মন্ত্ৰী বল্লভভাই পেটেলৰ হতুৱাই দেৱেশ্বৰ শর্মাক মণিপুৰৰ ডমিনিয়ন এজেন্ট পাতি দেৱেশ্বৰ শর্মাকো একেবাৰে ইম্ফল পােৱালেগৈ যাতে চৰকাৰখনক অনাহকত হকা-বধা কৰি থাকিব নোৱাৰে ।
দেৱেশ্বৰ শর্মা ইম্ফললৈ গল কিন্তু ইম্ফলত বেছিদিন নিটিকিল ৷ স্ব-ইচ্ছাৰে তেওঁ ইম্ফলৰ পৰা গুচি আহিল; কিছুমানৰ মতে মণিপুৰীসকলৰ আপত্তিৰ বাবে সেই পদবীটোকে বিলোপ কৰা হ’ল আৰু শর্মা অসমলৈ ঘূৰি আহিবলৈ বাধ্য হ’ল ৷
কিন্তু দেৱেশ্বৰ শর্মাৰ পুনৰ আগমনে আউল লগালে বৰদলৈৰ ৰাজনীতিত । অসমলৈ আহিয়ে দেৱেশ্বৰ শর্মা কংগ্রেছৰ সভাপতি হ’ল। বৰদনৈৰ কাৰণে ভাল হওক ছাৰি বেছি বেয়াহে হল ।
ঠিক তেতিয়াৰ পৰা ১৯৭০ চনলৈ দেৱেশ্বৰ শর্মাক কেন্দ্র কৰি তেওঁৰ সপক্ষে বা বিপক্ষে কংগ্রেছৰ বিসম্বাদী ৰাজনীতি চলি থাকিল । দেৱেশ্বৰ শর্মা একপ্ৰকাৰে চিৰবিসম্বাদী হৈয়েই থাকিল I
ইতিমধ্যে ভাৰতীয় জাতীয় কংগ্রেছত ১৯৫০ চনৰ পৰাই কংগ্রেছৰ ভিতৰৰে এটা গোটে সমাজবাদী বুলি চিনাকি দি লাহে লাহে কংগ্ৰছৰ পৰা ফাটি যাবলৈ ধৰিছিল। ইয়াৰ আগভাগ ভৈলছিল আচার্য কৃপালিনী আৰু ৰফি আহমেদ কিদৱাই ৷ অসমতো দেৱেশ্বৰ শর্মাই এই গোটটোৰ লগত সহমর্মিতা প্রকাশ কৰিছিল আৰু এই গোটটোৰ সংবিধানখনো লিখি উলিয়াইছিল। সেয়া কিন্তু কংগ্রেছৰ ভিতৰত থাকিয়েই তেওঁ কৰি গৈছিল ৷
কালক্রমত কংগ্রেছৰ এই সংকট আঁতৰাবৰ কাৰণে সভাপতি পুৰুষোত্তম দাস টেণ্ডনক পদত্যাগ কৰাবলৈ বাধ্য কৰোৱা হয় । তেওঁৰ ঠাইত দলে লৈ আনে প্ৰধানমন্ত্ৰী নেহৰুক ৷ সেয়া ১৯৫১ চনৰ কথা । (আগলৈ, নতুবা মোৰ ব্লগ Tultul Kutum Axom চাওঁক)
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s