সকলো সময়তে নিজকে প্ৰশ্ন কৰিবা : কোনটো কৰা উচিত?


Tultul Kutum Axom
Published by Tultul Kutum Axom · 

September 11 at 10:19 PM · 

ইয়াত টিপি Subscribe কৰক

সকলো সময়তে নিজকে প্ৰশ্ন কৰিবা : কোনটো কৰা উচিত?
যিবোৰ কাম কৰিলে এতিয়াই বা পিছলৈ অনুতাপ কৰিবলগীয়া হয়, তেনেবোৰ কামৰ বিষয়ে সকলো সময়তে সচেতন হৈ থাকিবা।
সংঘৰ্ষ আৰু তিক্ততাৰ মাজত থকাতকৈ শান্তিৰ মাজত থকাটো সদায়েই অধিক বাঞ্ছনীয়।
নিজৰ ওচৰ-চুবুৰীয়াসকলক ভয় বা অবিশ্বাস কৰাতকৈ তেওঁলোকক বিশ্বাস কৰাটো বেছি ভাল।
উত্তম বিধৰ মানুহে কেতিয়াও তৰ্কাতৰ্কি নকৰে। তেওঁ সদায় নিজৰ মতত দৃঢ় হৈ থাকে, আৰু কাকো ফেঁপেৰি পাতি নধৰে।
তেওঁ সকলোৰে লগত মিলা-মিচা কৰি চলে, কিন্তু মিলা-মিচা কৰিবলৈ কেৱল নিজৰ আপোন মানুহখিনিকহে বাছি নলয়।
উত্তমবিধৰ মানুহে নিজৰ ওচৰ-চুবুৰীয়াক সদায় ভাল আৰ্হি দেখুৱায়। তেওঁ ওচৰ-চুবুৰীয়াৰ অনুভূতিক সন্মান কৰি চলে আৰু তেওঁলোকৰ সম্পত্তিক কেতিয়াও লোভ বা ঈৰ্ষাৰ চকুৰে নাচায়।
আন মানুহৰ প্ৰতি সহৃদয় মনোভাবেই হ’ল সৎ সমাজ আৰু সৎ জীৱনৰ ঘাই ভেটি।
প্ৰত্যেক মানুহৰ প্ৰতি সদয় হ’বা। নিজৰ বন্ধুবৰ্গৰ মাজত সদায় আনন্দ দায়ক আৰু বন্ধুত্বপূৰ্ণ হৈ থাকিবা। সকলোৰে প্ৰতি উদাৰতা আৰু ন্যায় বিচাৰ দেখুৱাবা।
কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল— আনে তোমাৰ প্ৰতি যেনেধৰণৰ আচৰণ দেখুওৱাটো তুমি নিবিচাৰা, আনৰ প্ৰতিও তুমি তেনেধৰণৰ আচৰণ নকৰিবা।
(কনফ্যিউচিয়াচ।)
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s