এক মিনিটৰ গল্প


মোৰ ঘৰ ধেমাজি জিলাত। অফিচিয়েল কাম এটাত গুৱাহাটীলৈ গৈ ডে’ ছুপাৰ বাছেৰে ঘৰলৈ আহি আছিলোঁ। আহি থাকোতে বাটতে গাড়ীৰ ইঞ্জিনৰ বিজুতি ঘটাত গধূলি ছয় বজাতেই ধেমাজিৰ কুলাজান পাব লগা বাছখন বহু পলমকৈ ৰাতি ১১টামান বজাতহে পাইছিলগৈ । হঠাতে বতৰ বেয়া হৈ ধুমুহা বৰষুণ আহিল। বৰষুণৰ মাত্ৰা ইমানেই বেছি আছিল যে এফুট আতঁৰত কোনোবা থাকিলেও ধৰিব নোৱাৰি। ৰাস্তাৰ কাষত বৰ গছ এজোপা পাই সেইজোপাৰ তলতে অলপ ৰ’লো। হঠাৎ মনত পৰিল যে এসপ্তাহৰ আগতে এজনী ছোৱালীয়ে এই গছ জোপাতে চিপ লৈ আত্মহত্যা কৰিছিল। কথাটো মনত পৰা লগে লগে ভয়ত মোৰ শৰীৰ কপিবলৈ ধৰিলে।
এনেতে দেখিলো এখন অটো আহি কাষতে ৰল । এনে লাগিল যেন ভগৱানেহে পঠিয়ালে অটোখন।

মই একো সোধ-পোচ নকৰাকৈ অটোত বহিলো ।অটোৰ দৰ্জা-খিৰিকি সকলো বন্ধ, বৰষুনৰ বাবে চাগৈ।
ভিতৰত কাকো নেদেখি অলপ আছৰিত হলো।অলপ পাচতে অটোখন চলিব ধৰিলে। কিন্তু এইয়া কি !!!!
না অটোৰ ষ্টিয়েৰিঙত কোনোবা আছে , না অটো ষ্টাৰ্ট হৈছে!!!! নিজে নিজে চলি আছে অটোখন। মাজে মাজে এখন হাত সোমাই অটোৰ ষ্টিয়েৰিংডাল পোনায় দিয়ে। এইবোৰ দেখি এই মই ভয়তে ঘামিব ধৰিলো। মুখেৰে ৰাম ৰাম কব ধৰিলো। কিছুদূৰত এটা পোহৰ দেখিলো। পোহৰটো কিছু ওচৰলৈ অহাৰ লগে লগে মই অটোৰ দৰ্জা খুলি দৌৰিলো পোহৰৰ অভিমুখে। এখন ধাবা । ভিতৰত সোমোৱাৰ লগে লগে মোৰ অৱস্থা দেখি সকলো মোৰ কাষ চাপি আহিল। সকলোকে ক’লো সেই অভিশপ্ত গছ জোপাৰ কথা। সকলোৰে মুখৰ মাত সৰিল। এনেতে দুজন মানুহ উধাতু খাই ধাবাত প্ৰবেশ কৰিলে।এজনে ফোপাই-জোপাই কলে “ভাল বাচিলো আজি।সেই গছ জোপাত সচাঁই ভূত আছে। মোৰ অটোখন বেয়া হোৱাত আমি দুয়োটাই অটোখন ঠেলি ঠেলি আহি গছ জোপাৰ ওচৰ পাওঁতে কিছুপৰ অটোখন তাতে ৰখাই পেচাৱ কৰিব গৈছিলো। আহি আকৌ অটোখন ঠেলোতে ভিতৰত কোনোবা বহি থকা যেন অনুভৱ হৈছিল। এইখিনি আহি পাওঁতেই অটোৰ দৰ্জা খুলি কিবা এটা ওলাই যোৱাৰ দৰে অনুভৱ কৰিলো। ভাল বচালা ভগৱান। ৰাম ৰাম ৰাম………………”।

টোকাঃ ভূত প্ৰেত বুলি একো নাই। সব মনৰ ভ্ৰমহে ৰাইজ।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s