উনৈশ শতিকাৰ এক ৰূপকথাঃ সত্য বনাম মিথ্যা


সত্য নামৰ ৰূপহী নাৰী এগৰাকীয়ে নৈ এখনৰ পাৰলৈ গৈ থাকোতে মিথ্যা নামৰ নাৰী এগৰাকীক লগ পালে । মিথ্যাই ক’লে , “চাওকচোন আজি এটা খুব সুন্দৰ দিন নহয়নে বাৰু ?” সত্যই আকাশলৈ মুৰ তুলি চাই দেখিলে উজ্জ্বল ৰৌদ্ৰস্নাত নিৰ্মেঘ নীলিম আকাশ । দুয়ো গৰাকীয়ে আলাপ কৰি কৰি খোজ কাঢ়ি গৈ নৈখনৰ পাৰ পালেগৈ । নৈখনৰ স্বচ্ছ আৰু নিৰ্মল পানীলৈ চাই মিথ্যাই ক’লে , “নৈখনৰ স্বচ্ছ জলাধাৰত অলপ স্নান কৰো আহক । ” সত্যই পানীখিনি পৰীক্ষা কৰি চালে । হয় , স্নান কৰাৰ বাবে উপযুক্ত । দুয়ো গৰাকীয়ে পৰিধান কৰি থকা বস্ত্ৰ সোলোকাই নৈত নামিল । দুয়ো স্নান কৰি থাকোতে হঠাতে মিথ্যা পাৰলৈ উঠি আহি সত্যৰ বস্ত্ৰ পিন্ধি দৌৰি গুচি গ’ল । সত্য হতভম্ব হৈ পৰিল । সত্যই পাৰলৈ উঠি আহি উলংগ হৈয়ে মানুহৰ মাজত মিথ্যাক বিচাৰি ফুৰিবলৈ ধৰিলে । মানুহবোৰৰ কোনোবাই লাজতে চকু মুদিলে , কোনোবাই লোলুপ দৃষ্টি নিক্ষেপ কৰিলে । কিন্তু সত্যই মিথ্যাক বিচাৰি নাপাই খঙে দুখে পুনৰ নৈখনলৈ উভতি গৈ নৈখনৰ পানীত সোমাই থাকিল ।
সেই মিথ্যা নামৰ নাৰী গৰাকীয়ে আজিও সত্যৰ বস্ত্ৰ পিন্ধি মানুহৰ মাজত দপদপাই ফুৰি আছে ! 
সত্য এতিয়াও নৈখনতে আছে উলংগ হৈ !!

(মূলঃ থীম ‘জিন লিয়ন জেৰ’ম , ১৮৯৬)
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s