আধ্যাত্মিক বিশ্বাস আৰু স্বাস্থ্য


Tultul Kutum Axom
Published by Tultul Kutum Axom · 

September 9 at 12:15 PM · 

আধ্যাত্মিক বিশ্বাস 

হাওঁফাওঁৰ কেঞ্চাৰ প্রায় চৰম পর্য্যায়লৈ যােৱা পঞ্চাশজন ৰোগীৰ ওপৰত এটা বিশেষ পৰীক্ষা চলােৱা হৈছিল । ৰোগীসকলৰ ভিতৰত যিকেইজনৰ গভীৰ আধ্যাত্মিক বিশ্বাস আছিল, তেওঁলোকৰ ৰোগৰ ক্ষেত্রত কেমােথেৰাপীয়ে দ্রুত গতিৰে আৰু ফলদায়কভাবে কাম কৰিছিল I তেওঁলোক জীয়ায়াে আছিল বেছি বছৰ ৷ তেওঁলােকৰ ভিতৰত ৪০% ৰোগী চিকিৎসা আৰম্ভ হোৱাৰ পিছত তিনি বছৰতকৈ বেছি সময় জীয়াই আছিল I যিসকল ৰোগীৰ কোনো ধৰণৰ আধ্যাত্মিক বিশ্বাস নাছিল, তেওঁলােকৰ ৬৩৩ জনৰ মাত্র ১০ জন ৰোগীহে কিছুদিন বাচি আছিল l কেঞ্চাৰৰ আৰোগ্যৰ ক্ষেত্ৰত ধর্ম আৰু চিন্তাৰ প্রভাৱ সম্পর্কে এতিয়ালৈকে যিমানবােৰ গবেষণা হৈছে সেই আটাইবােৰেই এতিয়াও বিতর্কিত হৈ আছে I কিন্তু হাজাৰ হাজাৰ গৱেষণাই এই কথা প্রমাণ কৰিছে যে স্বাস্থ্যৰ উন্নতিৰ লগত ধর্ম বিশ্বাসৰ এটা বিশেষ সম্পর্ক আছে I প্রমাণিত হৈছে যে বিভিন্ন ধৰণৰ হৃদৰোগ, ষ্ট্ৰক, ৰক্তচাপ, এইড্ছ, মেনিনজাইঢিছ আৰু প্রাথমিক অৱস্থাত থকা কেঞ্চাৰৰ চিকিৎসাৰ ক্ষেত্রত ৰোগীজনৰ ধর্মীয় বিশ্বাসৰ এটা নিভীড় সম্পর্ক আছে I অর্থাৎ এইবােৰ ৰোগৰ নিৰাময়ৰ ক্ষেত্রত তেওঁৰ ধর্মীয় বিশ্বাসে বহুত সহায় কৰিব পাৰে I
বহুত চিকিৎসকে এই সিদ্ধান্ত মানি ল’ব নােখোজে ৷ কিন্তু যদি ধৰিও লোৱা হয় যে স্বাস্থ্যৰ উন্নতিত বা ৰোগৰ নিৰাময়ত ধ্যানে মানুহক যথেষ্ট সহায় কৰে, কিন্তু তাৰ ব্যাখ্যা বিচাৰি ঐশ্বৰিক শক্তিৰ কাষ চপাৰ কোনো দৰকাৰ নাই ৷ কেইটামান গৱেষণাই এই কথা প্রমাণ কৰিছে যে ঈশ্বৰ বা দেৱতাৰ ওপৰত বিশ্বাসে ৰোগীজনৰ ক্ষেত্রত Placeboৰ দৰে কাম কৰে। ঠিক যেনেকৈ ঔষধৰ নামত ; পানী বেজী দিও কেতিয়াবা ৰোগীক আৰোগ্য কৰিব পাৰি। ইয়াকে কােৱা হয় Placebo effect. পানীকেই দৰৱ বুলি বিশ্বাস কৰাৰ দৰে যিসকল ৰোগীয়ে ঈশ্বৰ বিশ্বাসকেই আৰোগ্যৰ একমাত্র উপায় বুলি বিশ্বাস কৰে, তেওঁলােকৰ ক্ষেত্রত ঈশ্বৰ বিশ্বাসেই Placeboৰ কাম কৰে। ঠিক তেনেদৰে জৰা ফুকা, পূজা পাতল আদিৰেও কিছুমান মানুহৰ বেমাৰ ভাল হৈ যায়, ইও এক প্ৰকাৰ Placebo effect. তাৰ বিপৰীতে মাৰণ তন্ত্ৰ মন্ত্ৰ আদিৰে ডাইনীবোৰে মানুহ মাৰিব পাৰে বুলি বিশ্বাস কৰি কোনোবা মানুহে নিজকে মোক মন্ত্ৰ কৰিলে, অগ্নিবান মাৰিলে আদি বুলি ভাবি লৈও সাধাৰণ জ্বৰ কাহতো মৰে সিও এক প্ৰকাৰৰ Placebo effect.

ধ্যান 

ভিডিঅৰ বাবে ইয়াত টিপক-

ধ্যানে যে মানুহৰ উপকাৰ কৰে সেই কথা বহুত গবেষণাই প্রমাণ কৰিছে I গবেষণাৰ ফলত দেখা গেছে যে কেঞ্চাৰ ৰোগীসকলৰ ক্ষেত্রত ই শৰীৰৰ প্রতিৰোধ শক্তি বৃদ্ধি কৰে, উগ্র বিমর্ষতাৰ পৰা (Depression) মানুহক ৰক্ষা কৰে আৰু ছালৰ স্বাস্থ্য আৰু সৌন্দৰ্য্য বৃদ্ধি কৰে I ধ্যানে আনকি বয়স বৃদ্ধিৰ প্রক্রিয়াটোকে মন্থৰ কৰিব পাৰে। শৰীৰৰ ক্রমােজম (Chromosome) বোৰৰ মূৰত এটা টুপী থাকে ৷ টুপীটোক কোৱা হয় টেল’মিয়েৰ I শৰীৰৰ কােষ তন্ত্রবোৰে যেতিয়াই নিজকে বিৰক্ত কৰে তেতিয়াই এটা এটা টেল’মিয়েৰ চুটি হয় ৷ কিন্তু গৱেষণাই এই কথা প্রমাণ কৰিছে যে মাত্র ৩ মাহ ধ্যান কৰাৰ পিছতো টল’মিয়েৰৰ চুটি হোৱা প্রক্রিয়াটো বহু পৰিমাণে মন্থৰ হয় যাৰ ফলত বয়স বৃদ্ধিৰ প্রক্রিয়াও বিলম্বিত হয় I যিসকল লোকৰ ৩ মাহ ধ্যান কৰিব সময় নাই, তেওঁলােকো হতাশ হোৱাৰ কোনো কাৰণ নাই ৷ গৱেষণাই এই কথা প্রমাণ কৰিছে যে মাত্র ১১ ঘণ্টা ধ্যানেও মগজুৰ গঠনত উল্লেখযোগ্য পৰিৱর্তন ঘটাব পাৰে I ধ্যানৰ সুফল পাবলৈ দীঘলীয়া সময় ধৰি ধ্যান কৰাৰ প্রয়ােজন নাই I এজন গৱেষকৰ মতে আপুনি গােটেই দিনটো বিভিন্ন কামত ব্যস্ত থকাৰ সময়ত মাজে মাজে কেইমিনিটমান সময়ৰ কাৰেণ অলপ সময় ধ্যান কৰিও যথেষ্ট পৰিমাণে উপকৃত হ’ব পাৰে I আপুনি কাম কৰি থকাৰ মাজতে ক্ষন্তেক থমকি ৰ’ব, গভীৰভাৱে উশাহ নিশাহ ল’ব আৰু মনটোক সকলাে চিন্তাৰ পৰা মুক্ত কৰি দৃষ্টি নিৱদ্ধ কৰিব কেৱল উশাহ আৰু নিশাহৰ প্রক্রিয়াৰ ওপৰত ৷ কামৰ মাজে মাজে মাত্র ৫ মিনিট সময় ধ্যান কৰাটো নিশ্চয় একাে কঠিন কাম নহয় ; কিন্তু তাৰ পৰা আপুনি উপকাৰ পাব প্রচুৰ I

দীঘলীয়া জিৰণি স্বাহ্যৰ কাৰণে ক্ষতিকৰ 

দুৰ্বল হৃদয়ৰ মানুহক বিছনাত শুই থাকি জিৰণি ল’বলৈ উপদেশ দিয়া হয় I কিন্তু এই জিৰণিয়ে প্রকৃততে মানুহজনৰ কিমান উপকাৰ কৰে সেই কথা জানিবলৈ চিকিৎসা বিজ্ঞানীসকলে এটা নতুন পৰীক্ষা কৰিব লগা হ’ল I আচলতে এই পৰীক্ষাটো কৰা হৈছিল শৰীৰৰ অংগ সঞ্চালনৰ অভাৱে মহাকাশ যাত্ৰীসকলৰ স্বাস্থ্যৰ ওপৰত কেনেকুৱা প্রতিক্রিয়া কৰে সেই কথা জানিবলৈ । ১৯৬৬ চনত এই পৰীক্ষাত অংশ ল’বলৈ ৫ জন যুৱক স্বেচ্ছাই আগবাঢ়ি আহিল ৷ পাঁচােজন যুৱকেই আছিল সুস্বাস্থ্যৰ জীৱন্ত প্রতিমুর্তি I তেওঁলােকক একে লেথাৰিয়ে গাটো কাটি-কুটা নকৰাকৈ বিশ দিন বিছনাত শুই থাকিবলৈ বাধ্য কৰা হ’ল ৷ আনকি শৌচ-প্রসাৱৰ কাৰণে তেওঁলােকক টয়লেটলৈও যাবলৈ অনুমতি দিয়া নহ’ল ৷ এই পৰীক্ষাৰ উদ্দেশ্য আছিল দুটা- এটা হ’ল মহাকাশত ওজনবিহীন অৱস্থাত দীর্ঘদিন থাকিবলৈ বাধ্য হোৱা মহাকাশ যাত্রীসকলৰ শৰীৰৰ প্রতিক্রিয়া; দ্বিতীয়তে, বিশ দিন বা তাতােকৈ বেছি দিন বিছনাত নিশ্চল হৈ পৰি থকাৰ পিছত স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ কিমান দিনৰ ভিতৰত শৰীৰে স্বাভাৱিক ক্রিয়া আৰম্ভ কৰে সেই কথা জনাটো । লগতে ডাক্তৰসকলে এই কথাও জানিবলৈ বিচাৰিছিল হা’ষ্পতালত কেইবা সপ্তাহ বা কেইবা মাহৰ বিছনাত শুই থকাৰ ফলত ৰোগীসকল কিয় ভীষণ দুর্বল হৈ পৰে I বাধ্যতামূলক জিৰণিৰ ২০টা দিন পাৰ হোৱাৰ পিছত ডাক্তৰসকলে মানুহ কেইজনক পৰীক্ষা কৰি দেখিলে যে এই ২০ দিনতে মানূহকেইজনৰ স্বাস্থ্যৰ ভীষণ অৱনতি ঘটিছে আৰু তেওঁলােকৰ হৃদপিণ্ডৰো প্রায় ১১% কোচ খাইছে l লগতে এইটোও দেখা গ’ল যে ত্রিশ বছৰ বয়স বৃদ্ধিয়ে শৰীৰৰ যিমান ক্ষয় ক্ষতি কৰে , তাতোকৈ বেছি ক্ষতি কৰে একে লেথাৰিয়ে ২০ দিন বিছনাত শুই থাকি লোৱা জিৰণিয়ে ৷ মানুহ কেইজনক পুনৰ ব্যায়াম কৰিবলৈ বাধ্য কৰা হল । দেখা গ’ল যে ত্রিশ বছৰৰ বয়স বৃদ্ধিয়ে কৰিব পৰা শাৰীৰিক ক্ষতিখিনি মাত্র ৬ মাহৰ ব্যায়ামে পুৰণ কৰিব পৰাটো সম্ভৱ I

এই আৱিষ্কাৰটোৱে চিকিংসা বিজ্ঞানৰ ৰূপটোকেই সলনি কৰি পেলালে। শাৰিৰীক ব্যায়াম বা অংগ সঞ্চালন স্বাস্থ্য ৰক্ষাৰ কাৰণে আটাইতকৈ দৰকাৰী আৰু অপৰিহাৰ্য্য পন্থা I

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s