ককালৰ_বিষ_আৰু_লবলগা_সাৱধানতা


Tultul Kutum Axom
Published by Tultul Kutum Axom · 

September 15 at 3:19 PM · 

ফকৰা যোজনাতে হওক বা লিখিত সাহিত্যতে হওক কঁকালৰ উল্লেখ নানাধৰণেৰে পোৱা যায়৷ একঁকাল পানী, খামুচীয়া কঁকাল, কঁকাল পৰিল, কঁকাল ভাং, কঁকালত টঙালি বান্ধ, কঁকাল পোনাই ঠিয় হোৱা আদি অনেক৷ সেই কঁকালৰ বিষয়টো আজিৰ স্বাস্থ্য কথাৰ মাজলৈ আনিব খুজিছোঁ৷
কঁকাল গঠন হয় হাঁড় (Vertebra), হাঁডৰ মাজৰ কুশ্বন বা ডিস্ক, লিগামেন্ট, ৰাজহাঁড়ৰ মজ্জা (Spinal cord ), স্নায়ু ,মাংসপেশি আৰু পেটৰ ভিতৰৰ অংগসমূহেৰে৷ এই সকলোবোৰক ছালে আৱৰি ৰাখে৷ গতিকে এই যি কোনো অংশৰ বিজুতি হলেই কঁকালৰ বিষ হব পাৰে৷ ৬ সপ্তাহলৈকে হোৱা কঁকালৰ বিষক একিউট বা হ্ৰস্বম্যাদী বুলি গণ্য কৰা হয়৷ সৰ্বাধিক ৩মাহলৈকে হোৱা বিষক চাব-একিউট বা মধ্যমীয়া আৰু তিনিমাহৰ ওপৰকালৰ কঁকালৰ বিষক ক্ৰনিক বা দীৰ্ঘম্যাদী বুলি ধৰা হয়৷ একিউটৰ তুলনাত ক্ৰনিক কঁকালৰ বিষ কমকৈ দেখা যায়৷ ‘ফাইব্ৰমায়েলজিয়া’ হ’ল এবিধ ক্ৰনিক কঁকালৰ বিষ য’ত মাংসপেশি আৰু গাঠিৰ বিষ হয়, টোপনিৰ ব্যাঘাত জন্মে,লগত সাধাৰণতে ইৰিটেবল বাৱেল চিনড্ৰমযুক্ত থাকে৷এই ৰোগত হাঁড়,গাঠি আদিত ক’তো ইনফ্লেমেচন দেখা নাযায়৷
মেডইণ্ডিয়াৰ ৱেবচাইটত প্ৰকাশিত তথ্যমতে ভাৰতবৰ্ষত প্ৰতি ৫জন প্ৰাপ্তবয়স্কৰ ভিতৰত ৪জনৰ এটা নহয় এটা সময়ত কঁকালৰ বিষ হয়৷ আমেৰিকাৰ মেয়’ ক্লিনিকৰ তথ্য মতেও ৮০শতাংশ আমেৰিকানে জীৱনকালত এটা সময়ত কঁকালৰ বিষত ভোগে৷ পুৰুষ মহিলা উভয়ৰে কঁকালৰ বিষ হোৱা দেখা যায় ৷ পুৰুষৰ তুলনাত মহিলা ভুক্তভোগীৰ সংখ্যা অধিক৷ সংখ্যাগত দিশৰ পৰা পানীলগা অসুখৰ পিছতেই কঁকালৰ বিষৰ কথা উল্লেখ কৰিব পাৰি৷ সাধাৰণতে ৩৫ৰ পৰা ৫৫বছৰ বয়সৰ লোকৰ কঁকালৰ বিষ হোৱা পৰিলক্ষিত হয়৷
মেদবহুলতাত ভোগা শকত লোক, ধূম্ৰপান কৰোতা, এলেহুৱা জীৱন কটোৱা লোক, শাৰীৰিকভাবে অসুস্থ-দুৰ্বল লোক, গৰ্ভাৱস্থা, ড্ৰাগছসেৱনকাৰী,শৰীৰৰ কম ইমিউনিটি থকা লোক আদিৰ কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা বেচি থাকে৷ দীৰ্ঘকাল ষ্টেৰইড দৰব গ্ৰহণ কৰা লোকৰ হাঁড় দুৰ্বল হোৱা ফলত সহজে কঁকালৰ বিষ হয়৷ কিছুমান লোকৰ জেনেটিক কাৰণত হাঁড়ৰ ৰোগ (যেনে এনকাইলজিং স্পণ্ডাইলাইটিচ) হব পাৰে – তেনেলোকৰ কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা বেচি৷ অতিমাত্ৰা কষ্টকৰ শ্ৰম কৰা লোক নাইবা ঠিয় হবলৈ সুযোগ নোপোৱা দীৰ্ঘকাল সময় চকীতে বহি কটোৱা চাকৰিও কঁকালৰ বিষৰ কাৰক হব পাৰে৷ আকৌ মানসিকভাবে দু:চিন্তা আৰু ডিপ্ৰেচনত ভোগা লোকৰ কঁকালৰ বিষ বেচি হোৱা দেখা যায়৷
আগতে উল্লেখ কৰি অহা কঁকালৰ যি কোনো অংশৰ বিজুতি হলেই কঁকালৰ বিষ হব পাৰে৷ কিন্তু কেতিয়াবা বিষৰ কাৰণ অনুসন্ধান কৰিলেও পোৱা নাযায়৷ আগদিনালৈকে ভালে থকা মানুহ এজনৰ পিছদিনা পুৱাই হঠাতে কঁকালৰ বিষ হব পাৰে৷
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s