জীৱনৰ প্ৰত্যাহ্বান


download (1)

কেতিয়াবা জীৱনলৈ অহা কিছুমান ধুমুহাই বা জীৱনত ঘটা কিছুমান ঘটনাই মানুহৰ সকলো আশা আকাংক্ষা নষ্ট কৰি পেলোৱাৰ উপক্ৰম কৰে । তেতিয়া মানুহে সেই ঘটনাটোকে জীৱনৰ কেন্দ্ৰবিন্দু বা জীৱন অন্তকাৰী ঘটনা হিচাপে মানি লয়।

কিন্তু মানুহৰ ভৱিষ্যত ! মানুহৰ ভৱিষ্যত জানো মানুহৰ পৰিকল্পনাৰ আধাৰত নিৰ্মিত হয় ? মই কওঁ- মানুহৰ ভৱিষ্যত মানুহৰ পৰিকল্পনাৰ আধাৰত কেতিয়াও ৰচনা কৰিব নোৱাৰি ।

জীৱনত কেতিয়াও বগাই নোপোৱা ওখ পৰ্বত এটাত প্ৰথমবাৰৰ বাবে পৰ্ব্বত বগাবলৈ যোৱা পৰ্ব্বতাৰোহী এজনে পৰ্বতৰ তলত বহি পৰ্ব্বতটোত তেওঁ কেনেকৈ বগাই উঠিব লাগে তাৰ পৰিকল্পনা কৰিলে তেনে পৰিকল্পনাই তেওঁক পৰ্বতৰ ওপৰলৈ নিব পাৰিবনে ? নিশ্চয় নোৱাৰিব । কাৰণ পৰ্ব্বতটোত তেওঁ যিমানেই ওপৰলৈ উঠিব সিমানেই নতুন নতুন প্ৰত্যাহ্বান পাব। প্ৰত্যেকটো খোজৰ পিছত পিছৰ খোজটো কত দিব সেইটো তেওঁ সময় সাপেক্ষে সুবিধা চাই নিৰ্ণয় কৰিব লাগিব। পৰ্ব্বতটোত বগাওতে তেওঁ পৰ্ব্বতৰ এটা প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ পিছত আন এটা প্ৰত্যাহ্বানৰ মুখামুখি হবলৈ নতুন নতুন কৌশল ৰচনা কৰিব লাগিব যাতে পুৰণা কৌশল এটাই তেওঁক পৰ্ব্বতটোৰ গহ্বৰত পতিত নকৰে । পৰ্বতটোক তেওঁ মানুহে আৰামেৰে বগাব পৰা পৰ্ব্বত এটালৈ পৰিৱৰ্তিত কৰাব নোৱাৰে, তাৰ বিপৰীতে নিজে পৰ্বতটো বগাব পৰা যোগ্য মানুহ এজনলৈ নিজকে ৰূপান্তৰ কৰিব লাগিব ।

মানুহৰ জীৱিতকালৰ জীৱনৰ পৰিক্ৰমাও পৰ্ব্বতাৰোহী এজনে তেওঁৰ জীৱনত প্ৰথমবাৰৰ বাবে পৰ্ব্বত বগাবলৈ যোৱা ঘটনা এটাৰ নিচিনাই। যেতিয়াই মানুহে জীৱনত এটাই মাত্র প্ৰত্যাহ্বান, সংঘাত বা বাধাকেই জীৱনৰ শেষ বা কেন্দ্ৰ হিচাপে মানি লয় আৰু তেনে প্ৰত্যাহ্বানৰ ফলত সৃষ্টি হোৱা হতাশাত ভাৰাক্ৰান্ত হৈ মানুহজনে নিজৰ জীৱনৰ গতিকেই ৰুদ্ধ কৰি দিয়ে, তেনে মানুহ জীৱনত কেতিয়াও সফল হব নোৱাৰে আৰু আন সফল মানুহবোৰে তেওঁলোকৰ জীৱনত সফলতাৰ পৰা পোৱা সুখ শান্তিবোৰৰ পৰা বঞ্চিত হ’ব লগা হয়।

অৰ্থাৎ জীৱনটো নিজৰ যোগ্য কৰি ল’বলৈ চেষ্টা কৰাতকৈ নিজকে জীৱনৰ যোগ্য কৰি লোৱাটোহে সুখ আৰু সফলতাৰ প্ৰধান পথ।

(ভগৱান শ্ৰীকৃষ্ণ, মহাভাৰত)

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s