আহিন আহিল শৰতক লৈ


download (1)

কুহুৱা ফুলিছে । আহিন আহিল । চিৰাচৰিত নিয়মেৰেই আহিন আহিল- আপোন বাটেৰে চিনাকি ঘাটেৰে ৷

‘আহিনে আনে শৰৎ, আনে শেৱালিয়ে
আহিনক কোনে আনে?
নিয়ৰে ক’লেহি শেৱালিয়ে,
আৰু শেৱালিয়ে ক’লে নিয়ৰে আনে।
দুবৰিয়ে ক’লে কোমল হাঁহিৰে
দুয়ােজনে দুয়ােজনে । ’

আহিনৰ ৰান্ধনি বেলিয়ে সন্ধিয়া হেঙুলীয়া কৰিব আকাশ ৷ কোমল নিয়ৰে তিয়াব ধৰাৰ বুকু ৷ পদুলিত পৰি ৰ’ব ৰাশি ৰাশি শেৱালি ৷

‘বুকুত বান্ধি চিনাে কি নিচিনাে
সৰা শেৱালিৰ বাট
কাহানিবা দেখিছিলো যেন লাগে ।’

‘আহিনৰ মানুহ হৈ পৰে ভাৱ বিলাসী, বিশেষকৈ নিশা শেৱালিৰ গোন্ধত, জোনাকত অকলশৰে বহিলে স্মৃতিপটত ভাহি আহে অতীতৰ সুমধুৰ ৰোমন্থন ৷ স্মৃতিৰ সঁফুৰা খুলি ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰে নষ্টালজিক অনুভূতি ৷

images (53)

‘আহিন মহীয়া শেৱালি সৰিলে
নিয়ৰত তিতিলে বন,
জোনাকত উপঙিল কিহবাৰে ৰাগি
কেনেবা কৰিলে মন ৷’

আহিন মানে শেৱালি ফুলা বতৰ ৷ শুভ্ৰ, সুঘ্রাণ, সুৰসনা শেৱালি ৷

‘সৌ পাহাৰৰ পৰা কহুৱা ফুল নীল আকাশত
কোনে সজালে?
নীল আকাশৰ বগা ডাৱৰ পথাৰলৈ কােনে নমালে?
আহিনে আহিনে ৷’

আহিনে আনে শৰত,
কহুৱাবোৰেই আনে,
আনে দুবৰিয়ে, কুঁৱলীয়ে,
বালিমাহী চৰাইটোৱে ৷

‘যাৰ স্পৰ্শ আকুলতাত জোনাক নামে নিয়ৰ সৰে, শেৱালি কহুৱাই মিচিকি হাঁহে সেই কুঁৱলীসনা সপোন এটাত তিতি বুৰি নতুন সম্ভাৱনা এটা বুকুত বান্ধি লৈছো।

আজি শৰতৰ প্রথম কুঁৱলী পৰাৰ পৰত শেৱালিৰ বাটেদি শৰত কােঁৱৰে ভুমূকি মাৰেহি গা ডাৱৰেৰে মূৰত পাগুৰি মাৰি।

শাওণ, ভাদ মাহৰ নেৰানেপেৰা বৰষুণৰ আকাশত গোমা মেঘ, বোকাপানীয়ে তিক্ত কৰি তোলা আমাৰ জীৱনলৈ আহিনে আনে শেৱালি কোমল সজীৱতা । অনেক সম্ভাৱনা আৰু অলেখ প্রতিশ্রুতিৰে পূর্ণতা লৈ আনে শৰতে ৷ আচলতে আহিন আশাৰেই প্রতীক ৷ ভৰা পথাৰখননৈ চাই খেতিয়কে পায় সপোনৰ সার্থকতা, মেলা পথাৰৰ ধানৰ গোন্ধে মনটো ভৱাই তুলেহি I ধানৰ সেউজীয়া পাতত নিশাৰ কুঁৱলীয়ে পুৱা নিয়ৰৰ সাজ পিন্ধাই মনটো কিবা উখল মাখল লগায় ৷ গর্ভৱতী হয় শইচৰ পথাৰ, মানুহৰ মন, দেহ আৰু যৌৱনে পূর্ণতা পায় ৷

‘তুমি আহিলে
আহাে বোলা আহিন আগেয়ে আহে
প্রেমে জানে
প্ৰতীক্ষাৰ যন্ত্রণা কিমান ?

আহিন যেন কবিৰ বুকুৰ বান্ধৱ I’

আহিন আহিলে মন উদ্বিগ্নতাৰে ভৰি পৰে I আহিন আহে, শেৱালি ফুলে, দুবৰিৰ ওপৰত নিয়ৰৰ প্রলেপ পৰে, জলচৰ প্রাণীবােৰ ঘৰৰ মুধচেদি কােনােবা দূৰণিলৈ পাৰ হৈ যায় । সমাহিত হৈ সেউজীয়া পথাৰ, গেঁৰ ধৰা গাখীৰতী ধানত মৌ মাখিয়ে গুণণ্ডণাই কয় যে কি……

‘শেৱালি তলত গৈ পুৱাতেই ফুল তুলি
গাঠিছিলাে মালা,
পুৱাৰ বতাহ ছাটি বৈ যায়
কৰি যায় পৰাণ উতলা।

শৰতৰ শান্ত প্রকৃতিৰ লগত সুকোমল শেৱালিৰ যেন নিবিড় সম্বন্ধ ৷ শৰতক আদৰিবলৈ সুৰভি ভৰা শৰতৰ জোনাক ৰাতিবােৰে মানুহৰ মন উন্মনা কৰে ৷ মিচিকিহঁতৰ দৰে শিশুৰ খেলাৰ লগৰী হয় কণমানি শেৱালি ফুলবিলাক । ভমকা ভমক ফুলৰ ফ্ৰ’কত কোচ ভৰাই তলসৰা শেৱালি তােলে। বুটলে ৰুমী মিনা, ৰুলি, ৰাণী ৰিজুমাহতে। ৰাণী, মামন, আৰজু, কবিতাহঁতৰ দৰে কােনােবা কিশোৰী বা গাভৰুৱে মন উতলা কৰা পুৱাৰ কোমল বতাহৰ পৰশ লৈ আপোনমনে শেৱালিৰ মালাধাৰিও গাঁঠে কোনো সপোন কোঁৱৰক উপহাৰ দিবলৈ ৷ আকৌ কবিতাৰো হেনো বতৰ আছে। শৰতৰ কোমল বতাহজাকে তাৰেই বতৰা দিয়ে I

‘তমসা আকাশখনৰ
স্তব্ধতা ভাঙে কহুৱা ফুলে,
কবিতাটোৰো বতৰ আছে
আহিনৰ আকাশে কাণে কাণে ক’লে I’

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s