ধেমেলীয়া_গল্প


পুলিচ অফিচাৰজনে ৰাস্তাইদি অহা যোৱা কৰা যান বাহনবোৰ চেকিং কৰিব আহিছে লগত এজন চিপাহী লৈ। জাৰ কালিৰ গধুলিটো ক্ৰমাৎ ৰাতি হব ধৰিছে । যান-বাহন সেৰেঙা হ’ব ধৰিছে। কৰ্তব্য পালনৰ মাজতে তেওঁ চিপাহীক সুধিলে কিমান টকা উপার্জন হ’ল ? ছাৰ, বাৰশ টকা চিপাহীজনে ক’লে।

অফিচাৰজন অপ্রসন্ন হ’ল। গোটেই গধূলিটো কষ্ট কৰাৰ পাছত মাত্ৰ বাৰশ টকা ৷ চিপাহীজনে ক’লে ছাৰ, নিৰাশ নহব, এতিয়াও কিছু সময় বাকী আছে I

এনেতে দেখা গ’ল এখন গাড়ী আহি আছে ৷ অফিচাৰজনে প্ৰাৰ্থনা কৰিলে মনে মনে ভগৱান, এখন বি এম ডব্লিউ গাড়ী পঠাই দিয়া, মালভাৰী আচামী এটা পঠাই দিয়া৷ গাড়ী ওচৰ পাওঁতে দেখা গ’ল যে এইখন এখন পুৰণি ফিয়েট গাড়ী। চিপাহীয়ে যথাৰীতি টর্চ দেখুৱাই গাড়ী ৰখালে। ড্রাইভাৰৰ ছিটৰ পৰা বৃদ্ধ এজনে মুখখন খিৰিকীৰে বাহিৰলৈ উলিয়াই ক’লে- আমাক ৰখালে কেলেই ? আমাৰ অলপ তাগিদা আছে। এইটো মোৰ পুত্র I সি নাইট ট্ৰেইনেৰে আজি হায়দৰাবাদলৈ যাব ৷ ট্ৰেইন এৰিবলৈ বেছি সময় নাই আৰু ৷ আমাক যাবলৈ দিয়ক ।

চিপাহীটোৱে ক’লে -ট্ৰেইন পিছে পৰেও ধৰিব ৷ এতিয়া নামক আৰু গাড়ীৰ কাগজ পত্র, লাইচেন্স লৈ সৌৱা ছাৰৰ ওচৰলৈ যাওঁক ৷ ছাৰে মাতিছে৷

গাড়ীৰ পৰা পুত্ৰৰ সৈতে মানুহজন নামি সমুখত একাষে ৰখাই থােৱা পুলিচ পেট্রলৰ গাড়ীখনৰ ওচৰলৈ গ’ল। গৈ গাড়ীৰ কাগজ পত্র আগবঢ়াই দি ক’লে- ছাৰ, মোৰ লৰাৰ পলম হৈ যাব ছাৰ I সি হায়দৰাবাদলৈ ট্রেইনিং ল’বলৈ যাব I ট্ৰেইনখন এৰাৰ সময় হৈ গৈছে I কাগজখিনি চাই আমাক সোনকালে এৰি দিয়ক ছাৰ ৷ অফিচাৰে কাগজখিনি লৈ চাবলৈ ধৰিলে অ’ লাইচেন্স ঠিকেই আছে, ইঞ্চিউৰেঞ্চ ঠিকেই আছে; ড্ৰাইডিং লাইচেন্স ঠিক, অ’ এইখনত চোন গণ্ডগােল ৷ পলিউশ্যন চার্টিফিকেটচোন যােৱাকালিয়ে ৰিনিউ কৰাবলৈ আছিল… কৰোৱা নাই কিয় ? আমাৰ এই ‘মহান’ দেশখন বিষাক্ত বায়ুৰে ভৰাই দিব খুজিছ বদমাছ?

মানুহজনে ক’লে ছাৰ, আজি পুৱাহে কথাটো চকুত পৰিল I আজি চহৰত গোটেইবোৰ পলিউশ্যন চেক কৰা এজেন্সী বন্ধ । ছাৰ আপুনি খবৰ কৰি চাওঁক I মই বহু ঘূৰিও কতো চার্টিফিকেটখন ৰিনিউ কৰিব নােৱাৰিলো মোৰ দোষ নাই ছাৰ। এতিয়া আমাক এৰি দিয়ক। আমাৰ পলম হৈ গ’লে ট্ৰেইন মিছ হৈ যাব ৷ অফিচাৰে ক’লে – যাব পাৰিবা কিন্তু তাৰ আগতে পাঁচশ টকা জৰিমনা ভৰিহে যাব পাৰিবা ৷ দেউতাকে পকেটৰ পৰা পাঁচশ টকাৰ নোট এখন উলিয়ালে ৷ পুতেকে দেখা পাই মাত লগালে ছাৰ, আমি জৰিমনা দিম কিন্তু ৰচিদ দিব লাগিব ।

অফিচাৰ খঙত অগ্নি শর্মা- কি ৰচিদ খুজিব আহিছ? ৰচিদ লাগিলে এহেজাৰ দিব লাগিব I

ল’ৰাজনে নিজৰ পকেটৰ পৰা আৰু পাঁচশ টকা উলিয়ালে I পুলিচ অফিচাৰে দুয়োখন নোট পকেটস্থ কৰিলে আৰু ক’লে এতিয়া মোৰ লগত ৰচিদ বহী নাই কাইলৈ পুৱা থানালৈ আহি ৰচিদ লৈ যাব ৷

পুতেকে অধৈর্য্য হৈ ক’লে সেইটো কেনেকৈ ছাৰ? পইচা লৈছে যেতিয়া এতিয়৷ই আমাক ৰচিদ দিব লাগিব ৷

অফিচাৰজন নামি আহিল ল’ৰাৰ পিনে চাই খঙেৰে ক’লে ঐ… কাৰ লগত এইটো সূৰত কথা পাতিব আহিছ? চিনি পোৱা নাই মােক ? মই কি কৰিব পাৰো জান নে নাই? দেউতাকে লৰাটোক বাধা দি কলে- তই এইবোৰ বাক বিতণ্ডাত নোসোমাবি ৷ আমাৰ পলম হৈ যাব ট্ৰেইন মিছ কৰিবি ৷ তােৰ চাকৰিটো বেছি ইমপর্টেণ্ট I ব’ল, গাড়ীত বহিবি ব’ল ৷ ল’ৰাজনে পুলিচ অফিচাৰক তথাপি ক’লে আপুনি এনেকৈ আইন বিৰুদ্ধভাৱে আমাক অপমান কৰিব নােৱাৰে ৷ হেজাৰ হ’লেও আপুনি এজন ৰাইজৰ সেৱক। আপােনাৰ দুর্ব্যৱহাৰৰ বিৰুদ্ধে মই অভিযোগ দিব পাৰো জানেনে ? পুলিচ অফিচাৰজনে ল’ৰাজনৰ কথা শুনি কােনেও তর্কিব পৰাৰ আগতেই এটা প্রচণ্ড চৰ শোধালে। চৰটো খাই ল’ৰাজন ঠাইতে পৰি গ’ল। দেউতাকে তাক তুলি ধৰি টানি টানি গাড়ীলৈ লৈ গ’ল ৷ তাক বহুৱাই উঠি বূঢ়াজন পুনৰ অফিচাৰজনৰ ওচৰলৈ গ’ল আৰু অনুৰোধ কৰিলে ছাৰ, দায় দোষ নধৰিব ৷ মোৰ ল’ৰাটোৰ বয়স বেছি হােৱা নাই I গাড়ীৰ কাগজখিনি দিয়ক আমি যাওঁ ৷ ল’ৰাটোৰ চাকৰি টনাটনি হৈ যাব I ট্ৰেইনিং কাইলৈৰ পৰা আৰম্ভ হব হায়দৰাবাদত আমাক যাবলৈ দিয়ক ছাৰ ৷ অফিচাৰজনে ক’লে- বদমাছটোক ভালকৈ বুজাব পুলিচৰ লগত কেনেকৈ কথা পাতিব লাগে I বেছিকৈ ধৰিলে গাডীত ড্রাগছ্ আছিল বুলি দুয়োকে গ্রেপ্তাৰ কৰিব পাৰো মই ৷ দেউতাকে আকৌ ক’লে বাদ দিয়ক ছাৰ I যােৱা কথা যাবলৈ দিয়ক ৷ তাৰ কাইলৈ ট্রেইনিং আছে ট্ৰেইনখন ধৰিব নােৱাৰিলে তাৰ বৰ বিপদ হৈ যাব। অফিচাৰে সুধিলে- কি ট্রেইনিং ট্রেইনিং কৰি আছ? কিহৰ এনে মূল্যৱান ট্রেইনিং যে মিছ্ হ’লেই গণ্ডগোল হৈ যাব ? দেউতাকে উত্তৰ দিলে আই পি এছ অফিচাৰ ট্রেইনিং ছাৰ। এইবাৰ ইউ পি এছ চি পৰীক্ষাত উত্তীর্ণ হৈ সি ভাৰতীয় পুলিচ সেৱাত ভৰ্তি হ’বলৈ গৈ আছে। হায়দৰাবাদত ট্রেইনিং লবলৈ গৈ আছে কালিৰ পৰা ৷ ট্রেইনিঙৰ পাছত ডাঙৰ পুলিচ বিষয়া হবগৈ চাগে ৷ কথা শুনি অফিচাৰজন …………

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

One thought on “ধেমেলীয়া_গল্প”

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s