কেইটিমান সজ দিহা


ভাল কামবোৰ কৰি যাওঁক,আনে সন্মান কৰক বা নকৰক কোনো কথা নাই। মনত ৰাখিব সূৰ্য্য তেতিয়াও উদয় হয়, যেতিয়া হাজাৰ হাজাৰ মানুহ শোৱা পাটিতেই থাকে ।

কোৱা হয় ফুল বেছা মানুহৰ দুহাততো সুগন্ধি লাগি থাকে, তেনেকৈ ভাল কাম কৰা মানুহবোৰ সদায়েই জিলিকি থাকে। আপুনি আপোনাক বেয়া পোৱা মানুহবোৰক হিচাপ কৰি সময় নষ্ট কিয় কৰে?

জানে এই জীৱনটো বহুত ছুটি, অনৰ্থক কথাবোৰ চিন্তা কৰি সময় শেষ কৰাটোৱে আপোনাৰ মুৰ্খামীৰহে পৰিচয় দিয়ে। কোনোবাই আপোনাক বেয়াকৈ কলে তাক বেয়া পায় নাথাকিব, পাৰিলে আপোনাক বেয়াকৈ কিয় কলে তাৰহে পৰ্যালোচনা কৰক। আপোনাক গালি পাৰি থকা মানুহজনক যেতিয়ালৈকে আপুনি প্ৰত্যাক্ৰমণ নকৰে কথাৰে,
তেতিয়ালৈকে আপোনাৰ হৈ উত্তৰবোৰ ভগৱানে দি থাকে। কোনোবাই যদি আপোনাক উপলুঙা কৰি তেওঁ খোৱা চকলেটৰ বাকলিটো দিয়ে, আপুনি হাঁহি মুখেৰে তেওঁক এটা নতুন চকলেট উপহাৰ দিয়ক। তেওঁৰ যদি আত্মসন্মান আছে তেওঁ আত্মগ্লানিত ঠিকেই ভুগিব। অহিংস নীতিৰ এইটোৱেই অমোঘ শক্তি।

আপুনি দিনটোৰ আৰম্ভণিতে এই সংকল্প লওঁক ।

১) ভগৱানে মোক এই জীৱনটো উপহাৰ দিছে কিবা এটা ভাল কৰিবলৈ, মই আজি কাৰো অপকাৰ হোৱা একো কামেই নকৰোঁ

২) মই আনৰ জীৱনৰ লগত নিজকে তুলনা কৰি দুখী নহওঁ, মই সুখী আৰু এই সুখ মই আত্মাৰ পৰা উপলব্ধি কৰিছো ।

৩)মোৰ ভাল চিন্তা কৰা সকলো শুভাকাংক্ষীৰ প্ৰতি মই কৃতজ্ঞতা জনালো আৰু বেয়া ভৱা সকলকো ক্ষমা কৰি দিলো ।

সকলোৰে ভাল হওঁক ভাল হওঁক ভাল হওঁক …!!!

সংগ্ৰহ

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s