কবু চাপৰিত সন্দেহজনক লোক অস


কবু চাপৰিত সন্দেহজনক লোক

অসম আৰু অৰুনাচল প্রদেশৰ সীমান্তৰ লোহিত, চিয়াং আৰু নিউ চিয়াং নদীৰ সংগমস্থলৰ কবু চাপৰিত এতিয়া চলিছে সন্দেহযুক্ত নাগৰিকৰ দপদপনি । বিগত কেইবছৰ মানৰ পৰা বিশেষ ধর্মাৱলম্বীৰ লােকৰ আগ্রাসনত চাপৰিটোত পূর্বৰে পৰা বাস কৰা মিচিং, সোণোৱাল কছাৰী, নেপালী আৰু বিহাৰী লোকসকল সংখ্যালঘু হৈ পৰাৰ উপক্রম হৈছে ৷ দুগ্ধ উৎপাদন আৰু কৃষি কর্ম কৰি খোৱা এই লোকসকলৰ উদাসীনতাৰ সুযোগলৈ সন্দেহযুক্ত নাগৰিক সকলে চাপৰিটোত খোপনি পুতিবলৈ সুবিধা পােৱা বুলি অভিযোগ পোৱা যায় I তিনিচুকীয়া জিলাৰ সীমাত (ধেমাজি জিলাৰ অন্তর্গত এই চাপৰিটোৰ উত্তৰ দিশৰ ৭ /৮খন গাঁৱত থলুৱা লােকৰ আধিপত্য আছে যদিও দক্ষিণ দিশৰ সমসংখ্যক গাঁৱৰ নেপালী আৰু বিহাৰী সম্প্রদায়ৰ মূলতঃ গৰু মহৰ খুঁটিৰ ওপৰত নির্ভৰশীল হােৱাৰ লগতে তেনেই সেৰেঙা বসতিৰ অঞ্চলটোত পৰি ৰোৱা খালী মাটিতেই এই সন্দেহযুক্ত লোকসকলে বেদখল চলাই আহিছে। গোজেই গজালি হৈ পৰা এই (বেদখলকাৰীৰ আলম লৈ নতুন নতুন মূখৰ আগমন ঘটাত সম্প্রতি এই বিশেষ সম্প্রদায়টো সংখ্যাগৰিষ্ঠ হৈ পৰা দেখা গেছে ৷ সম্প্রতি সংখ্যা গুৰু হৈ পৰা এই লােকসকলে কাষতে থকা লংকা চাপৰি, চুৰকে চাপৰি আদি জ্জি ডিব্ৰু ছৈ খোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তর্গত চাপৰিসমূহত বেদখল চলোৱাৰ প্রচেষ্টা অব্যাহত ৰাখিছে। বন বিভাগে এনে প্রচেষ্টা ৰোধ কৰিবৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰত উচ্ছেদ অভিযান চলাই ২৮টা পৰিয়ালৰ এখন গাওঁ তচনচ কৰাৰ লগতে কিছুদিন পূর্বে লংকা চাপৰিত উচ্ছেদ অভিযান চলাবলগীয়া হয় ৷ বনৰীয়া ঘোৰাৰ আবাসস্থল স্বৰূপে পৰিগণিত চুৰকে চাপৰিত (বেদখল চলােৱাৰ লক্ষ্যৰে এইসকল লোকে গৰু মহৰ খুঁটিবােৰ তাৰ পৰা তুলি নিবৰ বাবেও হুমকি দিছিলহি I চাপৰিটোত ভাং আফিং আদি নিষিদ্ধ খেতিৰ জৰিয়তে প্রচুৰ আয় কৰাৰ লগতে বিশেষ শ্রেণীটো সংখ্যাধিক হৈ পৰাত যিকােনাে অসামাজিক কামৰ বাবে আগবাঢ়ি আহিবলৈ সাহস পোৱা বুলি সচেতন ৰাইজে অভিযোগ কৰিছে ৷

দৈনিক জনমভূমি কাকতৰ সৌজন্যত

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s