সম্ৰাট হৰ্ষবৰ্ধন আৰু কুৎসিত ডাইনী


সম্ৰাট হৰ্ষবৰ্ধন আৰু কুৎসিত ডাইনী

পুন্য ভূমি ভাৰতত প্ৰাচীন কালত হৰ্ষবৰ্ধন নামেৰে এজন পৰাক্ৰমী ৰজা আছিল । তেওঁ বহু দেশ জয় কৰি সম্ৰাট উপাধি লবলৈও সক্ষম হৈছিল। কিন্তু বিধাতাৰ লিখন নেযায় খণ্ডন। কপালত লিখা আছিল কাৰণে এবাৰ তেওঁ যুদ্ধত পৰাস্ত হ’ব লগা হ’ল ! পৰাস্ত হোৱাৰ পিছত শত্ৰু সৈন্যই তেওঁক দুহাত বান্ধি বিজয়ী ৰজাৰ ওচৰলৈ লৈ গ’ল । সম্ৰাট হৰ্ষবৰ্দ্ধনৰ নিচিনা এজন পৰাক্ৰমী ৰজাক পৰাস্ত কৰিবলৈ পাই বিজয়ী ৰজাজন সেই সময়ত আনন্দত আত্মহাৰা হৈ আছিল। আনন্দৰ আতিশয্যতে বিজয়ী ৰজাজননে হৰ্ষবৰ্ধনৰ ওচৰত এটা প্ৰস্তাৱ ৰাখিলে..

“মই তোমাক এটা প্ৰশ্ন সুধিম, যদি তুমি মোৰ প্ৰশ্নটোৰ উত্তৰ দিব পৰা তেন্তে মই তোমাৰ হেৰোৱা ৰাজ্য পুনৰ ঘুৰাই দিম নহ’লে তুমি গোটেই জীৱন মোৰ ৰাজ্যত বন্দীৰ জীৱন কটাব লাগিব ।”
সম্ৰাট হৰ্ষবৰ্ধন প্ৰস্তাৱটোত মান্তি হ’ল ।অৱশ্যে তেতিয়া হেৰুওৱা ৰাজ্য পুনৰুদ্ধাৰৰ বাবে তেওঁৰ হাতত আন উপায়ো নাছিল ।
বিজয়ী ৰজাজনে তেওঁক প্ৰশ্ন কৰিলে –
‘এজনী পত্নীয়ে নিজৰ পতিৰ পৰা আছলতে কি বিচাৰে ‘ ?
হৰ্ষবৰ্ধনে বন্দী দশাত প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰোঁ বুলি কোৱাত প্ৰশ্নটোৰ উত্তৰ দিয়াৰ এমাহ সময় দি তেওঁক মুকলি কৰি দিলে।
বিজয়ী ৰজাজনে সোধা প্ৰশ্নটোৰ উত্তৰ হৰ্ষবৰ্ধনৰ হাতত নাছিল। সম্ৰাট হৰ্ষবৰ্ধনে প্ৰশ্নটোৰ উত্তৰ বিচাৰি ভাৰতবর্ষৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি মহা মহা বিদুষক পণ্ডিত, শাস্ত্ৰজ্ঞ আৰু গুণী জ্ঞানী ব্যক্তিৰ ওচৰত প্ৰশ্নটোৰ উত্তৰ বিচাৰিলে। কিন্তু কোনেও সদুত্তৰ দিব নোৱাৰিলে । তেওঁলোকৰ পৰা প্ৰকৃত উত্তৰ নেপাই সম্ৰাটে সকলো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱ গোটাই লৈ নাৰীকুলৰ সকলো নৃত্যাংগনা, বেশ্যা, দাসী, ৰাণী, সাধ্বী মহিলাৰ ওচৰত প্ৰশ্নটোৰ উত্তৰ ভিক্ষা কৰিলে ।কিন্তু কোনেও সন্তোষজনক উত্তৰ দিব নোৱাৰিলে ।
কোনোবাজনীয়ে কয় সোণ, কোনোবাই কয় ৰূপ, কোনোবাই কয় হীৰা মুকুতা, কোনোৱে কয় পুত্ৰ বা কণ্যা সন্তান, কোনোৱে কয় সুন্দৰ ঘৰৰে সৈতে পৰিয়াল, কোনোৱে কয় ৰাজপাট .. ইত্যাদি.. ইত্যাদি ..!
ইফালে মাহ শেষ হবৰ হল ! হৰ্ষবৰ্ধনে সন্তোষজনক উত্তৰ বিচাৰি পোৱা নাই ..!
কোনোবা এজনে সম্ৰাটক কলে যে, দূৰৈৰ কোনোবা এখন দেশত ডাইনী এজনীয়ে বাস কৰে। তেওঁৰ ওচৰত সকলো প্ৰশ্নৰ উত্তৰ থাকে .. গতিকে তেওঁহে এই প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিব ..!
হৰ্ষবৰ্ধনে সিদ্ধিৰাজ নামেৰে তেওঁৰ পৰম মিত্ৰ এজনক লগত লৈ ডাইনীজনীৰ ওচৰলৈ গল… আৰু প্ৰশ্নটোৰ উত্তৰ বিচাৰিলে ।
ডাইনীজনী প্ৰশ্নটোৰ সঠিক উত্তৰ দিবলৈ মান্তি হ’ল। কিন্তু প্ৰশ্নটোৰ বিনিময়ত তাই সম্ৰাটৰ পৰম মিত্ৰ সিদ্ধিৰাজক স্বামী হিচাপে পাবলৈ বিচাৰিলে।
ডাইনীজনী আছিল বুঢ়ী আৰু এটা দাঁত বাহিৰলৈ ওলোৱা দেখিবলৈ একেবাৰে কুৎসিত চেহেৰাৰ । হৰ্ষবৰ্ধনে নিজ বন্ধুৰ অন্যায় হোৱাতো নিবিচাৰিলে।
সিদ্ধিৰাজে কিন্তু নিজৰ প্ৰিয় বন্ধু আৰু নিজ দেশৰ ৰজাক বচাবলৈ ডাইনীৰ সৈতে বিয়া হবলৈ ৰাজী হল আৰু দুয়োৰে বিবাহ সম্পন্ন হল।
সম্ৰাটৰ বন্ধুৰ লগত বিবাহ সম্পন্ন হোৱাৰ পিছত প্ৰশ্নটোৰ উত্তৰ হিচাপে হৰ্ষবৰ্ধনক ডাইনীয়ে কলে –

“পত্নী সকলে নিজৰ পতিৰ পৰা যিকোনো সিদ্ধান্ত নিজেই নিৰ্ণয় লোৱাৰ স্বাধীনতা বিচাৰে। ”

ডাইনীজনীৰ উত্তৰটো হৰ্ষবৰ্ধনৰ অলপ ভাল লাগিল। এমাহৰ মূৰত তেওঁ ডাইনীজনীৰ পৰা পোৱা সেই উত্তৰটোকে বিজয়ী ৰজাজনক শুনালে।
বিজয়ী ৰজাজনেও উত্তৰটো মানি ললে আৰু হৰ্ষবৰ্ধনৰ ৰাজ্য ওভোতাই দিলে।

সম্ৰাটৰ মিত্ৰ সিদ্ধিৰাজৰ লগত বিয়া হোৱাৰ পিছত মধু যামিনীৰ দিনাখন ডাইনীয়ে নিজৰ পতি সিদ্ধিৰাজক কলে –
“তোমাৰ হৃদয় বৰ পৱিত্ৰ। তুমি বন্ধুক বচাবলৈ গৈ নিজকে ত্যাগ কৰিলা। সেয়েহে, তোমাক এটা কথা সুধিব বিচাৰিছোঁ। মই দিনৰ ভাগত কুৎসিত হৈ থাকো আৰু ৰাতি সুন্দৰী হৈ থাকো। তুমি এতিয়া কোৱা, মোৰ দিনৰ ৰূপটো তুমি বেছিকৈ পচন্দ কৰিবানে ৰাতিৰ ৰূপটো?”
সিদ্ধিৰাজে কলে – “প্ৰিয়ে, সেই নিৰ্ণয়টো তুমিয়েই কৰা। মই তোমাক মোৰ পত্নী হিচাপে স্বীকাৰ কৰিছোঁ। সেয়েহে তোমাৰ সকলোবোৰ ৰূপেই মোৰ পচন্দৰ হব” ।
ডাইনীয়ে এই কথা শুনি ৰূপৱতী হৈ পৰিল আৰু কলে, তুমি সিদ্ধান্ত লবলৈ মোৰ ওপৰত এৰি দিলা… সেয়েহে এতিয়াৰে পৰা মই সদায় সুন্দৰী হৈ থাকিম ..! প্ৰকৃততে এয়াহে মোৰ আচল ৰূপ। মই কুৎসিত বুঢ়ীৰ ৰূপ লৈ আছিলোঁ এই পৃথিৱীৰ দশোদিশে থকা কুৎসিত চৰিত্ৰৰ মানুহবোৰৰ বাবে। মানুহৰ সমাজ ব্যৱস্থাই যিকোনাে সিদ্ধান্ত লোৱাত মহিলাক পৰনিৰ্ভৰশীল কৰি পেলাইছে। কিন্তু মানসিক ভাৱে কোনো মহিলাই পৰনিৰ্ভৰশীলতা স্বীকাৰ নকৰে ..!! ব্যক্তি স্বাধীনতা সকলো নাৰীৰে কাম্য।

শেষত গল্পটোৰ আলমত মোৰ ফালৰ পৰা সকলো ৰাইজলৈ আহ্বান – আমি নিজৰ পত্নীক ঘৰৰ মুৰব্বী নকৰিব পাৰোঁ .. কিন্তু তেওঁৰ জীৱনৰ কমেও আধা অংশ মুকলি কৰি দিয়া উচিত… যি আধা অংশৰ সিদ্ধান্তবোৰ তেওঁ মুকলিমুৰীয়াকৈ নিজেই লব পাৰে ..!!

জয় নাৰী শক্তি ।
জয় নাৰী জাতি।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s