ধেমাজি সমষ্টিৰ মাননীয় বিধায়ক ৰণোজ পেগু ডাঙৰীয়া বিজেপি দলৰ নে গনশক্তিৰ?


তানি আৱ ৰেগন
জোনাই

বহু সময়ত বহু ক্ষেত্ৰত দেখা যায় যে ধেমাজি সমষ্টিৰ বিধায়ক ৰণোজ পেগুৰ কথা ওলালেই তেওঁৰ আগৰ পুৰণা অনুচৰ গনশক্তি আৰু মিচিং ছাত্ৰ সন্থাৰ মানুহবোৰে আগভেটি ধৰে আৰু তেওঁৰ হৈ উকালতি কৰা আৰম্ভ কৰি দিয়ে। অনুসন্ধান কৰি গম পোৱা মতে বিধায়ক মহোদয়েও বিজেপি দলৰ মানুহতকৈ যিকোনো কথা আৰু কামতে নিজৰ পুৰণা ভৃত্য গনশক্তি আৰু মিচিং জাতীয় সংগঠনৰ মানুহকেই পছন্দ কৰে। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য বিধায়ক মহোদয়ৰ খুলশালী পৰমানন্দ চায়েঙীয়াদেৱে নামতহে চকীত বহিছে কিন্তু সব কাম প্ৰভূজনৰ ইচাৰাতহে চলে বুলি খবৰ পাওঁ। এতিয়া ধেমাজি সমষ্টিৰ বিধায়কজন নামতহে বিজেপি কিন্তু কামত গোড়া গনশক্তি। এনে বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি নীলা শিয়াল টাইপৰ বিধায়কৰ পৰা না ধেমাজি সমষ্টিৰ বিজেপি দল লাভৱান হ’ব না গনশক্তি দল। গতিকে ৰণোজ পেগু মহোদয় প্ৰকৃততে কোন দলৰ মানুহ সেইটো নিজে স্পষ্ট নকৰিলে ধেমাজি সমষ্টিৰ বিজেপি দলে নিজে তেওঁৰ সংগ ত্যাগ কৰা উচিত। ঠিক তেনেকৈ বিজেপিৰ নিচিনা ৰাষ্ট্ৰীয় দলৰ বিধায়ক পদত থাকি মিচিং জাতীয় সংগঠন ও জনগোষ্ঠীয় ৰাজনীতিত দখল সাব্যস্ত কৰি থাকিব বিচৰা ৰণোজ পেগুৰ সংগ মিচিং জাতীয় সংগঠনবোৰেও ত্যাগ কৰা উচিত। নহলে কাইলৈ মিচিং ৰাইজক জবাব দিবলৈ জাতীয় সংগঠনবোৰে ভাষা বিচাৰি নেপাব।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

2 thoughts on “ধেমাজি সমষ্টিৰ মাননীয় বিধায়ক ৰণোজ পেগু ডাঙৰীয়া বিজেপি দলৰ নে গনশক্তিৰ?”

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s