সদৌ মিচিং ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চম দ্বি বাৰ্ষিক অধিবেশন সন্দৰ্ভত


সদৌ মিচিং ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ পঞ্চম দ্বি বাৰ্ষিক অধিবেশন সন্দৰ্ভত 

দীপেন লাহন
সদৌ মিচিং ছাত্ৰ সন্থা (TMPK )ৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চম দ্বি বাৰ্ষিক অধিবেশনৰ লগতে TMMK আৰু MMKৰ অধিবেশন সোণালী জনজাতি কাংকান মিচিং গাৱঁৰ জানো অনুষ্ঠিত হয় ৷ অসমৰ প্ৰতিটো খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীৰ সমস্যা অনেক৷ প্ৰত্যেক জনগোষ্ঠীৰেই নিজা স্বকীয়তা আৰু নিজা বৈশিষ্ট্য আছে ৷ নিজা ভাষা সংস্কৃতি আছে৷ কোনো এটা জনগোষ্ঠীয়েই অন্য এটা জনগোষ্ঠীৰ উন্নয়ন তথা প্ৰাপ্য অধিকাৰৰ বিদ্বেষী নহয়৷ সেই বাবেই অন্য ৰাজ্যৰ তুলনাত অসম সুকীয়া৷ অসমেই হ’ল একমাত্ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মহামিলনৰ বৰভেঁটি আৰু বাৰেৰহণীয়া সাংস্কৃতিক সমন্বয়ৰ ভঁৰাল ৷ অতি পৰিতাপৰ বিষয় যে ৰাজনৈতিক পাকচক্ৰত পৰি বৰ্তমান এই সমন্বয়ৰ ভেঁটি আজি থৰক বৰক অৱস্থা৷ এটা জনগোষ্ঠীৰ দুখ আন এটা জনগোষ্ঠীয়ে উপলব্ধি কৰিবলৈ কুণ্ঠাবোধ কৰা হৈছে৷ আমাৰ নিজৰেই কিছু ৰাজনৈতিক স্বাৰ্থলোভী ব্যক্তিৰ বাবে জনগোষ্ঠী সমূহৰ মাজত দূৰত্ব বাঢ়িব ধৰিছে৷ সাতামপুৰুষীয়া ঐতিহ্যত ঘূণে ধৰিব লাগিছে৷ সেই অপশক্তিক আমি এই প্ৰজন্মই উৎখাত কৰিব লাগিব৷ উঠি অহা নৱ প্ৰজন্মই পাব পৰাকৈ আমি আমাৰ সমন্বয় আমাৰ সংস্কৃতিক সুৰক্ষিত কৰি ৰাখিব লাগিব৷ আমাৰ সম্প্ৰীতি অটুত ৰাখিব লাগিব৷ বিদেশী যদি স্বদেশী হ’ব পাৰে ৷ বিদেশীয়ে যদি অবৈধ ভাৱে সুবিধা পাব পাৰে তেন্তে আমি খিলঞ্জীয়া ভূমিপুত্ৰ হৈ বছৰ বছৰ বঞ্চিত হৈ থাকিব লগা হৈছে এয়া কেনে ৰাজতন্ত্ৰত আমি জীয়াই আছো ৷ এনেকৈ আৰু কিমান দিন অপেক্ষা ? আমাৰ জীয়াই থকাৰ অধিকাৰ আমাৰ প্ৰাপ্য অধিকাৰ একতাৰে আজুৰি আনিব লাগিব৷ চৰকাৰে শীঘ্ৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সকলো প্ৰয়োজনীয় সুবিধা পূৰণ কৰাৰ লগতে বান গৰাখহনীয়াত বিধস্ত হোৱা ভূমিহীন জনসাধাৰণৰ পুনঃ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰাৰ দাবী কৰে খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমে।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s